জৱাহৰলাল নেহেৰুৱে জীয়ৰীলৈ লিখা দুখন চিঠি

 জৱাহৰলাল নেহেৰুৱে জীয়ৰীলৈ লিখা দুখন চিঠি  অনুবাদ-হিৰণময়ী দলে প্ৰথমখন চিঠি – প্ৰকৃতিৰ গ্ৰন্থ যেতিয়া আমি একেলগে থাকোঁ, তুমি প্ৰায়ে বিভিন্ন বিষয় লৈ মোক  প্ৰশ্ন কৰা আৰু মই  সদায়  উত্তৰবোৰ দিবলৈ  যত্ন  কৰোঁ। যিহেতু এতিয়া তুমি  মছৌৰিত আছা আৰু মই  এলাহাবাদত। আমি এতিয়া আগৰ দৰে  কথা পাতিব নোৱাৰিম। সেয়ে এতিয়া মই সময়ে সময়ে  এইদৰেই  মানৱ ইতিহাসৰ,ভিন্ন  দেশসমূহৰ লগতে এই মনোমোহা পৃথিৱীখনৰ বহু সৰু-বৰ কাহিনী চিঠিৰ জৰিয়তে কৈ যাম। তুমি ইংৰাজ আৰু ভাৰত বুৰঞ্জী কিছু […]

লিওনাৰ্ডো দ্য ভিন্সিয়ে চাকৰিৰ বাবে লিখা আবেদন-পত্ৰখন

লিওনাৰ্ডো দ্য ভিন্সিয়ে চাকৰিৰ বাবে লিখা আবেদন-পত্ৰখন ৰচনা কালঃ ১৪৮০ ভাষান্তৰঃ চন্দনা কাশ্যপ মোৰ পৰম লব্ধপ্ৰতিষ্ঠ মহামহিম যিসকল ব্যক্তিয়ে নিজকে পণ্ডিত আৰু যুদ্ধৰ সা-সঁজুলিৰ নিপুণ কাৰিকৰ বুলি ভাৱে, তেওঁলোক সকলোৰে সাফল্যক এতিয়া যথাৰ্থতাৰে চোৱা আৰু গণ্য কৰাৰ পিছত, আৰু এয়া লক্ষ্য কৰাৰ পিছত যে উক্ত সঁজুলিসমূহৰ আৱিষ্কাৰ আৰু কাৰ্য্যকৰিতা সাধাৰণ প্ৰচলিত সঁজুলিসমূহতকৈ কোনো ফালৰ পৰাই […]

আব্ৰাহাম লিংকনলৈ এজনী কণমানিৰ চিঠি

আব্ৰাহাম লিংকনলৈ এজনী কণমানিৰ চিঠি ভাষান্তৰঃ জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয় এন. ৱাই, চাটাক্ কোঃ ১৫ অক্টোবৰ, ১৮৬০ সন্মানীয় এ.বি. লিংকন মহাশয়, ডাঢ়ি নথকা লিংকন @Wikepedia মোৰ দেউতা এইমাত্ৰ মেলাৰ পৰা আহি ঘৰ সোমাইছেহি। তেওঁ মেলাৰ পৰা ঘৰত সজাই থবলৈ বুলি আপোনাৰ আৰু শ্ৰীমান হেমলিনৰ ছবিও লৈ আনিছে। মই এজনী এঘাৰ বছৰীয়া অকণমানি ছোৱালী যদিও ভাবো […]

প্ৰেমৰ চিঠি / জিমি হেণ্ডৰিক্সে অনামি প্ৰেমিকালৈ লিখা চিঠি

জিমি হেণ্ডৰিক্সে অনামি প্ৰেমিকালৈ লিখা চিঠি – অনুবাদঃ লিজা বৰা কণমানি ছোৱালী সুখবোৰ তোমাৰ নিজৰ ভিতৰতেই আছে…সেয়ে অন্তৰৰ পৰা শিকলিবোৰ ভাঙি পেলোৱা আৰু নিজকে বাঢ়িবলৈ দিয়া- তুমি এপাহি সুবাসিত ফুলৰ দৰে… মই জানো উত্তৰটো- তোমাৰ ডেউকা দুখন ব্যাপ্ত কৰি দিয়া আৰু নিজকে স্বাধীন কৰি তোলা৷ সদায়েই ভাল পাওঁ তোমাক জিমি হেণ্ডৰিক্স টোকাঃ জিমি হেণ্ডৰিক্স আছিল […]

মহাত্মা গান্ধীয়ে হিটলাৰলৈ লিখা দুখন চিঠি

মহাত্মা গান্ধীয়ে হিটলাৰলৈ লিখা দুখন চিঠি অনুবাদকঃ নিকু দুৱৰা, নৰ্থ লখিমপুৰ কলেজ কেম্পাছ প্ৰথমখন চিঠি ৱাৰ্ধা, চি.পি, ভাৰত জুলাই ২৩, ১৯৩৯ প্ৰিয় বন্ধু, মোৰ বন্ধুসকলে মানৱতাৰ স্বাৰ্থত তোমালৈ এই পত্ৰখন লিখিবলৈ জোৰ কৰি আছিল কিন্তু মই ভয় খাই আছিলো যে মোৰ কথাবোৰ তোমাৰ সমুখত বোধহয় মূল্যহীন হৈ পৰিব। কিন্তু তাৰ পাছতো মই উপলব্ধি কৰিলো মোৰ […]

ঐতিহাসিক চিঠিঃ এজন শিশু গণিতজ্ঞলৈ চিঠি

এজন শিশু গণিতজ্ঞলৈ চিঠি  মূলঃ Letters to a young mathematician মূল লেখকঃ  আয়ান ষ্টেৱাৰ্ট অনুবাদঃ দেৱজিৎ পাটোৱাৰী প্ৰথমখন চিঠিঃ গণিত কিয় কৰিব লাগে? মৰমৰ দেবু, তুমি গণিত অধ্যয়ন কৰিবা বুলি জানি, তুমি আশা কৰা মতেই মই বহুত সুখী হ‘লো। ইয়াৰ অৰ্থ এইটোৱেই হ‘ল যে, মই তোমাক হায়াৰ ছেকেণ্ডাৰীৰ ফাইনেল শেষ হোৱাৰ পিছত পঢ়িবলৈ দিয়া গণিতৰ […]

ঐতিহাসিক চিঠিঃ ভাৰ্জিনিয়া উল্ফৰ শেষৰখন চিঠি

ভাৰ্জিনিয়া উল্ফৰ শেষৰখন চিঠি অনুবাদঃ জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয় প্ৰিয়তম, @Penguin Books, Australia মই নিশ্চিত যে মই পুনৰ উন্মাদ হ’বলৈ গৈ আছোঁ। মোৰ এনে লাগিছে যেন আমি পুনৰ সেই ভয়ংকৰ সময়বোৰৰ মাজেৰে আগুৱাই যাব নোৱাৰিম। মই এইবাৰ বোধহয় সুস্থ হৈ নুঠিমগৈ। মই আজিকালি চৌপাশে বিবিধ আচহুৱা মাত কিছুমান শুনিবলৈ লৈছো, অথচ মনোযোগ দিব পৰা নাই। […]