ভগৎ সিঙৰ জীৱনৰ শেষৰখন চিঠিৰ অসমীয়া অনুবাদ

ভগৎ সিঙৰ শেষৰখন চিঠিঅনুবাদঃ জ্যোতিশিখা দত্ত ভগৎ সিঙক ফাঁচী দিয়াৰ আগদিনা অৰ্থাৎ ১৯৩১ চনৰ ২২ মাৰ্চ তাৰিখে ভগৎ সিঙে সতীৰ্থসকললৈ তেওঁৰ শেষ চিঠিখন লিখিছিল । জেলৰ পৰা পলাই যোৱাৰ সুবিধা কেনেবাকৈ কৰি দিব পৰা হ‘লে ভগৎ সিঙক বচাব পৰা গ‘লহেতেন বুলি তেওঁৰ বহু সতীৰ্থই   ভাবিছিল । সতীৰ্থসকলৰ এই উদ্বিগ্নতাক প্ৰশংসা কৰি ভগৎ সিঙে তেওঁৰ মৃত্যু, […]

পিতৃ জৱাহৰলাল নেহেৰুৱে জীয়ৰী ইন্দিৰালৈ লিখা চিঠিৰ অসমীয়া অনুবাদ

মূলঃ জৱাহৰলাল নেহেৰু অনুবাদ: দেৱাশ্ৰী বৰগোহাঁই   মোৰ মৰমৰ ইন্দিৰা,  ২৬ অক্টোবৰ ১৯৩০   জন্মদিনত উপহাৰ আৰু শুভেচ্ছা গ্ৰহণ কৰাটো তোমাৰ অভ্যাসত পৰিণত হৈছে। মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা সদায়ে তোমাৰ লগত আছে। কিন্তু নাইনি জেইলৰ পৰা কি উপহাৰ তোমালৈ পঠিয়াও। মোৰ উপহাৰ কোনো সামগ্ৰী নহয়, ই মানসিক তথা আত্মিক খোৰাকহে। যাক কোনো কাৰাগাৰৰ ওখ দেৱালে বাধা […]

এজন পদাৰ্থ বিজ্ঞানীৰ প্ৰেম পত্ৰ

ৰিচাৰ্ড ফেইমেনে পত্নীলৈ লিখা চিঠি  অনুবাদঃ দেৱাশ্ৰী বৰগোহাঁই অক্টোৱৰ ১৭,১৯৪৬ ড্য’ আৰ্লিন প্ৰিয়তমা, তোমাক মই খুবেই ভাল পাওঁ । মই জানো তুমি এই কথাষাৰ শুনি কিমান ভালপোৱা । আজি পাছে কেৱল তুমি ভালপোৱা বুলিয়েই লিখা নাই-লিখিছো কাৰণ ই মোক তোমালৈ লিখিবলৈ অনুপ্ৰাণিত কৰি তোলে । তোমালৈ শেষবাৰৰ বাবে লিখা বহুদিনেই হ’ল –প্ৰায় দুবছৰ । মই […]

লিঅ’ টল’ষ্টয়ে বিবাহ সম্পৰ্কে পুত্ৰলৈ লিখা এখন চিঠি ।

তোমাৰ বিবাহৰ পূৰ্বে(পুত্ৰলৈ বুলি লিঅ‘ টল‘ষ্টয়ে লিখা এখন চিঠি)অনুবাদ- কিন্নৰী ডেকা।  মোৰ প্ৰিয় বন্ধু ইলিয়া। টানিয়ালৈ বুলি লিখা তোমাৰ চিঠিখন ইতিমধ্যে আহি পাইছে। মই দেখিছোঁ যে তুমি ক্ৰমাৎ নিজৰ  লক্ষ্যৰ দিশত উপনীত হ‘বলৈ গৈ আছা। মই তোমালৈ বুলি কিছু কথা লিখিব বিচাৰিছোঁ……… যিহেতু, তুমি তাইক মোৰ ধাৰণা সম্বন্ধে জনাবা বুলি মোৰ অকণো সন্দেহ নাই। মই ভাবো […]

ড০ ভীমৰাও অম্বেদকাৰৰ চিঠি

ভীমৰাও অম্বেদকাৰৰ চিঠি অনুবাদঃ পৰিনীতা দেৱী প্ৰতি                                                                    উলিয়াম এডগাৰ বোৰ্গহাৰ্থ                                                ইউনিভাৰ্চিটি অৱ এটলানন্টা     ৰাজগড়, হিন্দু কলনি     বোম্বে – ১৪                      […]

ফিডেল কাষ্ট্ৰ’ৰ চিঠি

চিঠি খন ১২ বছৰীয়া ফিডেল কাষ্ট্ৰ’ই সেইসময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংক্লিন ৰুজভেল্টলৈ লিখিছিল। চিঠিৰ ভাষাই কনমাণি কাষ্ট্ৰ’ৰ বৈপ্লৱিক চেতনাৰ আভাস বহন কৰিছে। অনুবাদ : দেৱাশ্ৰী বৰগোহাঁই ছেণ্টিয়াগু দি কিউবা নৱেম্বৰ ৬ ১৯৪০ মিষ্টাৰ ফ্ৰেংকলিন ৰুজভেল্ট, ৰাষ্ট্ৰপতি সংযুক্ত ৰাষ্ট্ৰ মোৰ প্ৰিয় বন্ধু ৰুজভেল্ট মই ভালদৰে ইংৰাজী নাজানো, কিন্তু তোমালৈ লিখাৰ জোখাৰে প্ৰয়োজনীয় খিনি জানো । মই ৰেডিঅ’ শুনি ভাল […]

এলবাৰ্ট আনষ্টাইনে তেওঁৰ জীয়ৰীলৈ লিখা চিঠি

এলবাৰ্ট আইনষ্টাইনে তেওঁৰ জীয়াৰীলৈ লিখা চিঠি অনুবাদঃ দেৱাশ্ৰী বৰগোহাঁই চিঠিখন এলবাৰ্ট আইনষ্টানে তেওঁৰ জীয়ৰী লেইজাৰ্ললৈ লিখিছিল। ১৯৮০ চনত বিভিন্ন সময়ত ভিন ভিন ব্যক্তিলৈ লিখা তেখেতৰ আন কেইবাখনো চিঠিৰ স’তে এই চিঠিখনো প্ৰকাশ কৰা হৈছিল।   (আপুনি APSCৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? যদি হয় ক্লিক কৰক) মই যেতিয়া আপেক্ষিকতাবাদ তত্ত্ব উত্থাপন কৰিছিলো খুব কম সংখ্যক লোকেহে […]

চাৰ্লছ চেপলিনে জীয়েকলৈ লিখা এখন চিঠি

চাৰ্লছ চেপলিনে জীয়েকলৈ লিখা এখন চিঠি অনুবাদ ঃ নাবিলা আখতাৰ   মোৰ জীয়ৰী, এতিয়া নিশাৰ প্রহৰ। বৰদিনৰ এটি নিশা। মোৰ সৰু দুৰ্গটিৰ সকলো সশস্ত্ৰ ৰণুৱা এতিয়া নিদ্ৰাৰত। তোমাৰ ভায়েৰা আৰু ভনীয়েৰা শুই আছে। তোমাৰ মাৰাও এতিয়া টোপনিত। মোৰ এই অৰ্ধ–আলোকিত কোঠালীৰ পথত মই নিদ্ৰাৰত পখীটি সাৰ পাই উঠাৰ প্ৰাকমুহূৰ্তত উপনীত হৈছোঁ।   মোৰ পৰা কিমান নিলগত […]

ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি

ৰবীন্দ্ৰনাথ ঠাকুৰে জালিৱানাবাগৰ নৰহত্যাৰ প্ৰতিবাদত তেওঁক ব্ৰিটিছে প্ৰদান কৰা নাইট উপাধি ঘূৰাই দি লিখা বিখ্যাত চিঠিখন –  অনুবাদঃ নিকু দুৱৰা, নৰ্থ লখিমপুৰ কলেজ কেম্পাছ কলকতা, ৩১ মে, ১৯১৯ প্ৰেৰক- ছাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, দ্বাৰকা নাথ ঠাকুৰ পথ প্ৰতি, মহামান্য ভাইচৰয় পঞ্জাৱ চৰকাৰ কৰ্তৃপক্ষই স্থানীয় প্ৰতিবাদ এটাক দমন কৰিবলৈ যিধৰণৰ নিষ্ঠুৰ আৰু অত্যাচাৰী কাৰ্যপন্থা হাতত ললে সেয়া অত্যন্ত দুখজনক কথা। এই ঘটনাটোৱেই […]