বিষ্ণু প্ৰসাদ
ৰাভাদেৱে অনুবাদ কৰা এটা গীতঃ

সৰ্বহাৰাৰ
আন্তৰ্জাতিক গান

মূলঃ The
International, Eugene Pottier (1871)

অনুবাদঃ বিষ্ণু প্ৰসাদ
ৰাভা

(উসঃ বিষ্ণু প্ৰসাদ ৰাভা
ৰচনাৱলী প্ৰথম খণ্ড, পৃঃ ১৪৪)

 

ওঠ্ জাগি ওঠ্ উপবাসী

অন্ন-ভূমি হীন
দ,

বুকু পেট জ্বলা চিৰদুখী

শেষ যুদ্ধলই
হেৰ, ব
ল।

শুন হেৰ
শুন

গৰজন আৱাহন,

সৃজনৰ
নৱ বল।

চিঙি দাস শাপ— বন্ধন হম জয়ী হেৰ

সৰ্বহাৰা হীন
দল।

হব এই বিৰোধত শেষ— পৰিচয়,—

কাৰ জয় কাৰ
পৰাজয়,

সাধে
বিশ্ব মানৱৰ হিত

যুঁজি
বিশ্ব সংঘই।

দিব জানোঁ চিৰ দুখীৰ মুক্তি

ৰজা ধনী-বাবু দল?

নিদিয়ে— লভিম নিজ মুক্তি

দি নিজ বাহুৰ
বল।

নিজ বাহু বল— প্ৰধান সাধন,–

পাবলৈ নিজৰ ধন

জ্বলা অগ্নি, শতৰু দহন

আছে সময় যিমান
ক্ষণ

হব এই বিৰোধত শেষ পৰিচয়,

কাৰ জয়      কাৰ পৰাজয়

সাধে বিশ্ব
মানৱৰ হিত

যুঁজি
বিশ্ব সংঘই….।

আমিয়েই বনুৱা গোটেই বিশ্বৰ

শ্ৰমৰেই
সৈন্যদল।

বিশ্ব শাসন আমিয়েই কৰিম

নকৰে শোষক দল।

সিঁহতৰ দিন যেৱে হব শেষ

জাগিব, উঠিব
জনগণ,

ৰঙা সুৰুযৰ জ্যোতি পৰিব ধৰাত

সমানে সমানে অনুক্ষণ।

হব এই বিৰোধত শেষ পৰিচয়

কাৰ জয়      কাৰ পৰাজয়

সাধে বিশ্ব মানৱৰ হিত

যুঁজি বিশ্ব
সংঘই।

বিষ্ণু প্ৰসাদ ৰাভা
@Assaminfo.com

 

অনুবাদক বিষ্ণুপ্ৰসাদ ৰাভাৰ টোকাঃ
সুৰৰ লগত সামঞ্জস্য ৰাখিবলৈ মূল গানৰ অলপ সালসলনি কৰা হৈছে।

 

(সম্পাদকৰ টোকাঃ Marching song
of Revolutionary proletariatক জনপ্ৰিয়ভাৱে The
international বুলি জনা যায়। মূল কবিয়ে ফঁৰাচী ভাষাত কবিতা আকাৰে
ইয়াক ৰচনা কৰিছিল। কবিৰ মৃত্যুৰ দুবছৰৰ পাছত
Pierre Degeyter-য়ে
১৮৮৯ চনত ইয়াত সুৰ সংযোগ কৰি ইয়াক গীতলৈ তৰ্জমা কৰিছিল। ৰাভাদেৱে দিয়া
অনুবাদকৰ টোকাৰ পৰা স্পষ্ট হৈছে যে তেওঁ সুৰ সংযোগ
কৰা সংস্কৰণটোহে অনুবাদ কৰিছিল।

        পৃথিৱীৰ
বিভিন্ন ভাষালৈ অনুবাদ হোৱা এই গীতটো ঐতিহাসিকভাৱে অতি তা
ৰ্যপূৰ্ণ।)

One Response

  1. অনুবাদক পৰিয়ালক অশেষ ধন্যবাদ ৰাভাদেৱৰ এই অনুপম অনুবাদটো পঢ়িবলৈ সুবিধা দিয়াৰ বাবে। এই যাত্ৰা দীৰ্ঘদিনীয়া হওঁক

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *