মই কিয় নাস্তিক?

মূলঃ ভগৎ সিঙ

অনুবাদঃ সপোন বড়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়


(শ্বহীদআজম ভগৎ সিঙৰ
Why I’m an Atheist”
অসমীয়া অনুবাদ কৰাৰ
চেষ্টা কৰিছিলোঁ সাম্প্ৰতিক
কালৰ ভাৰতবৰ্ষত যেতিয়া
সাম্প্ৰদায়িক উন্মাদনাই সফলতাৰ
এভাৰেষ্ট আৰোহণ কৰিছে, সেই সময়ত এই
অনুবাদৰ কিমান প্ৰাসংগিকতা
আছে সেই বিষয়ে
অনুবাদক অজ্ঞ;
কিন্তু এইটো নিশ্চিত
যে এদিন এই
উন্মাদনাৰ অৱসান ঘটিব; আৰু আমাৰ পূৰ্বসূৰীৰ
যি Idea of India সি
এটা ইউটোপিয়ান সপোনৰ
পৰা বাস্তৱলৈ পৰিৱৰ্তিত
এই আশাৰে অনুবাদটি
পাঠকলৈ আগবঢ়াই দিলোঁ। – অনুবাদক)
                                                          
মই সৰ্বশক্তিমান ঈশ্বৰৰ
অস্তিত্বক স্বীকাৰ কৰিব
নিবিচাৰোঁ মই অহংকাৰী
অথবা নিৰৰ্থক বাবে
যে নাস্তিক,
এয়া সত্য নহয় মই কোনো ঈশ্বৰৰ
অৱতাৰ কিম্বা দূত
অথবা স্বয়ং কোনো
পৰমাত্মা নহয় মই
মোৰ জীৱন এক
মহান উদ্দেশ্যৰ সাধনৰ
হেতু ত্যাগ কৰিবলৈ
আগবাঢ়িছোঁ; মোৰ
বাবে ইয়াতকৈ আৰু
ডাঙৰ আশ্বাসৰ কাৰণ
কি পাৰে!
ঈশ্বৰ বিশ্বাসী এজন হিন্দুৰ
পৰজন্মত এজন ৰজা
হোৱাৰ আকাংক্ষা থাকিব
পাৰে, এজন
মুছলমান বা এজন
খ্ৰীষ্টানৰ স্বৰ্গৰ ভোগ
বিলাসৰ হাবিয়াস থাকিব
পাৰে; নিজৰ
ত্যাগ আৰু কষ্টৰ
প্ৰতিদান স্বৰূপে পুৰস্কৃত
হোৱাৰ কামনা থাকিব
পাৰে; কিন্তু
মই কি কৰা
উচিত? কাৰণ
মই দেখোন ভালদৰেই
জানো, যি
মুহূৰ্তত মোৰ ডিঙিত
ফাঁচীৰ ৰছীডাল লাগিব
আৰু ভৰিৰ তলৰ
তক্তাখন আঁতৰি যাব; সেই সেয়াই মোৰ জীৱনৰ
অন্তিম ক্ষণ ইহজন্ম
অথবা পৰজন্মত পুৰস্কৃত
হোৱাৰ কামনা নকৰি
সম্পূৰ্ণ নিৰাসক্ত ভাৱনাৰে
মই মোৰ জীৱন
স্বাধীনতাৰ নামত উৎসৰ্গা
কৰিছোঁ
হয়তো আমাৰ পূৰ্বপুৰুষ সকলৰ
কোনোবা শক্তিমান অদৃষ্টৰ
ওপৰত বিশ্বাস আছিল, আৰু তেওঁলোকৰ সেই
শক্তিমান অদৃষ্টজনক বিশ্বাস
নকৰা মানুহক তেওঁলোকে
ভণ্ড অথবা কাফেৰ
হিচাপে চিহ্নিত কৰিছিল; লাগিলে সেই ব্যক্তিজনৰ
যুক্তি ইমানেই শক্তিশালী
যে তেওঁক পৰাস্ত
কৰা কঠিন হৈ
যায়, অথবা
তেওঁৰ আত্মা ইমানেই
দৃঢ় যে তেওঁক
ঈশ্বৰৰ প্ৰকোপৰ ভয়ে
ত্ৰস্ত কৰিব নোৱাৰে; তেনে ব্যক্তিক ধৰ্মদ্রোহী
আৰু দুৰাচাৰী বুলি
সমাজে অৱহেলা কৰে, তেওঁৰ কণ্ঠ ৰুদ্ধ
কৰাৰ চেষ্টা চলে মই মোৰ অহংকাৰৰ
বাবে নাস্তিক হোৱা
নাই ঈশ্বৰৰ প্ৰতি
থকা অনাস্থাই ইতিমধ্যে
মোৰ সময়বোৰ প্ৰতিকূল
কৰি তুলিছে এই
পৰিস্থিতি আৰু বেয়া
পাৰে কিন্তু সেইবুলি
মই মোৰ অন্তিম
ক্ষণৰ প্ৰতি অনুকম্পা
অথবা সহানুভূতি বিচাৰি
কোনো যুক্তি দিব
নিবিচাৰোঁ মই যুক্তিবাদী
মানুহ, মই
প্ৰতিনিয়ত যুক্তিৰেই বিজয়ী
বিচাৰোঁ যদিও মই
মোৰ এই প্ৰচেষ্টাত
সদা সর্বদা বিজয়ী
পৰা নাই,
কিন্তু তথাপি মই
হতাশ নহওঁ কাৰণ
মই বিশ্বাস কৰোঁ
যে মানুহে কেতিয়াও
চেষ্টা কৰিবলৈ এৰি
দিয়া উচিত নহয়
 সফলতা
সদায় নিৰ্ভৰ কৰে
ঘটনাৰ সংযোগ আৰু
পৰিস্থিতিৰ ওপৰত জীৱনত
অগ্ৰগামী খোজা প্ৰতিজন
মানুহে প্ৰচলিত পৰম্পৰাত
খুঁট বিচাৰিব লাগে, সেই পৰম্পৰা সমূহৰ
সমালোচনা কৰিব লাগে প্ৰাচীন মান্যতা সমূহক
তেওঁলোকে প্ৰত্যাহ্বান জনাব
পাৰিব লাগিব আৰু
কঠোৰ তৰ্কবিতৰ্কৰ মাজেৰে তেওঁলোকে
যিকোনো সিদ্ধান্তত উপনীত
হোৱা উচিত হয়তো
তেওঁৰ যুক্তি ভুল
পাৰে, কিন্তু
চেষ্টাৰ ক্ৰুটি ৰাখিব
নালাগে কাৰণ মই
বিশ্বাস কৰোঁ,
তৰ্কই হৈছে মানৱ
জীৱনৰ আধাৰ কিন্তুবিশ্বাস“, আচলতে
মই খুজিছোঁ
অন্ধবিশ্বাসঅত্যন্ত
হানিকাৰক মানুহৰ
চিন্তা শক্তি নোহোৱা
কৰে যিসকল ব্যক্তিয়ে
নিজকে যুক্তিবাদী বুলি
দাবী কৰে,
তেওঁলোকে প্ৰচলিত মান্যতা
সমূহক নস্যাৎ কৰিব
পাৰিব লাগিব আস্থাই
যদি তৰ্কৰ প্ৰহাৰ
সহ্য কৰিব নোৱাৰে, তেতিয়া আস্থা ভাগি
ধূলিস্যাত হৈ যাব ভাৰতবৰ্ষৰ শাসন ব্ৰিটিছে
ঈশ্বৰৰ ইচ্ছাত কৰা
নাই, শাসন
কৰিছে তেওঁলোকৰ শক্তি
আৰু পৰাক্ৰমৰ বলত আমাৰ ইংৰাজ বিৰোধিতা
কৰাৰ সাহস নাই,তেওঁলোকে আমাক কোনো
দৈৱিক শক্তিৰ সহায়ত
কাবু কৰি ৰাখিব
পৰা নাই,
তেওঁলোক সফল হৈছে
টোপ, বন্দুক
আৰু পুলিচ মিলিটেৰীৰ
সহায়ত অৱশ্যে ইয়াৰ
বাবে দায়ী ভাৰতীয়ৰ
নিৰ্লিপ্ততা
 মোৰ
এজন বন্ধুৱে মোক
প্ৰাৰ্থনা কৰিবলৈ লে আৰু যেতিয়া
মই তেওঁক জনালোঁ
যে মই নাস্তিক, তেতিয়া তেওঁ লে, যেতিয়া
মোৰ অন্তিম সময়
আহি উপস্থিত তেতিয়া মই
স্বয়ং ঈশ্বৰৰ নাম
আৰু সেই পৰম
সত্বাৰ আৰাধনা কৰিম মই তেওঁৰ মোৰ
সেই বন্ধুক লো, নহয়
বন্ধু, তুমি
মোৰ বিষয়ে এটা
ভুল ধাৰণা লৈ
আছা মই এনে
কাম কেতিয়াও কৰিব
নোৱাৰোঁ, যদি
মই এনে কৰোঁ
তেন্তে মোৰ বাবে
চূড়ান্ত অপমানজনক কথা; সেয়া মোৰ নৈতিক
পৰাজয়
 আৰু
এনে স্বাৰ্থজনীত কাৰণত
মই কেতিয়াও প্ৰাৰ্থনা
নকৰোঁ

One Response

  1. অনুবাদটো বোধহয় ইউটিউবৰ সেই বিশেষ ভিডিঅ'টোৰ পৰা কৰা হৈছে। পূৰ্ণ অনুবাদ পাম বুলি আশা কৰিলোঁ।

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *