নিয়তিৰ সমুখত(Before the Law)

মূল গল্পকাৰঃ  ফ্ৰান্স কাফকা –
ইংৰাজী অনুবাদ- য়্যান জনছটন
অসমীয়া অনুবাদ- কিন্নৰী ডেকা
নিয়তিৰ যিখন সিংহদুৱাৰ, যাৰ সমুখত সদায় এজন দুৱাৰ ৰখীয়াই পহৰা দি থাকিছিল।  এদিন দেশখনৰ এজন
লোক সেই দুৱাৰ ৰখীয়াজনৰ ওচৰলৈ গৈ তেওঁৰ পৰা নিয়তিৰ ওচৰলৈ যাওঁ বুলি প্ৰৱেশৰ অনুমতি
বিচাৰিছিল। কিন্তু, তেওঁক নিৰাশ কৰি দুৱাৰ ৰখীয়াজনে সেই মূহুৰ্তত
  তেওঁক প্ৰৱেশৰ অনুমতি
দিব নোৱাৰো বুলি ক’লে। মানুহজনে এই বিষয়ে কিছু চিন্তা কৰি দুৱাৰ ৰখীয়াজনে
  এতিয়া যদি প্ৰৱেশৰ
অনুমতি দিব নোৱাৰে, কিছু পলমকৈ তেওঁ প্ৰৱেশ কৰিব পাৰিব নেকি? সুধিলে।
“হয়, এইটো সম্ভৱ হ’ব পাৰে”। দুৱাৰ ৰখীয়াজনে ক’লে।
-“কিন্তু এই মূহুৰ্তত এইটো অসম্ভৱ”।
      সেই সময়তো নিয়তিৰ
সিংহদুৱাৰখন খুলি ৰখা আছিল। ঠিক প্ৰত্যেকদিনা থকাৰ দৰেই।
          দুৱাৰ ৰখীয়াজন অলপ
কাষৰীয়া হ’ওঁতেই তাৰ সুযোগ লৈ মানুহজনে হাউলি নিয়তিৰ প্ৰৱেশদ্বাৰৰ ভিতৰচোৱালৈ জুমি
চাবলৈ চেষ্টা কৰিলে। ঠিক তেতিয়াই এই কাৰবাৰটো চকুত পৰাত দুৱাৰ ৰখীয়াজনে অট্টহাস্য কৰি
কৈ উঠিল-
  ” যদি প্ৰৱেশ
কৰিব নোৱাৰা কথাটোত আপুনি ইমানেই বিতুষ্ট হৈ পৰিছে, তেন্তে মোৰ অনুমতি নোলোৱাকৈয়ে প্ৰৱেশ
কৰিবলৈ চেষ্টা কৰক। তাত মোৰ আপত্তি নাই। কিন্তু আপুনি জানি লোৱা উচিত যে মই অত্যন্ত
শক্তিশালী। আৰু মইয়ে আচলতে আটাইতকৈ কম শক্তিশালীও। কিয়নো এই প্ৰৱেশদ্বাৰৰ ভিতৰচোৱাত
নিয়তিৰ প্ৰতিটো কোঠাৰ দুৱাৰে দুৱাৰে আপোনাৰ বাবে ৰৈ থাকিব এজনতকৈ অধিক শক্তিশালী
  আন এজন দুৱাৰ ৰখীয়া।
আনকি তৃতীয় দুৱাৰৰ দুৱাৰ ৰখীয়াজনলৈ মোৰেই ভীষণ ভয় লাগে ।”
          দেশখনৰ বাটকুৰি
বাই অহা মানুহজনে এনেকুৱা এটা সংঘৰ্ষময় পৰিস্থিতিৰ সম্মুখীন হ’ব
  লাগিব বুলি কল্পনাও
কৰা নাছিল।
   নিয়তি সকলোৰে  বাবে সমান আৰু সহজলভ্য
হোৱা উচিত – তেওঁ মনতে ভাবিলে। কিন্তু পিছমুহূৰ্ততে যেতিয়া তেওঁ সুক্ষ্মভাৱে নোমাল
কোট পিন্ধা, ডাঙৰ জোঙা নাক আৰু পাতল, ক’লা মলিয়ন দাৰিৰ দুৱাৰ ৰখীয়াজনলৈ লক্ষ্য কৰিলে,
তেতিয়াই
  সেই মূহুৰ্তত দুৱাৰ
ৰখীয়াজনে অনুমতি নিদিয়ালৈ অপেক্ষা কৰাটোৱেই ভাল হ’ব বুলি তেওঁ সিদ্ধান্ত ল’লে।
       দুৱাৰ ৰখীয়াজনে
তেওঁক টুল এখন দি
  সিংহদুৱাৰৰ সন্মুখ ভাগৰ কাষতে বহি
অপেক্ষা কৰিবলৈ অনুমতি দিলে। মানুহজন  দিনৰ
পিছত দিন আৰু বছৰ বাগৰালৈ তাতেই অপেক্ষা কৰি
  বহি থাকিছিল। তেওঁ
প্ৰৱেশৰ বাবে বহুবাৰ চেষ্টা কৰিছিল। আনকি বিনম্ৰ অনুৰোধেৰে দুৱাৰ ৰখীয়াজনৰ মন গলাবলৈয়ো
চেষ্টা কৰিছিল।
       দুৱাৰ ৰখীয়াজনে
তেওঁক তেওঁৰ বিষয়ে বিতংকৈ জানিবলৈ একে প্ৰশ্ন কিছুমান সঘনাই কৰি থাকিছিল। তেওঁৰ জন্মস্হান,
পৰিয়াল আৰু
  অন্যান্য কিছুমান প্ৰশ্নকে দুৱাৰ ৰখীয়াজনে
সুধিছিল। কিন্তু এইবোৰ আছিল একেবাৰেই উদাসীন প্ৰশ্ন। একমাত্ৰ সৌজন্যতাৰ খাতিৰতহে যেন
দুৱাৰ ৰখীয়াজনে তেওঁক এইবোৰ সুধি থাকিছিল আৰু প্ৰশ্নৰ শেষত প্ৰত্যেকবাৰ তেওঁ একেটা
কথাকে কৈছিল যে তেওঁ কিন্তু এতিয়াওঁ মানুহজনক ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি দিব নোৱাৰে।
        এই মানুহজন, যিয়ে
এই যাত্ৰাত নামিবলৈ প্ৰয়োজনীয় প্ৰায় সকলো বস্তুৰে নিজকে সুসজ্জিত কৰি আহিছিল। সেই সকলোবোৰ
বস্তু লাহে লাহে দুৱাৰ ৰখীয়াজনৰ মন জয় কৰিবলৈ খৰচ কৰি পেলাইছিল। যিমানেই মূল্যবান সম্পদ
নহওকঁ কিয় খৰচ কৰিবলৈ কুণ্ঠাবোধ নকৰি তেওঁ দুৱাৰ ৰখীয়াজনৰ মন জয় কৰাৰ চেষ্টাত অব্যাহত
থাকিল।
           দুৱাৰ ৰখীয়াজনে সেই সকলোবোৰ গ্ৰহণ কৰিছিল ঠিকেই।
কিন্তু যেতিয়াই তেওঁ কিবা গ্ৰহণ কিছিল তেতিয়াই মানুহজনক এটা কথাই কৈছিল
  যে- ” মই এই
বস্তুবোৰ একমাত্ৰ এইকাৰণেহে গ্ৰহণ কৰোঁ যাতে আপোনাৰ মনত আপুনি একোধৰণেই প্ৰৱেশ কৰিবলৈ
চেষ্টা কৰাক
  সমৰ্থ নহয় যেন অনুভৱ নহয়”।
        এইদৰে পাৰ হৈ গৈ
থকা
  বছৰবোৰত মানুহজনে
প্ৰায় প্ৰত্যেকদিনাই দুৱাৰ ৰখীয়াজনক অতি সূক্ষ্মভাৱে অধ্যয়ন কৰি থাকিছিল। সময়ৰ সোঁতত
তেওঁ অন্য দুৱাৰ ৰখীয়াবোৰৰ কথাওঁ পাহৰি পেলাইছিল। এটা সময়ত একমাত্ৰ এইজন দুৱাৰ ৰখীয়াজনকেই
তেওঁ নিয়তিলৈ প্ৰৱেশৰ মাৰ্গৰ মূল বাধা বুলি অনুভৱ কৰিছিল। তেওঁ প্ৰায়েই তেওঁৰ দুৰ্ভাগ্য
আৰু পৰিস্থিতিক দোষ দি থাকিছিল। প্ৰথম কেইবছৰমান নভবা-নিচিন্তাকৈয়ে এই কাম কৰিছিল যদিওঁ
পিছলৈ চিঞৰি চিঞৰি দোষ দিছিল। পিছলৈ, যিমানে তেওঁ বুঢ়া হৈ আহিছিল, তেওঁ মুখৰ ভিতৰতে
ভোৰভোৰাবলৈ লৈছিল। তেওঁৰ ব্যৱহাৰো ল’ৰামতীয়া হৈ আহিছিল। ইমান বছৰে দুৱাৰ ৰখীয়াজনক অধ্যয়ন
কৰি কৰি তেওঁৰ নোমাল কোটত পৰি থকা মাখিবোৰকো যেন তেওঁ জানি উঠিছিল। আনকি তেওঁ মাখিবোৰকো
সহায় বিছাৰিছিল আৰু দুৱাৰ ৰখীয়াজনক তেওঁৰ প্ৰৱেশৰ অনুমতি দিবলৈ পতিয়ন
  নিয়াবলৈ অনুৰোধ
কৰিছিল।
        অৱশেষত তেওঁৰ দৃষ্টিশক্তি
দুৰ্বল হৈ আহিছিল। তেওঁ বুজা নাছিল আচলতে
  সঁচাকৈয়ে তেওঁৰ
চৌদিশ আন্ধাৰে ঘেৰি ধৰিছে নে তেওঁৰ দৃষ্টিয়ে তেওঁক আভুৱা ভৰি আছে।
  কিন্তু ইমান অন্ধকাৰৰ
মাজতো নিয়তিৰ প্ৰৱেশদ্বাৰৰ পৰা বিৰিঙি অহা সেই চিৰ প্ৰজ্জ্বলিত পোহৰখিনি তেওঁ চিনিব
পাৰিছিল। এতিয়া আৰু জীয়াই থাকিবলৈ তেওঁৰ হাতত বৰ বেছি সময় শেষ ৰৈ যোৱা নাছিল। মৃত্যুৰ
প্ৰাকক্ষণত তেওঁ এই গোটেই সময়চোৱাৰ অভিজ্ঞতাবোৰ সুৱৰি তাক মাত্ৰ এটা প্ৰশ্নলৈ পৰিৱৰ্তন
কৰিলে। যিটো প্ৰশ্নই এই গোটেই সময়ছোৱাত তেওঁৰ দুৱাৰ ৰখীয়াজনক এবাৰো সোধা হোৱা নাছিল।
              তেওঁ দুৱাৰ ৰখীয়াজনক
হাতবাউল দি ওচৰলৈ মাতিলে। এতিয়া আৰু ক্ষয় যোৱা শৰীৰটো দাঙি ধৰাটো তেওঁৰ বাবে অসম্ভৱ।
তেওঁ কি কৈছে সেয়া শুনা পাবলৈয়ো দুৱাৰ ৰখীয়াজনে তেওঁৰ ওচৰলৈ হালি দিব লগীয়া হৈছিল।
তেওঁ দেখিছিল এই অত বছৰত এই মানুহজনৰ বহুত পৰিৱৰ্তন হৈ উঠিছিল আৰু সেইবোৰে কিন্তু তেওঁৰ
তিলমাত্ৰও হিত সাধন কৰা নাছিল।
   – “এই মুহূৰ্ততো আপোনাক অতৃপ্ত যেন
লাগিছে। এতিয়াওঁ
  আপোনাৰ আৰু কিবা জানিবলৈ বাকী আছে
জানো?” – দুৱাৰ ৰখীয়াজনে সুধিছিল।
   “সকলো মানুহেইতো নিয়তিক পাবলৈ প্ৰয়াস
কৰে?” – মানুহজনে কৈ গৈছিল। -“তেন্তে এয়া কেনেকৈ সম্ভৱ যে এই অত বছৰে মই
মোৰ বাহিৰে
   ইয়াত অইন কাকোৱেই প্ৰৱেশৰ অনুমতি বিছাৰি
অহা নেদেখিলোঁ?
      দুৱাৰ ৰখীয়াজনে
ইতিমধ্যেই মৰো মৰো হোৱা মানুহজনলৈ বুলি চালে, এতিয়ালৈ যে তেওঁ ভালকৈ শুনা পোৱাৰ ক্ষমতাও
হেৰুৱাই পেলাইছে সেয়া অনুমান কৰি তেওঁ মানুহজনক প্ৰায় চিঞৰি কোৱাদি উত্তৰ দিলে-
” মহাশয়, এই প্ৰৱেশ মাৰ্গেৰে অইন কোনো ব্যক্তিয়েই প্ৰৱেশ কৰাৰ অনুমতি পাব নোৱাৰে।
কিয়নো, এই প্ৰৱেশমাৰ্গত কেৱল আৰু কেৱল মাত্ৰ আপোনাৰেই
  অধিকাৰ আছিল। আৰু
এতিয়া মই চিৰদিনৰ বাবে এই পথটো বন্ধ কৰিব দিব লাগিব।”

One Response

  1. কাফকা মোৰ অন্যতম প্ৰিয় লিখক । ভাল লাগিল পঢ়ি । কোকিল, নিকু আপোনালোকে বানান বোৰ অলপ চাই দিলে ভাল হব ।

Leave a Reply to বৰ্ণাভ Cancel reply

Your email address will not be published. Required fields are marked *