গদাধৰপুৰ উইমেনছ কলেজ
মূলঃ নবনীতা দেব
সেনঅসমীয়া অনুবাদঃ অনুৰাধা বৰুৱা
“সন্ধেবলায় কে ডেকে নেই তাৰে?”
আচ্ছা, গীতু, তোৰ বাৰু সেই আলোচনা চক্ৰ খনৰ কথা মনত আছে নে ? অশোকতৰুৱে মূৰ তল কৰি যে গাইছিল— “ও আমাৰ গোলাপবালা—-” , এতিয়া অশোকতৰুৱে অন্য ধৰণৰ গান গায় । তোৰ মামাই যে সেইবাৰ সপোনৰ অৰ্থৰ বিষয়ে বক্তৃতা প্ৰদান কৰিছিল , য‘ত মই মোৰ পানীৰ সপোনটোৰ অৰ্থ সুধি তেখেতক ব্যতিব্যস্ত কৰিছিলোঁ । তেখেতেও খুলি নকয়, মইও নেৰোঁ । এতিয়াতো সেই সপোনৰ অৰ্থ মই বুজি পাওঁ । ইছ্, সেই দিনবোৰৰ কথা মনত পৰিলে কি যে হাঁহি উঠে । মামাক কম হাৰাশাস্তি কৰিছিলোঁ নে ?
এই গীতু, তহঁতে গদাধৰপুৰত কেনেকৈ যে থাকিব পাৰিছ ! তাততো তেনে ধৰণৰ কোনো আলোচনা চক্ৰ ইত্যাদি নহয় । বক্তাই বা পাবি ক‘ত, গায়কেই বা পাবি ক‘ত ? লাইফ বুলিবলৈ তাত একোয়েইতো নাই । থিয়েটাৰ হলতো নায়েই, ভাল চিনেমা এখনো নাযায় চাগে । কোনো প্ৰদৰ্শনী, মেলা আদিৰতো প্ৰশ্নই নুঠে । ভাল কোনো ৰেষ্টোৰাঁ, দোকান পোহাৰ পৰ্যন্ত নাই । কি কৰি থাক বাৰু ? এনেকুৱা মফচলীয় ঠাইত প্ৰেম চ্ৰেমোতো নহয় নিশ্চয় । ইমানকেইজনী মাষ্টৰণী লগ হৈ হোষ্টেলত থাক, চবেই চকু দিয়েই থাকে চাগে । সাৱধানে থাকিবি পায় । এনেকৈ থকা আৰু জেইলত থকা প্ৰায় একেই । বন্ধৰ দিন অথবা সন্ধিয়া বোৰত কি কৰি কটাৱ বাৰু তহতে ? নদীৰ পাৰটোলৈ গৈ গৈ আমনি লগা নাইনে ? ওচৰত কোনো চহৰ নাইনে ? য‘ত গাড়ীৰে গৈ ফুৰি আহিব পৰা যায় ? গাড়ীও নাই ? কিয় কলেজৰ ষ্টাফ কাৰত যাবি । সেয়াও নাই ? আচৰিত । যেনে ঠাই তেনে কলেজ । কি কৰিবলৈ যে সেই ঘোকোট গাওঁ খনত সোমাই আছগৈ ? শ্যামবাজাৰ অঞ্চলত ডাঙৰ দীঘল হৈ সেই ঘোকোট গাঁৱত আছই বা কেনেকৈ ? বোৰিং নালাগেনে ? বিয়া বাৰুৰতো নামেই নুশুন তই। সম্বন্ধ এটা ঠিক কৰোঁ নেকি ? মোৰ বৰজনা এজন অলপতে বিদেশৰ পৰা আহিছে, অলপ বয়স্ক শিক্ষিত ছোৱালী বিচাৰি আছে । নিজেও একাডেমিক লাইনতে জৰিত হৈ আছিল । তোৰ লগত ভাল মিলিব । হ‘ব হ‘ব ইমান হাঁহিব নালাগে। বয়সৰ হিচাবেতো বত্ৰিছ পাৰ হ‘লেই, ইয়াৰ পাছত আৰু কেতিয়া বিয়াত বহিবি ? গোটেই জীৱন কি এই গাঁৱলীয়া গাধবোৰক গৰু বনোৱাৰ কামেই কৰি থাকিবি নেকি ? গদাধৰপুৰতো মানুহ থাকে নে ? লাইফ হ‘লনে এইটো এটা ?
জীৱনটো কেনেকৈ যে সলনি হৈ গ‘ল চাচোন । একেলগে পঢ়ি থাকোঁতে আমাৰ যে কিমান সপোন, কিমান পৰিকল্পনা — তাৰপাছত মই শহুৰৰ ঘৰত আৰু তই গদাধৰপুৰ উইমেনছ কলেজ । ক‘ত যে হেৰাই গ‘ল লেখক হোৱাৰ, নাটক কৰাৰ সপোনবোৰ । এপিনৰপৰা চাবলৈ গ‘লে তই অৱশ্যে ভালেই আছ । হাত ভৰি মুকলি ।
মই ? এইটো জানো ভালে থকা বুলি ক‘ব পাৰি ? ঘৰ সংসাৰ, ল‘ৰা ছোৱালীৰ জেঙা মাৰি থাকোঁতেই দহ বছৰ পাৰ হৈ গ‘ল । একেবাৰে জধামূৰ্খ হৈ গ‘লোঁ মই । এসময়ত যে তৰ্ক প্ৰতিযোগিতাৰ চেম্পিয়ন আছিলোঁ, কোনে বিশ্বাস কৰিব সেই কথা । এতিয়া মই তৰ্ক কৰোঁ আয়া, বাবু্ৰ্চিৰ লগত । পতিদেৱৰ লগত ? হৈছে আৰু । তৰ্ক কৰিবলৈ তেওঁৰ লগত মোৰ দেখা দেখি হ‘লেহে । যোৱা দহবছৰে তেখেতকতো এই অফিচ, এই ফেক্টৰী, টুৰ, অমুক পাৰ্টিক লগ কৰিবৰ বাবে গ্ৰেণ্ড হোটেলত লাঞ্চ, তমুক পাৰ্টিক লগ কৰিবলৈ শণিবাৰে ক্লাবত ডিনাৰ——এইবোৰতে ব্যস্ত হৈ থকা দেখি আহিছোঁ । ঘৈণীৰ লগত বহি তৰ্ক কৰাৰ বাবে তেওঁৰ ইমান সময় ক‘ত ? দিন ৰাতি কেৱল দৌৰা দৌৰি । অকণমান যদি আজৰি পায় — ক্লাবলৈ যায় । ঘৈণীৰ আচলতে ধৰি থাকিলে কোনোবাই জীৱনত উন্নতি কৰিব পাৰে জানো ? বুজিলি ?
কিয়, মোৰ বাবেতো আয়া আছে, ড্ৰাইভাৰ আছে, ৰান্ধনী আছে, মালী আছে, চাকৰ বাকৰেৰে ঘৰ একেবাৰে বৃন্দাবন হৈ আছে । তাৰ ওপৰিও পতিদেৱকো লাগে ? সেইটো অলপ বেছি বেছি নহ‘ব নে ? এনেয়েতো মোৰ অবাধ স্বাধীনতা । যেতিয়াই যলৈকে মন যায় ওলাই যাব পাৰোঁ, যি মন যায় কিনিব পাৰোঁ, শহুৰ–শাহু, দেৱৰ–ননদ কাৰো দায়িত্ব ল‘ব লগীয়া নাই । সকলো ধৰণৰ সুযোগ সুবিধা পাইছোঁ, অভিজাত সমাজৰ লগত উঠা বহা, কত নিমন্ত্ৰণ, কত পাৰ্টি । মোৰ মুখত অভিযোগ শোভা নাপায় । পায় জানো ? তয়েই ক । আচলতে কি জান ? সৰুতে যে পঢ়িছিলি, দোৱাত আছে চিঞাহী নাই ? মোৰ অৱস্থাতো ঠিক তেনেকুৱাই । হাঁহিছ ? মোৰ জীৱনটো তই পোৱাহলে বুজি পালিহেঁতেন । নাজান বাবে এনেকৈ কৈছ ।
সেই চিৰাচৰিত কাহিনী— এনে ক্ষেত্ৰত মহিলাবোৰে হয় কোনো প্ৰেমিক গোটাই লৈ পলাই যায়, নাইবা কোনো ভাগিন চাগিন জাতীয় অথবা ড্ৰাইভাৰৰ লগত গোপন প্ৰেম কৰা, গল্পবোৰতটো সেয়াই থাকে । যিসকলে এইবোৰ কৰিব নোৱাৰে সেইসকলে ডিজাইনাৰ ব্লাউজৰ লগত পিন্ধা দামী চিফন শাৰী আঠুলৈকে কোঁচাই, ৰেছমী ৰুমালেৰে নাক ঢাকি সপ্তাহত এদিন বন্যাৰ্তৰ শিবিৰ অথবা কুষ্ঠাশ্ৰম আদিলৈ যায় আৰু বাকী ছয়দিন তাৰ বাবেই পাৰ্ক হোটেল আদিত মিটিঙ কৰে । আন কিছুমানে দুপৰীয়া সময়ত ক্লাবলৈ গৈ তাছ খেলি, পানীয় সেৱন কৰি সময় কটায় , নহ‘লেবা মোৰ নিচিনাকৈ পুৰণি কলেজীয়া বন্ধু বিচাৰি বিচাৰি আড্ডা মাৰি সময় কটায় । আজিকালি অৱশ্যে বুটিক খোলাৰ ট্ৰেণ্ড এটা আহিছে । ইয়াৰ পৰা এটা উপাৰ্জনো হয়, সময়ো পাৰ হয় ।
সময়বোৰ যে পাৰেই হ‘ব নোখোজে অ‘ । ল‘ৰা ছোৱালী তিনিওটা দাৰ্জিলিঙৰ স্কুলত । ইয়াত জানো ভাল দৰে পঢ়া–শুনা হয় ? আজি বন্ধ, কাইলৈ প্ৰতিবাদ । তাত থাকিলে এই গণ্ডগোলবোৰেও ঢুকি নাপাব । তাৰোপৰি এওঁ কয়, ল‘ৰা ছোৱালীবোৰ হোষ্টেলত থাকিলে আত্মনিৰ্ভৰশীল হয় । ইফালে মই ইয়াত কি কৰি দিন কটাওঁ ? গান ? অলপ অচৰপ কৈ আকৌ আৰম্ভ কৰিছোঁ ৰ । এটা স্পেচিয়েল ক্লাছতো জইন কৰিছোঁ । নাই অ‘ পিয়ানো বজাবলৈতো এৰিয়ে দিলোঁ । সেইটো মোৰ কেতিয়াও বৰ এটা প্ৰিয় নাছিল । স্কুলতনো কেইটাই ভালপাই পিয়ানো শিকিছিল ? চাল দিবৰ বাবেহে পিয়ানো শিকিছিলোঁ । তোৰ চেতাৰৰ কথাটো সম্পূৰ্ণ বেলেগ । চেতাৰ তোৰ প্ৰাণ । অৱশ্য বিয়া বাৰু কৰাই সংসাৰৰ জালাত সোমালে সেই চৰ্চা ক‘তনো ৰাখিব পাৰিলিহেতেন ?
অকলে থকা বাবে চেতাৰখন বজোৱাৰ চৰ্চাটো ৰাখিব পাৰিছ । ভাগ্যে তোৰ ৰেডিও প্ৰগ্ৰেম বোৰৰ বাবে কলিকতালৈ তই আহি থাকিব পাৰে । নহ‘লে আৰু গদাধৰপুৰলৈ গৈ গৈ কোনে তোৰ লগত যোগাযোগ ৰাখিব পাৰিব কচোন । কি যে গাঁৱলীয়া এখন ঠাই ! ৰেডিও ? এই অদ্ভূত কথাবোৰ নকবিচোন । মই গায়িকানেকি ? মোৰ গান বাৰু আনক শুনাব পাৰিনে ? সময় কটাবলৈ নিজৰ বাবে এনেই গুণগুণাই থাকোঁ আৰু । তোৰ চেতাৰৰ লগত তাৰ তুলনা কৰিব পাৰিনে ? সেয়েতো কেতিয়াও অৰিন্দমৰ নিচিনাকৈ গীত গাব পৰা নাছিলোঁ ।
অৰিন্দমৰ কথা মনত পৰেনে তোৰ গীতু ? কি যে সুন্দৰ কণ্ঠৰ গৰাকী আছিল সি । এতিয়া সি আৰু ৰেডিওত গান নাগায় । অৰিন্দম এতিয়া আই. টি.চি. ৰ ডাঙৰ বিষয়া । মোৰ পতিদেৱৰ দৰেই ডাঙৰ বিষয়া । অৰিন্দমৰ তুলনাত উমাদিয়ে যে কিমান নিৰস গাইছিল । সেই সময়ত অৰিন্দম আছিল এ ক্লাছ আৰ্টিষ্ট আৰু উমাদি বি ক্লাছ । চৰ্চা কৰি থকা বাবে উমাদি কিমান আগবাঢ়ি গ‘ল ।
অৰিন্দমেতো গানৰ চৰ্চাই এৰি দিলে । জুনিয়ৰ এক্সিকিউটিভ পৰীক্ষাত ভাল ফলাফল কৰি চাকৰিটো পাই ডাঙৰ ক্ষতি হ‘ল তাৰ । তই হাঁহিছ ? ভাল চাকৰি পালে মানুহৰ ক্ষতি নহয় নেকি ? হয় বহুত ক্ষতি হয় । সেই কথা ডাঙৰ চাকৰি নকৰাবোৰে বুজি নাপায় । কৰ্মহীনতা যেনেকুৱা, ডাঙৰ চাকৰিও তেনেকুৱাই । কি দৰে যে মানুহক নষ্ট কৰি পেলায়, তই নুবুজিবি । সেয়াও এক অন্য ধৰণৰ সৰ্বনাশ । অৰিন্দমে সেই চাকৰিটো নোপোৱা হ‘লে আজি সি ষে এজন ভাল গায়ক হ‘লহেঁতেন সেই কথা মই জানো । তই কোনটো বেছি ভাল হ‘লহেঁতেন বুলি ভাব ?
তোৰ মনত আছে নে গীতু, সেইবাৰ ৰবীন্দ্ৰ জয়ন্তীত উমাদি আৰু অৰিন্দমে যে গাইছিল—” সোণাৰ হৰিণ চায়” ? অপূৰ্ব হৈছিল ন ? অৰিন্দমৰ “চিৰসখা” তোৰ মনত পৰে নে ? উমাদিৰ চাগে অৰিন্দমৰ প্ৰতি কিছু দূৰ্বলতা আছিল— উমাদিয়ে গোৱা ” বন্ধু ৰহো ৰহো সাথে” মই কেতিয়াও পাহৰিব নোৱাৰিম ।
আলোচনা চক্ৰবোৰৰৰ ৰিহাৰ্ছেলৰ পাছত আমি খোজকাঢ়ি ঘূৰি অহাৰ দিনবোৰ, সন্ধিয়া ছায়েন্স কলেজৰ পৰা অৰিন্দমক লগ ধৰি বালিগঞ্জৰ খালি ৰাস্তাবোৰত খোজকাঢ়ি ফুৰা কথাবোৰ মনত পৰেনে গীতু ? কেনেকৈ ইমান খোজকাঢ়িব পাৰিছিলোঁ অ ? চৌৰাংগীলৈ গৈ ট্ৰামত উঠি শ্যামবাজাৰলৈ যাঁও । এতিয়া তোৰ একেবাৰেই খোজকাঢ়িব নোৱাৰা হ‘লোঁ । তই এতিয়াও পাৰ, খীণ মীণ হৈ আছ যে, সেয়ে পাৰ । আচ্ছা গীতু আমি দুয়োজনীয়েইতো অৰিন্দমৰ গান ইমান ভাল পাইছিলোঁ, কিন্তু আমাৰ মাজত কোনো ধৰণৰ হিংসাভাব নাছিল ।
অৰিন্দমে যে গাইছিল “আমাৰ এ–পথ” আৰু আমি দুজনীয়ে যে খুব কান্দিছিলোঁ ? অৰিন্দমক মই “না” কোৱাৰ পাছত তোৰ মোৰ ওপৰত কিমান খং উঠিছিল, মনত আছে নে ? তোৰ ইমান খং কিয় উঠিছিল কচোন ? আমাৰ তিনিওটাৰে মাজততো ভাল বন্ধুত্ব আছিল । উমাদিয়ে আমি তিনিটাক হিংসা কৰিছিল । উঃ ! তোৰ আকৌ সেই পুৰণি প্ৰশ্ন ? মই অৰিন্দমক ” না” কোৱাৰ কাৰণটো তোক চাগে আজিলৈকে এশ বাৰ মান ক‘লোঁ । তোৰ ইচ্ছা আছিল যদিও তয়েই কিয় বিয়া নকৰালি তাক ? এই দহবছৰ পাছতো তোৰ সেই একেটাই কথা—-“আমাৰ যোৰা মিলা নাছিল” ।
মই তাৰ লগত কিয় বিয়া নহ‘লোঁ ——মোৰ বেৰিষ্টাৰ দেউতাই গাঁৱৰ সেই সাধাৰণ কেৰাণী বাবুৰ পুত্ৰলৈ মোক কেতিয়াও বিয়া নিদিলে হেঁতেন । সেই সময়ততো সি সেই পৰীক্ষাটোও পাছ কৰি ওলোৱা নাছিল । কেনেকৈনো জানিম যে দুবছৰ পায় নহওঁতেই অৰিন্দমৰ অৱস্থাৰ ইমান উন্নতি হ‘ব ? সি চাকৰি পোৱালৈকে মোৰতো বিয়াই হৈ গৈছিল । অৰিন্দমে পিছে যোৱাবছৰহে বিয়া পাতিলে, দিল্লীত । কইনা হেনো বৰ ধুনীয়া । তই দেখিছনেকি ? নাই, ময়ো নাই দেখা । অৰিন্দমকে দেখা নাই । মোৰ বিয়াতেই যি দেখিছিলোঁ আৰু । তাৰপাছত সি কেতিয়াও আমাৰ ঘৰলৈও অহা নাই অথবা মোৰ পতিদেৱৰ সৈতেও চা চিনাকি হোৱা নাই । চিনাকি হ‘লে অৱশ্যে ভালেই আছিল । কিন্তু সি যিহেতু গান গাবলৈ এৰিয়ে দিলে, গতিকে তাৰ লগত বিয়া হ‘লেওনো কি বেলেগ হ‘লহেঁতেন ? একেই হ‘লহেঁতেন । এখেতৰ দৰেই অৰিন্দমৰো নিশ্চয় অফিচ, ফেক্টৰী, লাঞ্চ, ডিনাৰ, টুৰ প্ৰগ্ৰেম, ক্লাব, ককটেল ! সেই একেই জীৱন হ‘লহেঁতেন । কষ্টবোৰ আৰু কিছু পৰিমাণে বাঢ়িলহেঁতেন । অনবৰতে মনত এটা ভাবে ক্ৰিয়া কৰি থাকিলে হয় : গান আছিল, গান নাই ! এজন বিষয়াৰ লগত আন এজন বিষয়াৰ কোনো পাৰ্থক্য নাই, যি দৰে এখন কাষ্টম মেড মাৰ্চিদিজ গাড়ীৰ আন এখনৰ সৈতে পাৰ্থক্য নাই ——-শূন্য ;
নীল ।
——– ধেৎ সন্মান কিয় নকৰিম ? নিজৰ স্বামী হয় তেওঁ । সন্মান চন্মান চব কৰোঁ, কিন্তু কি জান ? তেওঁ লোকৰ এই জান প্ৰাণ দি কেৰিয়াৰ গঢ়াৰ কথাটোৰ প্ৰতি কিবা এক বিতৃঞ্চা জাগি গৈছে । তেওঁলোকৰ শীত তাপ নিয়ন্ত্ৰিত অফিচৰ চকী মেজবোৰ যি ধৰণৰ ফেছনেৱল আৰু আৰামদায়ক, তেওঁলোকৰ জীৱনবোৰো তেনে ধৰণৰেই—— আৰু মানুহবোৰো সেই একেই ধৰণৰ ।
এজনক চিনি পালেই গোটেই কেইজনকে চিনি পোৱা যায় । ক্লাবলৈ যাঁও নহয়, গোটেই মানুহ বোৰ একেই । একেই সাঁচত গঢ়া । অৰিন্দম ৰ চাকৰিটো যিহেতু তেনেকুৱা ই, গতিকে সিও নিশ্চয় একেই হৈ গৈছে । মোৰ পতিদেৱৰ দৰেই । ক‘তো কেতিয়াও আৰু গান গোৱা শুনা নাই । আৰু দহবছৰ পাছত তাৰ ঘৈণীয়েকৰো মোৰ দৰেই অৱস্থা হ‘ব । পুৰণি কলেজীয়া বান্ধৱী বিচাৰি ফুৰিব লাগিব । অ‘ ঠিকেই কৈছে ! যদি দহবছৰ একেলগে থাকে । আজিকালিতো তেনেকুৱাই হৈছে । এওঁলোকৰ সমাজখনেই তেনেকুৱা । ৰুণুৰ জীৱনটো কি হৈ গ‘ল চাচোন । বৰ দুখ লাগে । জয়ন্তীয়ে আকৌ বিয়া পাতিলে বুলি শুনিছোঁ । মিছেছ মেহৰা হৈছে এতিয়া । ৰুণুৱে এনেকৈ দিন কটাব পাৰিব বুলি মই নাভাবোঁ । বি. এ. পঢ়িবলৈ এডমিছন লোৱা বুলি শুনিছোঁ ।
এই গীতু, তহঁতৰ তাত ফিল‘ছফিৰ কোনো পদ খালি নাইনে ? মই কিন্তু ইণ্টাৰেষ্টেড। ল‘ৰা ছোৱালীও দাৰ্জিলিঙত, এতিয়া মোৰ বাবে আলিপুৰ কিম্বা গদাধৰপুৰ কোনো প্ৰভেদ নাই । এইটো এটা লাইফ হ‘লনে ? হয় খুব ব্যস্ততা নহয়বা বোৰিং ! তাতকৈ তহঁতৰ তাতেই বেছি সজীৱতা আছে । তইতো মোৰ বায়ডাটা জানই । সঁচাকৈয়ে কৈছোঁ, উভতি গৈ খবৰ এটা কৰিবি । ” ছিৰিয়াছলি কৈছোঁ“, কি আচৰিত, হাঁহিছ কিয় ? অহ্ পতিদেৱৰ কথা এৰ, তেওঁৰ বাবে বেয়াৰা, বাবুৰ্চি সকলোবোৰ আছে । একমাত্ৰ পাৰ্টি দিয়াৰ সময়ৰ বাহিৰে তেওঁ বোধহয় গমেই নাপাব, মেমচাহাব কলকাতাত নে গদাধৰপুৰত !
অদৰকাৰী কথা বাদ দে । আৰু একাপ কফি খা । এইটো নতুন পাৰ্কুলেটৰ, ফৰাচী চাহাব এজনে এখেতক দিছিল—– কফি ধুনীয়া হয়, নহয়নে ? এই শুন না, তহঁতৰ উইমেনছ কলেজত ফিল‘ছফিত এটা চান্স নাপামনে মই ? কি ক‘লি ? তাত বহুত মহ ? থাকিব নোৱাৰিম ? —-তয়ো মোক ঠাট্টা কৰিলি গীতু ?
———————————————————————————

পঢ়ি ভাল পালোঁ
গল্পটো ভাল পালো।
অনুবাদ খুব সজীৱ হৈছে।
Beautiful.
Genuinely appreciate you.
Keep it up.