খাদক

মূলঃ  বাংলা

গল্পকাৰঃ হুমায়ূন আহমেদ

নুবাদঃ  মুনমুন সৰকাৰ শইকীয়া


মই মানুহজনৰ বয়সটো আন্দাজ কৰিবলৈ চেষ্টা
চলাই আছোঁ। আচলতে বয়সটো লৈ মোৰ একো মতলব নাই যদিও প্ৰথমবাৰ দেখোঁতেই বয়সটো জানিবলৈ
কিয় জানো মন গ
ল। মানুহজনক যেন প্ৰদৰ্শনীত সজাই থোৱা
কিবা এটা বস্তু হিচাপে মোৰ আগত আনি থিয় কৰাই দিয়া হৈছিল। আমাক ঘেৰি বহু মানুহ ইতিমধ্যেই
জুম বান্ধিছিল। মানুহজনে ঢেলা চকুৰে মোলৈ চাই আছে। মুখত অহংকাৰ মিশ্ৰিত হাঁহি। কিহৰ
অহংকাৰ সেয়া মোৰ বোধশক্তিৰ বাহিৰত আছিল। খোন্দাকাৰ মহাশয়ে মোৰ ফালে চাই গলগলীয়া
মাতেৰে ক
লে,
: এইজনেই সেইজন।
মই কলোঁ,
: কোনজন?
: খাদক৷
হতবাক হৈ মই কলোঁ,
: খাদক মানে?
খোন্দকাৰ মহাশয়ে আচৰিত চাৱনি এটাৰে সৈতে
মোক সুধিলে
,
: পাহৰিলেই, ইমান সোনকালে? ৰাতি কথা পাতিছিলোঁ এই বিষয়ে, আমাৰ গাঁৱত এজন বিখ্যাত খাদক আছে বুলি।
মোৰ একোৱেই মনত নপৰিল। খোন্দকাৰ মহাশয়
আৰু সেই মানুহজনে বহুত দেৰি নিজৰ মাজতেই কথা পাতিলে। যোৱাৰাতি খাদক
, খাদক বুলি কিবা এটা কৈ থকা মনত পৰিল, এইজনেই তেন্তে সেই খাদক।
: অহ আচ্ছা।
মই ভালদৰে মানুহজনক নিৰীক্ষণ কৰিলোঁ।
খীনকায়
,
চুটি চাপৰ, এজন মানুহ। মূৰত চুলি
প্ৰায় নাই বুলিবই পাৰি। পাতল মোছ একোছা আছে। চেলাউৰি আৰু মোছত ৰং ধৰিবলৈ আৰম্ভ কৰিছে
ইতিমধ্যে। পৰিধানত
  চফা পাঞ্জাবী, ধুনীয়াকৈ ইস্ত্ৰী কৰা।
গাঢ় নীলা ৰঙৰ লুঙী লগতে ৰবৰৰ জোতা। জোতাযোৰ নতুন
, সম্ভৱতঃ বিশেষ বিশেষ মুহূৰ্তত পিন্ধে, আজিও তেনেকুৱা কিবা এটা হবলা। মই তেওঁৰ নামটো
সুধিলোঁ।
: মোৰ নাম মতি। খাদক মতি।
এইবুলি কৈ আগুৱাই আহি মোৰ ভৰি চুই সেৱা
কৰিলে। ভৰি চুই সেৱা কৰিবলৈ মই এনে কোনো সন্মানীয় ব্যক্তি নহয়। আচৰিত নহৈ নোৱাৰিলোঁ।
কিছু অপ্ৰস্তুত হৈ পৰিলোঁ
,
: আৰে কি কৰিছে এইবোৰ?
মানুহজনে সবিনয়ে কলে,
: আপুনি জ্ঞানী মানুহ, মই আপোনাৰ চৰণ ধূলিৰ দৰে।
ইয়াকে কৈ তেওঁ সেমেনা-সেমেনি কৰিবলৈ
ধৰিলে।
কথাষাৰ শুনি এনে লাগিল যেন এনে তৈলমৰ্দনত
মানুহজন সিদ্ধহস্ত। প্ৰায়েই কয় চাগে।
: বেয়া নাপায় যদি ভৰিৰ ওচৰতে বহোঁ নে?
: আহক, আহক। অনুমতি লবলগীয়া মানুহ মই নহয়েই।
মাটিত বহি মানুহজনে তললৈ মূৰ কৰি থাকিল।
এনে বিনয়ী মানুহ সততে পাবলৈ টান। মোৰ এনেই বিৰক্তি লাগিয়েই আছিল
, দুদিন ধৰি ফেৰী নাপাই এই আওহতীয়া গাঁৱত আবদ্ধ। খন্দোকাৰৰ ঘৰত।
তেখেত অৱশ্যে বেছ ধনী মানুহ। মাকৰ নামত স্কুল এখনো খুলিছে। মোৰ দূৰ সম্পৰ্কীয় আত্মীয়।
লেঠাটো তাতেই। অতিৰিক্ত আদৰৰ প্ৰকোপত অতিষ্ঠ হৈ উঠিছোঁ লগতে গাঁৱৰ আশ্চৰ্যকৰ বস্তুবোৰৰ
সৈতে মোক চিনাকি কৰাই দিয়াৰ যি পৰ্ব চলিছে সেয়াও কম ভয়াবহ নহয়। ভালেমান ঠাই দৰ্শনৰ
সৌভাগ্য অৰ্জন কৰিছোঁ
, যেনে পুৰণি কালী মন্দিৰ, ত কিছুদিন আগলৈকে নৰবলি
চলিছিল। এজোপা আগেয়ে নেদেখা বৃক্ষ
, যিজোপা এজন যাদুকৰে কামৰূপৰ পৰা আনি লগাইছিল বুলি গম পাইছিলোঁ আৰু যাৰ ফল খালে
চিৰসেউজ হৈ থাকিব পাৰি কিন্তু সেই ফল খোৱাৰ সৌভাগ্য কাৰোৰেই হোৱা নাছিল কাৰণ গছত ফল
লগা নাছিল। গছজোপা প্ৰকৃততে তেতেলী টেঙাৰ আছিল যদিও মই এনে এক ভাব দেখুৱাইছিলোঁ যেন
সেয়া পৃথিৱীৰ সপ্তম আচৰিত বস্তুহে আৰু এজন আচৰিত বস্তু বৰ্তমান মোৰ ভৰিৰ ওচৰত বিৰাজমান।
মানুহজন হেনো বিখ্যাত খাদক
, অকলেই ২০ কিলো মাংস
খাই চফা দি দিব পাৰে। কথাটোৱে মোক উৎসাহিত কৰিব নোৱাৰিলেও খোন্দকাৰৰ উৎসাহৰ সীমা নাইকিয়া
হৈছে। অহংকাৰ মিশ্ৰিত মাতেৰে তেওঁ ক
লে,
: মতিয়ে এতিয়ালৈকে তিনিটা মেডেল লাভ কৰিবলৈ
সক্ষম হৈছে। ঐ
, প্ৰফেছাৰ মহোদয়ক মেডেলকেইটা দেখুৱা আকৌ।
পিন্ধি থকা পাঞ্জাবীৰ পকেটৰ পৰা মতি মিঞাই
মেডেল উলিয়ালে। এনে লাগিল যেন মেডেলকেইটা পকেটত লৈয়ে ফুৰে নতুবা মোক দেখুৱাবলৈকে
লগত লৈ আনিছিল। মোৰ প্ৰচণ্ড খং উঠিল। এটা মেডেল দিছে নেত্ৰকনাৰ চি.ই.অই
, আনটো আজিজিয়া স্কুলৰ প্ৰধান শিক্ষকে আৰু তিনি নম্বৰটোত দাতাৰ
নাম
,
ঠিকনা নাছিল। এজনে জোখতকৈ বেছি খায় কাৰণে তেওঁক মেডেল দিব লাগেনে? দেশখন কোন দিশে গতি কৰিছে বাৰু? খোন্দকাৰে কলে,
: দূৰ দূৰণিৰ পৰা আহি মানুহে মতিক হায়াৰ
কৰি নিয়ে।
: কিন্তু, কিয়?
: বাজীৰ খানা খুৱাবলৈ। মতি যায় বাজী জিকি
আহে। দৰাঘৰীয়াই লগত নিয়ে
, সি থাকিলে কইনাঘৰত খানা
কম পৰে। কইনাৰ পিতৃ অপমানিত হয়। এই ঘটনাটো সকলোৱে উপভোগ কৰে।
একো নোকোৱাকৈ থাকিলে বেয়া দেখি কাৰণে
কলোঁ
,
: বেছ আমোদজনক ঘটনা।
খোন্দকাৰে কলে,
: মতিৰ আয়ো ভালেই। হায়াৰ কৰিবলৈ ৰেট ২০
টকা। দূৰণিত যাবলগীয়া হ
লে নাৱেৰে অহা যোৱাৰ
খৰচ দিব লাগে।
মই সুধিলো,
: এয়াই প্ৰফেচন নে? অইন কিবা এটা নকৰা কিয়?
: একেলগে দুই তিনিটা কাম হাতত ললে কোনো এটাও ভালদৰে নহয়। ঈশ্বৰে কেৱল এটা মাত্ৰ বিদ্যা দিছে
, খোৱাৰ। তাৰ বাহিৰে একো শিকাই নাই।
ঈশ্বৰ প্ৰদত্ত বিদ্যাৰ অহংকাৰত মতি মিঞাৰ
চকুকেইটা জিলিকিবলৈ আৰম্ভ কৰিলে। মই হাঁহিমেই নে কান্দিমেই
, এয়া কি ময়মতালী, প্ৰলাপ বকিছে নেকি এইজনে? খোন্দকাৰে জনালে,
: সন্ধিয়া সময়ত মতি মিঞাৰ বাবে খোৱা বোৱাৰ
ব্যৱস্থা কৰা হৈছে। নিজ চকুৰে দেখিবলৈ পাব। চহৰৰ আন দহজনৰ আগত ক
বগৈ পাৰিব যে গ্ৰামাঞ্চলতো চাবলগীয়া বস্তু আছে প্ৰফেছাৰ মহোদয়।
: আছে, নিশ্চয় আছে কিন্তু মোক দেখুৱাবলৈকে ইমান আয়োজন নকৰিলেও হব। শুনিয়েই বৰ কিবা লাগিছে।
: নেদেখিলে বিশ্বাস কৰিব কেনেকৈ? ২০ কিলো ৰন্ধা মাংসনো আচলতে কিমানখিনি হয় সেয়া মতি মিঞাৰ খোৱাৰ
ধৰণ নেদেখিলে ধৰিব নোৱাৰে। ঐ মতি
, পাৰিবি নে নাই?
মতিয়ে হাঁহি হাঁহি কলে,
: দহৰ আশীৰ্বাদ থাকিলে নিশ্চয় পাৰিম।
: সেয়া খাই হলে দুই কিলো মান চমচম খাব লাগিব। বিদেশী আলহীৰ আগত নাক নকটাবি, গাঁৱৰ সন্মানৰ কথা আছে।
: দৰকাৰ পৰিলে জীৱন দিম৷
এজনে জীৱনৰ বাজী লগাই খাব আৰু মই বহি‌
বহি উপভোগ কৰিম
? ইয়াত কি আমোদজনক কথা থাকিব পাৰে? ঘটনাটো কুশ্ৰী যদিওবা এনে বহু কুশ্ৰী দৃশ্য আমি আগ্ৰহেৰে চাওঁ।
মেলা অথবা চাৰ্কাছত বিকলাংগ ও অদ্ভূত দেখিবলৈ শিশুসকলক বহুতেই আগ্ৰহেৰে চাবলৈ আহে।
ইয়াতো সেই একেই হ
ব। মতি মিঞাক বেৰি ধৰিব
এদল মানুহে। তাৰ মাজত ময়ো বহি থাকিবলগীয়া হ
ব। উৎসাহিত কৰি
থাকিব লাগিব। ভাগ্যে লগত কেমেৰা নাছিল। নহ
লে ফটো মাৰি
বলগীয়া হলহেঁতেন। গাঁৱত খবৰ
দিয়া হ
, খোন্দকাৰে মাংসৰ ব্যৱস্থা
কৰিলে। চমচম আনিবলৈ মানুহ পঠিওৱা হ
ল। খোন্দকাৰে
সুধিলে
,
: মতি ইমানসোপা মাংস খাব পাৰিবি? বিশিষ্ট আলহী আছে, তেওঁৰ উপস্থিতিত ৰেকৰ্ড এটা হলহেঁতেন। ঢাকালৈ
ঘূৰি গৈ তেখেতে বাতৰি-কাকতত উলিয়ালে হয়।
মই ভয়ে ভয়ে কলোঁ,
: গোটা জীৱটো নাখালেও হ, কেলেংকাৰী হবগৈ শেষত।
: আৰে, মতিক আপুনি চিনি নাপায়। সি মন কৰিলে হাতীও খাই দিব পাৰে। বিৰাট খাদক, ওস্তাদ মানুহ।
এনে ওস্তাদ মানুহ নথকাই ভাল, খাই খাই সব শেষ কৰি দিয়া, আৰু খুৱাব বা কোনে? খুৱাবলৈ মানুহ আছেনে? নাই। খাদ্যও নাই, এই যে ইমান খিনি মাংস যোগাৰ কৰিলোঁ খৰছ পৰিছে প্ৰায় তিনি হেজাৰ টকা। দেশৰ পৰিস্থিতি
বেয়া বুজিছ মতি
?
ৰন্ধা বঢ়াৰ আয়োজন চলি আছে। মতি মিঞা
বহি আছে মোৰ কাষতে। খুবেই হাঁহিমুখীয়া। মাজে মাজে বিড়ি হুপিবলৈ বাৰান্দালৈ উঠি গৈছে
, আকৌ আহি বহিছেহি। মই সুধিলোঁ,
: ইমানখিনি যে খাব পাৰে, টেকনিকটো কি?
অলপ গা লৰাই বহি তেওঁ উৎসাহিত হৈ উত্তৰ
দিলে
,
মাংস চেপি ৰস পেলাই দিব লাগে। অলপ দেৰি পিছে পিছে কেঁচা নিমখ
মুখত দিব লাগে
, পানী খোৱা নিষেধ।
: হয় নেকি?
: অঁ। ভালদৰে চোবাব লাগে। মাংস যেতিয়া
মুখৰ ভিতৰত কপাহী কোমল হৈ যায় তেতিয়া গিলিব লাগে।
: নিয়ম নীতি ঢেৰ দেখোন।
: বহাৰো নিয়ম আছে। পেটত জোৰ নপৰাকৈ চিধা
হৈ বহিব লাগে।
: এইবোৰ কৰ পৰা শিকিছে?
: নিজেই ভাবি উলিয়াইছোঁ, মোৰ কোনো গুৰু নাছিল। মোক তুমি বুলি মাতিব, মই আপোনাৰ গোলামৰ দৰে।
মতি মিঞাই খুব আগ্ৰহেৰে নানানটা কাহিনী
বলৈ আৰম্ভ কৰিলে। সব খাদ্য বিষয়ক। দুবছৰমান আগতে নেত্ৰকনালৈ
এগৰাকী মন্ত্ৰী আহিছিল হেনো
, তেওঁৰ  মুখৰ আগত ১০ কিলো জেলপি খাই তেওঁক চমক খুৱাই দিছিল।
: খাওঁতে খুব কষ্ট পাইছিলোঁ।
:কিয়?
: জেলপিৰ ভিতৰত থকা ৰসে গণ্ডগোল লগায়।
: মন্ত্ৰী মহোদয় সুখী হৈছিল নে?
: হয়, খুব ভাল পাইছিল। ফটো মাৰিছিল, ২০০ টকাও দিছিলে। বিশিষ্ট
ভদ্ৰলোক। কৈছিলে ঢাকালৈ নিব
, প্ৰেছিডেণ্ট চাহাবৰ
উপস্থিতিত খোৱাৰ ব্যৱস্থা কৰি দিব৷ তেখেতক সুখী কৰিব পাৰিলে কপাল ফুলিলে হয়। নহয়
জানো
?
: হয়, হয় আমাৰ, প্ৰেছিডেণ্ট চাহাব দৰাচলতে কবি মানুহ।
সুখী হ
লে হয়তো আপোনাক লৈ কবিতা এটাকে লিখি দিলে হয়।
মতিয়ে হুমুনিয়াহ কাঢ়িলে। মই সুধিলো,
: আপোনাৰ লৰা ছোৱালী কেইজন, সিহঁতো খাদক নে?
: নহয়, সিহঁত খাবলৈ নোপোৱাৰ দল। খাবলৈ নাপায়।
কাম নকৰাকৈ কি খুৱামনো সিহঁতক? সিহঁত দৰ্শক।
: মানে?
: সিহঁতে চাই থাকে, মই খাই থাকোঁতে, সেই চাই
থকা কামটোতো মজা আছে।
মতি মিঞাক অলপ বিমৰ্ষ দেখা গল। এই প্ৰথমবাৰৰ বাবে বাৰান্দালৈ উঠি নগৈ মোৰ ওচৰতেই বহি বিড়ি
হুপিবলৈ লৈ কাহিব ধৰিলে।
খোৱা আৰম্ভ হল ৰাতি দহমান বজাত। এটা লাইট জ্বলাই লৈ চোতালত খানাৰ যোগাৰ কৰা
হৈছে। প্ৰচণ্ড ঠাণ্ডাতো কম্বল মেৰিয়াই গাঁৱৰ মানুহে পাৰ ভাঙি অহাদৰে আহিছে। মতি মিঞাই
শুদা গাৰে আসন পাৰি বহিছে। ধ্যানস্ত মূৰ্তিৰ দৰে বহি থকা মতি মিঞাৰ ল
ৰা ছোৱালীবোৰক দেখিলোঁ। স্ফীত উদৰৰ হাড়ে ছালে লগা কেইটামান শিশু।
মেলখোৱা চকুৰে বাপেকে খোৱালৈ চাই আছে। শিশুকেইজন ক্ষুধাৰ্ত
, হয়তো যোৱাৰাতিও একোৱেই খাবলৈ পোৱা নাছিল। মতিয়ে এবাৰোলৈও সিহঁতৰ
ফালে চোৱা নাই। খোন্দাকাৰে এই সুবাদতে বিশিষ্ট অতিথি কেইজনমানক নিমন্ত্ৰণ জনাইছে
, স্কুলৰ হেডমাষ্টৰ, গ্ৰামীণ বিকাশ বেংকৰ মেনেজাৰ, থানাৰ অ.চি., পোষ্টমাষ্টৰ মহাশয়। সামাজিকভাৱে লগ পোৱাৰ এক উপলক্ষ। তেওঁলোকৰ
বাবে খাহী কটা হৈছে। খাবলৈ পাত পাৰি দিয়া হৈছে। আলোচনাৰ বিষয়বস্তু নিৰ্বাচন
, দেখি এনেকুৱা লাগিছে যেন খন্দোকাৰে নিৰ্বাচনৰ পূৰ্ব প্ৰস্তুতি
চলাইছে। যোৱাবাৰ হাৰিছিল এইবাৰ জিকিবলৈ মন
, দেশৰ কাৰণে কিবা কৰিবলৈ মন।
আমন্ত্ৰিত অতিথিসকল ৰাতি ১২টা মান বজাত
গুচি গ
, খুব ঠাণ্ডা পৰিছে। মতি
মিঞাক বেৰি বহি থকা কেইজনক ঠাণ্ডায়েও টলাব পৰা নাই। জুই জ্বলাই দিয়া হৈছে
, তাৰ কাষতে সবেই বহিছে কেৱল মতি মিঞাৰ লৰা ছোৱালীকেইটা তেওঁৰ চাৰিওফালে বহি আছে, তীক্ষ্ণ দৃষ্টিৰে বাপেকৰ খোৱা দেখিছে, বাপেকে অকনো গুৰুত্ব দিয়া নাই। গা ঘামি গৈছে, চকু দুটা যেন এই ওলাই আহিব। মোৰ এনে লাগিছে এই মাংস শেষ হোৱাৰ
আগতে মতি শেষ হৈ যাব। মই হ
ম মৃত্যুৰ কাৰণ। মনটো
বেয়া লাগি গ
ল। সমগ্ৰ ঘটনাটোৱেই কুৎসিত। এদল মানুহে
মিলি এজন ক্ষুধাৰ্ত মানুক্ষক বেৰি ধৰিছে। সি খাইয়েই আছে।
খোন্দকাৰ আহি মোৰ ওচৰত থিয় হল। হাঁহি হাঁহি সুধিলে,
: কেনে দেখিছে?
: ভালেই।
: মই কৈছিলোঁ নে নাই, বিৰাট খক।
: এৰা!
: শুই থাকক গৈ। শেষ হওঁতে দেৰি হব। ৰাতিপুৱা ১০ বজাৰ আগত শেষ নহয়, এতিয়া খোৱাৰ গতি কমিব।
: হয় নেকি?
: হয়, শেষৰফালে এক টুকুৰা মাংস গিলিবলৈ দহ মিনিট মান সময় লয়।
মই মতিৰ পিনে চাই সুধিলোঁ,
: মতি, গা বেয়া লাগিছে নেকি?
:নাই লগা।
: বেয়া লাগিছে যদি বাদ দিয়া, বাকীখিনি তোমাৰ লৰা ছোৱালীকেইটাই
খাই পেলাব।
খোন্দকাৰে কলে,
: অসম্ভৱ, ৰেকৰ্ড হবলৈ গৈ আছে আপুনি দেখা
নাই নে
?
তুমি খাই থাকা মতি। আপুনি শুৱক গৈ যাওক।
মই শুলোঁ। শুই শুই বহুত চেষ্টা কৰিলোঁ
মতি মিঞাৰ চৰিত্ৰত কিছু মানৱীয় গুণ সুমুৱাই দিবলৈ। নানা ধৰণে সেয়া সম্ভৱ। ৰাতি একমান
বজাত যদি মতি মিঞাই ঘোষণা কৰে যে ৰৈ যোৱা মাংসখিনি মই আৰু খাব নোৱাৰোঁ
, পৰাজয় স্বীকাৰ কৰিলোঁ, ইয়াত যিসকল আছে, তেওঁলোকে খাওক, তেনেহলেই হল। দৃশ্যটো আৰু হৃদয়স্পৰ্শী হয়৷ যদি শেষত এনে হয় মতি মিঞাৰ
ৰা ছোৱালীকেইটা টোপনি গৈছে, এজন মাত্ৰ সাৰে আছে, মতি মিঞাই মাংসৰ শেষ
টুকুৰাটো মুখলৈ নিবলৈ লওঁতেই ৰৈ যাব আৰু পুতেকলৈ আগবঢ়াই দিব। সকলোৱে আটাহ পাৰিব
, “কি কৰা, কি কৰা, বাজীত হাৰি যাবা, এইটুকুৰাও খোৱা।
মতি মিঞাই হুমুনিয়াহ কাঢ়ি ক,
: হাৰিলেও হাৰিম।
কিন্তু বাস্তৱত সেয়া হৈ নুঠে। ৰাতিপুৱা
১০টা
  বাজক , ১১ টা বাজক, মতি মিঞাই খোৱা শেষ কৰিব। লৰা ছোৱালীকেইটাই বাপেকৰ মুখলৈ চাই থাকিব এটুকুৰা মাংসৰ আশাত। সি ঘূৰিও নাচায়।
ইমান মায়া মমতা থাকিলে খাদক হ
ব নোৱাৰি।

গল্পকাৰৰ পৰিচয়ঃ  ১৯৪৮ চনত বাংলাদেশত জন্ম হোৱা হুমায়ূন আহমেদ বাংলা সাহিত্যৰ এগৰাকী যুগজয়ী উপন্যাসিক, গল্পকাৰ আৰু চলচিত্ৰ নিৰ্মাতা তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল ১৯৭১ চনত বাংলাদেশ মুক্তিসংগ্ৰামৰ সময়ত তেওঁক পাকিস্তানী সেনাই ধৰি নি বিভিন্ন নিৰ্যাতনৰ অন্তত গুলীচালনা কৰে  কিন্তু সৌভাগ্যবশত তেওঁ বাচি যায় ১৯৭২ চনত তেওঁৰ প্ৰথম উপন্যাসনন্দিত নৰকপ্ৰকাশিত হোৱাৰ পৰাই মৃত্যু পৰ্যন্ত তেওঁ বাংলা সাহিত্যৰ অপ্ৰতিদ্বন্দী লেখক হৈ ৰয় বিখ্যাত হিমু চিৰিজৰ উপন্যাসৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে পৰিচিত আৰু সমাদৃত  ২০১২ চনত নিউয়ৰ্কত তেওঁৰ মৃত্যু হয়

One Response

Leave a Reply to অনন্ত ৰাজখোৱা Cancel reply

Your email address will not be published. Required fields are marked *