আংকল
মূল(তামিল) : আঝাগিয়াচিঙ্গাৰ
অনুবাদ : স্বাতী কিৰণ

        নিজৰ ছীটটো বিচাৰি বৃন্দাবন এক্সপ্ৰেছত
গপচত বহি ললো৷ ৰেলখনে যাত্ৰাৰ সংকেত দি উঁকি মাৰিলে৷ ঠিক তেতিয়াই তেওঁ মোৰ কাষৰ
ছীটত বহিলহি৷ তেওঁ অন্য কোনো নহয় মোৰ পত্নী৷ অথচ মই এনেকুৱা ভাও জুৰিলো যেন মোৰ কাষত
কোনে বহিছে সেই কথাটোত মই অলপো গুৰুত্বই দিয়া নাই৷ তাইৰ উপস্থিতিক মই সম্পূৰ্ণৰূপে
অগ্ৰাহ্য কৰিলোঁ৷ মোৰ তেওঁৰ ওপৰত অতিপাত খং উঠি আছিল৷ পিছে ৰাজহুৱা স্থানত মই সেয়া
প্ৰকাশ কৰিবনিবিচাৰিলোঁ৷ ৰাজহুৱা স্থানত চিঞৰ-বাখৰ কৰাটো মোৰ সম্পূৰ্ণ স্বভাৱবিৰোধ৷
সেয়ে মই নিশ্চুপ হৈ বহি ৰ
লো৷  কিন্তু মোৰ মনৰ মাজত অজস্ৰ চিন্তাৰ সোঁত ববলৈ ধৰিলে৷
আচৰিত ধৰণে পত্নী আৰু মোৰ মাজৰ সম্পৰ্ক
, অতবছৰে আমাৰ মাজত সৃষ্টি হোৱা বান্ধোন, তাইৰ প্ৰতি থকা মোৰ সুগভীৰ প্ৰেম, আকৰ্ষণ, অনুৰাগ এই সকলোবোৰে এতিয়া মোৰ মনত তাইৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰহে সৃষ্টি
কৰিছে আৰু তাইক লগত কথা পাতিবলৈ মোৰ কিবা অনিহা জাগিছে৷ মোৰ চকু দুটা এতিয়াও খঙত ৰঙা
হৈ আছে৷

    কেইটামান নীৰৱ মুহূৰ্ত পাৰ হৈ গল৷ মোৰ পত্নীয়ে মই একাপ কফি খাম নেকি সুধিলে৷ মই একো উত্তৰ নিদিলো৷
মোৰ মুখলৈ চাই পত্নীয়ে মোৰ যে প্ৰচণ্ড খং উঠি আছে সেইটো বুজি পালে৷ পত্নীয়ে মোক বুজাবলৈ
চেষ্টা কৰিলে
তুমি শান্ত হোৱাচোন৷ ইমান চিন্তা কিয় কৰিছা? সিহঁতে শ্যামৰ খুব ভালকৈ যত্ন ল,
মৰম কৰিব৷

ব পাৰে, কিন্তু মোৰ ভাব
হৈছে তুমি নিজৰ ল
ৰাটোৰ বাবে
অলপো চিন্তা নকৰা
, তোমাৰ তাৰ প্ৰতি
কোনো দায়িত্ববোধ নাই৷
তুমি নুবুজা কিয়
বাৰু
,
মোৰ ওচৰত কোনো বিকল্প নাছিল৷
তুমি ছুটী কিয়
নল
লা? মই খঙেৰে সুধিলো৷
মোৰ সকলো ছুটী
সম্পূৰ্ণ শেষ হ
ল বুলি তুমি জানাই
দেখোন৷ চাবা সিহঁতে মোতকৈ বেছি ভালকৈহে শ্যামৰ যত্ন ল
ব৷
নিজৰ লৰাটোৰ প্ৰতি তোমাৰ অন্তৰত দয়া-মমতা একো নাই নেকি? মই তাইক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰিলো৷
    পত্নীয়ে কোনো উত্তৰ নিদিলে৷ পত্নীৰ
নীৰৱতাই পিছে মোৰ মনৰ ভিতৰৰ ধুমুহাজাক শান্ত কৰিব নোৱাৰিলে৷ মোৰ মনৰ মাজত উত্তৰবিহীন
প্ৰশ্ন
নিজৰ পুত্ৰক ইমান দীঘলীয়া সময়ৰ বাবে তাই কেনেকৈ লোকৰ হাতত এৰি
আহিব পাৰিলে
?
মাতৃ হিচাপে তাইৰতো পুত্ৰৰ সৈতে
আত্মীয়তা মোতকৈয়ো অধিক হ
ব লাগিছিল৷
মোৰ ভাব হল এই মুহূৰ্ততে যদি কোনোবাই কোনে সন্তানক বেছি মৰম কৰে মাকে নে দেউতাকে? এনেধৰণৰ বিষয়ত মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰে তেন্তে মোৰ
পত্নীয়ে একে আষাৰেই উত্তৰ দিব
দেউতাকে  পৰিস্থিতিটো কল্পনা কৰিয়েই মই শ্বাসৰুদ্ধ অনুভৱ
কৰিলোঁ৷
দ্ৰুতবেগী ৰেলৰ গতি আৰু মোৰ কল্পনাৰ গতি মিলি গল৷ মোৰ কাষতে বহি থকা পত্নীক মোৰ তেনেই অচিনাকি যেন লাগিল৷ মই
চৰম অস্বস্তি অনুভৱ কৰিলো৷ মোৰ মনৰ আকাশ কলীয়া ডাৱৰেৰে ভৰি পৰিল৷
কেইঘন্টামানৰ আগৰ কথা৷ মোৰ মনত পৰিল৷ শ্যামে খিৰিকীৰ গ্ৰীলত ধৰি ৰাস্তালৈ
চাই আছিল আৰু মই লুকাই লুকাই আঁতৰৰপৰা শ্যামকেই চাই আছিলো৷ ইতিমধ্যে শাহু আৰু জেশাহুৱে
শ্যামক সাত মাহৰ বাবে নিজৰ লগত ৰাখিব বুলি ঘোষণা কৰিছিল৷ মই এই কথাৰ তীব্ৰ বিৰোধিতা
কৰিছিলো কিন্তু শাহু আৰু জেশাহু দুয়ো আছিল নিজৰ সিদ্ধান্তত অলৰ-অচৰ৷ মোৰ নিঃসন্তান
জেশাহুৱে মোক তেওঁলোকৰ প্ৰস্তাৱটো নাকচ কৰাৰ কোনো সুযোগেই নিদিলে৷ জেশাহু অতি জেদী
আৰু আঁকোৰগোজ স্বভাৱৰ৷
মোৰ একমাত্ৰ সন্তান শ্যামৰ সৈতে
মোৰ সম্ভাৱ্য বিচ্চেদে মোৰ মনত তীব্ৰ যন্ত্ৰণাৰ সৃষ্টি কৰিছিল৷ এটা তিনিবছৰীয়া ল
ৰা… ইমান সুদীৰ্ঘ দিন নিজ পিতৃ-মাতৃৰপৰা আঁতৰত ৰখাটো কেনেকুৱা
সিদ্ধান্ত! অথচ মই আছিলো অসহায়৷ মই বাৰম্বাৰ নিজকে পতীয়ন নিয়াবলৈ চেষ্টা কৰিলো যে শাহু
আৰু জেশাহুৱে আমাতৰৈ বেছি ভালকৈ শ্যামক চোৱাচিতা কৰিব
, যত্ন লব৷ কিন্তু মোৰ মনে কোনোপধ্যেই এয়া মানি লব খোজা নাছিল৷
            এটা অতিনাটকীয় দৃশ্যৰ অৱতাৰণা কৰিব খোজা নাছিলো বাবেই মই নীৰৱে
জেশাহুৰ ঘৰ এৰি আহিছিলো৷ অথচ মোৰ বুকুৰ মাজত তেতিয়া ক্ষোভৰ জুই জ্বলি আছিল৷ বাঙ্গালোৰ
ষ্টেছন পোৱাৰ লগে লগে শ্যামৰ চিন্তাই মোক ব্যাকুল কৰি তুলিছিল৷ মই যে নিজৰ মনৰ ভাব
মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰিলো এই কথাটোৱে মোক ভিতৰি ভিতৰি দহিবলৈ আৰম্ভ কৰিছিল৷ মই
যিমানে ভাবিছিলো সিমানে মোৰ খং বাঢ়ি গৈছিল৷
            ৰেলখন তীব্ৰগতিত
বাঙ্গালোৰৰপৰা চেন্নাই অভিমুখে গৈ আছিল৷ এসময়ত আমি চেন্নাই পালোহি৷ পত্নী আৰু মই সম্পূৰ্ণ
অচিনাকি মানুহৰ দৰে ৰে
লৰপৰা নামিলো৷
মই বাছষ্টেণ্ড অভিমুখে খোজ দিলো৷ পত্নীয়ে মুখেৰে এটাও শব্দ উচ্ছাৰণ নকৰাকৈ ছাঁ এটাৰ
দৰে মোক অনুসৰণ কৰিলে৷ বাছষ্টেণ্ডত অপেক্ষা কৰি থকাৰ সময়তো মই তেওঁৰ সৈতে একো কথা নাপাতিলো৷
অভিমান আৰু খঙৰ বাবে আমাৰ মাজত এখন অদৃশ্য দেৱালৰ সৃষ্টি হৈছিল৷ মোৰ মনৰ মাজত এনে যন্ত্ৰণা
হৈছিল যে বাছষ্টেণ্ডৰ কাষতে থকা চিকিৎসালয়খনৰ বগা সাজ পিন্ধা নাৰ্চসকলক দেখি এনে লাগিল
যেন তেওঁলোক মানুহ নহয় বৰঞ্চ ভাবলেশহীন মুখমণ্ডলৰ সৈতে যন্ত্ৰচালিত পুতলাহে৷
            অৱশেষত আমি অপেক্ষা কৰি থকা বাছখন আহিল৷ একমুহূৰ্তৰ বাবে মোৰ
ভাব হ
ল পত্নীয়ে মই উঠা বাছখনত নুঠিব আৰু মোৰ জীৱনৰপৰা আঁতৰি
ভীৰৰ মাজত হেৰাই যাব৷ পিছে মোৰ সেই অদ্ভুত বাসনা পূৰণ নহ
ল৷ অত্যন্ত স্বাভাৱিকভাৱে পত্নী মই উঠা বাছখনতেই উঠিল৷
            মই বাছৰ ছীট এটা অধিকাৰ কৰি দন্দুৰা মানুহৰ দৰে মুখ ওন্দোলাই
বাছযাত্ৰা আৰম্ভ কৰিলো৷ মই থনথন মদন গোপাল হৈ বহি থাকোঁতেই কোনোবাই মোৰ পকেট মাৰিলে৷
বাছৰ পৰিচালকজনে টিকট চাব খোজোতেহে মই পকেটত হাত দি গম পালো পাৰ্চটো নাই৷ মই মোৰ খং
নিয়ন্ত্ৰণ কৰাৰ অসমৰ্থতা আৰু ভাব জগতত নিমগ্ন হৈ অহাৰ উপযুক্ত শাস্তি পালো৷
            এদিন-দুদিনকৈ সময়বোৰ পাৰ হৈ গল৷ মোৰ খং লাহে লাহে কমি আহিল৷ পত্নী আৰু মোৰ সম্পৰ্কটো আকৌ
আগৰ দৰে স্বাভাৱিক হৈ পৰিল৷ দাম্পত্য জীৱনলৈ পূৰ্বৰ মাদকতা ঘূৰি আহিল৷
            দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজতেই সাতটা মাহ কব নোৱাৰাকৈয়ে পাৰ হৈ গল৷ এই সাতটা মাহত শ্যামৰ অনুপস্থিতি পত্নী আৰু মই বাৰুকৈয়ে অনুভৱ কৰিছিলো৷ বিচ্চেদ
পৰ্বৰ অন্ত পেলাবৰ বাবে আমি দুয়ো শ্যামক আনিবলৈ বাঙ্গালোৰলৈ ৰাওনা হ
লো৷
            আগৰবাৰৰ তিক্ততাৰ বিপৰীতে এইবাৰৰ ৰেলযাত্ৰা আছিল অতিশয় সুখপ্ৰদ৷ পত্নীৰ সান্নিধ্যত মই গৰ্ব আৰু
পুলক অনুভৱ কৰিছিলো৷ সমগ্ৰ যাত্ৰাকালত পত্নীয়ে মোৰ বাহুত এনেদৰে মূৰ থৈ আহিল যেন তেওঁ
নিজৰ অধিকাৰহে সাব্যস্ত কৰিছে৷ এই অধিকাৰ তাই উপভোগ কৰিলে৷ লগতে ময়ো৷
            বাঙ্গালোৰত ট্ৰেইনৰপৰা নামি দুয়ো নৱদম্পতীৰ দৰে হাতত ধৰাধৰিকৈ
জেশাহুৰ ঘৰলৈ খোজ ল
লো৷
            জেশাহুৰ ঘৰত প্ৰৱেশ কৰিয়েই পত্নীয়ে শ্যামক কোলাত তুলি লৈ তাক
মৰমৰ চুমাৰে উপচাই পেলালে৷ মই শ্যামক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰিলোঁ৷ মোৰ এনে লাগিল শ্যাম
যেন ক্ষীণাইছে৷ মোৰ মনৰ ভাৱ বুজিব পাৰি জেশাহুৱে জনালে কিছুদিনৰ আগতে শ্যামৰ জ্বৰ হৈছিল৷
            মই শ্যামক চুবলৈ হাত মেলিলো৷ সি আঁতৰি গল৷ মাকক দেখি আনন্দত আত্মহাৰা হোৱা শ্যামে কিন্তু মোক অপৰিচিতৰ
দৰে ব্যৱহাৰ কৰিলে৷ মই তাক হহুৱাবলৈ চেষ্টা কৰিলো৷ মোৰ ধেমেলীয়া অঙ্গী-ভঙ্গী দেখি সি
হাঁহিলে৷ পিছে আঁতৰতে থাকিল৷ মই তাক সাবটি ল
ব খোজোতে সি ভয় খোৱাৰ দৰে চিৎকাৰ কৰি উঠিল৷ মই মোৰ পত্নীলৈ খঙেৰে চালো৷ তেওঁ বুজাবলৈ
চেষ্টা কৰিলে৷
            শাহুৱে কলে,
সি আচলতে তোমাক বহুদিনৰ মূৰত দেখাৰ বাবে এনেকুৱা কৰিছে৷ পিছে তেওঁৰ ওঁঠৰ কোণত লাগি থকা হাঁহিটোৱে মোক বিদ্ৰূপ কৰা যেন
লাগিল৷ গোটেই পৰিৱেশটো মোৰ বাবে অসহ্যকৰ হৈ পৰিল৷ জেশাহুৰ ঘৰৰপৰা মোৰ সেই মুহূৰ্ততে
ওলাই আহিবলৈ মন গ
ল৷ পিছে
তেনেকুৱা কৰিলে শাহু আৰু জেশাহুৱে ভাবিব মই তেওঁলোকক অপমান কৰিছো৷ তাতে যোৱা সাতমাহে
তেওঁলোকে শ্যামৰ ইমান যত্ন লোৱাৰ পিছত এনে কৰাটো হ
ব অতি অভদ্ৰামি৷
            ঘড়ীৰ কাঁটা আগুৱাই গল৷ শ্যামে মোৰ প্ৰতি কোনো আগ্ৰহ প্ৰদৰ্শন নকৰিলে৷ শাহু, জেশাহু, পত্নী সকলোৱে শ্যামক
বিভিন্ন ধৰণেৰে ফুচুলাই মোৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিলে৷ কিন্তু তেওঁলোকে মুখ টিপি টিপি
হাঁহি থকা দেখি বুজিব পাৰিলো শ্যাম যে মোৰপৰা আঁতৰি আছে এই কথাটোত তেওঁলোকে এক বিশেষ
তৃপ্তি লাভ কৰিছে৷
            অৱশেষত সকলোৰে বুজনিত চুচুক-চামাককৈ শ্যাম মোৰ ওচৰলৈ আহিল আৰু
সংকোচ বিজড়িত কন্ঠেৰে
 লাজ-লাজকৈ মাত
দিলে
আংকল

লেখক পৰিচিতি:
নৱীনাৱিৰুৎচম সাহিত্য পত্ৰিকাৰ সম্পাদক আঝাগিয়াচিঙ্গাৰ তামিল সাহিত্য জগতৰ এজন জনপ্ৰিয় লেখক৷ তেখেত একাধাৰে কবিগল্পকাৰ আৰু ঔপন্যাসিক৷ তেখেতে ত্ৰিপুৰ তামিল মঙ্গম পুৰস্কাৰ লাভ কৰিছে৷ নৱীনাৱিৰুৎচম সাহিত্য পত্ৰিকাৰ এপ্ৰিল-জুন ১৯৯৭ সংখ্যাত প্ৰকাশিত এই আংকল গল্পটোৰ বাবে তেখেতে ১৯৯৮ চনত কথা বঁটা লাভ কৰিছিল৷ এই বঁটাৰ নিৰ্বাচকমণ্ডলীৰমতে আংকল গল্পটোত মানৱীয় সম্পৰ্কৰ মাজৰ গোপন সত্যক সংবেদনশীল ভাষাৰে প্ৰকাশ কৰা হৈছে৷


            [অনুবাদকৰ একাষাৰঃ মূল তামিল গল্পৰ শীৰ্ষক অসমীয়াত একে ৰখা হৈছে]

One Response

Leave a Reply to Unknown Cancel reply

Your email address will not be published. Required fields are marked *