হো চি মিনৰ কবিতা

অসমীয়া ভাঙনি : কোকিল শইকীয়া 



শৰতৰ নিশা


চেলৰ বাহিৰত এজন প্ৰহৰী
কান্ধত ৰাইফল


আকাশত জোনটো লুকাই গৈছে
মেঘৰ আঁৰত
আন্ধাৰত মিলিবযোৱা কলা আৰ্মীবোৰ
বিছনাত অলসভাবে বাগৰ দি আছে
মহৰ জাক
যেন আতংকময় আক্ৰমণকাৰী বিমান
মই চেলৰ ভিতৰত ভাবিছোঁ মাতৃভূমিৰ কথা
মোৰ স্বপ্নৰ ভিতৰত মনটো বহু দূৰণিলৈ উৰি গৈছে
সপোনৰ বাট হেৰুৱাই মই
আটক হৈছোঁ বেদনাৰ জালত
ইয়াত মোৰ এবছৰেই পাৰ
কি দোষ আছিল মোৰ?
চকুৰ পানীৰে লিখিছো
আৰু এটা কাৰাগাৰৰ কবিতা

বেচেৰা কয়দীৰ গান

সিহঁতে কচি কচি বান্ধি থৈছে মোৰ হাত আৰু ভৰি
পাহাৰটোৰ গোটেই চৰাইবোৰৰ গীত মই শুনি আছোঁ
আৰু অৰণ্যখন ভৰি আছে বসন্তৰ সুগন্ধিৰে
মোক কোনে বাধা দিব পাৰে মুক্তভাবে উপভোগ কৰাৰ বাবে
যি এই দীৰ্ঘ যাত্ৰাৰ একাকীত্বৰ পৰা সামান্য বিৰতি দিব পাৰে




জীৱনৰ কঠিন পথ


থিয় পৰ্বত আৰু ওখ ওখ চুড়া্বোৰ বগোৱাৰ
পিছত
মই কেনেকৈ আশা কৰিব পাৰোঁ যে সমতল ইয়াতকৈও ভয়ংকৰ
পাহাৰত মই বাঘৰ মুখা-মুখি হৈ ঘুৰি আহিলো
ভৈয়ামলৈ আহি মানুহৰ মুখা-মুখি হ’লোঁ আৰু মোক বন্দী কৰি পেলালে ।


জোনৰ পোহৰ



বন্দীৰ বাবে ফুলো নাই , মদো নাই
তথাপি ৰাতিটো সুন্দৰ, কেনেকৈ উপভোগ কৰিব  পাৰো !
মই বতাহ অহাৰ ফুটাটোৰে জোনটো জুমি চাইছোঁ
আৰু জোনে এই কবিক এটি হাঁহি উপহাৰ দিছে

উজাগৰী নিশা




এই দীঘলীয়া নিশাটোত
টোপনিও যেতিয়া চকুৰ আবাধ্য হয়
মই এশতকৈও বেছি 
লিখোঁ বন্দী জীৱনৰ কবিতা 

আৰু প্ৰতিটো চনেটৰ শেষত
জেলৰ ৰেলিঙৰ ফাঁকেৰে আকাশলৈ চাওঁ

কমৰেডৰ বাবে কাগজৰ কম্বল




ন-পুৰণি কিতাপবোৰৰ পাতবোৰ
একেলগে ঠাঁহ খাই আছে



কম্বল যিহেতু নাই
সেয়ে কাগজেই কম্বল



এই শীতাৰ্ত ৰাতি
যিসকলে ঘৰত
 শুই আছে ৰজাৰ দৰে



তেওঁলোকে বাৰু জানেনে
জাৰৰ প্ৰকোপত শুব পৰা নাই
কিমান বিদ্ৰোহী কাৰাগাৰত ! 



(কবি পৰিচিতি – ভিয়েটনাম মুক্তিযুদ্ধৰ মহানায়ক হো চি মিনৰ জন্ম হয় ১৮৯০ চনৰ ১৯ মেত এজন সফল বিপ্লৱী হিচাপে সমগ্ৰ বিশ্বতে হো চি মিন জনপ্ৰিয় আৰু আদৰ্শ ভিয়েটনাম প্ৰথমে ফৰাচী আৰু পিছলৈ মাৰ্কিন সাম্ৰাজ্যবাদৰ দ্বাৰা চৰমভাবে নিষ্পেষিত হৈছিল কিন্তু হো চি মিনৰ নেতৃত্বত চলা
ভিয়েটনাম কমিউনিষ্ট পাৰ্টি মুক্তি সংগ্ৰামৰ ফলত স্বাধীন ভিয়েটনাম প্ৰজাতন্ত্ৰ জন্ম হয় আৰু হো চি মিন ৰাষ্ট্ৰপ্ৰধান হয় ১৯৬৯চনৰ অক্টোবৰত এইজনা মহান বিপ্লৱীৰ মৃত্যু হয় বিপ্লৱৰ সময়ত  তেওঁ বহুবাৰ জেললৈ যাবলগীয়া হৈছিল ১৯৪২ চনত চীনলৈ যাওতে বাটতে হো চি মিনগ্ৰেপ্তাৰ ৰি কাৰাগাৰলৈ নিক্ষেপ কৰে কাৰাগাৰত থকা সময়তে হো চি মিনে বহুকেইটা কবিতা লিখে উক্ত কবিতা কেইটা হো চি মিনে কাৰাগাৰত থাকোতে লিখা )

One Response

Leave a Reply to Unknown Cancel reply

Your email address will not be published. Required fields are marked *