Melancholy by Edvard Munch

শব্দ     

মূল কবি : এছ আৰ নাটৰাজন
অসমীয়া ভাঙনিঃ ৰাজীৱ বৰুৱা

শব্দ এটা নাই
লিখি থোৱা কবিতাটোৰ পৰাই হেৰাল
অৰ্থই বাট হেৰুৱাই
ভগ্নাংশ হৈ চটফটাই থাকিল
উকা ঠাইডোখৰ পূৰাবলৈ
তাত জোৰা দিয়া হল এটুকুৰা হীৰা
এন্ধাৰৰ লহৰত কবিতাৰ ৰক্ত প্ৰবাহত
হীৰাৰো কানিমুনি লাগিল
সানি দিয়া হল ৰামধেনুৰ  এটা ৰং
তাতো নালাগিল গত
এপাহ ফুলো চোৱা হল গুজি
অন্য শব্দৰ গন্ধত ফুলপাহো লেৰেলি সৰিল
নযৌৱনাৰ বাগিছাৰ পৰা আনিলে এটি হাঁহি
কবিতাৰ শাৰীবোৰে বেছ আমোদ পালে
শব্দ এটা নাই
লিখি থোৱা কবিতাটোৰ পৰাই হেৰাল
কি কৰো ভাবি-গুনি লাগিছে তধামূৰি
এনেতে দেখিলোঁ বাহিৰত খেলা ধূলা কৰি
মোৰ সৰু লৰাটি আহিছে ঘূৰি
ই কি! তাৰ চকুত জিলিকিছে
কবিতাৰ হেৰুওৱা শব্দটি।


টোকাঃ এছ আৰ নাটৰাজন সাম্প্ৰতিক সময়ৰ এজন তামিল ভাষাৰ কবি

4 Responses

  1. খুব ভাল লাগিছে ৷আগলৈ আৰু পঢ়িবলৈ পোৱাৰ আশাৰে বাট চালো_____

Leave a Reply to অনন্ত ৰাজখোৱা Cancel reply

Your email address will not be published. Required fields are marked *