পিঞ্জৰাৰ
চৰাইয়ে কিয় গান গাই মই জানো
কবি : মায়া এঞ্জেলো
অসমীয়া ভাঙনি : শ্যামজ্যোতি শইকীয়া

পিঞ্জৰাৰ চৰাইয়ে কিয় গান গাই মই জানো
মুক্ত চৰাই বহু দূৰলৈকে উৰে বায়ুৰ পিঠিত উঠি
সোঁতৰ লগে লগে উটি যায়
বেঙুনীয়া পোহৰত পাখি তিয়াই
দখল কৰিব পাৰে আকাশ
কিন্তু ঠেক সজাঁত আবদ্ধ চৰাইয়েনো বাৰু দেখিব কি
পাখি বন্ধা ঠেং বন্ধা
সেয়ে সি গান গাই ডিঙি উলিয়াই
সঁজাৰ চৰাইয়ে ভয়াতুৰ কণ্ঠেৰে গীত গাই অজান বিষয়ে
কিন্তু এই কণ্ঠ সুদুৰ পাহাৰৰ পৰা শুনা যাব
কাৰণ পিঞ্জৰাৰ চৰাইয়ে গান গাই স্বাধীনতাৰ
মুক্ত চৰাইয়ে অনুভৱ কৰে মুক্ত বতাহ,
গছৰ ছাঁ লৈ উপভোগ কৰে কোমল বতাহ
উজ্জ্বল পুৱাটিত লব পাৰে
খাদ্যৰ মজা
,
আকাশখন সাৱতে নিজৰ
কৰি৷
সপোনৰ সমাধিত বাস কৰে পিঞ্জৰাৰ চৰাই
যাৰ ছাঁটিতো থাকে দূ: স্বপ্নৰ আৰ্তনাদ
পাখি বন্ধা ঠেং বন্ধা
সেয়ে সি গান গাই ডিঙি উলিয়াই
পিঞ্জৰাৰ চৰাইয়ে গান গাই ভয়াতুৰ কঁঁম্পিত কণ্ঠেৰে,
অজান বিষয়ক
কিন্তু যি একান্তই প্ৰত্যাশিত
এই সুৰ সুদুৰ পাহাৰৰ পৰাও শুনা যাব
কাৰণ পিঞ্জৰাৰ চৰাইয়ে গান গাই স্বাধীনতাৰ

One Response

  1. এইবোৰটো কপীৰাইট থকা লেখা। Permission লোৱা হৈছে নে নাই অনুবাদ প্ৰকাশ কৰিবলৈ? নে এনেয়ে কৰি থকা হৈছে? Public domain এটাত without permission এনেকৈ অনুবাদ প্ৰকাশ কৰাটো অপৰাধ। Intellectual Property Rights ৰ কথাও আহে।

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *