অসমীয়া অনুবাদ কবিতাঃ জীৱন পাঠ

মূলঃ James Whitecomb Rilley :
অসমীয়া ভাঙনিঃ অপৰাজিতা গগৈ
নাকান্দিবা কণমানিজনী !

মই জানো
সিহঁতে তোমাৰ পুতলা ভাঙিলে
তোমাৰ খেলনাঘৰ নীলা কাপ-প্লেট গোটেইবোৰ
বহুদিন ধৰি যিবোৰ তুমি সযতনে ৰাখিছিলা

শুনাচোন ! শৈশৱৰ দুখলগা দিনবোৰ
সোনকালেই শেষ হ !
নাকান্দিবা মাজনী !
নাকান্দিবা কণমানিজনী !
সিহঁতে তোমাৰ চিলঠ-পেন্সিল ভাঙিলে
কিমান হেঁপাহৰ মই জানো
আনন্দ উন্মনা স্কুলীয়া দিন
এতিয়া অতীত হ
কিন্তু তুমি সোনকালেই ঘূৰাই পাবা
তোমাৰ জীৱন
ৰাগ-অনুৰাগ
নাকান্দিবা মাজনী !
নাকান্দিবা সোণজনী
মই জানো
সিহঁতে তোমাৰ হৃদয়খন ভাঙিলে
সেই সাতোবৰণীয়া যৌৱনা সপোনবোৰ
যি তোমাৰ বহু কাংখিত

সোণজনী ! যাৰ বাবে তোমাৰ
ইমান হাঁহাকাৰ
সেইবোৰ সৰগতহে পায়
নাকান্দিবা !

(অসমীয়া অনুবাদ কবিতা)

One Response

Leave a Reply to নিৰ্জন নিনাদ(nirjonninad), অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত Cancel reply

Your email address will not be published. Required fields are marked *