উলঙ্গ ৰজা
মূল: (বাংলা) নীৰেন্দ্রনাথ চক্রবর্তী
ভাষান্তৰ : নীলাভ সৌৰভ
নীরেন্দ্রনাথ চক্রবর্তী


সকলোৱে দেখিছে যে ৰজা উলঙ্গ,
তথাপি সকলোৱে হাততালি দিছে।
সকলোৱে টেটু ফালিছে; চাব্বাচ, চাব্বাচ!
কাৰোবাৰ মনত সংস্কাৰ,
কাৰোবাৰ ভয়;
কোনোবাই নিজৰ বুদ্ধি বিবেচনাক আনৰ হাতত
বন্ধকত থৈছে
;
কোনোবা পৰজীৱী অথবা কৃপাপ্রার্থী
কোনোবা পদপ্ৰাৰ্থী অথবা প্রবঞ্চক
কোনোবাই ভাবিছে
সঁচাকৈয়ে ৰাজবস্ত্র ইমান সূক্ষ্ম দৃষ্টিত
ধৰা পৰা নাই যদিও
হয়তো আছে,
অন্ততঃ থকাটো সিমান অসম্ভৱ নহয়।
সাধুটো সকলোৱে জানে।
কিন্তু সেই সাধুকথাৰ ভিতৰৰে কেইজনমানেহে
মাথোন প্রশস্তিবাক্য-উচ্চাৰণ কৰা নাছিল
বা আপাদমস্তক ভীৰু, ফন্দিয়াৰ অথবা
নির্বোধ তেলীয়া নাছিল ৷
এটি শিশুও আছিল
সত্যবাদী, সৰল, সাহসী এটি শিশু
বাস্তৱৰ প্রকাশ্য ৰাস্তাৰে পুনৰ সাধুকথাৰ
ৰজা নামি আহিছে
আকৌ হাততালিৰ জোৱাৰ উঠিছে ;
খেল জমি গৈছে
তোষামোদকাৰীৰ ভিৰ ৷
কিন্তু মই আজি
ভিৰৰ মাজত সেই শিশুটিক  দেখা নাই।
শিশুটি কলৈ গ? কোনাবাই তাক কোনো
পাহাৰৰ গোপন গুহাত লুকুৱাই ৰাখিছে নেকি?
নে শিল-ঘাঁহ-মাটিৰে খেলি খেলি সি শুই
পৰিল দূৰৈৰ কোনো নির্জন নদীৰ সোঁতত
অথবা কোনোবা প্রান্তৰৰ গছৰ ছাঁত?
যি নহওক ,  যিকোনো প্ৰকাৰে তাক বিচাৰি আনা হওক-
বিচাৰি আনা-
সি আহি এবাৰ এই উলঙ্গ ৰজাৰ সন্মুখত
নির্ভয়ে থিয় হওক।
সি আহি এবাৰ এই হাততালিৰ ঊর্ধ্বলৈ গৈ
চিঞৰি প্ৰশ্ন কৰক:
হেই ৰজা, তোৰ কাপোৰ ক?

One Response

Leave a Reply to neelabh Cancel reply

Your email address will not be published. Required fields are marked *