মূল (ফাৰ্চী): আমিৰ হাছান দেহলভি

ইংৰাজী অনুবাদ : ডঃ মইদুল ইছলাম বৰা

অসমীয়া ভাঙনি : তাবাচ্ছুম ইছলাম বৰা।

 


কত সেই নয়ন

কত সেই  নয়ন ,

যি তোমাৰ মুখনি দেখিও নহৈছিল সজল ?

কত সেই হিয়াখনি যি তোমাৰ প্ৰেমৰ মায়াজালত নাখাইছিল উজুটি ?

 

কোনো ফুলনীয়ে নোৱাৰিব

তোমাৰ ৰূপৰ সমকক্ষ হবলৈ।

তোমাৰ দৰে এপাহী ৰূপহী গোলাপ

কোনো লতিকাই নোৱাৰে কৰিব ধাৰণ ।

তোমাৰ ৰূপৰ শিখাত জোনেও হেৰুৱাই তাইৰ ৰূপৰ জেউতি  আৰু হৈ পৰে ম্লান।

 

তুমি টানি দিলা তোমাৰ সৌন্দৰ্য্যৰ ৰেখা আৰু মই পৰিলোঁ উজুটি খাই তোমাৰ প্ৰেমত।

এই প্ৰেমৰ সুবাসক নোৱাৰে ধাকিব

কোনো মৃগনাভিয়ে।

আহা তুমি প্ৰিয়ে , ওলাই আহা !

যায় যদি যাওক হিয়া খনি মোৰ।

এই যে দেখিছা প্ৰেমৰ যন্ত্ৰণা –

এইয়া হল কেৱল হিয়া খনিৰহে  ,

পোৱা গৈ নাই সি আত্মা ।।

 

কালি যে কলে উন্মাদ জনে নিশা

কিমান  সুন্দৰকৈ এশাৰী কথা–

যি প্ৰেমহীন সি ভগৱানহীন “.

তেনেহলে, হাছান ! এতিয়া আৰু লিখিবলৈ কি
আছে বাকী
,

থমকি ৰওক তোমাৰ কলম , 

দিবলৈ নাইযে আৰু আদেশ একো।



অপূৰ্ব

অপূৰ্ব তোমাৰ দেহৰ গঠন

তাতোকৈ অপূৰ্ব তোমাৰ চলন।

অপূৰ্ব তোমাৰ ৰঙা ওঁঠজুৰি

আৰু তাতোকৈ অপূৰ্ব সেই মিঠা মাতষাৰি।

 

কিন্তু , হায় ৰে কপাল ! কি কৰোঁ মই?

তোমাৰ উত্পীড়ণত যে মই হতবাক ।

আৰু যে সাজিছা ফান্দ এদালি সর্পতকৈয়ো ভয়ানক।

 

 ৰক্ত পিপাসু ওঁঠ জুৰি যোৱা বেলি

আছিল উত্পীড়ক,

এই বেলি যে ই একোব চৰা ;

আৰু উত্পীড়ক !

 

স্তম্ভিত হওঁ মই দেখিতোমাৰ দৰে

মধুৰ স্বভাৱৰ ব্যক্তিৰ ৰোষ ।

তাতোকৈ স্তম্ভিত হওঁ মই তেতিয়া

তোমাৰ মৌসনা গোলাপী ওঁঠৰ পৰা নিগৰে বিহ বোৰ যেতিয়া।

 

হাচানৰ দৰে নিৰ্দোষীক যদি বধিবলৈ যোৱা

স্বৰ্গৰাজ্য আৰু  তেওঁৰ প্ৰিয়তমে দেখুৱাব
তোমাক কাহানিও নেদেখা

কীৰ্তি আশ্চৰ্য্যকৰ ।


তোমাৰ মুখখনি

তোমাৰ মুখখনিত

এইয়া জোন নে চাকি ?

ওহোঁ নহয় দুয়োটাই মোৰ ভুল !

 

তোমাৰ সৌন্দৰ্য্য যে তুলনা বিহীন।

তোমাৰ ৰূপৰ লালিমা সৌৱা মোৰ দৃষ্টিত

আৰু তোমাৰ দৃষ্টি মোৰ কলমৰ সৃষ্টিত।

 

তুমি হ’লা পূজাৰী, মোৰ সৃষ্টিৰ

আৰু মই হলো পূজাৰী , সেই সৃষ্টিকৰ্তাৰ

যি স্ৰজিলে তোমাক।


টোকাঃ ১২৫৩ চনত জন্ম লাভ কৰা চুফী কবি আমিৰ হাছান দেহলভি
ৰ পিতা আলাউদ্দিন সঞ্জৰী পাৰস্য দেশৰ পৰা ভাৰতলৈ আহিছিল। দিল্লী
চহৰত
জন্ম আৰু ডাঙৰ দীঘল হোৱা বাবে তেওঁ দেহলভি উপাধি পাইছিল। তেওঁ তেৰ বছৰ
বয়সৰ
পৰাই কবিতা লিখিবলৈ লৈছিল আৰু পঞ্চাশ বছৰ কাল তেওঁ কবিতা চৰ্চা
কৰিছিল।
তেওঁ ৰজা গীয়াছুদ্দিন বলবন আৰু তেওঁৰ পুত্ৰ ৰাজকুমাৰ মূহম্মদৰ
ৰাজসভাৰ
কবি আছিল। সেই ৰাজসভাতেই তেওঁৰ চুফী সন্ত আমিৰ খুশ্ৰু ৰ সান্নিধ্য
লাভ
কৰিছিল আৰু দুয়ো নলে গলে লগা বন্ধু আছিল। আমিৰ হাচানৰ কবিতা বোৰ এখন
দিৱানত
লিপিবদ্ধ আছে। তেওঁ দহ হাজাৰতকৈয়ো অধিক স্তৱক লিখি থৈ গৈছিল।
তাৰ ভিতৰত
কবিতা
, গজল, নজম
আৰু ৰুবাই বা পংক্তি অন্তৰ্ভূক্ত আছে। তেওঁৰ সাহিত্য
ৰাজি
মোৰ ককা দেউতা ডঃ মইদুল ইছলাম বৰা দেৱে পুন প্ৰথম বাৰৰ বাবে
চৰ্চা কৰে
আৰু তাৰ ওপৰতে গৱেষণা কৰি এখনি গৱেষণা গ্ৰন্থ লিখি লণ্ডনৰ স্কুল অফ
অৰিএন্টাল
ষ্টাদিজ ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ।

One Response

Leave a Reply to Unknown Cancel reply

Your email address will not be published. Required fields are marked *