আকৌ লৃগাং

মূলঃ মিচিং
কবিঃ টাবুৰাম টাইদ
অসমীয়া ভাঙনিঃ নিতুল নন্দন ৰেগন
গুমৰাগ গুমৰাগ ইফালে গুমৰাগ
গুমৰাগ গুমৰাগ সিফালেও গুমৰাগ
বৰনৈ গুমৰাগ সোৱণশিৰি গুমৰাগ
উজনিত গুমৰাগ নামনিতো গুমৰাগ
হেৰৌ য়াকাদৈৰ মাক, হাঁহো নে কান্দো
আকাশে বতাহে গুমৰাগ ৰাগ !
বহিব নোৱাৰোঁ, থাকিব নোৱাৰোঁ, গুমৰাগে লহৰ তুলিছে
টোপনি নধৰে, পেটৰ কলমলনি বাঢ়িছে
যোৱাবেলিৰ দুমদুমৰ ৰগৰেই আতিছিলে
যোৱাবেলিৰ শুকান, নীৰস হৈ যোৱাই আতিছিলে
লৃগাং ঐ লৃগাং এইবেলিও আহি
অন্তৰখন কিয় খাইছ?
পেটত কিয়নো জ্বলা-পোৰা ঢালিছ?
হাঁহো নে কান্দোঁ
আকাশে-বতাহে গুমৰাগ ৰাগ !
দিবলগীয়া খোজ দিছিলোঁ
দুহাতৰ বলেৰে কৰিবপৰাখিনি কৰিছিলোঁ
সিচিবলগীয়া বীজ সিচিছিলোঁ
কোনে জানিছিল, কোনেনো জানিছিল?
সিচি দিয়া বীজত ভোক আছে
গঁজালি মেলা বীজত ভোক আছে
সৌৱা লৗনং বাজিছে
মোৰ আতুৰ পেটে উচুপিছে, কিৰিক-কৰক
হেৰৌ য়াকাদৈৰ মাক, হাঁহো নে কান্দো
আকাশে-বতাহে গুমৰাগ ৰাম !
মেলিবলগীয়া কুঁহি ঐ এতিয়াই নেমেলিবি
ফুলিবলগীয়া ফুলপাহ ঐ এতিয়াই নুফুলিবি
গান গোৱা চৰাইজনী অ’ এতিয়াই নাগাবিচোন
কুঁহি মেলি কিনো হ’ব, ফুল ফুলিনো কি হ’ব
পেটটো, অন্তৰখন উকা হৈ আছে
সৌ মৗৰমৰ জুইকুৰা নুমুৱাই দে
সৌ ভাতৰ চৰুখন বেৰত ওলোমাই ৰখা পাতলকৈ
সৌ উৰালখন পৗৰাবত শুকুৱাই থ’
সাঁচতীয়া এটকাটিও মূল্যহীন হ’ল
হেৰৌ য়াকাদৈৰ মাক, হাঁহো নে কান্দো
আকাশে বতাহে গুমৰাগ ৰাগ
আমি চুকৰ কাঠফুলা
চুকৰ কাঠফুলা আমি
তেওঁলোক একো একোজোপা বৰগছ
বৰগছ তেওঁলোক
উদয়ন বেলিটি তেওঁলোকৰ
জোনৰ পোহৰকণো তেওঁলোকৰে
জাৰকালিৰ ফিৰফিৰিয়া বতাহজাক
পিয়াহৰ পানীটুপি
এই সকলোবোৰ তেওঁলোকৰ
আমি চুকৰ কাঠফুলা
পুষ্পহীন ফল নধৰা
গধূৰ মুণ্ড দাঙি থকা কাঠফুলা
আমাৰ বাবে দাঁত নিকটাই ৰৈ থাকে এন্ধাৰ
হেৰৌ য়াকাদৈৰ মাক, গামোচাখন দে
পেটৰ জ্বালাক গামোচাখনেৰে বান্ধি থওঁ
আকৌ গুমৰাগৰ লহৰ তুলি চাওঁ
ফটা লৗনাংখন বজাই দিওঁ
ফুটা দুমদুমেৰে দপদপাই দিওঁ
এইবেলিৰ লৃগাং এনেকৈয়ে পাতি চাওঁ
মোৰ সমস্ত অকথিত কাহিনীক বৰ্ণনা কৰি চাওঁ
হেৰৌ য়াকাদৈৰ মাক, কান্দিছ নেকি ?
য়াকাদৈৰ মাক , নাকান্দিবি ।
শবাৰ্থঃ দুমদুম – ঢোল, লৗনং –মিচিংসকল
এবিধ লোকবাদ্য, মৗৰম – জুইশাল, পৗৰাব
জুইশালৰ ওপৰত ওলোমাই ৰখা পাতলকৈ সজা বাঁহৰ চাং
অনুবাদকৰ টোকাঃ শ্ৰদ্ধাৰ শিক্ষাগুৰু ৰূপনাথ পেগু ছাৰ আৰু শ্ৰদ্ধাৰ ডঃ পবিত্ৰ কুমাৰ পেগু ছাৰৰ হাতত আন্তৰিক
শ্ৰদ্ধা
ৰে অনুবাদিত কবিতাটি তুলি দিলোঁ
টাবুৰাম টাইদ

কবি পৰিচিতিঃ ১৯৪২ চনত লখিমপুৰত জন্ম । তেওঁ একাধাৰে
ভাষাবিদ, কবি, কটন কলেজৰ অধ্যাপক আৰু শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়া আছিল।  ২০১৯ চনত তেওঁৰ মৃত্যু হয়।

5 Responses

  1. সুন্দৰ। অসমৰ বিভিন্ন জনজাতীয় ভাষাৰ সাহিত্যকৰ্মৰ অনুবাদ হ'ব লাগে।

  2. টাইদ চাৰৰ আৰু এটা পৰিচয় আছে । তেওঁ সুন্দৰ গীত গাইছিল । তাহানি কলকতাত ৰেকৰ্ডিং কৰিছিল । পাছলৈ তেওঁ গান গাবলৈ এৰি দিয়ে ।

  3. সুন্দৰ পদক্ষেপ৷ আমি পাঠক হিচাপে সদায়েই অনূদিত সাহিত্যৰ সোৱাদ ল’বলৈ আগ্ৰহী৷ ইয়াত সন্নিৱিষ্ট কেইবাটাও গল্প থাউকতে পঢ়িলোঁ৷ ভাল হৈছে৷ কিন্তু কোনোটো গল্পৰ বাক্যত শব্দ থাকি গৈছে আৰু ক’ৰবাত দুই এটা বৰ্ণাশুদ্ধি ৰৈ গৈছে৷ এইখিনি ঠিক কৰিলে এই প্ৰচেষ্টা ব্যতিক্ৰমী, আপুৰুগীয়া আৰু মহৎ হৈ জিলিকি থাকিব৷

Leave a Reply to বৰ্ণাভ Cancel reply

Your email address will not be published. Required fields are marked *