সমুদ্ৰ কাজল শইকীয়াৰ লেখা – 


অসম্ভৱ অনুবাদ
অনুবাদ হিচাপে অভিযোজন : প্ৰত্যাহ্বান আৰু সম্ভাৱনা :

অনুবাদ এটা জটিল কলা। এটা ভাষাৰ পৰা আন এটালৈ, এটা
স্থানৰ পৰা আন এটালৈ
, এটা ৰূপলৈ আন এটা ৰূপলৈ
ৰূপান্তৰণ কৰাৰ প্ৰক্ৰিয়াটোত প্ৰত্যাহ্বান কেইবাটাও পৰ্যায়ত আহে। অনুবাদ বুলি
কওঁতেই যিহেতু এটা মূল ভাষা আৰু আন এটা নতুন ভাষাৰ প্ৰসংগ আহি পৰে
, এটা
ৰূপৰ পৰা আন এটা ৰূপৰ কথা আহি পৰে সেয়েহে স্বাভাৱিকতেই এটা তুলনা বা সাযুজ্যৰ দিশ
ইয়াত সকলো সময়তেই সাঙোৰ খাই থাকে। অনুবাদ সম্পৰ্কীয় চৰ্চাৰ ক্ষেত্ৰখনো বিশাল আৰু
তাৰ বাবে
অনুবাদ অধ্যয়ন
(
ট্ৰেন্সলেচন ষ্টাডীজ) বুলি
জ্ঞানচৰ্চাৰ শাখা এটাই আছে। এই বিষয়ত আমাৰ অধ্যয়ন বিশদ নহয়
, আমি
নিজে অনুবাদকো নহয়। কিন্তু বিভিন্ন সময়ত কিবা নহয় কিবা কাৰণবশত: অনুবাদ
সংক্ৰান্তীয় কামত জড়িত হ
বলগীয়া হলে সততে মুখামুখী হবলগীয়া
হোৱা কেইটোমান দিশৰ কথা আমি উল্লেখ কৰিবই পাৰোঁ। কথাখিনি ইমানেই প্ৰাথমিক পৰ্যায়ৰ
যে অনুবাদৰ লগত জড়িত ব্যক্তিসকলেই নহয়
,
যিকোনো অনুবাদ পাঠৰ
অভিজ্ঞতা থকা ব্যক্তিয়েই ইয়াৰ সৈতে যোগাযোগ সম্পৰ্ক কৰিব পাৰিব বুলি বিশ্বাস।
যিকোনো শিল্পকৰ্মৰ আচল সোৱাদ কেৱল তাৰ মূল ভাষাটোতেইহে পাব পাৰি আৰু সেয়েহে সাৰ্থকঅনুবাদ
কেৱল এটা ধাৰণামাত্ৰ
, বাস্তৱতে অনুবাদ এটা
অসম্ভৱ প্ৰয়াস- এনে এটা ধাৰণা একাংশ লোকে পোষণ কৰি চলে। কিন্তু তাৰ পিছতো আমাক
অনুবাদৰ প্ৰয়োজন হয়। পৃথিৱীৰ সকলো ভাষা জানি লৈ বহি থকাটো যিহেতু কাৰো বাবেই সম্ভৱ
নহয়
, অনুবাদৰ জড়িয়তেইহে আমি ভিন্ন-ভাষিক শিল্পসমূহৰ সৈতে যোগাযোগ
সাব্যস্ত কৰিব পাৰোঁ। মূল ৰূপ আৰু ৰূপান্তৰিত বা অনুদিত ৰূপটো হুবহু একে হ

নোৱাৰে বুলি ধৰি লোৱাৰ পিছতো সন্তুষ্টিকৰ হ
ব পৰাকৈ সেয়েহে সততে এইষাৰ
কথালৈ মন দিয়া দেখা যায়- নতুন ৰূপটো মূল ৰূপটোৰ কিমান ওচৰ চপা। অনুবাদ সম্পৰ্কীয়
হাজাৰটা ভিন্নমত তথা পদ্ধতি থাকিলেও এই “ওচৰ চপা”টোৰ প্ৰয়াসটো অন্তত:
সকলো অনুবাদক আৰু অনুবাদ-কৃতিৰে এটা উমৈহতীয়া প্ৰৱণতা। পিছে এই ওচৰ চপাৰ বাটবোৰ
কেনি
? কিমান উজু আৰু কিমান জটিল?
সাৰ্থক অনুবাদ অসম্ভৱ কথাষাৰ এফালৰ পৰা অৰ্থহীন। তাতোকৈ ডাঙৰ কথা দুটা ভাষা
সলসলীয়াকৈ জনা দুজন ব্যক্তিয়ে পৰস্পৰে কথা পাতোঁতে “মূল লেখাটো যিহেতু তাৰ
প্ৰাথমিক ভাষাতেই পঢ়ি সোৱাদ পাব পাৰোঁ
,
তাক আন এটা ভাষালৈ অনুবাদ
কৰাৰ প্ৰয়োজন নাই” বুলি যদি কথা উঠে
,
তেনেহলে
সেয়া আৰু বেছি অসুবিধাজনক। দু:খজনকভাৱে অত্যন্ত জটিল ভাষিক সংমিশ্ৰণৰ পৰিস্থিতি
এটাৰ মাজত থাকিও আমি ওচৰ-পাজৰৰ অন্যান্য ভাষাৰ সৈতে দৈনিক আদান-প্ৰদানৰ পৰিৱেশ এটা
মজবুতকৈ গঢ়ি তুলিব পাৰিছোঁ বুলি ক
ব নোৱাৰো যদিও সুখজনকভাবে
উত্তৰঔপনিৱেশিক সমাজ এখনত বাস কৰাৰ সুবাদতে অন্তত: আমাৰ প্ৰজন্মবোৰ বহুভাষিক।
লিখা-পঢ়া কৰা অসমীয়া শ্ৰেণীটোৱে বড়ো
,
কাৰ্বি, নেপালী, মিচিং
আদি আন একো ভাষা নাজানিলেও অন্তত: অসমীয়া
,
ইংৰাজী আৰু বঙালী এই
তিনিটা ভাষা জানে বুলি ধৰি লোৱা হয়। এনেকুৱাত এটা পৰিচিত ভাষাৰ পৰা আন এটা পৰিচিত
ভাষালৈ অনুবাদৰ প্ৰয়োজন নাই বোলা ধাৰণাটোৱে আচলতে অনুবাদৰ প্ৰয়োজনীয়তা আৰু
গুৰুত্বখিনিক সংকুচিত পৰি পেলায়। কাৰণ অনুবাদ কেৱল ভাষান্তৰণ নহয়
, অনুবাদ
কেৱল ৰূপান্তৰণ নহয়
, অনুবাদ কেৱল বুজি নোপোৱা
ভাষা এটাৰ পৰা আন এটা পৰিচিত ভাষালৈ আনি তাক বোধগম্য কৰি তোলাটোৱেই নহয়। অনুবাদ
আচলতে সৃষ্টিকৰ্মটোৰ সম্প্ৰসাৰণ আৰু লগতে পুণৰ্সৃষ্টি। মূল কামটো যদি এটা কাম
, অনুবাদটোও
এটা কামেই। অনুবাদিত কৰ্ম এটিত স্বাভাৱিকতে বহু কিবাকিবি সংযোজিত হয়
, আন
বহু কিবাকিবিৰ বিয়োগ ঘটে। এটা মূলৰ পৰা অনুদিত কৰ্ম এটা হয়তো আন এটা অনুদিত কৰ্মৰ
বাবে মূলৰূপ হৈ উঠিব পাৰে। সেই অৰ্থৰে অনুবাদ এটা ঘটনা। জীৱনধাৰণৰ প্ৰক্ৰিয়া আৰু
জৈৱিক বিৱৰ্তনৰ এটা প্ৰক্ৰিয়া সোমাই আছে অনুবাদকৰ্মত।
অনুবাদ কথাষাৰৰ পৰিসৰ বিস্তৃত আৰু ই এক অপৰিহাৰ্য প্ৰক্ৰিয়া। প্ৰতি মুহূৰ্ততেই
আমি কিবা নহয় কিবা এটা ৰূপক আন এটা ৰূপলৈ অনুবাদ কৰি গৈ আছোঁ। চকুৰে দেখা দৃশ্য
এটাক কবিতাৰ ৰূপ দিছোঁ
, সেয়াও অনুবাদেই। নাটকৰ
নামেৰে
, ছবিৰ নামেৰে মঞ্চত বা কেনভাছত আন একো নহলেও
অন্তত: মনৰ বিমূৰ্ত ধাৰণা এটাক মূৰ্ত ৰূপলৈ ভাঙনি কৰিবলৈ চেষ্টা কৰি চলিছোঁ। কবিতা
এটাক কোনোবাই সুৰ দি গান কৰিছে
, সেয়াও অনুবাদ। কীৰ্তন আৰু
নামঘোষাৰো বহুখিনি আচলতে অনুবাদ। মাধৱকন্দলীৰ ৰামায়ণখনো অনুবাদ
, তুলসীদাসৰখনো
অনুবাদ। আৰু উজাই গৈ ক
ব পাৰি বাল্মিকীৰ মূল বুলি ভাবি থকা ৰাময়ণখনো
আচলতে মুখে মুখে প্ৰচলিত এক কিম্বা অনেক কাহিনীৰ তৰ্জমা – পৰিভাষা
, অনুবাদ, ভাঙনি, ভাষান্তৰকৰণ, ভাষান্তৰণ।
একেই ৰামায়ণ আৰু মহাভাৰত কবিতা হ
, গল্প
, উপন্যাস হ, ভাওনা
, যাত্ৰা হ, যক্ষগান
, কথক হ, ৰামকথা
, ৰামলীলা হ, ওজাপালি
, পাণ্ডৱানি হ, পটচিত্ৰ
, পুথিচিত্ৰ হ, টোকাৰী
গীত হ
, ৰমজানামা হ, মুঠতে
কিমান কি হ
ল কোনো হিচাপ নাই। এটা ৰূপৰ পৰা আন এটা ৰূপলৈ
ৰূপান্তৰণৰ এই প্ৰক্ৰিয়া নিৰন্তৰ
, নিৰবধি। ব্যাসদেৱে লিখা
বুলি কোৱা কাহিনী এটাৰ মাজতে আহি সেই একেজন ব্যাসদেৱেই নিজে এটা চৰিত্ৰ হৈ
সোমালহি। একেটা কাহিনীৰ মাজৰ চৰিত্ৰ লৱ-কুশই সেই কাহিনীকে কাহিনীৰ মাজতে গীতেৰে
মাতেৰে গালে। এটা পৰ্যায়ৰ পিছত গীতবোৰ লিখিত পাঠ হ

নে লিখিত পাঠবোৰ গীত হ
ল সেই প্ৰশ্ন অবান্তৰ হৈ ৰয়।
আমাৰ বাণীকান্ত কাকতি আৰু আৰ্জেণ্টিনাৰ জৰ্জ লুই বৰ্হেছে বহুকাল আগতেই একেধৰণৰ
কথা এষাৰ কৈছিল
, সাহিত্যত যিমান যি কবলগা
বা কৰিবলগীয়া আছিল সকলো হৈ গৈছে
, নতুনকৈ কৰিবলগীয়া আৰু একো
নাই। একেধৰণৰ সুৰেৰে আমাৰো ভাষ্য এয়ে যে মৌলিক বা প্ৰাথমিক বুলি একো নাই
, সকলো
কৰ্মই কিবা নহয় কিহবাৰ একোটা অনুবাদ কৰ্ম।
অনুবাদকৰ সন্মুখলৈ আহি পৰা দুটা ভাষাৰ ব্যৱহাৰিক জ্ঞান, দুটা
ভাষাৰ গাঁঠনিক বৈচিত্ৰ্য
, অনুবাদৰ উদ্দেশ্য আৰু
লক্ষ্য আদি বহুখিনি প্ৰত্যাহ্বানৰ ভিতৰত আটাইতকৈ জটিল সমস্যাটো আমাৰ বাবে আচলতে
ফৰ্ম আৰু কণ্টেণ্ট সম্পৰ্কীয়। অনুবাদ মানে কেৱল তাৰ
বিষয়বস্তুখিনিৰ
অনুবাদ নে মূল কৰ্মটিৰ
ফৰ্মটোৰো অনুবাদ? কৰ্ম
বুলি থিয় দি থকা শিল্পবস্তুটোৰহে অনুবাদ নে সি থিয় দি থকা পটভূমি আৰু
প্ৰসংগসংগতিৰো অনুবাদ
? সাধাৰণতে লেখক, পাঠক, অনুবাদক
যিকোনো পক্ষই অনুবাদ সম্পৰ্কীয় কথা পাতোঁতে এই জটিলতৰ দিশটোৰ কথাই আটাইতকৈ অৱহেলা
কৰি থৈ দিয়া যেন লাগে। সেয়েহে উৰ্দু গজল এটাৰ অসমীয়া অনুবাদ হৈ ৰয় সুৰ দি গাব
নোৱৰা
, ছন্দিত ধ্বনিৰে পাঠ কৰিব নোৱৰা মুক্তক ছন্দৰ কবিতাৰূপ।
উৰ্দু গজলটোৰ ছন্দ-প্ৰকৰণ যদি অসমীয়া ৰূপটোতো সংৰক্ষিত নহ

তেনেহ
লে সেয়া সেই বিশেষ গজলটোৰেই অনুবাদ কেনেকৈ হ? ছন্দপ্ৰকৰণ
আৰু গায়কীৰ পদ্ধতিয়েহে গজলটোক গজল বোলাইছিল
,
অন্যথা কথাখিনি কেৱল কথা।
এইটো এটা গুৰুতৰ সমস্যা। কাৰণ
, যদিহে মূলভাৱটোৰ তৰ্জমা
কৰাটোৱেই শেষ কথা হয়
, তেনেহলে
বিশ্বৰ এক বুজন সংখ্যক শিল্পকৃতিয়েই শেষ বিচাৰত অৰ্থহীন হৈ পৰিব। মূলভাৱ বা ক
বখোজা
কথাখিনিক সৰলীকৃত কৰি গৈ থাকিলে সমস্ত শিল্পকৰ্মৰে একেটাই মৰ্ম
, এয়া
সৌ অতীজৰ উপনিষদৰ দিনৰে পৰাই একে। সকলো শিল্পই প্ৰকৃতি আৰু মানৱতাৰ জয়গান কৰে
, শেষ
বিচাৰত সৰ্বজনৰ মংগলকামনা কৰে। তেনেহ
লে কিহত প্ৰতিটি শিল্পৰূপ
ভিন্ন
? ফৰ্ম বা ৰূপ আৰু কণ্টেক্সট বা প্ৰাসংগিকতাৰ
পৰিপোৰেক্ষিতেৰেহে শিল্পকৰ্ম একোটাৰ স্বকীয় একক অস্তিত্ব বিদ্যমান। সেয়েহে কি কোৱা
হৈছে সেই কথাটোৰ লগতে কেনেকৈ কোৱা হৈছে সেই কথাটোও সমানেই গুৰুত্বপূৰ্ণ। আগলৈ আমি
দেখিম
, কথাখিনি আৰু বেছি জটিল।
অনুবাদ সম্পৰ্কীয় ইমানখিনি কথা পতা হল যদিও মুখেৰে ক
পৰা বা লিখিত ৰূপত ছপাব পৰা একোটা ভাষাৰ সাহিত্যৰ অনুবাদ সম্পৰ্কীয় কথা পাতিবলৈকে
কলম উলিয়াই লোৱা নাছিলোঁ। শেহতীয়াকৈ বিশ্বৰ আন আন ঠাইৰ লগতে অসমৰ সাংস্কৃতিক
পৰিমণ্ডলতো এটা শিল্পৰূপৰ পৰা আন এটা শিল্পৰূপলৈ ৰূপান্তৰ বা অনুবাদৰ চৰ্চা ব্যাপক
ভাবে বৃদ্ধি পাইছে। যোৱা কেইবছৰমানত কেইবাটাও ছুটিগল্পক নাট্যৰূপ দিয়া হ
ল।
শিল্পৰ ভিন্ন শাখাৰ সৈতে একেসময়তে জড়িত হৈ থকা ব্যক্তি হিচাপে এনেধৰণৰ কামৰ প্ৰতি
আমাৰ আগ্ৰহ আছে যদিও শেহতীয়া এনেবোৰ কাম চাবলৈ বৰকৈ সুযোগ পোৱা নাই। অসমীয়া
চলচ্ছিত্ৰৰ মাইলৰ খুঁটি সদৃশ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ চিনেমাখিনি আচলতে এটা
বিচাৰেৰে কিছুমান লিখিত গল্পৰ কেমেৰা আৰু ৰূপালীপৰ্দাৰ ভাষালৈ কৰা অনুবাদ। গল্পক
নাট্যৰূপ দিয়া বা চিত্ৰনাট্যৰূপ দিয়াৰ পৰম্পৰাটো অসমত প্ৰাচীণ। সৌৰভ কুমাৰ চলিহাৰ
“ভাল খবৰ”ক কেমেৰাৰে অনুবাদ কৰিবৰ চেষ্টা কৰিছিল আলতাফ মজিদে। তেনেকৈয়ে
জ্যোতিপ্ৰসাদৰ পৰা ভূপেন হাজৰিকাকে ধৰি বাহাৰুল ইছলাম বা অনুপম কৌশিক বৰালৈকে
মঞ্চ-নাটক একোখনক ৰূপালী পৰ্দাৰ উপযোগীকৈ অনুবাদ কৰাৰ দৃষ্টান্তও দেধাৰ।
ভ্ৰাম্যমান থিয়েটাৰৰ গল্প-উপন্যাসৰ পৰা বা আনকি জনপ্ৰিয় চিনেমাৰ পৰাও বিভিন্ন ৰূপৰ
অভিযোজনা দেখিবলৈ পাই আহিছোঁহক। বহুবছৰৰ আগতে বিহপুৰীয়াত জিণ্টু ভট্টাচাৰ্যই
ৰফিকুল হোছেইনৰ “ৰাধা নৈ পানী” শীৰ্ষক কবিতা এটাৰ নাট্যৰূপ দিয়া চাবলৈ
পাইছিলোঁ। বিখ্যাত কবিতা হেম বৰুৱাৰ “মমতাৰ চিঠি”ৰো নাট্য ৰূপান্তৰণ
হৈছে। অলপতে চাবলৈ পালোঁ দিল্লীৰ ভাৰত ৰংগ মহোৎসৱত ৰুদ্ৰ বৰুৱাৰ সেই কালজয়ী গীতটোৰ
আধাৰত কৃত নৱজ্যোতি বৰাৰ ৰচনা আৰু মণি বৰদলৈৰ পৰিচালনাৰে “হয়েৰা জেতুকী
বাই”।
এনেধৰণৰ উদাহৰণবোৰক অনুবাদৰ দিশেৰে চোৱাটো সমীচিন হয়নে? হয়।
প্ৰচলিত আন এটা শব্দ আছে
, অভিযোজন, যাৰ
আক্ষৰিক অৰ্থ হয়গৈ “নতুন অৱস্থাৰ সৈতে খাপ খুৱাবৰ অৰ্থে কৰা সালসলনি”।
কিন্তু সেয়াও অনুবাদৰে সমাৰ্থক শব্দস্বৰূপ। গল্প উপন্যাসৰ আধাৰত নিৰ্মিত চিনেমা
এখন চাই দৰ্শকে এনেকৈ মন্তব্য কৰা প্ৰায়ে শুনা যায়
, “মই পিছে চিনেমাখনতকৈ কিতাপখন পঢ়িহে বেছি ভাল পাইছিলোঁ”। এই কথাষাৰে
এনেবোৰ অভিযোজনাক অনুবাদ হিচাপে চোৱাৰ ন্যয্যতা প্ৰদান কৰে। এই একেটা কাৰণতেই
এনেবোৰ অভিযোজনাৰ প্ৰযোজনাক অনুবাদ অধ্যয়নৰ আওতাত আমি সন্মুখীন হোৱা প্ৰত্যাহ্বান
আৰু সম্ভাৱনাৰ দিশেৰে পৰ্যবেক্ষণ কৰাৰ থল আছে।
ভাষাৰ অনুবাদ, অনুবাদৰ ভাষা :
শিল্পৰ বুজাপৰাৰ বাবে শ্ৰেষ্ঠ,
মহৎ কৰ্মৰাজি দৰ্শনৰ
অভ্যাস কৰিব লাগে বুলি কৈ থকা হয় যদিও প্ৰায়ভাগ সময়তে
বেয়া‘, অথবা নিম্নমানৰ কাম একোটায়ো বহুখিনি কথা ভাবিবলৈ আমাক খোৰাক যোগায়। এইবেলি
ভাৰংগমত “হয়েৰা জেতুকী বাই” নামেৰে আমাৰ দৃষ্টিৰে এটা বেয়া প্ৰযোজনা
চাবলৈ পাই মনলৈ কেইবাটাও কথা আহিল যিখিনি এই সময়তে আমি পাতি থকা কথাখিনিৰ সৈতে
সংগতি থকা। এটা সাংগীতিক কৰ্মক ভিত্তি কৰি নিৰ্মিত আন এটা মাধ্যমৰ কাম এই নাটকখনৰ
আৰম্ভণীতে
হয়েৰা জেতুকী বাইগীতটোৰ
সুৰ
, বিয়ানাম, ঢোল সকলোৰে সংমিশ্ৰণেৰে এক
কোলাহলপূৰ্ণ শব্দিক পৰিৱেশ। এই কোলাহল সৰ্ৱত্ৰ ৰ
ল।
সংলাপবোৰ অত্যন্ত কৃত্ৰিম। অসমীয়া গঞা জীৱনৰ চিত্ৰ এখন তুলি ধৰিবলৈ গৈ পদে পদে
বিহুনামৰ ৰজিতা খুৱাই নিৰ্মাণ কৰা বৰ্ণনাপদ্ধতিয়ে এফালে বাস্তৱতাৰ
বিশ্বাসযোগ্যতাকো তুলি ধৰা নাই
, আনহাতে গীতিময়তা কিম্বা
কাব্যিকতাকো ইংগিত কৰা নাই। প্ৰতীকী
,
ৰূপকাত্মক, ষ্টাইলাইজড
আৰু বাস্তৱানুগ এই দুইৰ মাজত পৰিৱেশনাটো দুদোল্যমান হৈ ৰ
ল।
অসমীয়া বিয়া এখন হয়তো এফালে বিয়ানাম চলি থাকোতে আনফালে ল
ৰাহতৰ
ঢোলৰ মাত ভাঁহি অহাটো অস্বাভাৱিক নহয়। কিন্তু বাৰম্বাৰ বিয়ানামৰ সমান্তৰাল ভাৱে
ঢোলৰ মাতৰ সংযোজনে বিয়ানামৰ লয়
, মাধূৰ্য আৰু কৰুণতাখিনিক
বাৰে বাৰে ব্যাঘাত জন্মালে। জেতুকী বাইৰ চৰিত্ৰটোক সৰৱৰহী আৰু সকলোৰে সুখ দুখৰ
সমভাগী হিচাপে দেখা পালোঁ যদিও প্ৰথমৰে পৰা শেষলৈকে দুখুনী দুৰ্ভগীয়া
জেতুকীৰ জীৱনৰ দুৰ্দশাৰ প্ৰতি দৰ্শকক আবেগিক কৰি তুলিবলৈ
কৰা চেষ্টাই শেষ বিচাৰত
ইমোচনেল অত্যাচাৰএটাহে
চলালে। এই গোটেইখিনি দিশৰ পৰাই নাটকখন আমাৰ বাবে উপভোগ্য যেন নালাগিল। কিন্তু এই
সমস্ত ব্যতিৰেকে মূলগত সমস্যাটো কোনখিনিত সেয়া ভাবিবলৈ বাধ্য হ
লোঁ।
প্ৰডাকচন বা পৰিৱেশনৰ খুঁতি-নাতিবোৰ একাষৰীয়াকৈ থৈ এইখিনিতেই আমি আকৌ উভতি যাবলৈ
ভালপাম নাটকৰ ভাষা সংক্ৰান্তীয় কথাখিনিলৈ।
অসমীয়া ইংৰাজী আদি বাচিক ভাষাৰ ধাৰণাৰ বাহিৰেও থিয়েটাৰৰ বা যিকোনো শিল্পকৰ্মৰে
নিজস্ব এটা শিল্পভাষা থাকে। গীত এটাৰ নাট্য ৰূপান্তৰণ মানে এটা (শ্ৰাৱ্য) মাধ্যমৰ
পৰা আন এটা (দৃশ্য-শ্ৰাৱ্য) মাধ্যমলৈ তৰ্জমাই নহয়
, সেই
গীতটোৱে ধাৰণ কৰা নন্দনতাত্বিক ভাষা এটাৰ পৰা এই নাট্যৰূপটোৱে পৰিগ্ৰহ কৰিবখোজা
শিল্পভাষালৈ ভাঙনিকো ই দৰ্শায়। এতিয়া
,
নাটক মানে কেৱল কাহিনীকথন
নহয়। কাহিনীকথন হ
লেও তাৰো এটা পদ্ধতি থাকিব। “হয়েৰা
জেতুকী বাই” গানটোৰ নাট্যৰূপৰ বাবে সুবিধাৰ কথাটো হ

গানটোৰ মাজতেই এটা নেৰেটিভ আছে। এটা নাটকীয় ঠগ গানটোতে নিহিত আছে। কিন্তু ৰুদ্ৰ
বৰুৱাৰ গানটোৰ গায়নপদ্ধতিয়ে অদ্যোপান্ত দুখৰ পৰিৱেশ এটাৰ সৃষ্টি নকৰে। দুৰ্ভগীয়া
জেতুকীৰ দুখ আৰু লাঞ্ছনাৰ কাহিনী ক
লেও এই গানটো কিন্তু ইনাই
বিনাই গোৱা কৰুণ গান এটা একেবাৰেই নহয়। পৰৰ কাৰণেই জীৱন উৎসৰ্গা কৰি নিজলৈ
ভাবিবলৈকে আহৰি নোপোৱা জেতুকীৰ গানটোত জেতুকীয়ে চকুপানী টোকাৰ কথা নাই। সেই গানটোৰ
কাহিনীভাগ হয়তো আমি নাট্যৰূপটোত চাবলৈ পালোঁ। কিন্তু গানটোৰ পৰিৱেশনৰ এই যি গঢ়-গতি
সেয়া নাট্যৰূপটোত সংৰক্ষিত হ
ল নে? অনুবাদ, অভিযোজনা, পুণৰলেখন, পুণৰসৃষ্টি
আদিৰ ক্ষেত্ৰত হয়তো এইটোৱেই আটাইতকৈ বেছি গুৰুত্বসহকাৰে ভাবিবলগীয়া কথা।
তেনেহলে অভিযোজনাৰ অন্য পদ্ধতি কি হ
পাৰে
? নাট্যভাষা বুলিলে কি বুজিম? অনুবাদ
আৰু অভিযোজনাৰ বেলিকা কোনখিনি কথালৈ আমি গুৰুত্ব দিম আৰু কেনেধৰণেৰে এই
প্ৰত্যাহ্বানখিনিক আমি সম্বোধন কৰিম
?
এইখিনি কথা আমি আগলৈকো
পাতিম।

2 Responses

  1. অনুবাদৰ প্ৰাথমিক লক্ষ্য আৰু অন্তিম সাৰ্থকতা তেতিয়াই
    যেতিয়া অনুবাদিত ৰচনাটি স্বমহিমাৰে স্বকীয়তাৰে আৰু স্বাধীনভাবে অনুবাদিত ভাষাত পাঠকৰ সমুখত ঠিয় হব পাৰে !
    আৰু সহজভাবে কʼলে ৰচনাটি পঢ়ি পাঠকে গমকে পাব নালাগে এআ অনুবাদ বুলি
    তেওঁ পতিয়ন যাব লাগে যে ৰচনাটি অনুবাদিত হাষাতেই লিখা!

Leave a Reply to JYOTISH Cancel reply

Your email address will not be published. Required fields are marked *