অসমীয়া অনুবাদ কবিতাঃ ভাস্ক‘ পোপাৰ দুটা কবিতা
ইংৰাজী অনুবাদৰ উৎস – Poem Hunter
অসমীয়া ভাঙনি— অৰূপ কুমাৰ দাস
লুকা-ভাকু
এজনে আনজনৰ লগত লুকা-ভাকু খেলি
লুকাই যায় এজনৰ জিভাৰ তলতে
আৰু আনজনে বিচাৰি চলাথ কৰে পৃথিৱী
লুকাই যায় তেওঁৰ কপালতে
বিচাৰি ফুৰে আকাশত
লুকাই যায় তেওঁৰ পাহৰণিৰ মাজত
বিচাৰি ফুৰে ঘাঁহবোৰত
তেওঁ তেওঁৰ চেহেৰাটো
ক‘ত যে বিচৰা নাই
আৰু এইদৰে বিচাৰি থাকোঁতে হেৰাই গৈছে
নিজৰ মাজতে ৷
নিজৰ মাজতে ৷
বিবাহ
প্ৰত্যেকেই তেওঁৰ ছালবোৰ এৰুৱাই দিব
তেওঁৰ নক্ষত্ৰ উন্মোচন কৰিব
যিবোৰে কেতিয়াও পোহৰ দেখা নাই
প্ৰত্যেকেই তেওঁৰ ছালত বান্ধি দিব শিলেৰে
তাৰ স‘তে নাচিবলৈ আৰম্ভ কৰিব
তাৰ আলোৰ আভাত
যিজনে পুৱালৈ গৈ থাকিব পাৰিব
যিজনে তিৰবিৰাই নুঠে নাইবা নুমাই নাযায়
তেওঁ পুনৰ অৰ্জন কৰিব এৰাই যোৱা ছাল
(কবি পৰিচিতিঃ ১৯২২ চনত য়ুগ’শ্লেভিয়াত ভাস্ক’ পপাৰ
জন্ম। তেওঁ এজন অধিবাস্তৱবাদী আধুনিক কবি। তেওঁ আধুনিক কবিতাত এক নতুন ধাৰা সংযোজন
কৰে। সমাজ-বাস্তৱতাবাদ আৰু লোকচেতনাৰে তেওঁ কবিতা সমৃদ্ধ। নোবেল বঁটাপ্ৰাপ্ত কবি অক্টাভিঅ
পাজে কৈছিল-‘‘কবিসকলৰ আনৰ বাবে কোৱাৰ দক্ষতা থাকে, কিন্তু ভাস্ক’ পপাৰ আনৰটো শুনাৰ এটি
বিৰল দক্ষতা আছে।” অসমৰ কবি নীলমণি ফুকনে য়ুগ’শ্লেভিয়াত
ভাস্ক’ পপাক লগ কৰিছিল আৰু ভাস্ক’ পপাৰ সম্পৰ্কে তেখেতে আত্মজীৱনীমূলক লেখাত বিস্তৃত্বভাবে
লিখিছে। ১৯৯১ চনত পপাৰ মৃত্যু হয়।)

(অসমীয়া অনুবাদ কবিতা)

পঢ়িলোঁ।অৰূপ কুমাৰ দাসৰ কাম ভাল পালোঁ।
ধন্যবাদ