অসমীয়া অনুবাদ কবিতাঃ আজি ৰাতি সপোনক ধাৰে লৈছোঁ মই গাৰুটোৰ
পৰা

মূল ভাষাঃ বড়ো
মূল কবিঃ ধীৰ্য্যু জ্যোতি বসুমতাৰী
অসমীয়া ভাঙনিঃ নিউটন কোঁৱৰ বসুমতাৰী

গোটেই ৰাতি খেলিছো মই হালধীয়া সপোনৰ ঘাটত
ভৰি দুখনে নাচিছে পানীত
পানীখিনি নাচিছে দুভৰিৰ সৈতে
ঢৌবোৰ পাৰলৈ ঢাপলি মেলিছে
ঢৌবোৰ মিলিত হৈছে নৈৰ পাৰত
বাৰে বাৰে সহি পৰা দুবাহুৰ *ফাস্ৰাই
বতাহৰ সৈতে নৈৰ গীত গোৱা ৰিণিকি ৰিণিকি
শুনিছোঁ
হঠাতে কপালৰ দুডাল মেঘালী চুলিয়ে
ফাগুনৰ বতাহক আদৰি ৰঙ বুলাইছে মুখত
উচপ খাই উঠিছে হৃদয়
শুকান খেৰৰ দৰে আত্মাৰ চেতনা ঘূৰি আহে
কি সময় এয়া
হঠাৎ হৃদয়ৰ কণ্ঠ
দৌৰি ফুৰিছে শব্দ হৈ মোৰ চেতনাৰ চৌপাশে
ভালপোৱাক ধৰি ৰাখিব পৰা অচিনাকি শব্দ
বুকুৰ কাষতে লুকাবলৈ ঠাই বিচাৰিছে
মোক বাৰে বাৰে নিচুকইছে
মই এতিয়া কত আছোঁ
কি সময় এয়া
কোনোবাই লাহেকৈ মোৰ কাণৰ কাষত গুণগুণাইছে
গভীৰ টোপনিতকৈ ভাল স্বাধীনতা একো নাই
টোপনিত সপোন থাকে
সপোনত সুখ থাকে
এই সুখত দিঠক থাকে
সাগৰ হৈ পৰে মোৰ ভাবনা
মই এতিয়া কত আছোঁ
কি সময় এয়া
বগলী এটাই পাখি মেলি বহিছে মোৰ কাষত
পিছলৈ মোক এবাৰ ঘূৰি চাবলৈ কৈছে
আৰু নিৰ্ভয়ে পদূলিৰ নঙলা খুলিবলৈ কৈছে
কিন্তু শেষৰটো নঙলা জপাই থৈছোঁ কাহানিবাই
ধূলি হৈ উৰিল স্মৃতিবোৰ
ওভটি চাব নোৱাৰোঁ এতিয়া মনটোও চুৱা হ
হঠাৎ… আস্ সপোন!
গাৰুৰ পৰা ধাৰে লোৱা সপোন এইবোৰ
টোপনি হেৰুওৱা দুচকুক নিচুকাবলৈ
ৰাতিবোৰক নিচুকাবলৈ
আজি ৰাতি সপোনক ধাৰে লৈছোঁ মই গাৰুটোৰ
পৰা
টোকাঃ  ফাস্ৰা – দখনাৰ সৈতে লোৱা
চূৰ্ণি

One Response

  1. 'আজি ৰাতি'শীৰ্ষক কবিতাটোত এটা ভুল হোৱা শব্দৰ অৰ্থবিভ্ৰাৎ ঘটিছে। 'বাৰে বাৰে সহি পৰা'বাক্যাংশ 'বাৰে বাৰে খহি পৰা' হোৱা হ'লে ভাল আছিল।

Leave a Reply to PREMNARAYAN Cancel reply

Your email address will not be published. Required fields are marked *