বিধাতা

মূল: বনফুল

অনুবাদ: অপৰাজিতা লহকৰ

 

  বাঘৰ উপদ্ৰৱ দিনে দিনে ইমান বাঢ়িছে। ভয়তে
আতংকিত হৈ পৰিছে মানুহবোৰ। গৰু
, ছাগলী বাদেই শেষত বাঘৰ
আক্ৰমণত মানুহো মৰিবলৈ ধৰিলে। সকলোৱে হাতত লাঠী
, জোং, যাঠী, বন্দুক আদি লৈ গৈ বাঘটোক মাৰিলে। এটা বাঘ মৰিল থিকেই, কিন্তু আৰু এটা আহিল। উপায়হীন হৈ শেষত মানুহবোৰ বিধাতাৰ ওচৰত
নিবেদন কৰিলে- হে ঈশ্বৰ
, বাঘৰ হাতৰ পৰা আমাক ৰক্ষা
কৰা।

 বিধাতাই কলে, ব বাৰু।

  কিন্তু তাৰ পিছতেই বাঘবোৰ আহি বিধাতাৰ
ওচৰত গোচৰ দিলে
, মানুহৰ উৎপাতত আমি অতিষ্ঠ
হৈ পৰিছো। বনে বনে ঘূৰি পলাই ফুৰিছো কিন্তু চিকাৰীবোৰে আমাক অকণো শান্তিত থাকিব দিয়া
নাই। আপুনি আমাৰ বাবে কিবা এটা ব্যৱস্থা কৰক প্ৰভু।

 বিধাতাই কলে, ঠিক আছে।

 বিজুলী বেগেৰে তপাৰ মাকে বিধাতাৰ ওচৰলৈ
আহি আবেদন দাখিল কৰিলে
, ভগৱান, আমাৰ তপাই যেন এজনী ধুনীয়া বোৱাৰী পায়। তোমাৰ শপত ভগৱান, তোমাক পাঁচ পইচাৰ চেনি দিম বুলি আগ কৰি থলোঁ।

 বিধাতাই কলে, ব যোৱা।

 হৰিহৰ ভট্টাচাৰ্যই মোকৰ্দমা কৰিবলৈ গৈ
আছে। তেওঁ বিধাতাক উদ্দেশ্য কৰি ক
লে, দয়াময় ঈশ্বৰ আজীৱন তোমাক পূজা কৰি আহিছো। উপবাসত থাকি থাকি দেহ
ক্ষীণকায় হৈ গৈছে। বেটী ভাইবোৱাৰীক মই চাই ল
ম। কৃপাদৃষ্টি দি তুমি
মাথোঁ মোক সহায় কৰা।

  বিধাতাই কলে, থিক আছে।

  সুশীলৰ পৰীক্ষা আহি পালেহি। সি সদায় ভগৱানক
প্ৰাৰ্থনা কৰি কয়
, প্ৰভু পৰীক্ষাত পাছ কৰি
দিবা। এইবাৰ সি ক
লে, হে সৰ্বশক্তিমান ঈশ্বৰ, তুমি যদি মোক বৃত্তি পোৱাই দিব পাৰা,
পাঁচ টকা
খৰচ কৰি শৰাই দিম বুলি মানস কৰিলো।

 বিধাতাই কলে, বাৰু হৈ যাব।

 হৰেন পুৰকায়স্থৰ জিলা পৰিষদৰ চেয়াৰমেন
হোৱাৰ বৰ ইচ্ছা। কালী পুৰোহিতৰ জৰিয়তে তেওঁ বিধাতাৰ কাষ চাপি নাচোৰবান্দা হৈ বহিল
, মোক এঘাৰটা ভোট লাগে। কালী পুৰোহিতে দক্ষিণা হিচাপে যথেষ্ট পৰিমাণৰ
ধন লৈ ভুল সংস্কৃত মন্ত্ৰ উচ্চাৰণ কৰি বিধাতাক অস্থিৰ কৰি তুলিলে। ভোটং দেহি
, ভোটং দেহি –

 বিধাতাই কলে, আচ্ছা, ব।

 খেতিয়কে হাতযোৰ কৰি মিনতি কৰিলে, ঈশ্বৰ আমাক পানী দিয়া।

 বিধাতাই কলে, বাৰু হব।

 টান নৰিয়াত পৰা সন্তানৰ মাতৃ এগৰাকীয়ে
কৰযোৰে বিধাতাক প্ৰাৰ্থনা জনালে
, মোৰ এটিয়ে মাথোঁন সন্তান, দয়া কৰি তুমি কাঢ়ি নিনিবা প্ৰভু।

 বিধাতাই কলে, ব।

  এইবাৰ আকৌ কাষৰ ঘৰটোৰ বাসিন্দা ক্ষেন্তি
পেহী আহি উক্ত মাতৃগৰাকীৰ সম্পৰ্কে ক
লে, বিধাতা, মহিলাগৰাকীৰ বৰ বাহাদুৰি।
সদায় নতুন নতুন গহনা
, শাৰী পিন্ধি অহংকাৰী মানুহজনীয়ে
সকলোকে তুচ্ছ জ্ঞান কৰিছিল। ল
ৰাজনক এনেদৰে নৰিয়াত পেলাই
ভালেই কৰিছে ঈশ্বৰ। মহিলাগৰাকীক ভালকৈ এশিকনি দি দিয়কচোন।

 বিধাতাই কলে, আচ্ছা।

 দাৰ্শনিক এজনে কলে, হে পৰমপিতা, তোমাৰ সম্পৰ্কে জানিব বিচাৰো।

  বিধাতাই কলে, বাৰু।

  চীনদেশৰ পৰা আৰ্তনাদ, চিঞৰ-বাখৰ কৰি কলে, হে প্ৰভু, জাপানীসকলৰ হাতৰ পৰা আমাক
ৰক্ষা কৰা।

  বিধাতাই কলে, থিক আছে।

 বাংলাদেশৰ পৰা এজন যুৱকে খাটনি ধৰিলে, ভগৱান, কোনো সম্পাদকে মোৰ লিখা
প্ৰকাশ কৰিবলৈ ইচ্ছা নকৰে।
প্ৰবাসীত মোৰ লিখা প্ৰকাশ কৰিব বিচাৰো। ৰামানন্দবাবুক মোৰ প্ৰতি সদয়
হবলৈ কওকচোন।

  বিধাতাই কলে, বাৰু হব।

  এইবোৰৰ মাজতে অকণমান সুৰুঙা পাই বিধাতাই
কাষত বহি থকা ব্ৰহ্মাক সুধিলে
, আপোনাৰ ঘৰত খাটি সৰিয়হৰ
তেল আছে নেকি
? ব্ৰহ্মাই কলে, আছে। পিছে কেলেইনো লাগে
কওকচোন।

বিধাতাই কলে, মোৰ অলপ প্ৰয়োজন আছে। দিব নে আপুনি?

 ব্ৰহ্মাই কলে, নিশ্চয়, নিশ্চয় দিম।

 ব্ৰহ্মাৰ ঘৰৰ পৰা খাটি সৰিয়হৰ তেল আহিল
। বিধাতাই তৎক্ষণাৎ সেই তেল নাকত দি নিদ্ৰাদেৱীৰ কোলাত শুই পৰিল। গভীৰ টোপনিৰ পৰা আজিও
সাৰ পোৱা নাই।

One Response

Leave a Reply to Unknown Cancel reply

Your email address will not be published. Required fields are marked *