আমাৰ পৰা অনেক দূৰত

মূল : ভাস্ক’ পপা (Vasko
Popa)

অসমীয়া ভাঙনি : মানস
দত্ত

VaskoPopa 

১)

আমি পোন কৰোঁ আমাৰ মূৰ

ৰাস্তাটোৱে আকাশৰ পিনে বগায়

আমি আমাৰ চকুত টোপাল দিছোঁ

চালবোৰে পৃথিৱী অৱতীৰ্ণ কৰিছে

 

প্ৰতিটো সন্তাপ আতঁৰাই

যিবোৰ আমি উল্লেখ কৰা নাই

এজোপা বাদামী গছ বাঢ়ি আহে

আৰু ৰহস্যঘন অৱশেষ থাকি যায় আমাৰ পিছফালে

 

প্ৰতিটো আশা আতঁৰাই

যাক আমি লালন কৰিছোঁ

এটি তৰা উদয় হয়

আৰু আমাৰ সমুখত অলস্যভাৱে ঘুৰি ফুৰে

 

তুমি বুলেটৰ শব্দটো শুনিছানে

যিটো আমাৰ মূৰৰ চাৰিওফালে উৰি ফুৰে

তূমি বুলেটৰ শব্দটো শুনিছানে

যি আমাৰ চুমাটোক পহৰা দিয়ে ।

 

২)

তোমাৰ নজৰ ভৰা ৰাস্তাবোৰৰ

কোনো শেষ নাই

 

তোমাৰ চকুৰ পৰা নিসৰ্গিত গোন্ধ

দক্ষিণত স্থানান্তৰিত নকৰিবা

 

তোমাৰ স্তনৰ এস্পেনৰ পৰা

পাতবোৰ সৰি নপৰে

 

তোমাৰ শব্দৰ স্বৰ্গত

সূৰ্য অস্ত নাযায়


(এস্পেন- এবিধ গছ, ইয়াৰ পাতবোৰ প্ৰায় কঁপি থাকে)

 

৩)

আমাৰ দিনবোৰ এটা সবুজ আপেল

দুফাল কৰি কটা

 

মই তোমালৈ চাওঁ

তুমি মোক দেখা নোপোৱা

আমাৰ মাজত অন্ধ্ৰ সূৰ্য

 

প্ৰতি ঢাপত

আমাৰ ভগ্ন আলিংগন

 

মোক তুমি মাতিছা

মই তোমাৰ কথা শুনিব পৰা নাই

আমাৰ মাজত বধিৰ বতাহ

 

দোকানৰ খিৰিকিবোৰত

মোৰ উঁঠ দুটাই বিচাৰে

তোমাৰ হাঁহি

ৰাস্তা পাৰ হোৱাৰ সময়ত

আমাৰ পদদলিত চুম্বনৰ

 

মই মোৰ হাত তোমাক দিছোঁ

তুমি ইয়াক অনুভৱ কৰা নাই

শূন্যতাই তোমাক আলিংগন কৰিছে

 

ন্যায্য মতে

তোমাৰ চকুপানীয়ে বিচাৰে

মোৰ চকুযোৰ

 

সন্ধ্যাত মোৰ দিনটোৰ মৃত্যু

তোমাৰ মৃত দিনৰ সৈতে মিলিত

 

মাত্ৰ টোপনিত মাজত

আমি একেটা পথতে খোজ কাঢ়োঁ।

 

তোমাৰ ওঁঠযোৰ

মই ঘূৰাই দিছোঁ

তোমাৰ ডিঙিত

 

এইয়া মোৰ জোনাক

যাক মই হ্ৰদটোলৈ নমাই আনিছোঁ

তোমাৰ কান্ধৰ পৰা

 

আমি ইজনে আনজনক হেৰুৱাইছোঁ

অভেদ্য কাঠৰ মাজত

আমাৰ মিলনত

 

মোৰ হাতত

তোমাৰ আডমৰ আপেল

অস্ত যায়

 

তোমাৰ কণ্ঠত

বিবৰ্তন অগ্নিশিখাই

মোৰ তীব্ৰ তাৰকা

 

আমি ইজনে আনজনক বিচাৰি পাইছোঁ

সুবৰ্ণ মালভূমিত

আমাৰ পৰা অনেক দূৰত ।

Leave a Reply

Your email address will not be published. Required fields are marked *