গল্পঃ ৰূপা / হুমায়ূন আহমেদ

ৰূপা মূল : হুমায়ুন আহেমদ অনুবাদ : মুনমুন চৰকাৰ শইকীয়া   : দাদা, আপুনি এটা ইণ্টাৰেষ্টিং গল্প শুনিবলৈ আগ্ৰহী নে?   মই মানুহজনৰ মুখলৈ ভেবা লাগি চালোঁ। অলপ সময়ৰ আগতেহে তেখেতৰ লগত মোৰ পৰিচয় হৈছে, কথা-বতৰাও বিশেষ নাই হোৱা। মই ট্ৰেইনৰ বাবে ৰৈ আছোঁ নেকি জানিব খুজিলে। মই সন্মতি প্ৰকাশ কৰিলোঁ আৰু ভদ্ৰতাৰ খাতিৰত জানিব […]

গল্পঃ আকাশদীপ / জয়শঙ্কৰ প্ৰসাদ

আকাশদীপ মূল (হিন্দী) : জয়শঙ্কৰ প্ৰসাদ অনুবাদ : ড॰ মঞ্জুমণি শইকীয়া   “বন্দী”        “কি? শুবলৈ দিয়া৷ ”        “মুক্ত হ’ব বিচৰা নেকি? ”         “এতিয়া নহয়, টোপনি ভাগিলে, মনে মনে থাকা৷”         “আকৌ সুবিধা নহ’ব৷ ”         “বৰ ঠাণ্ডা, কোনোবাই কম্বল এখন দি ঠাণ্ডাৰ পৰা বচোৱাহেঁতেন৷ ”         “ধুমুহা আহিব […]

গল্পঃ আৰু যুদ্ধ নালাগে / কর্তাৰ সিং দুগ্গল (পঞ্জাৱী)

আৰু যুদ্ধ নালাগে মূল : কর্তাৰ সিং দুগ্গল (পঞ্জাৱী) অনুবাদ : স্বাতী কিৰণ, সহকাৰী প্রাধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয় ।  গড় অৰবাবত ভীষণ হুলস্থুল। ছাহজাদ খান যুদ্ধৰ পৰা ঘূৰি আহিছে। হাবিলদাৰ হিচাপে সেনাবাহিনীত যোগ দি ঘূৰি আহিছে অফিচাৰ হিচাপে। কঁকালত পিষ্টল, কান্ধত বন্দুক। বুকুত পদবীৰ চিহ্নসূচক ছডলীয়া ফিটা। লগত দুটা অর্ডালী। গাঁৱৰ সীমাৰ বাহিৰৰ আঁহত গছ এজোপাৰ […]

গল্পঃ প্লেগ / শৰদিন্দু বন্দোপাধ্যায়

প্লেগ মূল (বাংলা) : শৰদিন্দু বন্দোপাধ্যায় অসমীয়া ভাঙনি : দেৱাশ্ৰী বৰগোহাঁই       দহবছৰৰ আগৰ কথা ।     বম্বেত জাহাজৰপৰা নামিয়ে ঘৰলৈ ‘তাঁৰ’ পঠিয়ালো । একোৱে চোন ভাল লগা নাই, মনটোৱে ছটফটাই আছে । ঘৰৰ ইমান ওচৰ পায়ো তেতিয়াও ঘৰ পাবলৈ বহু দূৰ বাকী । যিমান দিন বিদেশত আছিলো কিবা প্ৰকাৰে মনটোক বুজনি দি বান্ধি […]

গল্প : শগুণ (১৯৭৫) / শিৱশংকৰী (তামিল)

তামিল গল্পঃ শগুণ (১৯৭৫)মূলঃ শিৱশংকৰীঅনুবাদঃ অনামিকা ৰাজবংশী         শগুণটোৰ বিকট চিঞৰ-বাখৰবোৰে কাণখন হেঁচা মাৰি ধৰিছিল৷ সেই চিঞৰটো ইমানেই অমানুষিক যে শুনি থাকিবলৈয়ে অসহনীয়৷ লাগিলে ৰাতিপুৱাই হওক নাইবা ৰাতিৰ আন্ধাৰেই হওক- চৌবিছ ঘণ্টা ধৰি সেই একেই ভয়ংকৰ, অসহনীয়, অমানুষিক চিঞৰ৷ ওহ! সিয়ো কেনেধৰণৰ এক নাৰকীয় জীৱ! মন-মস্তিষ্কক কঁপাই তোলা একঘেয় চিঞৰটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু […]

গল্পঃ পঞ্চ পৰমেশ্বৰ / প্ৰেমচান্দ

পঞ্চ পৰমেশ্বৰ মূল : প্ৰেমচান্দ অনুবাদ: তৃষ্ণা শৰ্মা   জুমন ছেঠ আৰু অলমুল চৌধুৰীৰ ধৰ্ম একে নাছিল কিন্ত সৰুৰে পৰা দুয়োজন বন্ধু আছিল৷ জুমনৰ এগৰাকী পেহীয়েক আছিল, পেহীয়েকৰ জুমনৰ বাদে আপোন কোনো নাছিল৷ তেওঁ জুমনৰ লগতে আছিল৷ প্ৰথমে পেহীয়েকৰ বহুত আপডাল কৰিছিল, কিন্ত যেতিয়া পেহীয়েকৰ সকলো সম্পত্তি জুমনৰ নিজৰ নামত কৰি ললে তেতিয়াৰে পৰা পেহীয়েকৰ […]

গল্পঃ পৃথিৱীৰ আটাইতকৈ সুন্দৰ পানীত ডুবি মৰা মানুহটো / গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ

পৃথিৱীৰ আটাইতকৈ সুন্দৰ পানীত ডুবি মৰা মানুহটো মূল : গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ অনুবাদ : গীতাশ্ৰী তামুলী   সাগৰেৰে উটি অহা ক’লা আৰু উফন্দি থকা বস্তুটো দেখা প্ৰথম শিশুজাকে ভাবিছিল এয়া শত্ৰুপক্ষৰ জাহাজ৷ সিহঁতে যেতিয়া দেখিলে যে ইয়াত পতাকা বা মাস্তুল নাই, তেতিয়া সিহঁতে ভাবিলে এইটো এটা তিমি৷ কিন্তু উপকূলত আহি লগাৰ পিছত সামুদ্ৰিক তৃণৰ জাঁজীবোৰ, […]

গল্পঃ ডবাখেলৰ ওস্তাদ / মুন্সী প্ৰেমচন্দ

ডবাখেলৰ ওস্তাদ মূল কাহিনী(হিন্দী) : শতৰঞ্জ কে খিলাড়ী লেখক : মুন্সী প্ৰেমচন্দ অনুবাদ : সুকন্যা শৰ্মা   নৱাব *ৱাজেদ আলী শ্বাহৰ সময়ৰ কথা এয়া। ভোগ-বিলাসিতাৰ ৰংত আকন্ঠ ডুবি আছিল সমগ্ৰ লক্ষ্ণৌ চহৰ। সৰু-বৰ, ধনী-দুখীয়া, ৰোগী-নিৰোগী, সকলো মত্ত কেৱল ভোগ-বিলাস-আমোদ-প্ৰমোদ  উপভোগ কৰাত। এফালে যদি কোনোবাই নাচ-গানৰ মজলিছ পাতিছে, কোনোৱে আকৌ আফিংৰ ৰাগীত মচগুল হৈছে। জীৱন-যাপনৰ প্ৰত্যেকটো ক্ষেত্ৰতেই […]

গল্পঃ অপ্ৰেম পত্ৰ / সুনীল গঙ্গোপাধ্যায়

অপ্ৰেম পত্ৰ মূল : সুনীল গঙ্গোপাধ্যায় অনুবাদ : মুনমুন সৰকাৰ শইকীয়া   Sunil Gangopadhyay পাৰ্টি জমি উঠিছে দুপৰীয়াই। সৰু এপাৰ্টমেণ্ট এটাত প্ৰায় ১২-১৪জন মানুহ, পাকঘৰৰ দায়িত্ব লৈছে পুৰুষসকলেই। বিদেশলৈ আহিলেই সকলো পুৰুষেই ৰন্ধা বঢ়া শিকি লয়।   মণ্টুৱে ভাল বিৰিয়ানী ৰান্ধে। বন্ধুসকলৰ যিকোনো এঘৰত খোৱা বোৱাৰ আয়োজন হ’লেই মণ্টুক মতা হয়। মণ্টুৰ ইমানেই ৰন্ধা বঢ়াত […]

গল্পঃ দেউতা / ইছমাইল গৌহৰ

                        দেউতা মূল : ইছমাইল গৌহৰ অনুবাদ : ময়ূৰী শৰ্মা বৰুৱা দেউতাৰ ভৰি দুখন জপটিয়াই ধৰি নাযাবচোন বুলি মই কাবৌ কৰিছিলোঁ৷ পিছে তেওঁ মোক গোৰ মাৰি ওফৰাই দিলে৷ সৰু ভাইটোৱেও ভৰিত পৰি বিনালে, “বাবা, নালাগে যাব৷” তাকো মেকুৰী পোৱালি দলিওৱাদি আঁতৰাই পঠিয়ালে৷ উধাতু খাই আহি মায়ে তেওঁৰ শ্বলখন দেউতাৰ সমুখত […]