গল্পঃ আত্মাৰ লগত নৈশভোজ/ ইষ্টাৰিন কিৰে ইৰালু ( নাগালেণ্ডৰ গল্প)

আত্মাৰ লগত নৈশভোজ ( Supping with the Spirits) মূল(ইংৰাজী) : ইষ্টাৰিন কিৰে ইৰালু (Easterine Kire Iralu) অনুবাদ : ৰঞ্জনা দত্ত  তেওঁ এগৰাকী বয়সে আচোঁৰ পেলাব নোৱাৰা মহিলা । কেতিয়াবা নিজৰ ঘৰৰ দুৱাৰ মুখত বহি চাউল বাচি থকা সময়ত তেওঁক পৃথিৱী খনৰ সমানেই বয়স হোৱা যেন অনুমান হয় । আন কেতিয়াবা, পুৰণি গল্প কৈ থাকোতে যেতিয়া […]

গল্পঃ জীৱিকাৰ ৰাজনীতি / ইন্দ্ৰ গান্তি জানকীৱালা

জীৱিকাৰ ৰাজনীতি মূল:  ইন্দ্ৰ গান্তি  জানকীবালা অনুবাদ: ননী চহৰীয়া বৰা       মোহনে চিকচিকাই থকা স্কুটাৰখনলৈ আকৌ এবাৰ চালে,ৰুমালখন উলিয়াই আয়নাখন লাহে লাহে মচিলে। স্কুটাৰখন ঠেলি বাহিৰলৈ উলিয়ালে আৰু হৰ্ণটো দুবাৰ বজাই চালে। আজি চব্বিশ ফেব্ৰুৱাৰী। মোহন প্ৰথম বাৰৰ বাবে নিজৰ নতুন স্কুটাৰত উঠিব।       ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব খুজি তাৰা হঠাৎ […]

গল্পঃ এপিয়লা চাহ / কেথৰিন মেন্সফিল্ড

এপিয়লা চাহ মূল গল্প: A Cup of Tea গল্পকাৰ: Katherine Mansfield উৎস গ্ৰন্থ: Ten Short Stories অনুবাদ: অৰুণিমা ভট্টাচাৰ্য্য   ৰজ‘মেৰী ফিল অপূৰ্ব্ব সুন্দৰী নাছিল। তেওঁক সুন্দৰী বুলি নকলেও মৰমলগা বুলি ক‘ব পাৰে, যদি তেওঁক অংশত বিভক্ত কৰি চায়। কিন্তু ইমান কঠোৰ হ‘বলৈ কিয় যাওঁ, কাৰোবাক খণ্ডিত কৰি তেওঁৰ সৌন্দৰ্য্যৰ সংজ্ঞা দিবলৈ? তেওঁ কম বয়সৰ, বুদ্ধিমতী, […]

গল্পঃ সিহঁতে মাংস খায় / হাঁসদা সৌভেন্দ্ৰ শেখৰ

 সিহঁতে মাংস খায়!  মূল গল্প : They Eat Meat! লেখক: হাঁসদা সৌভেন্দ্ৰ শেখৰ  অনুবাদ: অৱনী বুঢ়াগোহাঁই  ( সাহিত্য একাডেমি যুৱ পুৰষ্কাৰ-২০১৫ প্ৰাপ্ত  ঝাৰখণ্ডী লেখকৰ গল্প সংকলন  The Adivasi will not dance ৰ পৰা লোৱা গল্পৰ সংক্ষিপ্ত অনুবাদ) আমাৰ পানমুনি-পেহীয়ে, ২০০০ চনত ভডোদৰালৈ অহাৰ পাচত নিয়মিতভাবে ৰেস্টুৰাঁত খাবলৈ আৰম্ভ কৰিছিল । ভডোদৰাত থকাৰ আগেয়ে, গিৰিয়েক বিৰাম […]

গল্পঃ মেৰিলিয়া শুই উঠে / নাটালিয়া বৰ্হেজ্ পলেচ’

মেৰিলিয়া শুই উঠে   মূল: নাটালিয়া বৰ্হেজ্ পলেচ’ ইংৰাজী অনুবাদ: জুলিয়া ছেঞ্চেচ অসমীয়া: ময়ূৰী শৰ্মা বৰুৱা গল্পকাৰ নাটালিয়াৰ স্থিৰচিত্ৰ জহকালিও তাই আঁঠুৰ মূৰলৈকে ঢাক খোৱা মোজাযোৰ পিন্ধি থাকে৷ তাইৰ যিহে মৰঠাণ্ডা! পালেঙখনৰ পাৰটোতে বহি তাই মোজাযোৰ তললৈ পিছলাই নিয়ে – আঁঠুৰ তল, কলাফুল, সৰু গাঁঠি – তাতে ৰৈ যায়৷ তাই নিজকে পোনাই লয়৷ পেটটোৰে তাই […]

গল্পঃ বু / চাদাত হাসান মান্টো

বু   মূলঃ চাদাত হাসান মান্টো অনুবাদঃ কৃষ্ণা দাস   বৰষুণৰ এনেকুৱা দিনেই আছিল। আঁহতৰ পাতবোৰে খিৰিকীৰ বাহিৰত এনেকৈয়ে তিতি আছিল । চেগুন কাঠৰ এই স্পিংৰ পালেংৰ ওপৰতেই এজনী ঘাটক ছোৱালী, ৰণবীৰৰ লগত গাত গা লগায় সনাপিঠা হৈ আছিল, যিখন এতিয়া খিৰিকীৰ ওচৰৰ পৰা ঠিক অলপ দূৰৈত ৰখা হৈছে। খিৰিকীৰ ওচৰত আঁহতৰ ফিজা পাতবোৰে ৰাতিৰ […]

গল্প : এটা অলৌকিক কথন অথবা কেৱল কাৱৈমাছ / শমীক ঘোষ

 এটা অলৌকিক কথন অথবা কেৱল কাৱৈমাছ মূল (বাংলা) : শমীক ঘোষ অসমীয়া অনুবাদ : মীনাক্ষী বৰপাত্ৰগোহাঁই কবি নীলমণি ফুকনৰ সৈতে গল্পকাৰ শমীক ঘোষ   গৰ্ভ  ফালি ওলাই অহা  কলা চিঞাহীৰে আকাশখন ভৰি পৰিছে ৷ ঠিক কলা হেলমেটৰ দৰেই কঠিন  এক আৱৰণ। শিলগুটি  এটা খুব জোৰেৰে মাৰি পঠিয়ালে যেনেকৈ ঠক্‌কৈ  এটা শব্দ হ’ব ৷ সিমানেই কঠিন ৷ […]

গল্পঃ দুৰ্লভ / বনফুল

দুৰ্লভ মূল বাংলা: বনফুল অনুবাদ: দেৱাশ্ৰী বৰগোহাঁই   ৰাজকন্যাই ষোলবছৰত ভৰি দিব । তেওঁৰ জন্মদিন উপলক্ষে ৰাজ্যত আৰম্ভ হৈছে বিশাল আয়োজন । ৰজা-ৰাণী, সেনাপতি, পাত্ৰ-মন্ত্ৰী, প্ৰজাবৃন্দ সকলো ব্যস্ত এই দিনটো স্মৰণীয় কৰি তোলাৰ বাবে । গাঁৱে গাঁৱে, নগৰে নগৰে সভা বহিছে । বিশেষ দিনটো বিশেষ ভাৱে স্মৰণীয় কৰি তুলিবই লাগিব । জয়ধ্বনিৰে মুখৰিত হ’বলগীয়া শোভাযাত্ৰাৰ […]

গল্পঃ শেষ গান / ড০ তেমচুলা আও

শেষ গান  (The Last Song) মূলঃ Temsula Ao ( HOD, English, NEHU)  উৎস গ্ৰন্থঃ  THESE HILLS CALLED HOME: Stories from a war zone.  অনুবাদঃ অৱনী বুঢ়াগোহাঁই    এনে লাগিছিল যেন এই সৰু ছোৱালীজনীৰ কেৱল গান গাবলৈকে  জন্ম হৈছিল । তাইৰ মাকজনীয়ে প্ৰায়েই মনত পেলাইছিল, তাই যেতিয়া কেচুৱা, তাইক পিঠিত বোকোচা বান্ধি উৎসৱৰ দিনকেইটাত সমজুৱা গান চলি থকা ঠাইবোৰলৈ তাইক […]

গল্পঃ ভেৰোণাৰ দুজন ভদ্ৰলোক/ এ জে ক্ৰণিন

ভেৰোণাৰ দুজন ভদ্ৰলোক (Two Gentlemen of Verona ) মূল (ইংৰাজী) : এ জে ক্ৰণিনঅনুবাদ : ডা° বিপুল কুমাৰ বৰুৱা আল্পস পৰ্বতৰ পাদদেশেৰে গাড়ীৰে আহি থাকোঁতে ভেৰোণা চহৰৰ সীমামূৰিয়লিত দুটি কণ কণ ল’ৰাই আমাক ৰখালে ৷ সিহঁতে বন বগৰী বেচি আছিল ৷ আমাৰ সিয়ান ড্ৰাইভাৰ লুইগিয়ে সাৱধান কৰি দিলেই নহয় -“ নিকিনিব, নিকিনিব ৷ ভেৰোণাত গৈ […]