গল্পঃ ঘড়ী / সুনীল গঙ্গোপাধ্যায়
ঘড়ী মূল : বাংলা লেখক : শ্ৰীযুত সুনীল গঙ্গোপাধ্যায় অনুবাদ : মুনমুন সৰকাৰ শইকীয়া মোৰ হাতঘড়ীটো কোনে চুৰ কৰিছে মই নাজানো। ৰাতি ঘৰলৈ ঘূৰি অহা অলপ দেৰি হৈছিল, টোপনিৰ জাল ভগা নাছিল, দুখলপীয়া বাছৰ খিৰিকীৰ কাষত বহিবলৈ পোৱাটো বৰ সৌভাগ্যজনক, তাতে আকৌ ঠাণ্ডা বতাহ, টোপনি নহাকৈ পাৰেনে? আহিবই, ইয়াত আচৰিত হ’বলগীয়া কি আছে? তদুপৰি বাছত […]
গল্পঃ এদাল ৰচীৰ টুকুৰা/ গী দ্যঁ মোপাছাঁ
এদাল ৰচীৰ টুকুৰা মূল গল্পকাৰ : গী দ্যঁ মোপাছাঁ (Guy de Maupassant) অসমীয়াকৰণ : অৱনী বুঢ়াগোহাঁই । (১) সেইদিনা মঙলবৰীয়া হাটৰ দিন আছিল, আৰু সেয়ে জাগুনৰ চাৰিওকাষে থকা গাঁওবোৰৰ পৰা জাকে জাকে খেতিয়কবোৰ, সিহঁতৰ ঘৈণীয়েকহঁতৰ সতে জাগুন চাৰিআলিলৈ আহিছিল । বেছিভাগ মতা মানুহবোৰে লাহে লাহে খোজ কাঢ়িছিল, তাৰে কিছুমানে লাখুটি এদালত ভৰ দি, অলপ কুঁজা […]
গল্প : মহ / প্ৰেমেন্দ্ৰ মিত্ৰ
মহ মূল গল্পকাৰ ঃ প্রেমেন্দ্ৰ মিত্ৰ অনুবাদ ঃ অংকিনী বৰা গল্পটোৰ আগতে কম নে গল্পটো যাৰ মুখেৰে শুনিছিলোঁ তেওঁৰ কথা আগতে কম একেবাৰে ঠিক কৰিব পৰা নাই। কিন্তু গল্পটোৰ লগত ঘনশ্যামদা চমুকৈ ঘনদা ইমান বেছিকৈ জড়িত যে তেওঁৰ পৰিচয় নিদিলে গল্পটোৰ ৰস আধামান কমি যাব। সেয়ে বোধকৰোঁ ঘনদাৰ পৰিচয়ৰে আৰম্ভ কৰা বেছি ভাল হব। ঘনদাৰ শুকান উবান , […]
গল্প : গৃহ প্ৰত্যাৱৰ্তন (সত্য ঘটনাৰ আলমত)
গৃহ প্ৰত্যাৱৰ্তন (সত্য ঘটনাৰ আলমত) মূল: কেণ্ডেচ টাৰ্টল অনুবাদ: ননী চহৰীয়া বৰা জেনেট ৰে‘—–পে‘ট ৰেৰ কন্যা। বয়স মাত্ৰ ছয়বছৰ। সেই বয়সৰ পৰাই ছোৱালীজনী এটা অনুসন্ধানত ব্ৰতী হৈছিল । তাইৰ দেউতাকৰ বিষয়ে আছিল তাইৰ অনুসন্ধান। সেইদিনা মাকে কৈছিল—ভায়েক টম স্কুলৰ পৰা আহিলেই তাইক কিবা এটা কথা ক‘ব। জেনেট উৎফুল্লিত হৈ পৰিছিল। জেনেটে ভাবিছিল–মাকে কি […]
গল্প : পানপাত্ৰ / অমৃতা প্ৰীতম
গল্পঃ দেউতাৰ সহায়/ আৰ কে.নাৰায়ণৰ গল্প
দেউতাৰ সহায় মূলঃ Father’s Help মূল গল্পকাৰঃ আৰ.কে.নাৰায়ন অসমীয়া অনুবাদঃ মিণ্টুল হাজৰিকা বিচনাত শুই শুই ছোয়ামীয়ে হঠাৎ গম পালে যে আজি সোমবাৰ৷ যদিও অলপ আগতে তাৰ মনত ধাৰণা হৈছিল যে শুক্ৰবাৰৰ শেষ প্ৰহৰটি চলি আছে৷ কিন্তু ইতিমধ্যে সোমবাৰ আহি হাজিৰ৷ সি ভাবিলে এইমাত্ৰ এটা ভূমিকম্প আহি স্কুলৰ অট্টালিকাটো ধূলিসাৎ কৰি পেলায়৷কিন্তু আলবাৰ্ট মিছনেৰী স্কুলৰ সেই […]
গল্পঃ পাপ/ হুমায়ূন আহমেদ
পাপ মূলঃ বাংলা গল্পকাৰঃ হুমায়ূন আহমেদ অনুবাদঃ মুনমুন সৰকাৰ শইকীয়া হুমায়ূন আহমেদ মহাশয় আপোনাক এটা ভয়ংকৰ পাপৰ গল্প কওঁ নে? পাপ কাৰ্য ময়ে কৰিছিলোঁ৷ ইচ্ছাকৃতভাৱে কৰা নাছিলোঁ৷ মানুহজনীৰ কাৰণে কৰিবলগীয়া হৈছিল৷ স্ত্ৰীৰ কাৰণে পৃথিৱীত বহুত পাপ কাৰ্য সংঘটিত হৈছে৷ মানুহৰ আদি পাপটোও আদি মানৱী হাৱাৰ কাৰণে সংঘটিত হৈছিল৷ আপোনাক এইবোৰ কথা কোৱা অৰ্থহীন৷ আপুনি […]
নিয়তিৰ সমুখত / কাফকাৰ গল্প
নিয়তিৰ সমুখত(Before the Law) মূল গল্পকাৰঃ ফ্ৰান্স কাফকা – ইংৰাজী অনুবাদ- য়্যান জনছটন অসমীয়া অনুবাদ- কিন্নৰী ডেকা নিয়তিৰ যিখন সিংহদুৱাৰ, যাৰ সমুখত সদায় এজন দুৱাৰ ৰখীয়াই পহৰা দি থাকিছিল। এদিন দেশখনৰ এজন লোক সেই দুৱাৰ ৰখীয়াজনৰ ওচৰলৈ গৈ তেওঁৰ পৰা নিয়তিৰ ওচৰলৈ যাওঁ বুলি প্ৰৱেশৰ অনুমতি বিচাৰিছিল। কিন্তু, তেওঁক নিৰাশ কৰি দুৱাৰ ৰখীয়াজনে সেই মূহুৰ্তত […]
গল্পঃ যুদ্ধ / লুইগি পিৰাণ্ডেল’
যুদ্ধ মূলঃ লুইগি পিৰাণ্ডেল’ অনুবাদঃ প্ৰিয়াক্ষী শইকীয়া ৰাতিপুৱা হোৱাৰ আগে আগে ৰোমৰ পৰা অহা ট্ৰেইনখন ফ্ৰেবিয়ানোৰ সৰু ষ্টেচনটোত ৰ’লহি। যাত্ৰীবোৰে ট্ৰেইনৰ পৰা নামি বেলি ওলোৱালৈ চুলমনালৈ যোৱা স্থানীয় ট্ৰেকাৰখনৰ ভিতৰতে সময় কটালে। ৰাতিপুৱাল । দ্বিতীয় শ্ৰেণীৰ যাত্ৰী কঢ়িওৱা, ধুঁৱলী–কুঁৱলী, গুলুম মৰা ট্ৰেকাৰখনৰ ভিতৰলৈ এগৰাকী লোদোৰ–পোদোৰ মহিলা সোমাই আহিল। তেওঁৰ চকু চলচলীয়া। […]
গল্পঃ আদিবাসীবোৰে আৰু নানাচে / হাঁচদা সৌভেন্দ্ৰ শেখৰ
আদিবাসীবোৰে আৰু নানাচে (ADIVASIS WILL NOT DANCE) মূলঃ হাঁচদা সৌভেন্দ্ৰ শেখৰঅসমীয়া অনুবাদঃ অৱনী বুঢ়াগোহাঁই । সিহঁতে মোক মাটিত পেলাই হেঁচা মাৰি ধৰিলে। সিহঁতে মোক কথা কবলৈ নিদিলে, মোক প্ৰতিবাদ কৰিবলৈ নিদিলে, আনকি মই মূৰটো দাঙি, মোৰ একে লগৰে গান বাজনা কৰা আৰু নচা মানুহকেইটাক পুলিচে পিটি থাকোতে মোক এবাৰো চাবলৈ নিদিলে । মাত্ৰ মই শুনিবলৈ পালো সিহঁতৰ কান্দোন […]