গল্পঃ জীৱিত ও মৃত / ৰবীন্দ্ৰনাথ ঠাকুৰ
মূল গল্প: জীৱিত ও মৃত ৰচনা: ৰবীন্দ্ৰনাথ ঠাকুৰ অনুবাদ: সঞ্জীৱ মজুমদাৰ Rabindranath Tagore ৰাণীহাটৰ জমিদাৰ, শাৰদাশংকৰ ডাঙৰীয়াৰ বিধৱা ভাই-বোৱাৰী গৰাকীৰ পিতৃকূলত জীৱিত বুলিবলৈ কোনো নাছিল। পতিকূলতো আপোন কোনো নাছিল, না পতি, না পূত্ৰ। বৰজনাকৰ সৰু লৰা, মাইনা আছিল তাইৰ নয়নৰ মণি। ল‘ৰাটোৰ জন্মৰ পিছতেই মাকৰ দীৰ্ঘদিনীয়া অসুখৰ বাবে বিধৱা সৰু মাক কাদম্বিনীয়ে তাক তুলি-তালি ডাঙৰ […]
গল্পঃ এজন ভোকাতুৰ কলাকাৰ/ ফ্ৰান্স কাফকা
এজন ভোকাতুৰ কলাকাৰ (A Hunger Artist) মূল: ফ্ৰান্স কাফকা অনুবাদক : বাৎস্যায়ন Jon Levin in A Hunger Artist, (Photo by Kelly Stuart) “ভোকাতুৰ হৈ জীয়াই থকাটো অসম্ভৱ যেতিয়ালৈকে আমাক চাই থকা নাযায়”- ম’ড ইলমেন শতিকাৰ শেষৰ দশকৰ ফালে ভোকাতুৰ কলাকাৰৰ প্ৰতি মানুহৰ আগ্ৰহ কমিল৷ পূৰ্বে উপাৰ্জিত হোৱাৰ সমান উপাৰ্জন প্ৰায় অসম্ভৱ হৈ পৰিল৷ সেইবোৰ সঁচাই […]
গল্পঃ অন্ধকাৰ দিন / ৱাল্টাৰ কফমেন
অন্ধকাৰ দিন মূল ৰচনা : ৱাল্টাৰ কফমেন ভাৱানুবাদ : ড. মৃদুস্মিতা ফুকন জৰ্জ মোৰ বন্ধু। কিন্তু এতিয়া আৰু তাক দেখা নাপাওঁ। বহুদিন আগতেই মই তাক হেৰুৱাই পেলাইছোঁ। হয়তো এতিয়া আৰু সি ইহ সংসাৰত নাই। তথাপিও সি মোৰ বন্ধু। যিমান দিন মই জীয়াই থাকিম, সিমান দিন এই বন্ধুত্বও অক্ষুণ্ণ ৰাখি যাম। আমাৰ ঘৰটো বৰ সুন্দৰ আছিল। […]
গল্পঃ জামু গছজোপা / কৃষণ চন্দৰ
জামু গছজোপা মূল গল্পঃ জামুন কা পেড় গল্পকাৰঃ কৃষণ চন্দৰ অনুবাদঃ সঞ্জীৱ মজুমদাৰ যোৱানিশা প্ৰবল ধুমুহা আহিছিল। ৰাজ্যিক সচিবালয়ৰ আগফালে থকা বাগানখনৰ পুৰণি প্ৰকাণ্ড জামু গছজোপা উভালি পৰিল। ৰাতিপুৱা বাগানৰ মালীজনে লক্ষ্য কৰিলে যে গছজোপাৰ তলত চেঁপা খাই মানুহ এজন পৰি আছে। কথা বিষম দেখি মালীজন দৌৰি দৌৰি চাপ্ৰাছীৰ ওচৰলৈ, চাপ্ৰাছীজন দৌৰি দৌৰি ক্লাৰ্কৰ ওচৰলৈ, ক্লাৰ্কজন দৌৰি দৌৰি […]
গল্পঃ দ্য কপ এণ্ড দ্য এন্থেম / অ’ হেন্ ৰী
দ্য কপ এণ্ড দ্য এন্থেম ( The cop and the Anthem) মূল : অ‘ হেন্ ৰী অনুবাদ : স্বপ্না দত্ত ভৰালী O HENRY শ্বপিয়ে মেডিচন স্কোয়াৰৰ বেঞ্চিখনতে বহি আছে ৷ কিছু অস্থিৰতাৰে ৷ শীতে লাহেকৈ আহি নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ এইকেইটা দিন ঘৈণীয়েকহঁত […]
গল্পঃ বনৰীয়া ৰাজহাঁহ/ এলিচ মুনৰ’
বনৰীয়া ৰাজহাঁহ গল্পকাৰ: এলিচ মুনৰ‘ (Alice Munro) ইংৰাজী অনুবাদ : ৱাইল্ড স্বান (Wild Swan) অসমীয়া অনুবাদ : বিদ্যুত বিকাশ চিৰিং ফ্ল‘ই কৈছিল হোৱাইট শ্লেভাৰছ্ বোৰৰ পৰা সাৱধানে থাকিবলৈ । তাই কৈছিল, সিহঁতৰ কাম কৰাৰ পদ্ধতি এনেকুৱা: এগৰাকী বুঢ়ী মানুহ, দেখাত মা বা আইতাৰ লেখীয়া, বাছ বা ট্ৰেইনত তোমাৰ কাষত বহি যাওঁতে তোমাৰ সৈতে বন্ধুত্ব গঢ়ি তুলিলে । তেওঁ […]
গল্পঃ পুৰণি চিঠিবোৰ/ শীৰ্ষেন্দু মুখোপাধ্যায়
পুৰণি চিঠিবোৰ মূল বাংলা : শীৰ্ষেন্দু মুখোপাধ্যায় ভাবানুবাদ : ইন্দ্ৰনীল গায়ন (১) এদিন হঠাৎ চহৰখনলৈ এজন ডাকোৱাল আহিল আৰু ডাকোৱালজনে প্ৰথমেই আহি মোৰ ঘৰৰ সমুখত ৰৈ দুৱাৰত টোকৰ মাৰিলে ৷ মই চিলমিল টোপনিৰ পৰা সাৰ পাই উঠি দুৱাৰখন খুলি দি দেখিলো এজন বয়সস্থ মানুহ এমোনা চিঠিৰ সৈতে থিয় দি আছে ৷ হাততো দুই এটা চিঠিৰ […]
গল্পঃ দ্য ফলছ জেমছ/ গী দ্যঁ মোপাছাঁ
দ্য ফলছ জেমছ ( The False Gems ) মূলঃ গী দ্যঁ মোপাছাঁ (Guy de Maupassant) অনুবাদঃ গীতিকা শইকীয়া মিষ্টাৰ লেণ্টিনে তেওঁ কাম কৰা অফিচৰ সহকাৰী মুখ্য সচিবৰ ঘৰত আয়োজন কৰা সন্ধিয়াৰ এক অনুষ্ঠানত সেই কমবয়সীয়া সুন্দৰী যুৱতীগৰাকীক প্ৰথমবাৰৰ বাবে লগ পাইছিল। লগ পোৱাৰ লগে লগেই মিষ্টাৰ লেণ্টিন সেই সুন্দৰী যুৱতীগৰাকীৰ প্ৰেমত আচ্ছন্ন হৈ পৰিছিল। সেই […]
গল্পঃ তাইৰ প্ৰেমিক/ মেক্সিম গৰ্কী
তাইৰ প্ৰেমিক মূল: মেক্সিম গৰ্কী অনুবাদ: কুইন ফুকন মেক্সিম গৰ্কী মোৰ এজন চিনাকী মানুহে এবাৰ মোক এই কাহিনীটো কৈছিল — তেতিয়া মই ছাত্ৰ হিচাপে মস্কোত আছিলোঁ। মই থকা ঠাইখনৰ ওচৰতে এগৰাকী মহিলা আছিল, যাৰ বিষয়ে মই অৱতাৰণা কৰিব খুজিছোঁ। তেওঁ আছিল পোলেণ্ডৰ। নাম টেৰেছা। মানুহগৰাকী দীৰ্ঘদেহী। গাৰ গঠন মজবুত, বৰণ ক‘লা। ডাঠ চেলাউৰিৰে […]
গল্পঃ ডালিম / কাৱাবাটা য়াচুনাৰি (জাপান)
ডালিম (The Pomegranate) মূল গল্পকাৰ : কাৱাবাটা য়াচুনাৰি (Kawabata Yasunari) অনুবাদঃ অবন্তিকা পৰাশৰ Kawabata Yasunari যোৱা নিশা মাকৰ ঘৰলৈ বুলি ঢাপলি মেলা বৰদৈচিলা জাকে ডালিমজোপা একেবাৰে লঠঙা কৰি থৈ গ’ল । সৰা পাতবোৰ এতিয়া আলই আথনি হৈ গছজোপাৰ গুৰিতে পৰি আছে । পুৱা শোৱাপাটি এৰাৰ পাছতে গছজোপাৰ লঠঙা ৰূপটো দেখি কিমিকো চক খাই উঠাৰ দৰে হ’ল। সৰা পাতবোৰৰ নিজৰ মাজতে থকা মৰম দেখি তাই তবধ মানিলে। এনেহেন বতাহে আলফুলিয়া পাতবোৰ তচ-নছ কৰি পেলাব বুলিয়েই তাই ধৰি লৈছিল । গছজোপাত এতিয়া মুঠেই এটা ডালিমহে বাকি ৰৈছেগৈ। এটা সজীৱ, ৰসাল ডালিম। হ’ব’ পাৰে অকলশৰীয়া, কিন্তু পকি ৰসেৰে চপচপিয়া হৈ আছে । “মা বাহিৰলৈ আহি এবাৰ চাই যা চোন” কিমিকোই মাকক চিঞৰিলে । “এৰাতোন, মই পাহৰিয়েই গৈছিলো “ ক’ব লাগে কাৰণে কিবা এষাৰ কৈ মাক পাকঘৰলৈ উভটি গ’ল । কথাটোৱে কিমিকোক সিহঁতৰ অকলশৰীয়া অৱস্থাটোৰ কথা আকৌ এবাৰ মনত পেলাই দিলে। বাৰাণ্ডাখনৰ এইখিনিৰ পৰা ডালিমটোক কিমান মৰম আকুলৱা অথচ অকলশৰীয়া যেন লাগিছে । দুসপ্তাহ মান আগতে তাইৰ সাত বছৰীয়া ভতিজাকটো ফুৰিবলৈ আহিছিল। অকলশৰীয়া ডাল এটাত ওলমি থকা এই ডালিমটোত পোনেই চকু গ’ল তাৰ (তেতিয়া অৱশ্যে সেইটো পাতৰ আঁৰত মুখ গুজি লুকাই আছিল)। সময় নষ্ট নকৰি সি গছডাল বগাবলৈ ধৰিলে। কিমিকোৰ এনে লাগিল যেন তাই হঠাতে জীৱন্ত হ’বলৈ আৰম্ভ কৰিছে । “সৌৱা, অলপ ওপৰলৈ । তাত ডাঙৰ এটা ডালিম আছে “ তাই বাৰাণ্ডাৰ পৰাই চিঞৰিলে […]