গল্পঃ অব্যক্ত যন্ত্ৰণা / গী দ্য মোপাছাঁ

  অব্যক্ত যন্ত্ৰণা মূল: গী দ্য মোপাছাঁ অনুবাদ: ড০ মৃদুস্মিতা ফুকন     Guy de Maupassant ফুলৰ বতৰ৷ ফুলনিখনত বসন্তৰ পৰশ সুস্পষ্ট৷ মধ্যবয়সীয়া ভদ্ৰলোক দুজনে ফুলনিৰ মাজে মাজে খোজকাঢ়ি আছে৷ দুয়োজন ল’ৰালিৰে বন্ধু৷ এজন কেবিনেটৰ সদস্য আৰু আনজন চ’নেটৰ সভ্য৷ এওঁলোক দুয়োজনেই সম্ভ্ৰান্ত, প্ৰভাৱশালী, গম্ভীৰ আৰু চিন্তাশীল৷দুয়োৰে মাজত সমকালীন ৰাজনীতি লৈ আলোচনা চলিছিল৷ সেই আলোচনাত কল্পনা লেখমাত্ৰও নাই — যথেষ্ট […]

গল্পঃ কমেও এটা পুথিভঁৰালৰ বাবে কিতাপ / সুধা মূৰ্তি

মূল কাহিনী : বুকছ ফৰ ‘এট লীষ্ট ৱান লাইব্রেৰী’ মূল লিখক : সুধা মূৰ্তি    কমেও এটা পুথিভঁৰালৰ বাবে কিতাপ   অনুবাদ : অনুৰাধা বৰুৱা সুধা মূৰ্তি  মধ্যবিত্ত শিক্ষক পৰিয়াল এটাৰ সদস্য হিচাবে মই অনুভৱ কৰিছিলোঁ যে আন বহুতো শিক্ষক পৰিয়ালৰ দৰেই আমাৰ পৰিয়ালতো ধন সম্পত্তিতকৈ গ্রন্থ আৰু জ্ঞানৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা হৈছিল ৷ আমাৰ গাঁৱত […]

গল্পঃ বৰদিনৰ উপহাৰ / অ’ হেনৰী

বৰদিনৰ উপহাৰ (The gift of the Magi) মূল : অ’ হেনৰী৷ অনুবাদ : অৱনী বুঢ়াগোহাঁই   হিচাপ কৰি চালে ডেলাই৷ পূৰা এশ বিশ টকা৷ তাৰে ভিতৰত কেইখনমান পাঁচটকীয়া৷ এবাৰত এখন, অতিবেছি দুখন নোট সাঁচিবলৈ যাওঁতে কিয়েইবা নকৰিছিল তাই! গেলামালৰ দোকানীক, মাংসবেচা কচাইটোক, শাক পাচলিৰ বেপাৰীটোক কিমান যে ডিঙি চেঁপিবলগীয়া হৈছিল তাইৰ! আৰু তাইৰ দৰদামৰ উৎপাত […]

গল্পঃ সৌভাগ্য / প্ৰেম চান্দ

সৌভাগ্য মূল( হিন্দী) : প্ৰেম চান্দ অনুবাদ : তৃষ্ণা শৰ্মা নথুৱা নামৰ এক অনাথ লৰা আছিল । সেই অঞ্চলৰ ৰামভোলানাথ নামৰ এজন দয়ালু মানুহৰ ঘৰত নথুৱাই ঝাড়ু দিয়াৰ কাম কৰিছিল। ৰামভোলানাথ এজন ধনী লোক আছিল তেখেতৰ একমাত্ৰ ছোৱালীৰ নাম আছিল ৰত্না।ৰত্না দেখিবলৈ বৰ ধুনীয়া আৰু নম্ৰ। এদিন ৰত্নাই ইংৰাজী ক্লাচ কৰিবলৈ বেলেগ কোঠালৈ যাওঁতে সেইসময়তে […]

গল্প: থালী কা বেঙ্গন / কৃষণ চন্দৰ

মূল গল্প: থালী কা বেঙ্গন ৰচনা: কৃষণ চন্দৰ অনুবাদ: সঞ্জীৱ মজুমদাৰ মীৰমপূৰত মোৰ ব্যৱসায় মানে ধান্দা প্ৰায় মন্দা হৈ পৰিল অৰ্থাৎ একেবাৰে বন্ধ হোৱাৰ উপক্ৰম হ’ল। এক কথাত কবলৈ গলে ধান্দা একেবাৰে ধোঁৱাচাঙত উঠিছিল আৰু সিদিনা মোৰ জেপত মাথো এটা আঠ অনাহে আছিল। ম‌ই জেপৰ পৰা আঠ অনাটো উলিয়াই তাইৰ হাতত গুজি দি কলো, “যা, […]

গল্পঃ এটা গোচৰ / ৰাস্কিন বণ্ড

এটা গোচৰ মূল : ৰাস্কিন বণ্ড অনুবাদ : ননী চহৰীয়া বৰা  দুবছৰ আগতে মই যেতিয়া শ্বাহপুৰত আছিলো, তেতিয়াই ইন্সপেক্টৰ কিমত লালক লগ পাইছিলোঁ৷ শ্বাহপুৰ উত্তৰ ভাৰতৰ এখন ধূলিময় গৰম চহৰ৷  সেই সময়ত তেওঁ স্থানীয় আৰক্ষী চকীৰ দায়িত্বত আছিল৷ তেওঁ বৰ শকত আৰু লেহেমীয়া আছিল৷ কথাবোৰ বেছিকৈ গুণাগথা কৰিছিল৷ সেইবাবেও তেওঁ লেহেমীয়া হৈছিল৷ কিন্তু কিছুমান লেহেমীয়া মানুহৰ দৰে […]

গল্পঃ পৰুৱা (পিঁপড়া) / হুমায়ূন আহমেদ

পৰুৱা (পিঁপড়া) গল্পকাৰ : হুমায়ূন আহমেদ অনুবাদ : মুনমুন সৰকাৰ শইকীয়া  আপোনাৰ বেমাৰটোনো কি‌ কওকচোন? বেমাৰীয়ে একো নকলে , কাষতে বহি থকা লগৰজনৰ পিনে চালে।  ডক্টৰ নুৰুল আফছাৰ , এম. আৰ. ছি. পি. ডি পি এস. খুব বিৰক্ত হ‘ল। তেওঁৰ বিৰক্তিৰ মূলত: তিনিটা কাৰণ: প্ৰথম হ‘ল আঠ বাজি গৈছে, তেওঁ সদ্যহতে বেমাৰীক চোৱা বন্ধ কৰি […]

গল্পঃ এন এনকাউণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ / মাৰ্ক টুৱেইন

এন এনকাউণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ মূল : মাৰ্ক টুৱেইন অনুবাদ : গীতিকা শইকীয়া mark twain সুন্দৰ তথা পৰিপাটি পোছাক পৰিহিত যুৱকজনক যথেষ্ট উদ্বিগ্ন দেখা গৈছিল। মই আগবঢ়াই দিয়া চকীখনত তেওঁ লাহেকৈ বহি লৈ ক’লে যে তেওঁ “ডেইলী থাণ্ডাৰস্টৰ্ম” কাকতখনৰ লগত জড়িত হৈ আছে। লগতে তেওঁ ক’বলৈ ধৰিলে,- “মই আপোনাৰ সাক্ষাৎকাৰ ল’বলৈ আহিছো। আশাকৰোঁ এই কথাটোৱে […]