পৃথিৱীবাসীলৈ এখন জাননী
পৃথিৱীবাসীলৈ এখন জাননী মূলঃ A Notice to the World অনুবাদঃ জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয় (পৃথিৱীৰ যুদ্ধ বিৰোধী সাহিত্যসমূহৰ ভিতৰত আইনষ্টাইন-ৰাছেল মেনিফেষ্টো এখন অন্যতম গুৰুত্বপূৰ্ণ ডকুমেন্ট। কেৱল সাহিত্য হিচাপেই নহয়, বৰং বিশ্বৰ ৰাজনীতিটো ইয়াৰ এক বিশেষ ভূমিকা আছে। তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী জ্যোতিস্মিতা শইকীয়াই এই মেনিফেষ্টোখনৰ পূৰ্ণ পাঠৰ অনুবাদ আগবঢ়াইছে) ১) প্ৰথমটি পৰমাণু বোমা সম্পূৰ্ণ হোৱাৰ […]
শিক্ষকলৈ চিঠি
“হ’লোকাষ্ট”: হিটলাৰৰ ইহুদী নিধন যজ্ঞৰ গেছ চেম্বাৰৰ সমান্তৰালকৈ বন্দী ইহুদীসকলৰ, মূলত: কেঁচুৱাৰ পৰা দহ বাৰ বছৰীয়া শিশু সকলৰ শৰীৰত জীৱন্তে ৰাসায়নিক পৰীক্ষা কৰা হৈছিল ৷৷ এই পৰীক্ষাত বেছিভাগ শিশুৰে কোমল শৰীৰে ৰাসায়নিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ভৰ সহিব নোৱাৰি খুউব কৰুণ ভাবে মৃত্যুক সাৱতি লৈছিল ৷ মানৱ সভ্যতাৰ আটাইতকৈ ঘৃণনীয় এই পৰীক্ষাক হ’লোকাষ্ট বোলা হৈছিল ৷৷ দ্বিতীয় […]
নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ অসমীয়া অনুবাদ
নাগৰিকত্ব সংশোধনী আইন, ২০১৯–য়ে সমগ্ৰ ভাৰতৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এক তীব্ৰ ৰাজনৈতিক আৰু সামাজিক ধুমাহাৰ সৃষ্টি কৰিছিল। কোনো অসমীয়াই কা-বিৰোধী আন্দোলনৰ সেই উত্তপ্ত আৰু অগ্নিগৰ্ভ সময়চোৱাক পাহৰি যাব নোৱাৰে। কা-আন্দোলনৰ সময়চোৱাত বিভিন্ন পক্ষৰ পৰা প্ৰশ্ন আহিছিল যে “কা’– মানে কি বা ইয়াক কিমান মানুহে পঢ়িছে বুলি। এখন আইনৰ বিৰোধিতা কৰা বা ইয়াক সমৰ্থন কৰাৰ […]
অসম চুক্তি
অসম চুক্তিঃ ছবছৰীয়া অসম আন্দোলন সমাপ্তি হৈছিল ঐতিহাসিক অসম চুক্তিৰ যোগেদি। যোৱা বহুকেইটা দশকজুৰি অসমৰ ৰাজনৈতিক ইতিহাস অসম চুক্তিকেন্দ্ৰিক হৈ আছে। এই অসম চুক্তিখনৰ অসমীয়া সংস্কৰণটোৰ পি.ডি.এফ ডাউনলোড কৰিবলৈ ক্লিক কৰক- অসম চুক্তি, @Indian Express ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক
হিউৱেন চাঙৰ টোকা
প্ৰেমময় দাসগুপ্তৰ (১৯৮৮) বিদেশীদেৰ চোখে ভাৰতবৰ্ষ গ্ৰন্থলানিৰ “হিউয়েন সাঙেৰ দেখা ভাৰত” খণ্ডটোৰ অন্তৰ্গত “কিআ-মো-লু-পো” বা কামৰূপৰ বিৱৰণ ঃ অনুবাদ: খগেশ সেন ডেকা (বৌদ্ধভিক্ষু হিউৱেন চাঙৰ জন্ম হৈছিল চীন দেশৰ হো-নান প্ৰদেশৰ চিন-লিউত, ৬০৩ খ্ৰীষ্টাব্দত৷ চাৰিগৰাকী ভায়েকৰ ভিতৰত তেওঁ আছিল সবাতো কনিষ্ঠ৷ নিচেই কম বয়সতে তেওঁ মাজুজনা ককায়েকৰ লগত পূব চীনৰ ৰাজধানী লো-আঙলৈ আহে৷ ককায়েক আছিল ইৎচিং-তু বৌদ্ধস্তূপৰ […]
ইয়াণ্ডাবু সন্ধিখন
ইয়াণ্ডাবু সন্ধিখন উৎসঃ https://commons.wikimedia.org/wiki/File:Treaty_of_Yandabo.pdf (এই অনুবাদটো অনুবাদকৰ দ্বাৰা প্ৰকাশ পাবলগীয়া “১৮২৬ : ইয়াণ্ডাবু সন্ধিৰপৰা ‘কা’ বিৰোধী আন্দোলনলৈ’ গ্ৰন্থৰ পৰা” গ্ৰন্থখনৰ পৰা লেখকৰ অনুমতি সাপেক্ষে ৱেবচাইটত দিয়া হৈছে৷ ) (ইয়াণ্ডাবু সন্ধিৰ বিষয়ে অসমৰ বেছিভাগ লোকেই কম-বেছি পৰিমাণে শুনিছে। আজিৰ তাৰিখতো সন্ধিখনক লৈ অসমৰ মানুহ কম-বেছি পৰিমাণে আৱেগিক হৈ উঠা দেখা যায়। অসম আৰু অসমীয়া জাতি কোনো […]