অমৃতা প্ৰীতমৰ দুটি কবিতা

মূল হিন্দী: আত্মমিলন , খালী জগহ অসমীয়া ভাঙনি: ড০ ৰীতা শৰ্মা   আত্মমিলন  মোৰ বিচনা সাজু কিন্তু জোতা আৰু কামিজৰ দৰে তই নিজৰ শৰীৰটোও খুলি দে তাত এমূৰত থৈ দে বিশেষ একো কথা নাই এয়া নিজৰ নিজৰ দেশৰ ৰীতি মাথোন…   খালী ঠাই মাথো দুখন দুৱাৰ আছিল এখনে মোক আৰু তাক অধিকাৰৰ পৰা বঞ্চিত কৰিলে […]

চেজল মিলোজৰ পাঁচটা কবিতা

অসমীয়া ভাঙনি ঃ যশোৱন্ত নিপুণ পাহৰি যোৱা তুমি আনক দিয়া দুখবোৰ পাহৰি যোৱা, আনে তোমাক দিয়া দুখবোৰো পাহৰি যোৱা ৷ নৈখন বৈ থাকে চিৰকাল , নিজৰাবোৰ জিলিকে আৰু নিঃশব্দ হয়, তুমি পাহৰিব ধৰা পৃথিৱীত তুমি খোজ কাঢ়া ৷   কেতিয়াবা দূৰণিৰ গীত এটিৰ কলি তুমি শুনিবলৈ পোৱা,  ইয়াৰ অৰ্থ কি, তুমি প্ৰশ্ন কৰা, কোনে গাইছে ? […]

কবিতাঃ অৰাজনৈতিক বুদ্ধিজীৱি সকল / ওট্টো ৰেনে কাষ্টিল্লো

অৰাজনৈতিক বুদ্ধিজীৱি সকল মূল (স্পেনিছ) : ওট্টো ৰেনে কাষ্টিল্লো (Otto Rene Castillo) অসমীয়া ভাঙনিঃ বাপুকণ চৌধুৰী Otto Rene Castillo “My task which I am trying to achieve is, by the power of the written word, to make you hear, to make you feel–it is, above all, to make you see.” — Joseph Conrad (1897)” এদিন […]

কবিতাঃ আটলান্টিচ — এটি হেৰোৱা কবিতা

আটলান্টিচ – এটি হেৰোৱা কবিতা মূল : ইভান বোলেন্দ অসমীয়া ভাঙনি : যশোৱন্ত নিপুণ Eavan কেনেকৈ বাৰু এইটো সংঘটিত হৈছিল, মই প্ৰায়েই চিন্তা কৰিছিলোঁ যে সম্পূৰ্ণ মহানগৰ এখন – অট্টালিকা, সুদৃশ্য তোৰণ, কাৰুকাৰ্য্য খচিত স্তম্ভৰ শাৰী আৰু জন্তু আৰু বাহনবোৰ কথা নক’লোৱেইবা – এই সকলোবোৰেই কোনোবা এটা সুন্দৰ দিনত সাগৰৰ গভীৰত জাহ গৈছিল ? মই […]

কবিতাঃ পছোৱালৈ ওলগনি/ পাৰ্চী শ্ব্যেলী

পছোৱালৈ ওলগনি (Ode To West Wind) মূলঃ  পাৰ্চী শ্ব্যেলী  অসমীয়া ভাঙনিঃ বিপুল কুমাৰ বৰুৱা  ১) অ’ বনৰীয়া পছোৱা বা শৰতৰ তই আছিলি উশাহ অদেখা আৰু এতিয়া উৰুৱাই আঁতৰাই নিয় মৰি সৰা পাত নিমিষত যেন শুনা পাই বেজৰ মন্ত্ৰ  পলাই পত্ৰং ভূত পিশাচ যত হালধীয়া, ক’লা কজলা শেঁতা মদৰুৱা ৰঙা পোকে খাই কৰা চিতপখৰা সৰাপাত তই তোৰ […]

সাবিৰ হাকাৰ দহটা কবিতা

সাবিৰ হাকাৰ দহটা কবিতা অসমীয়া ভাঙনিঃ ড০ ৰীতা শৰ্মা নুনি ফল আপুনি কি কেতিয়াবা নুনি ফল দেখিছে? য‘তেই সৰি পৰে,সেই মাটিখিনিত তাৰ ৰঙা ৰঙৰ ৰসেৰে দাগ হৈ যায় সৰি পৰাৰ দৰে যন্ত্ৰণাদায়ক আৰু একো নাই মই কত শ্ৰমিকক দেখিছোঁ ওখ ওখ দালানৰ পৰা সৰি পৰা আৰু পৰি নুনি ফল হৈ যোৱা… চৰকাৰ কিছুদিন হ‘ল পুলিচে […]

কবিতাঃ মুখামুখি / চেজল মিলোজ

মুখামুখি মূলঃ চেজল মিলোজ অসমীয়া ভাঙনিঃ যশোৱন্ত নিপুণ আমি বৰফাবৃত পথাৰৰ মাজেৰে গাড়ী এখনত গৈ আছিলোঁ দোকমোকালিত ৷ এখন ৰঙা ডেউকা উৰি আহিছিল এন্ধাৰত ৷ আৰু হঠাতে এটা শহাপহুৱে পথটোৰ মাজেৰে দৌৰি পাৰ হৈ গৈছিল ৷ আমাৰ এজনে তেওঁৰ হাতখনেৰে সেইটো দেখুৱাই দিছিল ৷ সেয়া আজি বহু বছৰ আগৰ কথা ৷ আজি সিহঁতৰ কোনোৱেই জীৱিত […]

ভিচৱাভা চিমবৰ্স্কাৰ তিনিটা কবিতা।

মূলঃ ভিচৱাভা চিমবৰ্স্কা (Wislawa Szymborska) মূল কাব্যগ্ৰন্থঃ Nic dza Razy(Nothing Twice) অসমীয়া অসমীয়াঃ অনন্ত ৰাজখোৱা নিৰীক্ষণৰত সন্ত্ৰাসবাদী (Terrorysta, on patrzy) ৰেস্তোৰাঁ খনত ৰাখি থৈ অহা বোমাটো ১৩.২০ ত ফুটিব এতিয়া ১৩.১৬ হৈছেহে যথেষ্ট সময় আছে এতিয়াও কিছুমান মানুহ সোমাবৰ বাবে আন কিছুমান মানুহ ওলাবৰ বাবে সন্ত্ৰাসবাদীটো ইতিমধ্যে ৰাস্তা পাৰ হৈ গৈছে দূৰত্ব‌ই বচাব তাক বিপদৰ পৰা, […]

মূল স্পেনিছ আৰু ইংৰাজীৰ পৰা অনূদিত পাবলো নেৰুডাৰ দহটা কবিতা

অসমীয়াত নেৰুডাৰ দহটা কবিতাঅসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই কাৰণ, প্ৰেমে যুদ্ধ কৰিবলগা হয় (And because love battles) প্ৰেমে মাথো শস্যক্ষেত্ৰতেই জুইৰে যুঁজ নকৰে,  পুৰুষবোৰৰ আৰু নাৰীবোৰৰ মুখৰ জুইৰ সতেও কৰিবলগীয়া হয়, মই বাট সলনি কৰি, মোৰ হৃদয় আৰু তোমাৰ সুষমাৰ মাজত বাঢ়ি অহা  ধূসৰ, অচিন পুলিবোৰ উঘালি পেলাম। মোৰ বিৰুদ্ধে কোনো কথা সিহঁতে আৰু কব নোৱাৰিব, মোৰ […]

কাবায়াচি ইচচাৰ কেইটামান কবিতা

কাবায়াচি ইচচাৰ কেইটামান কবিতা অসমীয়া ভাঙনিঃ আনিছ উজ জামান ১ ছেৰিফুলবোৰ ফুলিছে এই ঠাইখনত ঘাঁহবোৰো ফুলে ২  আজি নিশা তোমালোকো গৈছা  হেমন্তৰ জোন ৩ বুদ্ধৰ নিয়ম পাতৰ নিয়ৰকনাত জিলিকি আছে ৪ চেৰিগছবোৰৰ তলত অচিনাকি কোনোৱেই নাই ৫ উৰি নেযাবা নাইটিঙ্গেল তোমাৰ গানটো দুৰ্বল হলেও  তুমি যে মোৰেই ৬ স্কাইলাৰ্কটোৱে গীত জুৰিছে কৃষকজনে কোৰখনকে গাৰু কৰি […]