কবিতাঃ পৰিচয়পত্র / মাহমুদ দাৰবিছ

 পৰিচয়পত্র   মূলঃ মাহমুদ দাৰবিছ অসমীয়া ভাঙনিঃ চৈয়দ আহমেদ শ্বাহ (পেলেস্টাইনৰ জাতীয় কবি মাহমুদ দাৰবিছৰ বিশ্ববিখ্যাত কবিতা Identity Card ৰ অসমীয়া অনুবাদ। এখন বিশেষ দেশ আৰু বিশেষ জাতিৰ মুক্তি সংগ্রামৰ পটভূমিত ৰচিত হলেও ইয়াৰ মানবীয় আবেদনৰ সাৰ্বজনীনতাৰ বাবে এই কবিতাটিয়ে বিশ্বজুৰি সমাদৰ লাভ কৰিছিল।)     লিখা… মই এজন আৰব; পৰিচয়পত্রৰ ক্রমিক নম্বৰ পঞ্চাচ হাজাৰ। […]

গল্পঃ বাজী / এণ্টন চেখভ

বাজী মূলঃ এণ্টন চেখভ অনুবাদঃ যতীন্দ্ৰ চৌধুৰী   শৰৎ কালৰ এক গোমা নিশা। পোন্ধৰ বছৰ আগতে তেওঁ দিয়া এটা পাৰ্টীৰ কথা সুঁৱৰি, বয়সস্থ বেঙ্কাৰজনে, নিজৰ পঢ়া কোঠালিৰ ইটো চুকৰ পৰা সিটো চুকলৈ পায়চাৰি কৰি আছিল। বহুতো চতুৰ মানুহ পাৰ্টীটোত গোট খাইছিল আৰু যথেষ্ট আকৰ্ষণীয় কথা বতৰাও চলিছিল। তেওঁলোকে আলোচনা কৰা বিষয় সমূহৰ এটা আছিল মৃত্যুদণ্ড। […]

কবিতাঃ মানুহৰ কথা ভাবি / পূৰ্ণেন্দু পত্ৰী

মানুহৰ কথা ভাবি (মানুষেৰ কথা ভেবে) মূল বাংলাঃ পূৰ্ণেন্দু পত্ৰী অসমীয়া ভাঙনিঃ নিবেদিতা ফুকন মানুহৰ কথা ভাবিয়ে গছবোৰ বাঢ়ে, উৰ্ধমুখী হয়৷ মানুহৰ সমাজৰ ধুৰন্ধৰ কাণ্ড-কাৰখানা দেখি দেখি মানুহৰ স্বভাৱৰ দুৰ্ভিক্ষ মাৰিমৰক দেখি দেখি মানুহৰ চেতনাত কাৰোবাৰ খৰ্গৰ আঘাত দেখি দেখি অবোধ শিশুৰ দৰেই গছবোৰে বহু প্ৰশ্নৰে নিজকে বিদীৰ্ণ কৰিছিল৷ ভীষণ লজ্জাত গছবোৰ দোঁ খাই পৰিছিল৷ […]

কবিতা : প্ৰথমটি টোপাল / পহলী বুন্দ।

অনূদিত শিশু কবিতা প্ৰথমটি টোপাল মূল(হিন্দী) – পহলী বুন্দ। কবি – গোপাল কৃষ্ণ কৌল। অনুবাদ – গায়ত্ৰী দেৱী বৰঠাকুৰ । বৰ্ষাৰ প্ৰথমটি দিন । বৰষুণৰ প্ৰথম টোপালটি ধৰাত পৰিল।। নৱ-জীৱনৰ এঙামূৰিৰে। পৃথিৱী গজালিৰে ভৰিল ।। পৃথিৱীৰ শুকান অধৰত, বৰষুণৰ অমিয় টোপাল পৰিল আহি । বসুন্ধৰাৰ ৰোমাৱলী সদৃশ সেউজী দুৱৰিৰ আনন্দৰ মিচিকীয়া হাঁহি । আকাশত উৰি- […]

কবিতাঃ প্ৰকৃতি বিমুখ/ উলিয়াম ৱৰ্ডৰথ

প্ৰকৃতি বিমুখ মূল কবিতাঃ The World is Too Much With Us  মূলঃ উলিয়াম ৱৰ্ডৰথ ভাঙনি:- দুলুমণি গগৈ ভোগবাদত জৰ্জৰ মন ; পলমেই বা ত্বৰিত, আয়  বা ব্যয়, ধন ধন কৰি গুণৰ অপচয়; বিনন্দীয়া প্ৰকৃতিৰ ৰূপত হিয়া মুগ্ধ  নহয় পতিত আত্মাৰ  ছন্দ   ভোগস্পৃহা আশিষ  স্খলিত   ! বিশাল সাগৰ  উদং বক্ষ  জোনলৈ প্ৰসাৰিত   , অহৰহ গৰ্জনেৰে ৰূদ্ৰপবনে ধৰণী […]

কবিতাঃ অনূদিত শিশু কবিতা

মূল কবিতা — Dad and the cat and the treeকবি — Kit Wrightভাঙনি — গায়ত্ৰী দেৱী বৰঠাকুৰ দেউতা আৰু এটা মেকুৰী আৰু এজোপা গছ আজি ৰাতিপুৱাই এটা ঘটনা হ’ল আমাৰ ঘৰত । এটা মেকুৰী লাগি ধৰিলে আমাৰ এজোপা গছত ।। দেউতাই ক’লে, বিষয়টো মোৰ ওপৰতে এৰি নিদিয়া কিয় হে।।” ওখ গছজোপা লেহুকা। মায়ে ক’লে,” ভগৱানৰ […]

কবিতাঃ মেৱাটি ভাষাৰ কবিতা / মৰহুম কমাল

মূলঃ মেৱাটি ভাষা  (মেৱাটি ডাইলেক্ত নাগৰি ,হিন্দী লিপিত লিখা হয়) কবিঃ মৰহুম কমাল (ঊনবিংশ শতিকাৰ মেৱাটি সাহিত্যৰ এজন আদৰণীয় কবি।) অনুবাদঃ সীমা শ‌ইকীয়া ।    তাই উলাহৰে নাচ ৰছি, নিলাজ হৈ বিচনা ফুলৰে সিচি দিব।  অভাগাৰ সকলৰ আসন ৰচি ,দীন দূখীয়াৰ ছাল আচুৰিব ।  খহি পৰিব আশ্চৰ্যকৰ বিশৃংখলতা। সত্য সত্য কয় কি আচৰিত।।  ন্যায়ৰ বিচনাৰ […]

কবিতাঃ এটি চৰাইৰ ছবি আঁকিবলৈ হ’লে / ঝাঁক প্ৰিৱেৰ

এটি চৰাইৰ ছবি আঁকিবলৈ হ’লে মূল ফৰাচীঃ ঝাঁক প্ৰিৱেৰ (Jacques Prévert) অসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই  প্ৰথমে এটা সঁজা আঁকাএখন খোলা দুৱাৰৰ সতেতাৰ পাছত আঁকাকিবা এটা চকুতলগা কিবা এটা সৰল কিবা এটা মৰমলগা কিবা এটা প্ৰয়োজনীয় চৰাইটোৰ বাবে তাৰ পাছত কেনভাচখন গছ এজোপাত আওঁজাই থোৱা, ফুলনি এখনত বননি এখনত অথবা হাবি এডৰাত আৰু গছজোপাৰ আঁৰত লুকাই […]

কবিতাঃ আঁঠ বছৰৰ আগৰ এদিন / জীৱনানন্দ দাশ

আঁঠ বছৰৰ আগৰ এদিন  মূলঃ জীবনানন্দ দাশ  অসমীয়া অনুবাদঃ অৱনী বুঢ়াগোহাঁই  শুনিলো, লাচকটা ঘৰলৈ লৈ গ‘ল তাক কালি নিশা ফাগুনৰ ৰাতিৰ আন্ধাৰত যেতিয়া ডুবি গৈছিল পঞ্চমীৰ জোন মৰিবৰ গ‘ল মন তাৰ।   পত্নী শুইছিল কাষতে— শিশুটিও আছিল প্ৰেমো আছিল, আশাও আছিল, পিছে জোনাকত সি বা কিনো ভূত দেখিল, ভাগিল কিয় টোপনি তাৰ ? অথবা বহুদিন […]

কবিতাঃ তুমি যদি মোক পাহৰি পেলোৱা / পাবলো নেৰুডা

তুমি যদি মোক পাহৰি পেলোৱা মূলঃ পাবলো নেৰুডা অনুবাদঃ বিপুল বৰুৱা এটি কথা তুমি জনাটো বিচাৰোঁ মই এইয়া কেনেকৈ তুমি জানা লেহেমীয়া শৰতৰ ৰঙাপৰা ডালটি পৰশা যদি মই ফটিক জোনটিলৈ চাওঁ আৰু চুই চাওঁ জুইৰ কাষৰ খিৰিকী বা মলচিবৰ অসাইধ ফুটছাই গাল বা শোতোৰাপৰা খৰি এচটাৰ গা প্ৰত্যেকেই যেন মোক তোমাৰ কাষলৈকে লৈ যায় ভাৰ […]