কবিতাঃ পৰিচয় / অমৃতা প্ৰীতম

 পৰিচয়মূলঃ অমৃতা প্ৰীতমঅনুবাদঃ পৰিমালা কোঁৱৰ তোমাক যদি কোনোবা জনমত লগ পাওঁ মোৰ সিৰাই সিৰাই কঁপনি উঠিব যেতিয়া তোমাৰ উশাহে মোৰ উশাহক চুমিব তেতিয়া মগজুত  সময় উভতিব বব এটা গুহা আছিল তাত মই আৰু এজন সন্যাসী আছিলোঁ সন্যাসীজনে মোক তেওঁৰ দুবাহুত লৈ মোৰ উশাহক চুমিছিল ঈশ্বৰৰ শপত ! তেওঁৰ ওঁঠৰ পৰা ওলোৱা সেই সুবাসত কি মায়াৰ […]

কবিতাঃ সোণৰ নৌকাখনি / ৰবীন্দ্ৰনাথ ঠাকুৰ

 সোণৰ নৌকাখনিমূলঃ ৰবীন্দ্ৰনাথ ঠাকুৰঅসমীয়া ভাঙনিঃ বিপুল বৰুৱা   আকাশ জুৰি মেঘে আছে গৰজি, ঘন বৰষুণ ৷ পাৰত অকলে আছোঁ,ভাৰসা ৰাখিবলৈ কোনো নায়েই দেখোন ৷ ডাঙৰিয়ে ডাঙৰিয়ে থোকভৰা দোৱা হ’ল ধান গোটেই কেইডৰা ইফালে নৈখন দোকোলটকা থৌকিবাথৌ খৰসোঁতা ৷ ধান দাই থাকোঁতেই পালেহি বাৰিষা ৷ অলপীয়া খেতিখোলা তাতে অকলশৰীয়া চৌদিশে বানৰ খেলাই কৰিছে জ্বলাকলা ৷ সিপাৰ […]

কবিতাঃ এটা অকবিতা / তচলিমা নাচৰিণ

এটা অকবিতা মূল : তচলিমা নাচৰিণ ভাষান্তৰ : মুনমুন সৰকাৰ শইকীয়া মোৰ মা ঢুকোৱাৰ পৰত , ৰাতিপুৱা গা পা ধুই, কাপোৰ কানি আৰু জোতা পিন্ধি ঘৰৰ পৰা ওলাই গৈছিল দেউতা, দীৰ্ঘদিনীয়া অভ্যাস।পুৱাৰ আহাৰত ডাঙৰদাই ঘিউত ভজা ছখন পৰঠাৰ সৈতে খাহীৰ মাংস খাইছিল, বাকীবোৰ আহাৰ মুখৰোচক নহয় তাৰ মতে। সৰুদাই ছোৱালী এজনীৰ বুকুত, মুখত হাত বুলাই […]

কবিতাঃ য’ত সকলোবোৰেই সংগীত/ জালালুদ্দিন ৰুমী

য‘ত সকলোবোৰেই সংগীত (Where Everything is Music)মূলঃ জালালুদ্দিন ৰুমীঅসমীয়া ভাঙনিঃ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী   এই গীতবোৰ বচোৱাকলৈ উদ্বিগ্ন ন‘হবা! বাদ্যবোৰৰ কোনোবা এটা ভাঙিও যায় যদি, চিন্তা নকৰিবা।   আমি এনে এখন ঠাইত নিজকে পাইছোঁ য‘ত সকলোবোৰেই সংগীত।   বাজানাৰ ধ্বনি আৰু বাঁহীৰ সুৰ আলাসত ভাহি উঠে, যদি কেনেবাকৈ অগ্নিদগ্ধ হৈয়ো যায় জগতৰ সমস্ত বাদ্যযন্ত্ৰ, তেতিয়াও […]

কবিতাঃ এজন কবিৰ সাক্ষাৎকাৰ/ নিৰ্মলেন্দু গুণ

এজন কবিৰ সাক্ষাৎকাৰমূল বাংলাঃ নিৰ্মলেন্দু গুণঅনুবাদঃ ড৹ বিৰিঞ্চি কুমাৰ দাস : বাৰু, চমুকৈ কবিতা বুলিলে আপুনি কি বুজে? — মানুহ । : আপোনাৰ কবিতাত ৰাজনীতিৰ ব্যৱহাৰ বৰ বেছি, ধাৰণা হয় আপুনি শিল্পৰ দিশটোক বিশেষ এটা —- ইয়াৰ কাৰণ কি? — মানুহ । : স্বৰ্গ, নৰক; এইবোৰ বিষয়ত আপোনাৰ মনোভাৱ জানিব বিচাৰোঁ । অলপ সহজভাৱে বুজাই ক‘বনে? — বৰ […]

কবিতাঃ এটি সাক্ষাৎ / অমৃতা প্ৰীতম

 এটি_সাক্ষাৎ মূল (হিন্দী): অমৃতা প্ৰীতম অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন মই নিশ্চুপ, শান্তি আৰু স্থিৰেৰে থিয় হৈ আছিলোঁ মাথোঁ কাষেৰে বৈ যােৱা সমুদ্ৰত ধুমুহা আছিল কিন্তু সমুদ্ৰক ঈশ্বৰেহে জানে কি ভাৱ আহিল ধুমুহাৰ এটি পুতলা সাজি মোৰ হাতত তুলি দিলে আৰু হাঁহি কিছু দূৰ গুচি গ‘ল আচৰিত হৈছোঁ কিন্তু তেওঁৰ আশ্বৰ্যখিনি লৈ ল‘লোঁ জানিছিলোঁ এই ধৰণৰ […]

ক্ৰদ্ধ যুৱক বনাম ক্ৰদ্ধ বৃদ্ধ / হৰিবংশৰায় বচ্চন।

ক্ৰদ্ধ যুৱক বনাম ক্ৰদ্ধ বৃদ্ধমূল – হৰিবংশৰায় বচ্চন।অনুবাদ – গায়ত্ৰী দেৱী বৰঠাকুৰ। “আমি সকলো নুপুংসক বিংশ শতিকাৰ দুৰ্বল ,পৌৰুষত্বহীন সন্তান “ শুনিছো আমাৰ দেশৰ ডেকাচাম হেনো বহুত খঙত আছে ; শুনিছো আমাৰ দেশৰ যি পৰম্পৰা,পৰিস্থিতি সেইবোৰে তেওঁলোকক অসন্তুষ্ট,ৰুষ্ট কৰি তুলিছে, শুনিছো কথাবোৰ এনেকুৱাকৈ কয় হেনো একেষাৰে ক‘বলৈ গ‘লে যিবোৰ একেবাৰেই বেয়া লগা,অনৰ্থক আৰু কামবোৰ এনে […]

কবিতাঃ এই গ্ৰহৰ পিচত / মার্ক ষ্ট্ৰেণ্ড

এই গ্ৰহৰ পিচত (After Our Planet)মূলঃ মার্ক ষ্ট্ৰেণ্ড (Mark Strand)অনুবাদঃ ধ্ৰুৱ শইকীয়া   (ক) মই এনে এক ঠাইৰ পৰা লিখিছো যলৈ তুমি কাহানিও অহা নাই, ইয়াত ৰেল এৰোপ্লেন একে নচলে, পশ্চিমৰ এখন ঠাই, ইয়াৰ প্ৰতিটো ঘৰ সুৰক্ষিত থাকে বৰফৰ ডাঠ চামনিৰে ঢাক খাই জোনবাইৰ নিস্তেজ মুখাবয়বত বতাহৰ আর্তনাদ মানুহ, আৰু তেওঁলোক সাজ পোচাক, বৰ সাধাৰণ, […]

কবিতাঃ সমুদ্ৰৰ স’তে মানুহজন / চাৰ্লছ ব’ডলেয়াৰ

সমুদ্ৰৰ স‘তে মানুহজনমূলঃ চাৰ্লচ ব‘ডলেয়াৰঅসমীয়া ভাঙনিঃ অপৰাজিতা গগৈ মুক্ত মানুহ ! সাগৰৰ প্ৰতি তোমাৰ প্ৰেম অসীম ই তোমাৰ দাপোণ ইয়াতেই তোমাৰ আত্মাক লালন কৰা কেনে সীমাহীন, উন্মুক্ত ইয়াৰ প্ৰচণ্ড ঢৌবোৰ তোমাৰ আত্মাই দুখত ডুবিও সেই গভীৰতাক চুব খোজে ! অন্তৰৰ গভীৰতম প্ৰদেশত তুমি আনন্দ লভা দুচকু আৰু হৃদয়ৰ গভীৰতাৰে সৌন্দৰ্য মন্থন কৰা কেতিয়াবা মনে আওকাণ […]

কবিতাঃ সকলোবোৰ আমাৰ নাইবা কাৰোৱেই নহয় / বাৰ্টল্ট ব্ৰেখট্

সকলোবোৰ আমাৰ নাইবা কাৰোৱেই নহয়মূল: ALL OF US OR NONE(From Svenborger Gedichte)কবি: বাৰ্টল্ট ব্ৰেখট্অনুবাদ: কিশোৰ দাস দাসসকলেই সেইসকল লোক যিয়ে তোমাক মুক্ত কৰিব যিসকলে পৰি আছে গভীৰ অন্ধকূপত সহযোদ্ধা, সেইসকলে কেৱল দেখা পাব তোমাক তেওঁলোকেহে কেৱল শুনিবলৈ পাব তোমাৰ কান্দোন সহযোদ্ধা, কেৱল দাসসকলেহে মুক্ত কৰিব তোমাক সকলোবোৰ নাইবা একোৱেই নহয় সকলোবোৰ আমাৰ নাইবা কাৰোৱেই নহয় […]