কবিতাঃ ইতিহাস / ৰ’ৱান ৰিকাৰ্ডো ফিলিপ্ছ
ইতিহাস (History) মূলঃ ৰ’ৱান ৰিকাৰ্ডো ফিলিপ্ছ (Rowan Ricardo Phillips) অসমীয়া ভাঙনিঃ ধ্ৰুৱ শইকীয়া পলম হ’ল৷ বুৰঞ্জীয়ে তোমাক এটা চুমা খাব বুলি কৈছে৷ বিচনাত উঠাৰ পিচত৷ তুমি গুড নাইট বুলি ক’লাই নহয়৷ ভাগৰ লাগিছে তোমাৰ, চকু মেল খাই থাকিবই নোখোজে,, সেয়ে তোমাৰ ইমান লৰালৰি৷ তাই আক’, গৰম দিনৰ ৰাতি যেনেকুৱা হয়, তেনেকে শুব পৰা […]
কবিতাঃ Louise Gluck ৰ কবিতাৰ অসমীয়া ভাঙনি
Louise Gluck ৰ কবিতাৰ অসমীয়া ভাঙনি অসমীয়া ভাঙনিঃ স্ৰোতস্বিনী তামুলী স্ন‘ড্ৰপছমূল কবিতা: Snowdrops জানেনে মই কেনে আছিলোঁ, কেনেকৈ জীয়াই আছিলোঁ? আপুনি জানে নৈৰাজ্যতা কি ; তেন্তে শীতকালে আপোনাৰ বাবে অৰ্থ বহন কৰিব পাৰে। মই জীয়াই থকাৰ আশা কৰা নাছিলোঁ, কিন্তু পৃথিৱীখনে মোক আচৰিত কৰি তুলিলে। মই আকৌ জাগি উঠাৰ আশা কৰা নাছিলোঁ, পৃথিৱীৰ নমনীয়তাক […]
কবিতাঃ এজন বুঢ়া—ভাৰাভাৰা ৰাও
অনূদিত অসমীয়া কবিতা এজন বুঢ়া—ভাৰাভাৰা ৰাও মূলঃ হূবনাথ পাণ্ডে অনুবাদঃ বিতোপন গগৈ এজন বুঢ়া দুবছৰৰ পৰা কাৰাৰুদ্ধ জামিন নামঞ্জুৰ প্ৰতি বাৰে, বাৰে বাৰে এজন ৰুগীয়া বুঢ়া চৰকাৰী চিকিৎসালয়ত নিজৰ স্মৃতিশক্তি হেৰুৱাই আশী বছৰ বয়সত নিজৰ ঘৰ-পৰিয়ালৰ পৰা আঁতৰত বহু দূৰত, কিজানি আৰু কেতিয়াও গচকিবলৈ নাপাব নিজৰ চোতালখন কেতিয়াও লিখিব নোৱাৰিব কবিতা আৰু কেতিয়াও লিখিব […]
কবিতাঃ জীয়াই থকাৰ বিষয়ত / নাজিম হিকমত
নাজিম হিকমতৰ কবিতাৰ অসমীয়া অনুবাদ জীয়াই থকাৰ বিষয়ত (On Living) মূলঃ নাজিম হিকমত ইংৰাজী অনুবাদঃ Randy Blessing আৰু Motlu Konuk অসমীয়া ভাঙনিঃ ডা° বিপুল কুমাৰ বৰুৱাৰ ১) জীয়াই থকাও জানো ল’ৰা-ধেমালি জীয়াই থাকিবই লাগিল মনপুতি ধৰা এটা কেৰ্কেটুৱাই জীৱনক সি নকৰি উলাই পাৰেমানে সম্বল গোটায় ৷ ল’ৰাধেমালি নহয় জীৱন ইটি ধৰা তাক পঞ্জাপুতি ধৰা তোমাৰ দুহাত থোৱা […]
কবিতাঃ মই তোক আকৌ লগ পাম / অমৃতা প্ৰীতম
মই তোক আকৌ লগ পাম মূল: অমৃতা প্ৰীতমঅনুবাদ: অনন্যা দত্ত মই তোক আকৌ লগ পাম ক‘ত, কেনেকৈ নাজানো! হয়তো তোৰ ভাৱনাৰ এক ফিৰিঙতি হৈ তোৰ কেনভাছত নামিম… নহ‘লে সেই কেনভাছৰেই এক মায়াবী ৰেখা হৈ তোলৈ নীৰৱে ৰ লাগি চাই ৰ‘ম… সূৰ্যৰ কিৰণ হৈ তোৰ ৰংবোৰৰ সৈতে খেলি ৰ‘ম চাগে নহ‘লে ৰংবোৰৰেই দুবাহুত বহি সাৱটি […]
কবিতাঃ ৰেষ্টোৰাঁ / হেৰ’ল্ড পিণ্টাৰ
ইংৰাজী কবিতাৰ অসমীয়া অনুবাদ ২০০৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰা বৃটিছ সাহিত্যিক হেৰ’ল্ড পিণ্টাৰ ঘাইকৈ নাট্যকাৰ হিচাপেই পৰিচিত যদিও তেওঁ কিছু সংখ্যক কবিতাও লিখিছে। ‘দ্য বাৰ্থডে পাৰ্টী’, ‘দ্য হোমকামিং’, ‘বিট্ৰেয়েল’ আদি নাটকেৰে খ্যাতি অৰ্জন কৰা পিণ্টাৰৰ ‘ৰেষ্টোৰাঁ’ কবিতাটো তেওঁৰ বহুচর্চিত কবিতাসমূহৰ ভিতৰত এটা। ৰেষ্টোৰাঁ মূল – হেৰ’ল্ড পিণ্টাৰ অসমীয়া অনুবাদ — ড° বিৰিঞ্চি […]
কবিতাঃ অক্টোবৰ / লুইজ এলিজাবেথ গ্লুক
সাহিত্যৰ ন‘বেল বিজয়ী লুইজ এলিজাবেথ গ্লুকৰ কবিতা October ৰ প্ৰথমচোৱা অক্টোবৰমূল: Octoberকবি: লুইজ এলিজাবেথ গ্লুকঅনুবাদ: কিশোৰ কুমাৰ দাস ১। আকৌ শীত আহিল নেকি? আকৌ ঠাণ্ডা পৰিল নেকি? ফ্ৰাংকে জানোঁ বৰফত শুই পৰা নাই? সি ভাল পোৱা নাই নে? বসন্তৰ বীজবোৰ ৰোপণ কৰা নাইনে? নিশাটো শেষেই হোৱা নাই নে? গলা বৰফৰ পানীয়ে ঠেক নলাবোৰ […]
কবিতাঃ বন্দী-শিৱিৰৰ পৰা / শামসুৰ ৰাহমান
বন্দী-শিৱিৰৰ পৰা (বন্দী শিবিৰ থেকে)মূলঃ শামসুৰ ৰাহমানঅসমীয়া অনুবাদঃ খগেশ সেন ডেকা ঈৰ্ষাতুৰ নহওঁ, তথাপি মোৰ তোমালোকলৈ আজি বৰ ঈৰ্ষা হৈছে৷ তোমালোকে সুন্দৰ সুন্দৰ কাপোৰ-কানি পৰিধান কৰা, পাৰ্কৰ বেঞ্চত বহি আলাপত মচগুল হোৱা সেই বাবে কেতিয়াও নহয়৷ ভাল বস্তু খোৱা বোৱা কৰা ফূৰ্তি কৰা সবান্ধৱে, সেই কাৰণেও নহয়৷ বন্ধুসকল তোমালোক যিসকল কবি, স্বাধীন দেশৰ কবি, তেওঁলোকৰ […]
কবিতাঃ দ্বিতীয় আৱিৰ্ভাৱ / উইলিয়াম বাটলাৰ য়িট্ছ
দ্বিতীয় আৱিৰ্ভাৱ মূলঃ উইলিয়াম বাটলাৰ য়িট্ছ অনুবাদঃ যশোৱন্ত নিপুণ ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি শেনটোৱে আৰু শুনিবলৈ নাপায় তাৰ গৰাকীৰ কণ্ঠ ; সকলোবোৰ খহি পৰে; কেন্দ্ৰই আৰু ধৰি ৰাখিব নোৱাৰে; মাত্ৰ সীমাহীন বিশৃংখলতাই ঘেৰি ধৰে পৃথিৱীখন, ৰক্তাক্ত বাধাহীন জোৱাৰে আবৰে, আৰু সৰ্বত্ৰ প্লাৱনে গ্ৰাস কৰি আনে নিষ্কলুষ সৰলতাৰ উৎসৱ ; সৰ্বোত্তম সকলৰ কোনো […]
কবিতাঃ ৰঙা গাখীৰ/ বিকি মহেশ্ৰী (হিন্দী)
ৰঙা গাখীৰ মূলঃ বিকি মহেশ্ৰী (হিন্দী) অনুবাদঃ বিতোপন গগৈ আকাশত বোমা এটা জলমলাই উঠিল কণমানিটোৱে সুধিলে মা সেয়া কিহৰ উদযাপন মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে আকাশত আকৌ এটা বোমা জলমলাই উঠিল কণমানিটোৱে সুধিলে মা দেউতা কেতিয়া আহিব মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে আৰু এটা বোমা কণমানিটোৱে সুধিলে মা ইমান […]