অসমীয়া অনুবাদ কবিতাঃ গুই লি ছুইৰ দুটি কবিতা

অসমীয়া অনুবাদ কবিতাঃ গুই লি ছুইৰ দুটি কবিতা  মূলঃ ইংৰাজী  অসমীয়া ভাঙনিঃ ড০ কমল কুমাৰ তাঁতী নেমেছিছ তেওঁৰ ভালপোৱাৰ ধাৰণা আৰু তাইৰ ভালপোৱাৰ ধাৰণা, ৰক্তাক্ত লাঠিবোৰ লৈ দুয়ো দুয়োকে চিকাৰ কৰিবলৈ খেদি ফুৰিছে। খেলটোৰ নাম হৈছে ভাষা। মাতৃৰ কোচত আবদ্ধ হৈ থাকোঁতে যেতিয়া তেওঁলোকক টোপনিয়ে হেঁচা মাৰি ধৰিছিল, তেতিয়াই তেওঁলোক দুয়োৱে এদিনতে সেয়া শিকি পেলাইছিল। […]

কবিতাঃ নিজাৰ কাব্বানিৰ তিনিটা কবিতা

অসমীয়া অনুবাদ কবিতাঃ নাইজৰ কেবেনিৰ তিনিটা কবিতা মূল—আৰৱীইংৰাজী— বি ফ্ৰাংইহ,চি ব্ৰাউন অসমীয়া ভাঙনি— অৰূপ কুমাৰ দাস  চাকিতকৈ পোহৰ বেছি জৰুৰী চাকিতকৈ পোহৰ বেছি জৰুৰী, মই লিখা কবিতাবোৰ বহীখনতকৈ, আৰু চুমা এটা এযোৰ ওঁঠতকৈ ৷ তোমালৈ লিখা মোৰ চিঠিবোৰ যিবোৰ আমি দুজনতকৈয়ো মহান আৰু গুৰুত্বপূৰ্ণ ৷ সেইবোৰেই একমাত্ৰ দলিল য‘ত মানুহে আৱিস্কাৰ কৰিব তোমাৰ ৰূপ আৰু মোৰ […]

কবিতাঃ হো চি মিনৰ কবিতা

হো চি মিনৰ কবিতা অসমীয়া ভাঙনি : কোকিল শইকীয়া  শৰতৰ নিশা চেলৰ বাহিৰত এজন প্ৰহৰী কান্ধত ৰাইফল আকাশত জোনটো লুকাই গৈছে মেঘৰ আঁৰত আন্ধাৰত মিলিবযোৱা কলা আৰ্মীবোৰ বিছনাত অলসভাবে বাগৰ দি আছে মহৰ জাক যেন আতংকময় আক্ৰমণকাৰী বিমান মই চেলৰ ভিতৰত ভাবিছোঁ মাতৃভূমিৰ কথা মোৰ স্বপ্নৰ ভিতৰত মনটো বহু দূৰণিলৈ উৰি গৈছে সপোনৰ বাট হেৰুৱাই […]

কবিতাঃ ঘৃণাৰ প্ৰভাৱ

অসমীয়া অনুবাদ কবিতাঃ ঘৃণাৰ প্ৰভাৱ  মূলঃ সাগৰ খৈয়ামী অসমীয়া ভাঙনিঃ বিতোপন গগৈ ঘৃণাৰ প্ৰভাৱ চোৱা জন্তুৰো ভাগ হৈ গ‘ল গাই হিন্দু আৰু ছাগলী মুছলমান হৈ গ‘ল মন্দিৰলৈ গৈ হিন্দু দেখিলো মছজিদত দেখিলো মুছলমান সন্ধ্যা যেতিয়া মদিৰালয়লৈ গ‘লো তাতহে লগ পালো মানুহ কেইজনমান এই গছ-লতিকাও হায়ৰাণ হৈ যাব যদি চৰাইবোৰো হিন্দু বা মুছলমান হৈ যায় শুকান […]

অসমীয়া অনুবাদত নিকানোৰ পাৰৰাৰ কবিতাঃ মই যি ক’লো সকলো উঠাই ল’ব খোজোঁ

অসমীয়া অনুবাদ কবিতাঃ মই যি ক’লো সকলো উঠাই ল’ব খোজোঁ মূল কবিঃ নিকানোৰ পাৰৰা ইংৰাজী অনুবাদঃ মিলা উইলিয়ামছ অসমীয়া ভাঙনিঃ কোকিল শইকীয়া গুচি যোৱাৰ আগেয়ে মোৰ এটা ঈচ্ছাপূৰণৰ বাসনা আছে প্ৰিয়, পাঠক, মোৰ কিতাপবোৰ জ্বলাই দিয়ক মই যি লিখিব খুজিছিলোঁ , ইয়াত সেইবোৰ মুঠেও নাই যদিও এইবোৰ তেজেৰেই লিখিছিলোঁ কিন্তু মই যি লিখিব খুজিছিলোঁ সেইবোৰ […]

কবিতাঃ জীৱন পাঠ

অসমীয়া অনুবাদ কবিতাঃ জীৱন পাঠ মূলঃ James Whitecomb Rilley : অসমীয়া ভাঙনিঃ অপৰাজিতা গগৈ নাকান্দিবা কণমানিজনী ! মই জানো সিহঁতে তোমাৰ পুতলা ভাঙিলে তোমাৰ খেলনাঘৰ নীলা কাপ-প্লেট গোটেইবোৰ বহুদিন ধৰি যিবোৰ তুমি সযতনে ৰাখিছিলা শুনাচোন ! শৈশৱৰ দুখলগা দিনবোৰ সোনকালেই শেষ হ‘ব ! নাকান্দিবা মাজনী ! নাকান্দিবা কণমানিজনী ! সিহঁতে তোমাৰ চিলঠ-পেন্সিল ভাঙিলে কিমান হেঁপাহৰ […]

কবিতাঃ মূখা (Mask)

মুখা (Mask) মূল কবিঃ ছাপাৰদি জ‘ক ডামনো অসমীয়া ভাঙনিঃ ৰাজীৱ বৰুৱা তেওঁ মুখা সাজি ভালপাইছিল   মুখাবোৰ চাঁচি মাজি আঁৰি থয় বেৰত ইখনৰ পিছত সিখন পৰিচালকে কৈছিল— “মই সিহঁতৰ সৈতে খেলি ভালপাওঁ”— নিশা নাট মেলিবৰ পৰত সেহাই থকা, তলফাল কৰা আৰু লগনীয়া মুখাবোৰৰ  মাজত বিচাৰি তেওঁ ফুৰিছিল নিজৰ মুখ  পিছে মুখখন তাত নাছিল বোধহ়য় তেওঁ চাঁচিবলৈ […]

কবিতাঃ পৃথিৱী

পৃথিৱী মূল কবিতাঃ Earth কবিঃ John Hall Wheelock অসমীয়া ভাঙনিঃ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী “গ্ৰহ এটা নিজে নিজে সশব্দে বিধ্বস্ত হৈ নাযায়”, আকাশলৈ চাই মংগল গ্ৰহৰ জ্যোতিৰ্বিদজনে নিৰসভাৱে ক‘লে, “এনে কাম কৰিবলৈ তেওঁলোক যে সক্ষম হৈছিল  সিয়েই প্ৰমাণ কৰে, তাত নিশ্চয়কৈ অতি বুদ্ধিমান প্ৰাণীয়ে বাস কৰিছিল!”

কবিতাঃ আত্মহত্যা

আত্মহত্যা মূলঃ Suicide, F.G. Lorca অসমীয়া ভাঙনিঃ নিকু দুৱৰা জ্যামিতিৰ দৰেই আছিল কথাবোৰ বেলকনিৰে দেখা পোৱা টাৱাৰ পোষ্টটোৱো জানিছিল কিয় ঘড়ীটো একেথৰে ৰৈ আছে। F.G. Lorca এইমাত্ৰ মই হত্যা কৰি আহিছো মোক এৰি যোৱা ছাঁটোক। মোৰ হাতত এতিয়াও লাগি আছে তাৰ অস্থিৰ ছাই আইনাৰ সিপাৰৰ মইটো— যিটো ‘মই’ হ’ব নোৱাৰিলো কেতিয়াও! তাৰ ওঁঠত এতিয়াও অযুত […]