কবিতাঃ সমুদ্ৰৰ মাছমৰীয়া সকলৰ গীত/ কুমাৰ অনুপম
সমুদ্ৰৰ মাছমৰীয়া সকলৰ গীত মূল : কুমাৰ অনুপম (হিন্দী) অসমীয়া ভাঙনি : ৰুবুল দাস সমুদ্ৰ আমাৰ ৰুটী সমুদ্ৰ আমাৰ স্তুতি আমাৰ দেহৰ মাছবোৰ সমুদ্ৰৰ আমাৰ জীৱনৰ ৰঙবোৰ সমুদ্ৰৰ ধৈৰ্য আৰু নিমখ আমাৰ তেজৰ বাট বতাহ অ‘ বতাহ তোমাৰ ওচৰত কৃতজ্ঞ প্ৰতিকূল হ‘লেও আকাশ অ‘ আকাশ তোমাৰ ওচৰত কৃতজ্ঞ কাষত নাথাকিলেও পানী অ‘ পানী তোমাৰ ওচৰত […]
কবিতাঃ প্ৰেম
প্ৰেম মূল : মিৰ‘শ্লেভ হোলাব ইংৰাজী অনুবাদ : আয়ান মিলনাৰ, জৰ্জ ডাইনাৰ অসমীয়া অনুবাদ : অৰূপ কুমাৰ দাস অসংখ্য চিগাৰেটৰ টুকুৰা ৷ ইখন বেৰৰ পৰা সিখন বেৰলৈ বহু যোজনৰ বাট ৷ বৰফৰ দৰে নিৰুদ্বেগ মৃ্ত্যু আৰু অৰ্ধ চেতনা ৷ চোতালৰ পাতি হাঁহৰ পদচিহ্ন যেন পুৰণি অলেখ শব্দ ৷ নিলিখা অসংখ্য কিতাপ ৷ নসজা অসংখ্য চিতা ৷ যাতনা ৷ […]
কবিতাঃ আন্না শ্বিৰৰ কবিতা
আন্না শ্বিৰৰ কবিতা ইংৰাজী: চেস্বোৱাফ মিলোজ লিঅ‘নাৰ্ড নাথান অসমীয়া ভাষান্তৰ: দ্বিজেন কুমাৰ দাস এক: যিদৰে গছৰ আছে বতাহৰ প্ৰতি সাগৰৰ প্ৰতি শঙ্খৰ যিদৰে জীৱনৰ আছে যন্ত্ৰণাৰ প্ৰতি মৃত্যুৰ প্ৰতি সময়ৰ — দুৰ্নিবাৰ ভালপোৱা তেনে ভালপোৱাৰেই মই পূৰ্ণ এতিয়া৷ দুই: সেউজীয়াৰ মাজতে আমাৰ ভালপোৱাৰ বাহ সাজিছা মোহাৰি পেলোৱা ফুলবোৰলৈ […]
কবিতাঃ ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা
জুই আৰু বৰফ (Fire and Ice) মূল কবি : ৰবাৰ্ট ফ্ৰষ্ট অনুবাদ : প্ৰশান্ত কুমাৰ বৰা কোনোবাই কোৱা শুনো অগনিত দহি হেনো শেষ হ’ব এদিন এই সেউজ ধৰণী, কোনোৱে আক’উ কয় হিমতহে হ’ব লয় হেৰুৱাম ধৰাধাম নাপাম তৰণী। পিছে এটা কথা মই বুজিছো নিশ্চয়কৈ বাসনাৰ ৰৌদ্ৰতাপ সহা বৰ টান, জুইৰ কথা কওঁতাকে সঁচা যেন লাগে […]
অসমীয়া অনুবাদ কবিতা : ইজ্ব্যেগনেভ হাৰ্বাৰ্টৰ দুটি কবিতা
অসমীয়া অনুবাদ কবিতা : ইজ্ব্যেগনেভ হাৰ্বাৰ্টৰ দুটি কবিতা ইংৰাজী অনুবাদ : ছিজল‘ মিল‘জ উৎস : Zbigniew Herbert Selected poems অসমীয়া ভাঙনি : অনন্ত ৰাজখোৱা বস্তুবোৰ নিস্প্ৰাণ বস্তুবোৰ সহজাত ৰূপত শুদ্ধ আৰু সিবোৰক কোনো কথাতেই ভৎসৰ্না কৰিব নোৱাৰি। চকী এখনৰ ভৰি কেইটা কেতিয়াও সাল-সলনি হোৱা দেখা নাই মই।অথবা দেখা নাই বিচনা এখনক, পিছ ঠেঙত ভৰ দি থিয় হোৱা। অৱসাদে ভাৰাক্ৰান্ত কৰাৰ পাছতো,মেজখনে […]
কবিতাঃ আকৌ লৃগাং / টাবুৰাম টাইদ
আকৌ লৃগাং মূলঃ মিচিং কবিঃ টাবুৰাম টাইদ অসমীয়া ভাঙনিঃ নিতুল নন্দন ৰেগন গুমৰাগ গুমৰাগ ইফালে গুমৰাগ গুমৰাগ গুমৰাগ সিফালেও গুমৰাগ বৰনৈ গুমৰাগ সোৱণশিৰি গুমৰাগ উজনিত গুমৰাগ নামনিতো গুমৰাগ হেৰৌ য়াকাদৈৰ মাক, হাঁহো নে কান্দো আকাশে বতাহে গুমৰাগ ৰাগ ! বহিব নোৱাৰোঁ, থাকিব নোৱাৰোঁ, গুমৰাগে লহৰ তুলিছে টোপনি নধৰে, পেটৰ কলমলনি বাঢ়িছে যোৱাবেলিৰ দুমদুমৰ ৰগৰেই আতিছিলে […]
কবিতাঃ শব্দ / এছ আৰ নাটৰাজন
Melancholy by Edvard Munch শব্দ মূল কবি : এছ আৰ নাটৰাজন অসমীয়া ভাঙনিঃ ৰাজীৱ বৰুৱা শব্দ এটা নাই লিখি থোৱা কবিতাটোৰ পৰাই হেৰাল অৰ্থই বাট হেৰুৱাই ভগ্নাংশ হৈ চটফটাই থাকিল উকা ঠাইডোখৰ পূৰাবলৈ তাত জোৰা দিয়া হল এটুকুৰা হীৰা এন্ধাৰৰ লহৰত কবিতাৰ ৰক্ত প্ৰবাহত হীৰাৰো কানিমুনি লাগিল সানি দিয়া হ‘ল ৰামধেনুৰ এটা ৰং তাতো নালাগিল […]
বব ডিলানৰ দুটা কবিতা
অসমীয়া অনুবাদ কবিতাঃ বব ডিলানৰ দুটা কবিতা (আচলতে এই দুটা ডিলানৰ বিখ্যাত গান । কিন্তু গানৰ কথাখিনি কবিতাতকৈ পৃথক নহয় । সেয়ে কবিতা হিচাপে পঢ়ি কবিতা হিচাপে অনুবাদ কৰা হৈছে) মূলঃ বব ডিলান অনুবাদঃ বিভূতি গগৈ বতাহত ভাহিছে ( Blowing In The Wind ) আৰু কিমান বাট মানুহে যাব লাগিব তুমি তেওঁক মানুহ বোলাৰ আগেয়ে? […]
কবিতাঃ জোতা/ অশোক বাজপেয়ী
অসমীয়া অনুবাদ কবিতাঃ জোতা মূলঃ অশোক বাজপেয়ী মূল ভাষাঃ হিন্দী অসমীয়া ভাঙনিঃ অৰ্চনা পূজাৰী জোতাযোৰ তাতেই আছিল ভৰি দুখনহে তাত নাছিল কোনো কোনো ঠাইত ভেঁকুৰ লাগিছিল কিয়নো কোনেও জোতাযোৰ পিন্ধা নাছিল ব্যৱহাৰ নোহোৱাৰ বাবে এক বিপদো হৈছিল জোতাযোৰৰ তলিত ধূল বা বোকা একো লগা নাছিল কোনেও সেই ঠাইৰ পৰা আঁতৰাইও থোৱা নাছিল পিছে জোতাযোৰ এদিন […]
অসমীয়া অনুবাদ কবিতাঃ ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা
অসমীয়া অনুবাদ কবিতাঃ হিম-পৰা গধূলি হাবিৰ মাজত ৰোৱা ৰবাৰ্ট ফ্ৰষ্ট মূলঃ ৰবাৰ্ট ফ্ৰষ্ট অনুবাদ: অজিৎ বৰুৱা এই হাবি কাৰ মই বোধকৰোঁ জানো। তেওঁৰ ঘৰ এই গাঁৱতে যদিও; তেওঁৰ হাবিখন হিম পৰি ভৰি উঠা চাম বুলি মই ৰোৱা তেওঁ নেদেখিব। মোৰ সৰু ঘোঁৰাটোৱে আচহুৱা পাব কাষত পমুৱা ঘৰ নথকা সত্ত্বেও হাবি আৰু গোটমৰা পুখুৰীৰ মাজৰ ঠাইতে […]