অসমীয়া অনূদিত কবিতাঃ পিঠা সনা মাছ

অসমীয়া অনূদিত কবিতাঃ পিঠা সনা মাছ অনুবাদঃ বিজিত লাহন মূল: Breaded Fish, A. K. Ramanujan এ. কে. ৰামানুজন কেৱল মোৰ বাবে তেওঁ যতনাইছিল কেইটামান পিঠা সনা মাছ*; আনকি জোৰকৈ মোৰ মুখত গুজি দিছিল এটা ভোটা মূৰৰ ছালমন! আৰু মোৰ অৱস্থা দেখি তেওঁ দুখ পাইছিল–মই বহি থাকিবও পৰা নাছিলোঁ, মাছটো গিলা দূৰৈৰ কথা–কেনেকৈনো গিলোঁ? গৰম হিটাৰৰ ৰঙা কইলৰ […]

কবিতাঃ উলঙ্গ ৰজা / নীৰেন্দ্রনাথ চক্রবর্তী

উলঙ্গ ৰজা মূল: (বাংলা) নীৰেন্দ্রনাথ চক্রবর্তী ভাষান্তৰ : নীলাভ সৌৰভ নীরেন্দ্রনাথ চক্রবর্তী সকলোৱে দেখিছে যে ৰজা উলঙ্গ, তথাপি সকলোৱে হাততালি দিছে। সকলোৱে টেটু ফালিছে; চাব্বাচ, চাব্বাচ! কাৰোবাৰ মনত সংস্কাৰ, কাৰোবাৰ ভয়; কোনোবাই নিজৰ বুদ্ধি বিবেচনাক আনৰ হাতত বন্ধকত থৈছে; কোনোবা পৰজীৱী অথবা কৃপাপ্রার্থী কোনোবা পদপ্ৰাৰ্থী অথবা প্রবঞ্চক কোনোবাই ভাবিছে সঁচাকৈয়ে ৰাজবস্ত্র ইমান সূক্ষ্ম দৃষ্টিত ধৰা […]

অসমীয়া অনূদিত কবিতাঃ নিকানোৰ পাৰৰাৰ তিনিটা কবিতা

অসমীয়া অনূদিত কবিতা নিকানোৰ পাৰৰাৰ তিনিটা কবিতাঃ অনুবাদকঃ বংশী বৰা মূল কবিতাঃ Before I go I’m supposed to get a last wish মোৰ চিতা সজোৱা আছে। মোৰ উশাহৰ বাটছোৱাত মোৰ হৃদয়ৱান পাঠকসকলক কৈ যাওঁ— পুৰি পেলোৱা। জ্বলি জ্বলি শেষ হওঁক মোৰ এই পুথিখন। মোৰ এইয়া শেষ ইচ্ছা প্ৰিয় পাঠক, এনেকৈ ক’ম বুলি মুঠেই সাজু নাছিলোঁ। […]

কবিতা : যুদ্ধ / লুই চিম্পছন

যুদ্ধ (The Battle) মূল : লুই চিম্পছন (Louis Simpson) অসমীয়া ভাঙনি : ডালিম দাস Louis Simpson মস্তকাৱৰণ আৰু ৰাইফল , লাম-লাকটু আৰু হলৌ চোলা হাবি ফালি গৈ আছিল । ওপৰত ক‘ৰবাত বন্দুকে গৰজিলে । গলৰ নলীমুখ হেন ৰাতিৰ চৌপাশ জুইহেন লাল হৈ উঠিছিল । সিহঁ‌তে থমকিল আৰু চোপ ল‘লে । ছালৰ এটি টোপোৰাৰ দৰে বহি গ‘ল […]

কবিতাঃ পশ্চাৎ চিত্ৰ/ মূল: অদ্ৰে লৰ্ড

পশ্চাৎ চিত্ৰ (Afterimage) মূল: অদ্ৰে লৰ্ড অনুবাদ: অভিষেক কুমাৰ শৰ্মা audre lorde                            (১) অথচ ছবিবোৰ প্ৰৱেশ কৰি ৰৈ যায় মোৰ দুচকুত যেন শিলাময় গুহা য’ৰ পৰা উদ্ভৱ হয় দৈত্যকায় মাছবোৰ জীৱনৰ বাবে উদ্যত, অক্লান্ত আৰু লালায়িত কোনো খাদ্যৰ অবিহনে গাইছে জীয়াই থকাৰ গান মোৰ দুচকু ক্ষুধাতুৰ আৰু স্মৰণশীল অথচ ছবিবোৰ প্ৰৱেশ কৰি ৰৈ যায় […]

কবিতাঃ যুদ্ধ/ কবিঃ লুই চিম্পছন

যুদ্ধ কবিঃ লুই চিম্পছন অসমীয়া ভাঙনিঃ ডালিম দাস মস্তকাৱৰণ আৰু ৰাইফল , লাম-লাকটু আৰু হলৌ চোলা হাবি ফালি গৈ আছিল । ওপৰত ক‘ৰবাত বন্দুকে গৰজিলে । গলৰ নলীমুখ হেন ৰাতিৰ চৌপাশ জুইহেন লাল হৈ উঠিছিল । সিহঁ‌তে থমকিল আৰু চোপ ল‘লে । ছালৰ এটি টোপোৰাৰ দৰে বহি গ‘ল বিৰিখৰ মাজৰ জেপেতীয়া মাটিত । গাঁ‌তত গোজ হোৱা সৈনিকবোৰে অচিৰেই প্ৰথম […]

কবিতাঃ সৰু ল’ৰাটো আৰু বুঢ়া মানুহজন/ চেল চিলভাৰ্চষ্টেইন

সৰু ল’ৰাটো আৰু বুঢ়া মানুহজন ( The Little Boy and The Old Man) কবি : চেল চিলভাৰ্চষ্টেইন (Shel Silverstein) অসমীয়া ভাঙনি : মেঘনা চৌধুৰী Shel Silverstein সৰু ল’ৰাটোৱে ক’লে, “কেতিয়াবা মোৰ চামুচখন পৰি যায়৷” বুঢ়া মানুহজনে ক’লে, “মোৰো পৰি যায়৷” “মই কাপোৰ তিয়াওঁ নহয়,” সৰু ল’ৰাটোৱে ক’লে কাণে-কাণে৷ “ময়োতো তিয়াওঁ,” হাঁহিলে সৰু বুঢ়া মানুহজনে৷ সৰু […]

কবিতাঃ আটাইবোৰ চৰাই / ডেন জেক

আটাইবোৰ চৰাই (All the Birds ) মূল কবি : ডেন জেকৰ কবিতা অসমীয়া ভাঙনি : খগেশ সেন ডেকা আমি আটাইবোৰ চৰাইকে হত্যা কৰিম৷ আটাইবোৰ৷ আটাইবোৰ, ঢোঁৰা কাউৰীজাকে কোৰকোৰাইছিল মৰ গধূলি বেলা৷ আৰু ৰাতিৰ নিস্তব্ধতাত মই শুনিছিলোঁ বাগিচাত কোনোবাই মোৰ চৰাইবোৰ হত্যা কৰাৰ শব্দ৷ মই জানিছিলোঁ এতিয়াৰে পৰা দোকমোকালিত মোৰ বাবে কোনো গীত নাথাকিব, আৰু মই অনুভৱ […]

কবিতাঃ বৰষুণৰ শব্দ শুনাৰ দৰে / অক্টাভিঅ পাছ

বৰষুণৰ শব্দ শুনাৰ দৰে  (As one listens to the rain) মূল : অক্টাভিঅ পাছ অসমীয়া ভাঙনি : প্ৰেম নাৰায়ণ নাথ বৰষুণৰ শব্দ শুনাৰ দৰে মোৰ কথাও শুনাচোন মন নিদিয়াকৈ মন-পাতল নকৰাকৈ মৃদু পদধ্বনিৰে জিৰজিৰ বৰষুণ পানী য‘ত বতাহ, বতাহ য‘ত সময় যাওঁ যাওঁ দিৱস, ৰাতি আহিবলৈ এতিয়াও বাকী কুৱঁলীৰ প্ৰতিকল্প, চুকৰ কেঁকুৰিটোতে সময়ৰ প্ৰতিৰূপ, বিৰতিৰ […]