কবিতাঃ পিঞ্জৰাৰ চৰাইয়ে কিয় গান গাই মই জানো / মায়া এঞ্জেলো
পিঞ্জৰাৰ চৰাইয়ে কিয় গান গাই মই জানো কবি : মায়া এঞ্জেলো অসমীয়া ভাঙনি : শ্যামজ্যোতি শইকীয়া পিঞ্জৰাৰ চৰাইয়ে কিয় গান গাই মই জানো মুক্ত চৰাই বহু দূৰলৈকে উৰে বায়ুৰ পিঠিত উঠি সোঁতৰ লগে লগে উটি যায় বেঙুনীয়া পোহৰত পাখি তিয়াই দখল কৰিব পাৰে আকাশ কিন্তু ঠেক সজাঁত আবদ্ধ চৰাইয়েনো বাৰু দেখিব কি পাখি বন্ধা ঠেং […]
কবিতাঃ এলিজাবেথ বিশ্বপৰ পাঁচটা কবিতা
অসমীয়া ভাঙনি : যশোৱন্ত নিপুণ এটি শিল্প হেৰোৱাৰ শিল্প আয়ত্ব কৰাটো কঠিন নহয় ; বহুত কিবা-কিবিয়েই হেৰাই যোৱাৰ ইমান সম্ভাৱনাৰে পূৰ্ণ যে সেই সকলোবোৰ হেৰুৱাই পেলোৱাটো কোনো বিপৰ্যয় নহয় ৷ প্ৰতিদিনেই কিবা-কিবি হেৰুৱাবা ৷ আপোন কৰি লোৱা তোমাৰ দুৱাৰৰ চাবিকাঠি হেৰোৱাৰ দুৰ্যোগ, ভালদৰে কটাব নোৱাৰা মুহূৰ্তবোৰ ৷ হেৰোৱাৰ শিল্প আয়ত্ব কৰাটো কঠিন নহয় ৷ তেতিয়া […]
কবিতাঃ মাতাল হোৱা / চাৰ্লছ বোডলেয়াৰ
মাতাল হোৱা (Be Drunk) কবি : চাৰ্লছ বোডলেয়াৰ অসমীয়া ভাঙনি : পম্পী দেৱনাথ Baudelaire তুমি মাতাল হ’বই লাগিব সদায়৷ আটাইবোৰ আছেই নহয়নে? এইটোৱে একমাত্ৰ পথ৷ সময়ৰ বীভৎস বোজা যাতে অনুভৱ নহয়, যিয়ে তোমাৰ পিঠিৰ হাড় ভাঙিছে তোমাক মাটিলৈ আনিছে তুমি মাতাল হ’বই লাগিব ৰৈ দিলে নহ’ব কিন্তু কিহত মাতাল হ’বা ? সুৰা, কবিতা অথবা উৎকৰ্ষ, […]
কবিতাঃ ঘাঁহৰ এখিলা পাত / এপ্ৰিলিয়া জাংক (জাৰ্মানী)
ঘাঁহৰ এখিলা পাত মূল ইংৰাজী : এপ্ৰিলিয়া জাংক (জাৰ্মানী) অসমীয়া ভাঙনি : শঙ্কৰ শইকীয়া এপ্ৰিলিয়া জাংক সিহঁতে তোমাক বিধ্বস্ত কৰি পেলাব পাৰে ঘাঁহৰ এখিলা পাতেৰে এটা তুচ্ছ শব্দেৰে এটা সামান্য ফুচ্ ফুচনিৰে কিন্তু তাৰেই মাজতে তোমাৰ সামৰিবলৈ আছে ঢেৰ কাম গছপুলি ৰুবলৈ আছে কেঁচুৱাক আপদাল কৰিবলৈ আছে বছৰবোৰক সংখ্যাবোৰ দিবলৈ আছে আৰু এতিয়াও তোমাৰ শান্তিৰ […]
কবিতাঃ ডেফ’ডিল ফুল / উইলিয়াম ৱৰ্ডচৱৰ্থ
ডেফ‘ডিল ফুল (The Daffodils) মূল : উইলিয়াম ৱৰ্ডচৱৰ্থ অনু : লীলা বৰগোহাঁই Wordsworth পৰ্বতৰ ভৈয়ামৰ ওপৰে ওপৰে ভাহি ফুৰা এটুকুৰা ডাৱৰৰ দৰে লক্ষ্যহীন ভাবে মই ফুৰিছিলো অনাই বনাই নিৰ্জন বননিত অকলে অকলে……। হঠাতে দেখিলো মই চকুৰ আগত হালি জালি নাচি নাচি জুৰ বতাহত ফুলি আছে উলাহত হেজাৰ বিজাৰ সোণোৱালী ডেফডিল বিলৰ পাৰত । হাতীপটি শোভি […]
কবিতাঃ অন্তৰ্বাস / লৰেন্স ফাৰ্লিঙ্গেটি
অন্তৰ্বাস (Underwear) মূল কবি : Lawrence Ferlinghetti অসমীয়া ভাঙনি : বাপুকণ চৌধুৰী Lawrence Ferlinghetti যোৱানিশা টোপনি নাহিছিল মোৰ অন্তৰ্বাসৰ কথায়ে ভাবিছিলো ওৰেটো নিশা ৷ কেতিয়াবা আপুনিও বিচাৰ বিবেচনা বাদ দিছে নে? এটা জড় নিস্ক্ৰিয় বিবেকহীন অন্তৰ্বাসৰ দৰে? বাস্তৱত অন্তৰ্বাসক খান্দিবলৈ গলে কিছুমান আচৰিত সমস্যাৰ উদ্ভৱ হয় যিবোৰ সকলোৱে ভুঞ্জিব লাগে কাৰণ সকলোৱেই যে পিন্ধে অন্তৰ্বাস ! […]
কবিতাঃ ভিয়েটনামৰ কবি টো হূৰ দুটা কবিতা
ভিয়েটনামৰ কবি টো হূৰ কবিতা অসমীয়া ভাঙনি : খগেশ সেন ডেকা আক্ৰান্ত দক্ষিণ (Invaded South) ইংৰাজী অনুবাদ : এলেন পামাৰ আৰু ল‘ৰেইন চালমন যদি তুমি আত্মবিশ্বাসৰ গভীৰ প্ৰত্যয়েৰে, মোক সোধা বন্ধু, মানুহৰ মুখেৰে নিৰ্গত হাজাৰ-বিজাৰ শব্দৰ মাজৰ কোনটো শব্দই তোমাক সবাতো অধিক দুখ দিয়ে ? মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা এটাই মাথোঁ উত্তৰ ওলাই আহিব […]
কবিতাঃ কেইটামান যুদ্ধ বিষয়ক কবিতা
কেইটামান যুদ্ধ বিষয়ক কবিতা অসমীয়া ভাঙনি ঃ সমুদ্ৰ কাজল শইকীয়া গাজাত যুদ্ধ হৈ থকাৰ সময়ৰ ফটো অনুবাদকৰ টোকাঃ ইয়াৰে প্ৰথম পাঁচটা পেলেষ্টাইনৰ সম্পৰ্কীয়। ৫ চেপ্তেম্বৰ, ২০১৪ তাৰিখে ‘সাদিন‘ কাকতত ‘এন্ধাৰে গৰকা দিনৰ কবিতা‘ শিৰোনামেৰে এইলানি কবিতা প্ৰকাশ হৈছিল। পেলেষ্টাইনৰ গাজাত ঘটি থকা ইজৰাইলৰ বোমাবৰ্ষণৰ অমানৱীয়তাৰ প্ৰতিক্ৰিয়া হিচাপে এইখিনি কবিতাৰ ভাঙনি কৰা হৈছিল। কিণ্ডল (Kindle) নামৰ আলোচনীখনত […]
কবিতাঃ ভৰ্ৎসনা / ছিলভিয়া প্লেথ
ভৰ্ৎসনা (ADMONITION) কবি : ছিলভিয়া প্লেথ (SYLVIA PLATH) অসমীয়া ভাঙনি : কিশোৰ দাস sylvia plath যদি তুমি ব্যৱচ্ছেদন কৰা এটি চৰাইৰ আঁকিবলৈ জিভাখন কটা যাব তাঁৰডাল সংগীত সাধন কৰা যদি তুমি ছাল বখলিয়াই দিয়া এটা জন্তুৰ জানিবলৈ কেশৰৰ আশ্চৰ্য মুচৰিব লাগিব তাত য‘ৰ পৰা আৰম্ভ হৈছে নোমাল ছালছটা যদি তুমি আজুৰি উলিয়াই আনা হৃদপিণ্ডটো জানিবলৈ […]
কবিতাঃ পূৰ্ণেন্দু পত্ৰীৰ কেইটামান কবিতা
মূলঃ পূৰ্ণেন্দু পত্ৰী অসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই পূৰ্ণেন্দু পত্ৰী কথোপকথন- ১০ – কালি ঘৰলৈ ঘূৰি আহি কি কৰিলা ? – কান্দিলোঁ । তুমি ? — লিখিলোঁ । – কবিতা ? ক‘তা, চাওঁ । – লিখি শেষ কৰিয়েই , টুকুৰাটুকুৰ । – কিয় ? – মোৰ আনন্দৰ ভিতৰত অনৰ্গল কথা কৈছিল এটা আৰ্তনাদে । আৰ্তনাদৰ ভিতৰত […]