কবিতাঃ তোমাৰ মুখ মনত পৰিছে চে’ / মৃন্ময় চক্ৰবৰ্তী

তোমাৰ মুখ মনত পৰিছে চে‘ মূল বাংলা : তোমার মুখ মনে পড়ে, চে’  কবি : মৃন্ময় চক্ৰবৰ্তী  অসমীয়া ভাবানুবাদ : বাপুকণ চৌধুৰী  লেটিন আমেৰিকাই ক‘লে তোমাৰ মুখ মনত পৰিছে চে‘ এণ্ডিজ পৰ্বতৰ দৰে সুউচ্চ দৃষ্টি পথ আটলান্টিকৰ ঢৌ ৰ দৰে প্ৰাণ প্ৰস্ফুটিত হাঁহিবোৰ তোমাৰ উজ্বল মুখ মণ্ডলত !!!! আমি এচিয়াৰ ক্লান্ত আকাশৰ তলত ক্ৰমশ: ঠেক […]

কবিতাঃ আমাৰ শিশুসকললৈ উপদেশ / নাজিম হিকমত

আমাৰ শিশুসকললৈ উপদেশ  (Advice to our Children) মূল কবি : নাজিম হিকমত অসমীয়া ভাঙনি : খগেশ সেন ডেকা nazim hikmet   তোমালোক দুষ্ট হোৱা, তাত কোনো ক্ষতি নাই৷ সুউচ্চ দেৱালবোৰ, ওখ ওখ গছবোৰ বগাই যোৱা৷ এক অভিজ্ঞ দলপতিৰ দৰে দুয়োখন হাতক নিৰূপণ কৰিবলৈ দিয়া তোমাৰ চাইকেলৰ গতি৷ আৰু ধৰ্মগুৰুৰ কাৰ্টুন অঁকা কাঠ-কলমডালেৰে, ধ্বংস কৰি পেলোৱা […]

কবিতাঃ হ’ৰ্ছত্ বেইনেকৰ চাৰিটা কবিতা

                                                                                 হ‘ৰ্ছত্ বেইনেকৰ চাৰিটা কবিতা অনুবাদ : অনন্ত ৰাজখোৱা উৎস গ্ৰন্থ : Zeichen und satze/Signs and  propositions) অভিযুক্ত  (Angeklagt/Accused) গোটেই কেইজনেই আছিল অভিযুক্ত দোষ স্বীকাৰ কৰিলে সিহঁতৰ মাজৰ এজনেহে।   বাকী কেইজনে নশ্চাৎ কৰিলে মৌনতাৰ শব্দ […]

কবিতাঃ প্ৰথমতে তেওঁলোকে সুধিছিল/ পেষ্টৰ মাৰ্টিন নিয়েমল্লাৰ

প্ৰথমতে তেওঁলোকে সুধিছিল মূল : FIRST THEY CAME কবি : PASTOR MARTIN NIEMOLLER (Friedrich Gustav Emil Martin Niemöller) অসমীয়া ভাঙনি : কিশোৰ দাস   প্ৰথমতে তেওঁলোকে সুধিছিল কমিউনিষ্ট সকলৰ কথা আৰু মই একো কোৱা নাছিলো কিয়নো মই কমিউনিষ্ট নাছিলো তাৰ পিছত তেওঁলোকে সুধিছিল সমাজবাদী সকলৰ কথা আৰু মই একো কোৱা নাছিলো কিয়নো মই সমাজবাদী নাছিলো […]

কবিতাঃ সুনীল গঙ্গোপাধ্যায়ৰ দুটা কবিতা

সুনীল গঙ্গোপাধ্যায়ৰ দুটা কবিতা অসমীয়া ভাঙনি : ড০ ৰীতা শৰ্মা Sunil Gangopadhyay ভালপাওঁ ভালপাওঁ ধৰা কাইলৈ তোমাৰ পৰীক্ষা, ৰাতি উজাগৰে পঢ়াৰ টেবুলত বহি আছা, টোপনি অহা নাই তোমাৰ হঠাৎ ভয়াৰ্ত কণ্ঠেৰে মই সুধিলোঁ – ভালপোৱা? তুমি কি খং কৰিবা? নে উঠি আহি সাৱটি ধৰি ক’বা, ভালপাওঁ, ভালপাওঁ   ধৰা ক্লান্ত তুমি, অফিচৰ পৰা আহি পাইছা, ক্ষুধাৰ্ত, তৃষ্ণাৰ্ত, পীড়িত… খোৱা টেবুলত একোৱেই ৰান্ধি থোৱা […]

কবিতাঃ ক’ৰোনা বিষয়ক চীনা কবিতা – লি উৱেনলিয়াঙৰ স্মৃতিত শোকগাথা / ইউ ছিউহুৱা (চীনা)

   ক’ৰোনা বিষয়ক এটা চীনা কবিতা লি উৱেনলিয়াঙৰ স্মৃতিত শোকগাথা মূল কবি : ইউ ছিউহুৱা (চীনা)অসমীয়া ভাঙনি : জগত বৰা জিৰণি লোৱা এইবাৰ অৱৰুদ্ধ বাক-স্বাধীনতাতকৈও বিপজ্জনক নাই কোনো ভাইৰাছ, যি পৃথিৱীত সত্যৰ লগত মিলি আছে মিথ্যা তাতকৈ নাই কদৰ্য কোনো বিশ্ব নাই কোনো সন্ত্ৰাস জিৰণি লোৱা এইবাৰ ইয়াংমী নদীৰ বোৱঁতী পানীত ভাহে নাও ভাহে ডুবন্ত জাহাজ, পীত […]

কবিতা: ইউ স্টাৰ্ট ডাইং স্লোলী / পাবলো নেৰুদা

ইউ স্টাৰ্ট ডাইং স্লোলী মূল কবি: পাবলো নেৰুদা অনুবাদ: সঞ্জীৱ মজুমদাৰ Neruda     “ইউ স্টাৰ্ট ডাইং স্লোলী”   তুমি ক্ৰমাৎ মৃত্যুৰ বুকুলৈ ঢপলিয়াইছাঁ …   যদিহে তুমি কোনো যাত্ৰা নাই কৰা   যদিহে তুমি একোৱেই নপঢ়া   যদিহে তুমি জীৱনৰ ধ্বনিবোৰ নাই শুনা   যদিহে তুমি নিজক প্ৰশংসা কৰি নাই পোৱা!   তুমি ক্ৰমাৎ […]

কবিতাঃ উভতি যাওঁ / দাউদ হায়দৰ

উভতি যাওঁ (ফিৰে যাচ্ছি) অসমীয়া ভাঙনি ঃ  খগেশ সেন ডেকা মূল (বাংলা)  ঃ দাউদ হায়দৰ মৃতসকলৰ চকুবোৰ পুনৰ বিজুলী বাতিৰ দৰে তিৰবিৰাই উঠিল সন্ধিয়া সাত বজাৰ পাছত কবৰস্তানত— অমাৱস্যাৰ ৰাতি মাজে মাজে বৰষুণ৷ মই ভৰা যমুনাত কালি এটা গৰ্ভৱতী হালধীয়া জোন ডুব যোৱা দেখিছোঁ৷ —যেন শ্যামৰ বাঁহীৰ পৰা ছিটিকি ওলাই আহিছে —যেন অভাৱী সংসাৰৰ জ্বালাত— ক‘ব পাৰি গৃহত্যাগী ৰমণীৰ […]

কবিতাঃ শৃঙ্খল-বিশৃঙ্খল / সলিল চৌধুৰী

শৃঙ্খল-বিশৃঙ্খল মূল কবি : সলিল চৌধুৰী  অসমীয়া ভাঙনি : চাণক্য চিৰাং সলিল চৌধুৰী শৃঙ্খল কথাটোৰ মাজত এটা তলসুৰীয়া আছে শব্দ৷ চাৰিওফালে বন্ধ এটা কোঠাৰ বমিৰ যেন অঁহীয়া অঁহীয়া দুৰ্গন্ধ৷ তপামূৰীয়া এজন সংস্কৃত পণ্ডিতৰ চাবুকৰ আস্ফালন৷ মন্ত্ৰীবৃন্দৰ ৰেডিঅ’ৰ ভাষণ, ভৰিত ভৰি থৈ সৈনিকৰ মাৰ্চ৷ শৃঙ্খলা কথাটিৰ মাজতো আছে এটা চাতুৰী৷ কথাটো সমতল বাকৰিত থিয় হৈ কব নোৱাৰি, […]

গীতৰ অনুবাদঃ জন হেনৰি / পল ৰবচন

জন হেনৰি মূল : পল ৰবচন অনুবাদ : হেমাংগ বিশ্বাস জন হেনৰি! তীখাৰ আখৰে লিখা নাম তাৰ যেন এটা চলন্ত ইঞ্জিন হাতুৰীৰ তালে তালে গান গায় সুহুৰি দি ৰং মনে কাম কৰে ৰাতি-দিন৷ কলীয়া শিলত কটা হেনৰি গ্ৰেনাইটেৰে গঢ়া পেশী জলমল হাতুৰীৰ কোবে কোবে শিলে শিলে জুই জ্বলে হাতুৰীয়ে মাথোঁঁ তাৰ সম্বল৷ ভাৰ্জিনিয়াৰ ৰেল সুৰংগত […]