কবিতাঃ পাবলো নেৰুডাৰ পাঁচটা কবিতা

মই তোমাক ভাল নেপাওঁ (I don’t love you) অসমীয়া ভাঙনিঃ চাণক্য চিৰাং ভাল নেপাওঁ কিয়নো তুমি এখনি লুণীয়া হৃদয়ৰ ফুলনিৰ গোলাপ, অথবা তুমি ঠিক প্ৰক্ষেপিত শৰৰ জ্বলন্ত সংলাপ ! পিচে ভালপাওঁ তোমাক জানিও নিশ্চিত অন্ধকাৰ থাকে ভালপোৱাৰ সংগোপনে,ঠিক ছায়া আৰু আত্মাৰ নিতান্তই দুয়ো যে ৰখীয়া দোমোজাৰ ! ভালপাওঁ ঠিক যেন তুমি কেতিয়াও নুফুলা কোমল কুঞ্জলতা, তুমিয়েতো […]

কবিতাঃ গজালি (আক্লিম) / অন টেৰণ (কাৰ্বি)

গজালি (আক্লিম) মূল- অন টেৰণ অসমীয়া ভাঙনি – জৰসিং ইংতি   পাহাৰীয়া নিজৰাৰ ছিটিকনি পৰিলে স্বচ্ছতাহৈ সাৰ পাই উঠিম এন্ধাৰৰ দেওলগা চৰাই পৃথিৱী স্নিগ্ধ জোনৰ পোহৰ আনি দিলে ন বাট বুলিব পাৰিম !   মোৰ গা- গছ, কোমল কুঁহিপাত তোমালোকৰ ফুলেৰে জ্যোতিষ্কাৰৰ ফুলনিত বাঢ়ি বৈ যাব দিয়াত,তোমালোকৰ শিপাইয়ে মোকো মেৰাই ধৰিলে ৷ তোমালোকৰে সোনালী উশাহবোৰ […]

কবিতাঃ মেৰী অ’লিভাৰৰ ছটা কবিতা

অসমীয়া  ভাঙনি : যশোৱন্ত নিপুণ  mary oliver প্ৰতি ৰাতিপুৱা মই খবৰকাকতবোৰ পঢ়োঁ , মই কাকতকেইখন খুলি লওঁ আৰু ৰ’দৰ পোহৰত  পৰ্যবেক্ষণ কৰোঁ ৷ কেনেকৈ ৰঙা গোলাবোৰ , ছবিবোৰৰ ,  তৰাৰ দৰে চহৰকেইখনলৈ ধেনু-ভিৰীয়া পথেৰে  নামি আহে , কেনেকৈ মৃত্যুৱে  সকলোবোৰ ধোঁৱা-বৰণীয়া ধ্বংসাৱশেষত সামৰি লয়  কেমেৰাবোৰ অহাৰ আগতেই ৷  মোৰ বুকুৰ কোন এন্ধাৰ অংশ  কঁপি উঠে: […]

ৰামদৰশ মিশ্ৰৰ দুটি কবিতা

মূল : ৰামদৰশ মিশ্ৰ (হিন্দী) অসমীয়া ভাঙনি : ৰুবুল দাস     অপেক্ষা প্ৰতিটো চকতে দুৰ্ঘটনাগ্ৰস্ত হৈ কেঁকাই আছে এখন দেশ আৰু আমি ডাক্তৰৰ সলনি অপেক্ষা কৰি আছোঁ পুলিচৰ |   ঠিকনা চাৰিওফালে কাঁইটৰ জংঘল আৰু ভিতৰৰ ক‘ৰবাত এডালি ভীত লতা |   যোৱা,  গুচি যোৱা এইটোৱে তেওঁৰ ঘৰৰ ঠিকনা |     কবি পৰিচিতি […]

কবিতাঃ এটা কুকুৰাৰ কাহিনী/ সুকান্ত

এটা কুকুৰাৰ কাহিনী মূল (বাংলা) : সুকান্ত অসমীয়া ভাঙনি : হেমাংগ কুমাৰ দত্ত   এটা কুকুৰাই হঠাতে আশ্ৰয় পাই গ’ল প্ৰকাণ্ড প্ৰাসাদৰ সৰু কোণ এটাত, ভগা পেকিং বক্সৰ দমত.. অন্য দুই-তিনিটা কুকুৰাৰ সৈতে।   আশ্ৰয় যদিও পালে সি, নেপালে আহাৰ উপযুক্ত। সুতীক্ষ্ণ চিঞৰেৰে প্ৰতিবাদ কৰি কন্ঠ ফালিলে সেই কুকুৰাই পুৱাৰ পৰা সন্ধিয়ালৈকে.. তথাপি নজনালে সহানুভূতি […]

কবিতাঃ আমাৰ পৰা অনেক দূৰত / ভাস্ক’ পপা

আমাৰ পৰা অনেক দূৰত মূল : ভাস্ক’ পপা (Vasko Popa) অসমীয়া ভাঙনি : মানস দত্ত VaskoPopa  ১) আমি পোন কৰোঁ আমাৰ মূৰ ৰাস্তাটোৱে আকাশৰ পিনে বগায় আমি আমাৰ চকুত টোপাল দিছোঁ চালবোৰে পৃথিৱী অৱতীৰ্ণ কৰিছে   প্ৰতিটো সন্তাপ আতঁৰাই যিবোৰ আমি উল্লেখ কৰা নাই এজোপা বাদামী গছ বাঢ়ি আহে আৰু ৰহস্যঘন অৱশেষ থাকি যায় আমাৰ […]

কবিতাঃ অক্টাভিঅ’ পাছৰ দুটা কবিতা

অক্টাভিঅ’ পাছৰ দুটা কবিতা অসমীয়া ভাঙনিঃ যশোৱন্ত নিপুণ paz   পথ   এয়া সুদীৰ্ঘ আৰু নিতাল-নিস্তব্ধ এটি পথ। এন্ধাৰতে মই খোজ কাঢ়োঁ, উজুটি খাওঁ, পৰি যাওঁ, আৰু মই আকৌ থিয় হওঁ, একো নেদেখাকৈ খোজ কাঢ়োঁ, মোৰ ভৰিয়ে গচকে নীৰৱ শিলবোৰ আৰু শুকান পাতবোৰ: মোৰ পাছত অন্য কোনোবা এজনেও গচকে শিলবোৰ, পাতবোৰ যদি মই মন্থৰ হওঁ, […]

কবিতাঃ পতাকাখন/ পাবলো নেৰুদা

Pablo Neruda ৰ “The Captain’s Verses” ৰ তৃতীয়টো ভাগ “Lives” ৰ দ্বিতীয়টো কবিতা The Flag ৰ অনুবাদ।   পতাকাখন (The Flag) মূল : পাবলো নেৰুদা অসমীয়া ভাঙনি : কিশোৰ দাস   মোৰ স‘তে ঠিয় হোৱা   মোৰ দৰে কোনো এজনকো বিচাৰি নাপাবা যিয়ে ৰৈ যাব বিচাৰে সেই গাৰুটোত য‘ত তোমাৰ চকু পতাযুৰিয়ে পৃথিৱীখনৰ লগত খেলিবলৈ দিয়ে […]

কবিতাঃ মই বহুক্ষণ ধৰি / বিনয় মজুমদাৰ

মই বহুক্ষণ ধৰি মূল(বাংলা) : বিনয় মজুমদাৰ ভাষান্তৰ : অপৰাজ বিনয় মজুমদাৰ   বহুক্ষণ ধৰি সফল কলগছৰ কথা ভাবিলোঁ অতি মনোযোগেৰে , কল বাগানৰ মাজত আৰু বাস কৰা নকৰোঁ   ভাৰতৰ মানচিত্ৰ যত্নসহকাৰে মই ৰাখিছোঁ পিতাৰ চুটকেচত এতিয়া সকলো বিষয়তে মোৰ সুহৃদ , বন্ধু, ভাৰতৰ মানচিত্ৰখন, ফলত কলবাগানৰ মাজত বাস কৰা নাই মই বৰ্তমান   […]

কবিতাঃ জুই আৰু বৰফ / ৰবাৰ্ট ফ্ৰষ্ট

জুই আৰু বৰফ (Fire and Ice) মূলঃ ৰবাৰ্ট ফ্ৰষ্ট অসমীয়া ভাঙনিঃ বাৎসায়ন   কোনোবাই কয় এই পৃথিৱী শেষ হ’ব জুইতকোনোবাই কয় বৰফত৷য’ত মই লোভত লালায়িত হ’লোসাৱতিলো জুইৰ পৃষ্ঠপোষকক৷কিন্তু যদিও দুয়োটাই ঘাটক,মই চিনি পালো সিমানখিনি বিতৃষ্ণাকযি কয় বৰফৰ ধবংসই পৰ্যাপ্ত আৰু মহৎ৷