কবিতাঃ ধৰ্ম / শ্ৰীজাত
ধর্ম মূল : শ্রীজাত অসমীয়া ভাঙনি : মুনমুন সৰকাৰ শইকীয়া এতিয়াও নতুন কিবা লিখিব পৰা হৈ আছোঁ , মগজুৰ পৰা বহু শব্দ ওঁঠলৈ বাট বুলে। এতিয়াও মোৰ মূৰৰ বিকৃতি, যেন এটা তীব্ৰবেগী ঘোঁৰাই যেনি তেনি ঢাপলি মেলে। ল‘ৰা ছোৱালী কেইটাক গান শিকাও, ছাত্ৰ প্ৰতি মাত্ৰ ডেৰশ টকাকৈ পাওঁ। পদূলিশুঙা হৈ ঘূৰি ফুৰো , কৰ‘বাত […]
কবিতাঃ কি দুঃখ ৷ আমি আছিলোঁ ইমান ভাল এক আৱিস্কাৰ / য়েহুদা আমিখাই
কি দুঃখ ৷ আমি আছিলোঁ ইমান ভাল এক আৱিস্কাৰ মূল : য়েহুদা আমিখাই অনুবাদ : হৰেকৃষ্ণ ডেকা সিঁহতে কাটি পেলালে মোৰ নিতম্বৰ পৰা তোমাৰ কৰঙন ৷ মোৰ কাৰণে সিঁহত সকলোৱেই একোজন শৈলবিষাৰদ ৷ সিঁহত সকলোৱেই ৷ সিঁহতে আমাক ভাঙি পেলালে এজনৰ পৰা আনজনক খুলি-মেলি ৷ মোৰ কাৰণে সিঁহত সকলোৱেই একোজন যন্ত্র-বিষাৰদ ৷ সিঁহত সকলোৱেই ৷ কি দুঃখ […]
কবিতাঃ চিলিয়াৰ কাৰণে এটা গান / বেন জনচন
চিলিয়াৰ কাৰণে এটা গান মূল : বেন জনচন ( ১৫৭২- ১৬৩৭ ) অসমীয়া ভাঙনি ঃ প্ৰণয় ফুকন মোক পান কৰা তোমাৰ দুচকুৰে ময়ো বন্ধক ৰাখিম মোৰ দুচকু অথবা মদিৰা পাত্ৰত থৈ যোৱা এটা চুম্বন মই আন কোনো পানীয়ৰ প্ৰতি মুখ নুঘূৰাও যদিও সেইবোৰ জোঙৰ মধুৰ ভৃংগাৰ হৈ উঠে নোৱাৰো বিনিময় কৰিব সেইবোৰ তোমাৰ […]
কবিতাঃ নিযুতজনৰ কদমত কবিতা / মায়া এঞ্জ্যেলো
নিযুতজনৰ কদমত কবিতা (Million Man March Poem) মূলঃ মায়া এঞ্জ্যেলো অসমীয়া ভাঙনিঃ অপৰাজিতা গগৈ Maya Angelou ৰাতিটো সুদীৰ্ঘ আঘাত গুৰুতৰ অন্ধকাৰে আৱৰা খাল দেৱালখনো আওগৰীয়া দূৰ সাগৰৰ পাৰত এখন মৃত আকাশৰ তলত মোক চুলিকোচাত ধৰি চোচোঁৰাই নিছে তুমি ঢুকি নোপোৱা তোমাৰ হাত বন্ধা, মুখত সোপা মোক কেনেকৈ মাতিবা ? আমি দুয়ো অসহায় কিন্তু দুৰ্ভাগ্য ! […]
কবিতাঃ আফ্ৰিকা / ডেভিড ডিঅ’প
আফ্ৰিকা মূলঃ ডেভিড ডিঅ‘প অসমীয়া ভাঙনিঃ খগেশ সেন ডেকা আফ্ৰিকা মোৰ আফ্ৰিকা পৈত্ৰিক ছাভানাৰ গৰ্বিত যোদ্ধাৰ আফ্ৰিকা আফ্ৰিকা যাৰ গীত মোৰ আইতাই গুণগুণায় দূৰণিৰ নদীৰ তীৰত মই তোমাক কোনোকালেও নিচিনিলো অথচ মোৰ শিৰাই শিৰাই প্ৰৱাহিত তোমাৰেই তেজ তোমাৰ মনোমোহা ক‘লা তেজ শইচৰ পথাৰত যি পানীৰ যোগান ধৰে তোমাৰ ঘামৰ তেজ তোমাৰ শ্ৰমৰ ঘাম তোমাৰ দাসত্বৰ […]
কবিতাঃ ইচ্ছাপত্ৰ / বাবুশ্বা ক’হলি
ইচ্ছাপত্ৰ (THE WILL) কবি : বাবুশ্বা ক’হলি অসমীয়া ভাঙনি : ৰুবী দাস সম্পূৰ্ণ জ্ঞান আৰু সু-স্বাস্থ্যৰে আজি মই মোৰ ইচ্ছাপত্ৰ লিখিছোঁ… মোৰ মৃত্যুৰ পাছত মোৰ কোঠাটো ছেদেলি-ভেদেলি কৰি মোৰ ঘৰটোৰ সকলো ঠাইতে সিঁচৰতি হৈ খোল খাই পৰি ৰোৱা প্ৰতিটো বস্তুৱেই ভালকৈ চাবা। মোৰ সপোনবোৰ দান দিবা সেই নাৰীসকলক, যি ৰান্ধনি আৰু শোৱা কোঠাৰ […]
কবিতাঃ এটা পৰিচয় / কমলা দাস
এটা পৰিচয় (An Introduction) কবি: কমলা দাস অসমীয়া ভাঙনিঃ বিজিত লাহন মই ৰাজনীতি নাজানোঁ, কিন্তু জানো সেই নামবোৰ যিবোৰ ক্ষমতাত আসীন আৰু সেইবোৰক আওঁৰাব পাৰোঁ সপ্তাহৰ দিন অথবা মাহৰ নামৰ দৰেই; আৰম্ভণি নেহৰুত। মই ভাৰতীয়, মুগা ৰঙৰ ছালৰ, জন্ম মালাবাৰত, ভাষা কওঁ তিনিটা, লিখোঁ দুটাত, সপোন দেখোঁ এটাত। ইংৰাজীত নিলিখিবা, তেওঁলোকে কয়– ইংৰাজী তোমাৰ […]
কবিতাঃ মুঝসে পহলী সী মোহব্বত’ / ফৈজ আহমেদ ফৈজ
মুঝসে পহলী সী মোহব্বত’ মূল : ফৈজ আহমেদ ফৈজ অনুবাদ : সমীৰ শংকৰ দত্ত পূৰ্বৰ সেই প্ৰেম, এতিয়া আৰু মোৰ পৰা নিবিচাৰিবা প্ৰিয়ম৷ ভাবিছিলোঁ তুমি আছা যেতিয়া জীৱন মোৰ সদায় ভৰুণ ভাবিছিলোঁ তোমাৰ অনুপস্থিতিৰ যন্ত্ৰণাতকৈ তীব্ৰতৰ যন্ত্ৰণাত কোনোদিনেই দগ্ধ হোৱা নাই পৃথিৱী, তোমাৰ মুখখনিৰ বাবেই অৰণ্যত জক্ মকাই বসন্ত, তোমাৰ দুচকুৰ ব্যতিৰেকে আছেনো কি এই […]
অসমীয়া অনুবাদত বিদেশী কবিতাঃ প্ৰেম আৰু যৌনতা বিষয়ক পাঁচটা কবিতা
প্ৰেম আৰু যৌনতাৰ পাঁচটা কবিতা অসমীয়া ভাঙনি ঃ কোকিল শইকীয়া মূলঃ Desire কবিঃ Langston Hughes (আমেৰিকা) আমাৰ ইচ্ছা আছিল যেন একেলগে দুটা মৃত্যু দ্ৰুতভাবে মিহলি হৈ পৰা আমাৰ একেটা উশাহৰ মৃত্যু এটি অচিনাকি অদ্ভুদ সুগন্ধিৰ ভাপ আমাৰ মাজৰ তীব্ৰতা এটি নগ্ন ঘৰ Flesh on the stones by Salvador Dali মূলঃ At The Touch Of You কবিঃ Witter Bynner (আমেৰিকা) তোমাৰ স্পৰ্শত যেন তুমি তোমাৰ তীক্ষ্ণ হাতেৰে লক্ষ্যৰ দিশে ধেনুত শৰ জুৰিছা সুখৰ শৰেৰে বিন্ধি পেলাইছা মোৰ শৰীৰ তুমি বসন্ত আৰু মই পাহাৰৰ গৰা মোৰ ওপৰেৰে এটি উজ্জ্বল জলপ্ৰপাত বৈ গৈছে মূলঃ The Atheist কবিঃ Megan Falley আমি প্ৰথমবাৰ […]
বিষ্ণু প্ৰসাদ ৰাভাদেৱে অনুবাদ কৰা গীতঃ সৰ্বহাৰাৰ আন্তৰ্জাতিক গান
বিষ্ণু প্ৰসাদ ৰাভাদেৱে অনুবাদ কৰা এটা গীতঃ সৰ্বহাৰাৰ আন্তৰ্জাতিক গান মূলঃ The International, Eugene Pottier (1871) অনুবাদঃ বিষ্ণু প্ৰসাদ ৰাভা (উৎসঃ বিষ্ণু প্ৰসাদ ৰাভা ৰচনাৱলী প্ৰথম খণ্ড, পৃঃ ১৪৪) ওঠ্ জাগি ওঠ্ উপবাসী অন্ন-ভূমি হীন দ, বুকু পেট জ্বলা চিৰদুখী শেষ যুদ্ধলই হেৰ, ব’ল। শুন হেৰ’ শুন গৰজন আৱাহন, সৃজনৰ নৱ বল। চিঙি দাস […]