ৰুডয়াৰ্ড কিপলিঙৰ অসমীয়া অনুবাদ / যশোৱন্ত নিপুণ

যদি মূল: ৰুডয়াৰ্ড কিপলিং অনুবাদঃ যশোৱন্ত নিপুণ যদি তুমি মস্তিষ্ক শীতল কৰি ৰাখা যেতিয়া তোমাৰ চাৰিওফালৰ সকলোৱেই সিহঁতৰ চেতনা হেৰুৱাইছে আৰু তাৰ বাবে তোমাকেই দোষাৰোপ কৰিছে; যদি তুমি নিজকে বিশ্বাস কৰা যেতিয়া সকলোৱে তোমাক সন্দেহ কৰে, কিন্তু সিহঁতক সন্দেহ কৰাৰ সুবিধাকণো তুমি দিয়া : যদি তুমি অপেক্ষা কৰিব পাৰা আৰু অপেক্ষাৰে ভাগৰি নপৰা, তোমাক […]
মোৰ নাম ভাৰতবৰ্ষ/ অমিতাভ দাশগুপ্ত

মোৰ নাম ভাৰতবৰ্ষ মূল : বাংলাকবি : অমিতাভ দাশগুপ্তভাঙনি : প্ৰদীপ কুমাৰ সন্দিকৈ ষ্টেনগানৰ কেইবাজাঁই বুলেটে থকা-সৰকা কৰা মোৰ বুকুৰ ওপৰত জিলিকি উঠিছে যি মানচিত্ৰ তাৰ নাম ভাৰতবৰ্ষ। মোৰ প্ৰতি টোপাল শোণিতেৰে চাহ-বাগান , কফি-খেতি কয়লা-খনি , পাহাৰ-ভৈয়াম-অৰণ্যত খোদিত কৰা হৈছে যি ভালপোৱাৰ ছবি তাৰ নাম ভাৰতবৰ্ষ। মোৰ চকুৰ লোটক আৰু হাড়ৰ ফচফেটে […]
পাবলো নেৰুডাৰ অসমীয়া অনুবাদ

সমালোচনাৰ গীতিকাব্য – (এক) মূলঃ পাবলো নেৰুডা। অনুবাদঃ অৱনী বুঢ়াগোহাঁই। মই পাঁচটা কবিতা লিখিছিলো, এটা আছিল সেউজীয়া, আনটো গোল ঘেঁহুৰঙী পাউৰুটী , তৃতীয়টো আছিল সাজি থকা এটি ঘৰ, চতুৰ্থটো এটা বৃত্ত, আৰু পঞ্চমটো চুটি ; এক বিজুলীৰ চমকণিৰ দৰে , আৰু লিখি গৈ থাকোতে মোৰ যুক্তিয়ে স্থায়ী ৰূপ ললে । আৰু তেতিয়াই […]
ষ্টেন স্বামীৰ কবিতা

ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হৈ প্ৰায় ৯ মাহ দিন জেলত থাকি ৫/৭/২০২১ তাৰিখে মৃত্যবৰণ কৰা ৮৪ বছৰীয়া মানৱ অধিকাৰ কৰ্মী ষ্টেন স্বামীয়ে জেলত থকা অৱস্থাতে লিখা এটা কবিতা কাৰাগাৰৰ জীৱন, প্ৰকৃত সাম্যবাদী মূলঃ ষ্টেন স্বামী অনুঃ বিতোপন গগৈ কাৰাগাৰৰ নিৰাশ দুৱাৰখনৰ ভিতৰত সকলো বস্তু কাঢ়ি লোৱা হৈছে কেৱল অত্যন্ত প্ৰয়োজনীয় কেইটাৰ বাহিৰে প্ৰথমে আহে “তুমি” তাৰ পিছত […]
Hiren Bhattacharyya’s poem in English translations

Original Assamese poem by Revered poet Hiren Bhattacharyya Translated by Dr Bipul Kumar Baruah Seasons on Poetic Depiction 1. Monsoon Mellowing tune of flute of wind Has blown athrough the Sal forest. Wind of monsoon is as if a tragic lover Whose bosom is full of benign smiles Of sorrows and […]
প্ৰভাতী প্রাৰ্থনা/ লুইচ গ্লাক
প্ৰভাতী প্রাৰ্থনা মূল: লুইচ গ্লাক অনুবাদ : আফৰুজা আখতাৰ আপুনি জানিব বিচাৰিছে সময়বোৰ মই কেনেদৰে অতিবাহিত কৰো? সন্মুখৰ ল’ন খনত খোজ কাঢ়ি কাঢ়ি মই বন নিৰাই থকাৰ ভাও ধৰো কিন্তু আপুনি বিশ্বাস কৰক ফুলৰ বিচনাত নাচি থকা ক্ল’ভাৰৰ গুচ্ছৰ মাজৰ পৰা এডালো বন মই টানি থকা নাই দৰাচলতে কিছুমান প্ৰমাণ সংগ্ৰহ কৰাৰ অৰ্থে মই […]
প্রাক্তন / জয় গোস্বামীৰ কবিতাৰ অসমীয়া অনুবাদ
মূল কবিতা : প্রাক্তনকবি : জয় গোস্বামী (বাংলা)অসমীয়া অনুবাদ : অনুৰাধা বৰুৱা প্রাক্তন সময়মতে যায়নে অফিচলৈ? পুৱাৰ জলপান খায়নে ভালকৈ? টিফিন নিয়েনে? নে কেণ্টিনতে খায়? কাপোৰ কানি কোনে ধুৱে? চাহ কোনে কৰে আগৰ দৰে? দুৰ্গাৰ মাক কেই বজাত আহে? মইতো খুব পুৱাই উঠিব লাগিছিল৷ সেই চাৰ্টটো পিন্ধেনে এতিয়াও? টেকটেকীয়া নীল ৰঙৰ? তেঁওৰতো সেইটোয়েই পছন্দৰ, […]
অলিভিআ গেটউডৰ কবিতা
মূল: Jordan convinced me that pads are disgusting কবি: Olivia Gatwood ভাষান্তৰ: মুনমুন সৰকাৰ জৰ্ডানে মোক পতিয়ন নিয়াইছিল যে প্যাড বিৰক্তিৰ প্যাডে তোমাৰ অন্তৰ্বাসক দুৰ্গন্ধময় কৰি তোলে ঠিক লেতেৰা বাইকৰ চেইনৰ দৰে। আমি দুয়ো তাইৰ মাকৰ প্লাষ্টিকেৰে আবৃত ফুলাম আৰামীচকীত বহি আছিলোঁ, এজনী সাতোঁৰবিদৰ পোছাকত আনজনী কেবাতৰপেৰে আবৃত কাপোৰসাজত পানী তাইৰ বাবে মূল্যৱান […]
সুনীল গঙ্গোপাধ্যায়ৰ কবিতাৰ অসমীয়া অনুবাদ
নীৰাৰ অসুখমূল কবিতা: নীরার অসুখকবি: সুনীল গঙ্গোপাধ্যায়ভাষান্তৰ: মুনমুন সৰকাৰ নীৰা অসুস্থ হ‘লে গোটেই কলকাতাবাসী দুখত থাকে বেলি ডুবাৰ পৰত নিয়ন লাইটবোৰ হঠাৎ জ্বলি উঠাৰ আগমূহুৰ্তত খা-খবৰ লৈ লয় নীৰাৰ আজি ভাল নে? গীৰ্জাৰ বয়স্ক ঘড়ী, দোকানৰ ৰঙা নীলা পোহৰ, সিঁহতবোৰে জানে নীৰাৰ আজি দেহা ভাল! অফিচ, চিনেমা, পাৰ্কত লাখ লাখ মানুহৰ মুখে মুখে ঘুৰি ফুৰে নীৰাৰ […]
এলবার্টো ৰিয়সৰ কবিতাৰ অসমীয়া অনুবাদ
ইতিহাস আৰু মিষ্টাৰ লুনা মূল: এলবার্টো ৰিয়স (Alberto Ríos) অনুবাদ: ধ্ৰুৱ শইকীয়া জগতত অনেক কথা, কাহিনী অনেক সৰহভাগ গাড়ী-মটৰত উঠি যোৱা মানুহ যদিও দুই এজন চালকৰ আসনত থাকে৷ ল’ৰা ৰজা টুটনখামেনক প্ৰথমে নিজৰ বিচনাখন নিজে পাৰি লবলৈ কোৱা হৈছিল৷ কোৱা হয় টমাচ ব্লেংকেটৰ হেনো এক সংশোধন হৈছিল ১৩৪০ চনত৷ তাৰ পিচত আকৌ, স্কুলীয়া ল’ৰা-ছোৱালীৰ কিতাপত […]