গল্পঃ যুদ্ধ / লুইগি পিৰাণ্ডেল’

যুদ্ধ মূলঃ লুইগি পিৰাণ্ডেল’ অনুবাদঃ প্ৰিয়াক্ষী শইকীয়া        ৰাতিপুৱা হোৱাৰ আগে আগে ৰোমৰ পৰা অহা ট্ৰেইনখন ফ্ৰেবিয়ানোৰ সৰু ষ্টেচনটোত ৰ’লহি। যাত্ৰীবোৰে ট্ৰেইনৰ পৰা নামি বেলি ওলোৱালৈ চুলমনালৈ যোৱা স্থানীয় ট্ৰেকাৰখনৰ ভিতৰতে সময় কটালে।        ৰাতিপুৱাল । দ্বিতীয় শ্ৰেণীৰ যাত্ৰী কঢ়িওৱা, ধুঁৱলী–কুঁৱলী, গুলুম মৰা ট্ৰেকাৰখনৰ ভিতৰলৈ এগৰাকী লোদোৰ–পোদোৰ মহিলা সোমাই আহিল। তেওঁৰ চকু চলচলীয়া। […]

গল্পঃ আদিবাসীবোৰে আৰু নানাচে / হাঁচদা সৌভেন্দ্ৰ শেখৰ

আদিবাসীবোৰে আৰু নানাচে (ADIVASIS WILL NOT DANCE) মূলঃ হাঁচদা সৌভেন্দ্ৰ শেখৰঅসমীয়া  অনুবাদঃ অৱনী বুঢ়াগোহাঁই ।  সিহঁতে মোক মাটিত পেলাই হেঁচা মাৰি ধৰিলে। সিহঁতে মোক কথা কবলৈ নিদিলে, মোক প্ৰতিবাদ কৰিবলৈ নিদিলে, আনকি মই মূৰটো দাঙি, মোৰ একে লগৰে গান বাজনা কৰা আৰু নচা মানুহকেইটাক পুলিচে পিটি থাকোতে মোক এবাৰো চাবলৈ নিদিলে । মাত্ৰ মই শুনিবলৈ পালো সিহঁতৰ কান্দোন […]

গল্পঃ হামিদা / অমৃতা প্ৰীতম

            হামিদা                ইংৰাজী অনুবাদঃ হৰি শৰ্মা                মূল গল্পকাৰঃ অমৃতা প্ৰীতম                অনুবাদঃ অপৰাজিতা গগৈ   অমৃতা প্ৰীতম       তেনেই পুৱাতে, আন্ধাৰ তেতিয়াও আঁতৰাই নাই, হামিদা ঘৰৰ পৰা বাহিৰলৈ […]

গল্পঃ ভাৰতবৰ্ষ / এছ ওৱাজেদ আলি

 ভাৰতবৰ্ষ  মূল বাংলা: এছ ওৱাজেদ আলি  অসমীয়া অনুবাদ: মিণ্টুল হাজৰিকা        পঁছিশ বছৰ আগত এবাৰ মই কলিকতালৈ গৈছিলোঁ৷ তেতিয়া মোৰ বয়স ১০-১১ বছৰ হ’ব৷ মই থকা ঘৰৰ ওচৰত এখন গেলামালৰ দোকান আছিল৷ তাৰ ওচৰেদি মোৰ অহা-যোৱা চলিছিল৷ সেই গেলামাল দোকানখনত বুঢ়া মানুহ এজনে গদিত বহি প্ৰকাণ্ড এখন কিতাপ সুৰ লগাই পঢ়ি আছিল৷ বুঢ়া মানুহজনৰ মূৰটোৰ […]

গল্পঃ খাদক / হুমায়ূন আহমেদ

খাদক মূলঃ  বাংলা গল্পকাৰঃ হুমায়ূন আহমেদ অনুবাদঃ  মুনমুন সৰকাৰ শইকীয়া মই মানুহজনৰ বয়সটো আন্দাজ কৰিবলৈ চেষ্টা চলাই আছোঁ। আচলতে বয়সটো লৈ মোৰ একো মতলব নাই যদিও প্ৰথমবাৰ দেখোঁতেই বয়সটো জানিবলৈ কিয় জানো মন গ’ল। মানুহজনক যেন প্ৰদৰ্শনীত সজাই থোৱা কিবা এটা বস্তু হিচাপে মোৰ আগত আনি থিয় কৰাই দিয়া হৈছিল। আমাক ঘেৰি বহু মানুহ ইতিমধ্যেই […]

গল্পঃ মিষ্টাৰ ডাভেনহাইমৰ অন্তৰ্ধানৰ ৰহস্য / আগাথা ক্ৰিষ্টি

মিষ্টাৰ ডাভেনহাইমৰ অন্তৰ্ধানৰ ৰহস্য(The Disappearance of Mr Davenheim)  মূল ইংৰাজী: আগাথা ক্ৰিষ্টি অসমীয়া অনুবাদ: নৱজ্যোতি বড়া সেইদিনা পোঁৱাৰো আৰু মোৰ লগত ৰাতিপুৱাৰ চাহকাপ খাবলৈ আমাৰ পুৰণি বন্ধু স্কটলেণ্ড য়াৰ্ডৰ ঈন্সপেক্টৰ জেপ অহাৰ কথা আছিল। আমি দুয়ো চাহৰ টেবুলতে বহি তেওঁ অহালৈ অপেক্ষা কৰি আছিলোঁ। আমাৰ লেণ্ডলেডীগৰাকীৰ এটা বদ অভ্যাস আছিল, তেওঁ বাচন বৰ্তনবোৰ পৰিপাটিকৈ সজাই […]

গল্পঃ কবি

কবি মূলঃ বাংলা   গল্পকাৰঃ হুমায়ুন আহমেদ  অনুবাদঃ মুনমুন সৰকাৰ শইকীয়া টাউন প্ৰেছৰ অধিকাৰী সিৰাজুল ইচলাম ডাঙৰীয়াই খঙতে মুখখন ফুলাই বহি আছিল। তেওঁৰ খঙৰ বহুকেইটা কাৰণ আছিল। প্ৰুফ ৰীডাৰ জোবেদ আলী এতিয়াও আহি পোৱাহি নাই। মেচিন চলোৱাজনে একো কাম নথকাত এনেই বহি আছে। ইয়াৰ উপৰিও বতৰৰ অৱস্থা ভাল নহয়। ধুমুহা, বৰষুণ অহাৰ সম্ভাৱনাই দেখা দিছে। ধুমুহা […]

গল্পঃ কণ-চেপেনা

কণ-চেপেনা মূলঃ চাদাত হাসান মান্টো অনুবাদঃ সৃষ্টি শ্রেয়ম তাইৰ নাম আছিল মায়া। চুটি-চাপৰকৈ মহিলা এগৰাকী। গোটেই মুখখন নোমেৰে ভৰা। ভোবোকাৰ। ওপৰ ওঁঠৰ কাষে কাষেতো নোমবোৰ ইমান বেছিকৈ আছিল যে দেখিলে ভাব হৈছিল সেয়া নোম নহয়, আপোনাৰ-মোৰ দৰে মোচ একোছাহে! মূৰটো আছিল ঠিয়কৈ; সেইটোও এসোপা চুলিৰে ভৰা। এই কাৰণেই তাই এটা সময়ত কণ-চেপেনাৰ ওপৰত নিৰ্ভৰশীল হৈ […]

গল্পঃ ভোলাৰামৰ জীউটো / হৰিশংকৰ পৰসাই

ভোলাৰামৰ জীউটো মূল: হৰিশংকৰ পৰসাই ভাৱানুবাদ: উৎপলা কৌৰ এনেকুৱা আজৱ ঘটনা কস্মিনকালেও ঘটা নাছিল। ধৰ্মৰাজে অযুত বছৰৰ আগৰে পৰা মানুহৰ কৰ্ম আৰু “চিফাৰিছ” অনুসৰি অসংখ্য মানুহক স্বৰ্গ বা নৰকত ঠাই “এলট” কৰি আহিছে। কিন্তু এনেকুৱা আজিলৈকে হোৱা নাছিল। সন্মুখত চিত্ৰগুপ্তই বাৰে বাৰে বিতচকুযোৰ মোহাৰি, আঙুলিত থু লগাই ৰেজিষ্টাৰৰ পাছত ৰেজিষ্টাৰৰ পাত লুটিয়াই চাই আছিল। তথাপি […]