গল্পঃ তাইৰ প্ৰেমিক/ মেক্সিম গৰ্কী

তাইৰ প্ৰেমিক  মূল: মেক্সিম গৰ্কী অনুবাদ: কুইন ফুকন মেক্সিম গৰ্কী   মোৰ এজন চিনাকী মানুহে এবাৰ মোক এই কাহিনীটো কৈছিল —   তেতিয়া মই ছাত্ৰ হিচাপে মস্কোত আছিলোঁ। মই থকা ঠাইখনৰ ওচৰতে এগৰাকী মহিলা আছিল, যাৰ বিষয়ে মই অৱতাৰণা কৰিব খুজিছোঁ। তেওঁ আছিল পোলেণ্ডৰ। নাম টেৰেছা। মানুহগৰাকী দীৰ্ঘদেহী। গাৰ গঠন মজবুত, বৰণ ক‘লা। ডাঠ চেলাউৰিৰে […]

গল্পঃ ডালিম / কাৱাবাটা য়াচুনাৰি (জাপান)

ডালিম (The Pomegranate) মূল গল্পকাৰ : কাৱাবাটা য়াচুনাৰি (Kawabata Yasunari) অনুবাদঃ অবন্তিকা পৰাশৰ Kawabata Yasunari যোৱা নিশা মাকৰ ঘৰলৈ বুলি ঢাপলি মেলা বৰদৈচিলা জাকে ডালিমজোপা একেবাৰে লঠঙা কৰি থৈ গ’ল । সৰা পাতবোৰ এতিয়া আলই আথনি হৈ গছজোপাৰ গুৰিতে পৰি আছে । পুৱা শোৱাপাটি এৰাৰ পাছতে গছজোপাৰ লঠঙা ৰূপটো দেখি কিমিকো চক খাই উঠাৰ দৰে হ’ল। সৰা  পাতবোৰৰ নিজৰ মাজতে থকা মৰম দেখি তাই তবধ মানিলে। এনেহেন বতাহে আলফুলিয়া পাতবোৰ  তচ-নছ কৰি পেলাব বুলিয়েই তাই ধৰি লৈছিল । গছজোপাত এতিয়া মুঠেই এটা ডালিমহে বাকি ৰৈছেগৈ। এটা সজীৱ,  ৰসাল  ডালিম।  হ’ব’  পাৰে  অকলশৰীয়া,  কিন্তু পকি ৰসেৰে  চপচপিয়া হৈ আছে । “মা বাহিৰলৈ আহি এবাৰ চাই যা চোন” কিমিকোই মাকক চিঞৰিলে । “এৰাতোন, মই পাহৰিয়েই গৈছিলো “ ক’ব লাগে কাৰণে কিবা এষাৰ কৈ মাক পাকঘৰলৈ উভটি গ’ল । কথাটোৱে কিমিকোক সিহঁতৰ অকলশৰীয়া অৱস্থাটোৰ কথা আকৌ এবাৰ মনত পেলাই দিলে। বাৰাণ্ডাখনৰ এইখিনিৰ পৰা ডালিমটোক কিমান মৰম আকুলৱা অথচ অকলশৰীয়া যেন লাগিছে । দুসপ্তাহ মান আগতে তাইৰ সাত বছৰীয়া ভতিজাকটো ফুৰিবলৈ আহিছিল। অকলশৰীয়া ডাল এটাত ওলমি থকা এই ডালিমটোত পোনেই চকু গ’ল তাৰ (তেতিয়া অৱশ্যে সেইটো পাতৰ আঁৰত মুখ গুজি লুকাই আছিল)। সময় নষ্ট নকৰি সি গছডাল বগাবলৈ ধৰিলে। কিমিকোৰ এনে লাগিল যেন তাই হঠাতে জীৱন্ত হ’বলৈ আৰম্ভ কৰিছে । “সৌৱা, অলপ ওপৰলৈ । তাত ডাঙৰ এটা ডালিম আছে “ তাই বাৰাণ্ডাৰ পৰাই চিঞৰিলে […]

গল্পঃ ঘড়ী / সুনীল গঙ্গোপাধ্যায়

ঘড়ী মূল : বাংলা লেখক : শ্ৰীযুত সুনীল গঙ্গোপাধ্যায় অনুবাদ : মুনমুন সৰকাৰ শইকীয়া  মোৰ হাতঘড়ীটো কোনে চুৰ কৰিছে মই নাজানো। ৰাতি ঘৰলৈ ঘূৰি অহা অলপ দেৰি হৈছিল, টোপনিৰ জাল ভগা নাছিল, দুখলপীয়া বাছৰ খিৰিকীৰ কাষত বহিবলৈ পোৱাটো বৰ সৌভাগ্যজনক, তাতে আকৌ ঠাণ্ডা বতাহ, টোপনি নহাকৈ পাৰেনে? আহিবই, ইয়াত আচৰিত হ’বলগীয়া কি আছে? তদুপৰি বাছত […]

গল্পঃ এদাল ৰচীৰ টুকুৰা/ গী দ্যঁ মোপাছাঁ

এদাল ৰচীৰ টুকুৰা মূল গল্পকাৰ : গী দ্যঁ মোপাছাঁ (Guy de Maupassant) অসমীয়াকৰণ : অৱনী বুঢ়াগোহাঁই । (১) সেইদিনা মঙলবৰীয়া হাটৰ দিন আছিল, আৰু সেয়ে জাগুনৰ চাৰিওকাষে থকা গাঁওবোৰৰ পৰা জাকে জাকে খেতিয়কবোৰ, সিহঁতৰ ঘৈণীয়েকহঁতৰ সতে জাগুন চাৰিআলিলৈ আহিছিল । বেছিভাগ মতা মানুহবোৰে লাহে লাহে খোজ কাঢ়িছিল, তাৰে কিছুমানে লাখুটি এদালত ভৰ দি, অলপ কুঁজা […]

গল্প : মহ / প্ৰেমেন্দ্ৰ মিত্ৰ

মহ মূল গল্পকাৰ ঃ প্রেমেন্দ্ৰ মিত্ৰ অনুবাদ ঃ অংকিনী বৰা গল্পটোৰ আগতে কম নে গল্পটো যাৰ মুখেৰে শুনিছিলোঁ তেওঁৰ কথা আগতে কম একেবাৰে ঠিক কৰিব পৰা নাই। কিন্তু গল্পটোৰ লগত ঘনশ্যামদা চমুকৈ ঘনদা ইমান বেছিকৈ জড়িত যে তেওঁৰ পৰিচয় নিদিলে গল্পটোৰ ৰস আধামান কমি যাব। সেয়ে বোধকৰোঁ ঘনদাৰ পৰিচয়ৰে আৰম্ভ কৰা বেছি ভাল হব। ঘনদাৰ শুকান উবান , […]

গল্প : গৃহ প্ৰত্যাৱৰ্তন (সত্য ঘটনাৰ আলমত)

 গৃহ প্ৰত্যাৱৰ্তন (সত্য ঘটনাৰ আলমত) মূল: কেণ্ডেচ টাৰ্টল অনুবাদ: ননী চহৰীয়া বৰা  জেনেট ৰে‘—–পে‘ট ৰেৰ কন্যা। বয়স মাত্ৰ ছয়বছৰ। সেই বয়সৰ পৰাই ছোৱালীজনী এটা অনুসন্ধানত ব্ৰতী হৈছিল । তাইৰ দেউতাকৰ বিষয়ে আছিল তাইৰ অনুসন্ধান।      সেইদিনা মাকে কৈছিল—ভায়েক টম স্কুলৰ পৰা আহিলেই তাইক কিবা এটা কথা ক‘ব। জেনেট উৎফুল্লিত হৈ পৰিছিল। জেনেটে ভাবিছিল–মাকে কি […]

গল্পঃ দেউতাৰ সহায়/ আৰ কে.নাৰায়ণৰ গল্প

দেউতাৰ সহায় মূলঃ Father’s Help মূল গল্পকাৰঃ আৰ.কে.নাৰায়ন অসমীয়া অনুবাদঃ মিণ্টুল হাজৰিকা বিচনাত শুই শুই ছোয়ামীয়ে  হঠাৎ গম পালে যে আজি সোমবাৰ৷ যদিও অলপ আগতে তাৰ  মনত ধাৰণা হৈছিল যে শুক্ৰবাৰৰ শেষ প্ৰহৰটি চলি আছে৷ কিন্তু ইতিমধ্যে সোমবাৰ আহি হাজিৰ৷ সি ভাবিলে এইমাত্ৰ এটা ভূমিকম্প আহি স্কুলৰ অট্টালিকাটো ধূলিসাৎ কৰি পেলায়৷কিন্তু আলবাৰ্ট মিছনেৰী স্কুলৰ সেই […]

গল্পঃ পাপ/ হুমায়ূন আহমেদ

পাপ মূলঃ বাংলা গল্পকাৰঃ হুমায়ূন আহমেদ অনুবাদঃ মুনমুন সৰকাৰ শইকীয়া   হুমায়ূন আহমেদ মহাশয় আপোনাক এটা ভয়ংকৰ পাপৰ গল্প কওঁ নে? পাপ কাৰ্য ময়ে কৰিছিলোঁ৷ ইচ্ছাকৃতভাৱে কৰা নাছিলোঁ৷ মানুহজনীৰ কাৰণে কৰিবলগীয়া হৈছিল৷ স্ত্ৰীৰ কাৰণে পৃথিৱীত বহুত পাপ কাৰ্য সংঘটিত হৈছে৷ মানুহৰ আদি পাপটোও আদি মানৱী হাৱাৰ কাৰণে সংঘটিত হৈছিল৷ আপোনাক এইবোৰ কথা কোৱা অৰ্থহীন৷ আপুনি […]

নিয়তিৰ সমুখত / কাফকাৰ গল্প

নিয়তিৰ সমুখত(Before the Law) মূল গল্পকাৰঃ  ফ্ৰান্স কাফকা – ইংৰাজী অনুবাদ- য়্যান জনছটন অসমীয়া অনুবাদ- কিন্নৰী ডেকা নিয়তিৰ যিখন সিংহদুৱাৰ, যাৰ সমুখত সদায় এজন দুৱাৰ ৰখীয়াই পহৰা দি থাকিছিল।  এদিন দেশখনৰ এজন লোক সেই দুৱাৰ ৰখীয়াজনৰ ওচৰলৈ গৈ তেওঁৰ পৰা নিয়তিৰ ওচৰলৈ যাওঁ বুলি প্ৰৱেশৰ অনুমতি বিচাৰিছিল। কিন্তু, তেওঁক নিৰাশ কৰি দুৱাৰ ৰখীয়াজনে সেই মূহুৰ্তত  […]