অসমীয়া জাতীয় বিকাশ আৰু অনুবাদৰ প্ৰয়োজনীয়তাঃ ‘অনুবাদক’ৰ দুবছৰীয়া বৰ্ণিল যাত্ৰা

অসমীয়া জাতীয় বিকাশ আৰু অনুবাদৰ প্ৰয়োজনীয়তাঃ ‘অনুবাদক’ৰ দুবছৰীয়া বৰ্ণিল যাত্ৰা এটা জাতিৰ চিন্তা-চেতনাৰ বিকাশৰ প্ৰক্ৰিয়াটোৰ সৈতে বহুকেইটা কাৰক জড়িত হৈ থাকে। এই কাৰকসমূহৰ ভিতৰত জাতীয় সাহিত্যও অন্যতম। জাতীয় সাহিত্যৰ গতিধাৰাই এটা জাতিৰ চিন্তনৰ পৰ্যায় আৰু জাতিটোৰ ভৱিষ্যতৰ সম্পৰ্কেও আঙুলিয়াই দিয়ে। এইকনতে প্ৰশ্ন হ’ব পাৰে যে সাধাৰণ সাহিত্য আৰু জাতীয় সাহিত্য দুটা পৃথক ধাৰণা […]
কেৰিয়াৰ হিচাপে অনুবাদঃ অনুবাদকৰ কেৰিয়াৰ— কিমান বাস্তৱসন্মত?/ শান্তনু চাংমাই
কেৰিয়াৰ হিচাপে অনুবাদঃ অনুবাদকৰ কেৰিয়াৰ— কিমান বাস্তৱসন্মত? শান্তনু চাংমাই, নতুন দিল্লী এনে সৰু-বৰ ভাৰতীয়, আন্তৰ্জাতিক এপ, ই-কমাৰ্ছ, ছ’ছিয়েল মীডিয়া, ব্ৰেণ্ডসমূহৰ উপৰিও চৰকাৰী অনেক উদ্যোগ আছে, য’ত অনুবাদ কৰ্মক এক সুকীয়া মৰ্যাদা দিয়া হয়। ভাৰতৰ দৰে বিশাল দেশ এখনত যিকোনো আঁচনি, পৰিকল্পনা, নীতি, বাৰ্তা জনতাৰ কাষ পোৱাবলৈ হ’লে ইংৰাজী বা হিন্দী দুটা ভাষা যথেষ্ট নহয়। সেয়ে চৰকাৰে প্ৰায় প্ৰতিটো বিভাগতে অনুবাদক মকৰল কৰি […]
আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস ২০২০ / সমুদ্ৰ কাজল শইকীয়া
আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস ২০২০: সমুদ্ৰ কাজল শইকীয়া অনুবাদ, তৰ্জমা, ভাঙনি, ভাষান্তৰ- ইংৰাজী translation শব্দৰ বিপৰীতে এই আটাইকেইটা অসমীয়া ৰূপৰ ভিতৰত আজিকালি ‘অনুবাদ’ শব্দটোৰে প্ৰচলন বেছি। অসমীয়া কথ্যৰূপৰ সৈতে ‘ভাঙনি’টো নিভাঁজ সুৰীয়া, এটা ভাষাৰ পৰা আন এটালৈ ভাঙি অনা হয় বুলি বুজিবলৈও সহজ। তৰ্জমাৰ মূল- পাৰস্যৰ তাৰ্জোম ترجمه, আৰবী তৰজমা تَرْجَمَة । ‘ভাষান্তৰ’টোও অত্যন্ত স্পষ্ট : […]
অনুবাদ দিৱস বিশেষঃ আহ্বান
(সকলোকে বিশ্ব অনুবাদ দিৱসৰ শুভেচ্ছা জনাইছোঁ) অসমীয়া সাহিত্যত অনুবাদৰ ক্ষেত্ৰত এটা সাংঘাটিক সীমাবদ্ধতা দেখিবলৈ পোৱা যায়। বহুক্ষেত্ৰত এই সীমাবদ্ধতাই অনুবাদ সাহিত্যক একঘেয় কৰি তুলিছে। তাৰ ফলশ্ৰুতিত অনুবাদ সাহিত্যও Typical হৈ পৰিছে। এই সীমাবদ্ধতা কেৱল ভাষিক সীমাবদ্ধতাই নহয়, বৰং সাংস্কৃতিক সীমাবদ্ধতাও। নতুন অনুবাদকৰ ক্ষেত্ৰত এই কথাবোৰ আৰু চিন্তনীয় হৈ পৰে। নতুন অনুবাদকৰ ক্ষেত্ৰত প্ৰথমতেই কেইটামান […]
অসম্ভৱ অনুবাদ
সমুদ্ৰ কাজল শইকীয়াৰ লেখা – অসম্ভৱ অনুবাদ অনুবাদ হিচাপে অভিযোজন : প্ৰত্যাহ্বান আৰু সম্ভাৱনা : অনুবাদ এটা জটিল কলা। এটা ভাষাৰ পৰা আন এটালৈ, এটা স্থানৰ পৰা আন এটালৈ, এটা ৰূপলৈ আন এটা ৰূপলৈ ৰূপান্তৰণ কৰাৰ প্ৰক্ৰিয়াটোত প্ৰত্যাহ্বান কেইবাটাও পৰ্যায়ত আহে। অনুবাদ বুলি কওঁতেই যিহেতু এটা মূল ভাষা আৰু আন এটা নতুন ভাষাৰ প্ৰসংগ আহি পৰে, […]
অনুবাদ কলা আৰু ভূপেন হাজৰিকাৰ দুটি গীতৰ বাংলা অনুবাদ
অনুবাদ কলা আৰু ভূপেন হাজৰিকাৰ দুটি গীতৰ বাংলা অনুবাদ খগেশ সেন ডেকা অনুবাদ এক অতিশয় জটিল সাহিত্য-কলা৷ সেয়া কবিতা, গল্প, উপন্যাসেই হওক, কিংবা তত্ত্বগধুৰ লেখাই হওক৷ এটা ভাষাৰ শব্দমালা আন এটা ভাষালৈ কিবা প্ৰকাৰে ৰূপান্তৰিত কৰিব পাৰিলেও জতুৱা প্ৰয়োগবোৰৰ (Idioms) সঠিক অনুবাদ বৰ দুৰূহ কাম৷ অনুবাদ কৰ্ম বিবিধ প্ৰকাৰৰ হ‘ব পাৰে—আক্ষৰিক অনুবাদ, ছায়ানুবাদ, ভাবানুবাদ ইত্যাদি৷ […]
বিশেষ লেখাঃ নতুন অনুবাদকলৈ একলম
নতুন অনুবাদকলৈ একলম -নিকু দুৱৰা, সম্পাদক, Translators বৰ্তমান সময়চোৱাত বিশ্ব সাহিত্যই ইয়াৰ ধ্ৰুপদী আৰু ৰক্ষণশীল চৰিত্ৰ সলনি কৰি একধৰণৰ গোলকীকৃত ধাৰণাৰ মাজলৈ গতি কৰিছে। ইয়াৰ ফলত বিশ্ব সাহিত্যত অনুবাদৰ প্ৰাসংগিকতা বহুপৰিমাণে বৃদ্ধি পাইছে। আমাৰ নিচেই কাষৰীয়া বাংলা সাহিত্যতে অনুবাদ সাহিত্যৰ গুৰুত্ব দেখিলে চমক খাবলগীয়া। বিশ্ব সাহিত্যৰ বিভিন্ন নতুন-নতুন সৃষ্টিসমূহ বাংলা ভাষাৰ পাঠকসকলে আমাতকৈ বহু আগতেই […]
প্ৰস্তাৱনা লেখাঃ অনুবাদকৰ যন্ত্ৰণা আৰু ‘অনুবাদক’ প্ৰকল্প
প্ৰস্তাৱনা লেখাঃ অনুবাদকৰ যন্ত্ৰণা আৰু ‘অনুবাদক’ প্ৰকল্প মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰা কথাটো আমি যিমান গৌৰৱেৰে কওঁ, সিমান গৌৰৱেৰে আজিৰ সময়ত অসমীয়া সাহিত্যত এজন তৰুণ অনুবাদকে নিজকে অনুবাদক হিচাপে চিনাকী দিব নোৱাৰে। দৰাচলতে অসমীয়া সাহিত্যত এতিয়াও অনুবাদক এটা দ্বিতীয় শ্ৰেণীৰ সাহিত্য হিচাপেই ধৰা হয়, যাৰ বাবে অসমীয়া সাহিত্যত একনিষ্ঠ অনুবাদকৰ অভাৱ পৰিলক্ষিত হয়। বহুক্ষেত্ৰত অসমীয়া […]