পৃথিৱীখন কেনেকৈ সৃষ্টি হ’ল – অৰুণাচল প্ৰদেশৰ চাৰিটা জনগোষ্ঠীৰ লোক-কাহিনী
সৃষ্টিৰ পাতনিৰ লগত জড়িত অৰুণাচল প্ৰদেশৰ চাৰিটা প্ৰধান জনগোষ্ঠীয় লোক-কাহিনীঃ অনুবাদ ঃ ময়ূৰী শৰ্মা বৰুৱা (ক) আপাটানি – ৰেৰু সোৱণশিৰী আদিতে কুজুম-চ্ছাণ্টু মানে পৃথিৱীখন মূৰ, হাত-ভৰি আৰু প্ৰকাণ্ড পেটটোৰ সৈতে মানুহৰ দৰে আছিল৷ অতীজৰ মানুহবিলাক তেওঁৰ পেটৰ ওপৰতে বাস কৰিছিল৷ এদিন হ’ল কি কুজুম-চ্ছাণ্টুৰ মনত খেলালে যে যদিহে তেওঁ ঠিয় হয় আৰু খোজ দিবলৈ লয় তেন্তে […]
তিব্বতৰ সাধু – তিনি চিকাৰীৰ সাধু
তিনি চিকাৰীৰ সাধু অনুবাদ : শমিষ্ঠা গোস্বামী “কামটো ভালেই হওক বা বেয়াই হওক, ইয়াৰ বিষয়ে কি ক’ব পৰা যায় সেইটোও আমি ক’ব নোৱাৰোঁ, অথবা ইয়াৰ ফলাফল নো কিমান দূৰলৈ বিয়পিব পাৰে সেয়াও আমাৰ জ্ঞাত নহয়।” – তিব্বতীয় প্ৰবাদ এসময়ত যেতিয়া পৃথিৱী ভৰযৌৱনা আছিল আৰু মানুহে ঠিক আজিৰ দৰেই ভাল আৰু বেয়া পাইছিল, […]
চীন দেশৰ সাধু – পৰুৱাবোৰ
পৰুৱাবোৰ অনুবাদ : শৰ্মিষ্ঠা গোস্বামী পুৰণি কালত চীনদেশৰ কুৱাঙ নান্ নামে ঠাইত হ’ ক্বান নামৰ এজন অতি দয়ালু হৃদয়ৰ লোক আছিল । তেওঁ কেতিয়াও কোনো জীৱিত প্ৰাণীক হত্যা কৰা নাছিল৷ তেওঁৰ হেজাৰ–বিজাৰ ৰূপৰ টুকুৰাৰে ভৰ্তি এটা পাত্ৰ আছিল । সেই পাত্ৰটো তেওঁ এটা কাৰুকাৰ্য্য খচিত এটা সুন্দৰ পেৰাৰ ভিতৰত আটোলটোলকৈ ৰাখিছিল৷ এবাৰ তেওঁৰ জিলাখনত […]
গ্ৰীক সাধু – এপল’ দেৱতাৰ দূতগৰাকীৰ কাহিনী
গ্ৰীক সাধু এপল’ দেৱতাৰ দূতগৰাকীৰ কাহিনী অনুবাদ : নিকু দুৱৰা, নৰ্থ লখিমপুৰ কলেজ কেম্পাছ বহুবছৰৰ আগৰ কথা। গ্ৰীচৰ মানুহে এপল’ দেৱতাৰ এটা মন্দিৰ স্থাপন কৰিলে আৰু সেই মন্দিৰটোত দৈনিক পূজা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰিলে। ভক্তৰ এই কামত এপল’ দেৱতাই যথেষ্ট আনন্দ পালে। দেৱতাসকলৰ ভিতৰত এপল’ দেৱতাৰ শক্তি আন দেৱতাসকলতকৈ বহুত বেছি আছিল। তেওঁ সংগীতৰ দেৱতা হোৱাৰ […]
ৰোমৰ সাধু – এন্ড্ৰক্লাচ আৰু এটা সিংহ
এন্ড্ৰক্লাচ আৰু এটা সিংহ ৰোম দেশৰ মহান কাহিনী অনুবাদ – কিন্নৰী ডেকা। এসময়ত ৰোম দেশত এন্ড্ৰক্লাচ নামৰ এজন অতি দুখীয়া গোলাম আছিল। এন্ড্ৰক্লাচৰ স্বামীজন অতি ক্ৰুৰ প্ৰকৃতিৰ আছিল আৰু তেওঁৰ প্ৰতি ইমানেই নিৰ্দয়ী আছিল যে এন্ড্ৰক্লাচ তাৰ পৰা পলাই যাবলৈ বাধ্য হৈ পৰিছিল। এইদৰে পলাই আহি তেওঁ কেইবাদিনো হাবিয়ে বননিয়ে লুকাই আছিল। কিন্তু অতি […]
তিব্বতৰ সাধু : জ্ঞানী মহিলা
তিব্বতৰ সাধু : জ্ঞানী মহিলা অনুবাদ : কিন্নৰী ডেকা (জ্ঞানীৰ সংগ পৰিত্যাগ কৰাজনে জীৱনৰ বাটত বাৰেপতি উজুটি খায় – তিব্বতৰ প্ৰবচন ) বহু হাজাৰ বছৰ আগৰ কথা। কালৰ পাকচক্ৰত পৰি হেৰাই যোৱাৰ বহুপূৰ্বে এসময়ত তিব্বতৰ পৰ্বতৰ বুকুত অৱস্থিত বোকাময় গাওঁ এখনত এটি জনজাতীয়ে বসবাস কৰিছিল। গাওখনৰ বোকা মাটিৰ তলেৰে ওলোৱা এটা সৰু চাফা পানীৰ ফোৱাৰাই […]
জাপানী সাধুঃ দুই ভেকুলীৰ কাহিনী
জাপানী সাধুঃ দুই ভেকুলীৰ কাহিনী ইংৰাজীৰ পৰা অনুবাদ অনুবাদ:- কিন্নৰী ডেকা এসময়ত জাপান দেশত দুটা ভেকুলী আছিল। তাৰে এটাই ওচাকা চহৰত সমুদ্ৰ তীৰৰ এটা গাতত বাস কৰিছিল আৰু আনটোৱে ক্য‘ট‘ চহৰেৰে বৈ যোৱা সৰু চাফা পানীৰ ধাৰা এটা বাচি লৈছিল। ইমান দূৰে দূৰে বাস কৰা কাৰণে সিহঁতে এটাই আনটোৰ বিষয়ে কেতিয়াওঁ একো শুনাও নাছিল। কিন্তু […]