অসমীয়া অনুবাদত ইংলেণ্ডৰ লোক-কাহিনী – ৰাণী গোডাইভাৰ আখ্যান
ৰাণী গোডাইভাৰ আখ্যান অনুবাদঃ নাবিলা আখতাৰ অতি প্ৰাচীন কালত ইংলেণ্ডৰ ক‘ভেন্ট্ৰি নগৰত লিও‘ফ্ৰিক নামৰ এগৰাকী স্বাৰ্থপৰ, অহংকাৰী আৰু নিজৰ অধিকৃত সা–সম্পত্তিৰ ভোগ–বিলাসৰ বাসনাত আত্ম–মগ্ন সম্ৰাটে শাসন কৰিছিল। তেওঁৰ সুবিশাল অট্টালিকা, তেওঁৰ বাগিছা, পোহনীয়া ঘোঁৰা আৰু তেওঁৰ পোহনীয়া কুকুৰ বিলাক এই অধিকৃত সা–সম্পত্তিৰ অন্তৰ্ভুক্ত আছিল। তাৰোপৰি তেওঁ অতিশয় ধুনীয়া ,একোছা বৈ পৰা দীঘল সোণালী চুলিৰ অধিকাৰী, উদাৰ মনোভাৱী […]
ওমানৰ সাধুকথাঃ বিবাহ ইচ্ছুক এজোপা গছৰ কাহিনী
বিবাহ ইচ্ছুক এজোপা গছৰ কাহিনী (ওমানৰ সাধুকথা) অনুবাদ : পংকজ কুমাৰ নেওগ এসময়ত এখন গাৱঁত মোহনা নামেৰে এগৰাকী মহিলা আছিল। মোহনা আছিল বৰ অন্ধবিশ্বাসী; বোধকৰো গোটেই গাওঁখনত তাইৰ দৰে অন্ধবিশ্বাসী কোনো নাছিল। গাওঁখনত সামান্য এটা ঘটনা ঘটিলেও তাই সদায় কিবা অপায় বা অমঙ্গলৰ আশঙ্কা কৰিছিল। আখলঘৰত সোমাওঁতে মোহনাই সদায় সোঁ ভৰিখনহে প্ৰথমে দি সোমায় যাতে […]
ওমানৰ সাধুকথাঃ ‘আবু থেইল’ৰ কাহিনী
‘আবু থেইল’ৰ কাহিনী অনুবাদ : পংকজ কুমাৰ নেওগ বহু বছৰৰ আগেয়ে ওমানৰ ধ’ফাৰ আৰু সংলগ্ন বৃহত্তৰ য়েমেনৰ কিছু বিস্তীৰ্ণ অঞ্চলত মহাৰাণী শ্বেবাই ৰাজ্য শাসন কৰাৰ পূৰ্বে ৰাশিদ নামৰ এজন কৃযক আছিল। ৰাশিদ আছিল গণ্ডপ মাৰি ফুৰা এজন ফোঁপযহী মানুহ; ডেকা কালৰ কীৰ্তি-কাহিনী, নিজৰ ঘৰ-বাৰী বা সা-সম্পত্তি আৰু একমাত্ৰ জীয়ৰীৰ গুণানুকীৰ্তন আদি লোকৰ আগত বখানিয়েই সময়বোৰ […]
গল্পঃ খাচী লোকসাধু / কা লিকাইৰ জাঁপ
খাচী লোকসাধু – কা লিকাইৰ জাঁপ অনুবাদ : লুকী পি ডেকা খাচী পাহাৰত চেৰাপুঞ্জীৰপৰা পশ্চিমে কিছু মাইল আতঁৰত এটা ধুনীয়া জলপ্ৰপাত আছে। নাম ‘কা লিকাইৰ জাঁপ‘। খাচী পাহাৰৰ কেইবাটাও ভিউ পইন্টৰপৰা ইয়াক দেখা পোৱা যায়। এই জলপ্ৰপাতটো আৰু ইয়াৰ চৌপাশৰ সৌন্দৰ্য্য ইমানেই মনোমোহা যে বহু দূৰৈৰ পৰা দেশী বিদেশী পৰ্যটকে ইয়াৰ ৰূপসুধা পান কৰিবলৈ বছৰটোৰ যিকোনো […]
খাচী-জয়ন্তীয়া লোককথাঃ সাতটা কুলৰ জন্ম কাহিনী
খাচী-জয়ন্তীয়া লোককথাঃ সাতটা কুলৰ জন্ম কাহিনী অনুবাদকঃ কৰিশ্মা শইকীয়া, ইণ্ডিয়ান ইন্সটিটিউট অৱ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেন্ট, দিল্লী পৃথিৱীৰ উৎপত্তিৰ সময়ৰ কথা। তেতিয়া এই পৃথিৱীখনত ৰিক্ততাৰ বাহিৰে একো নাছিল। কিছুকাল এনেদৰেই অতিবাহিত হোৱাৰ পিছত ভগৱানে বাচা–পেট্রন নামৰ গাঁৱৰ দেৱতাজনৰ লগত বিবাহ পাশত আৱদ্ধ হ‘বলৈ ৰাম–ইৱ নামেৰে এগৰাকী সুন্দৰী অভিভাৱিকাৰ সৃষ্টি কৰিলে। তেওঁলোকৰ বিবাহ সম্পন্ন হোৱাৰ পিছত […]
জয়ন্তীয়া লোক প্ৰবাদ / ফুলৰ লোভত ভোল যোৱা ছোৱালীজনী
জয়ন্তীয়া লোক প্ৰবাদ কা পাহচিনটিয়েও (ফুলৰ লোভত ভোল যোৱা ছোৱালীজনী) সংগ্ৰহ আৰু অনুবাদঃ ৰঞ্জনা দত্ত ‘লেই শ্বিলঙক’ খাছী আৰু জয়ন্তীয়া সকলৰ পৰম ঈশ্বৰ বুলি জ্ঞান কৰা হৈছিল আৰু তেওঁলোকে প্ৰতি বছৰে এটা বিশেষ দিনত তেওঁলোকৰ ইষ্ট দেৱতাক সন্তুষ্ট কৰিবলৈ পূজা অৰ্চনা কৰি বলি আগবঢ়াই আহিছিল। ইয়াৰ বাবে ইউ লেই শ্বিলং তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈ পৰে। তেওঁৰ ভক্ত […]
মিজো সাধুঃ কাঠফুলাবোৰ কেনেকৈ সৃষ্টি হৈছিল
মিজো সাধু – কাঠফুলাবোৰ কেনেকৈ সৃষ্টি হৈছিল অনুবাদ – জ্যোতিস্মিতা শইকীয়া, তেজপুৰ কলেজ অতি পুৰণি কালৰ কথা, দুই বাই-ভনীয়ে তেওঁলোকৰ তিঁয়হৰ খেতিডৰাত খোৱাৰ উপযুক্ত তিঁয়হ ছিঙি আছিল।সৰুগৰাকীয়ে যথেষ্টসংখ্যক তিঁয়হ ছিঙি গোটাইছিল যদিও ডাঙৰগৰাকীয়ে ইমানকৈ বিচৰাৰ পাচতো এটাও ভাল তিঁয়হ গোটাব পৰা নাছিল। সেয়েহে বায়েকে ভনীয়েকগৰাকীক তেওঁৰ ভাগৰ পৰাই কেইটামান দিবলৈ ক’লে। কিন্তু ভনীয়েকে ক’লে যে আটাইবোৰ […]
কছাৰী জনগোষ্ঠীৰ সাধু – নদীবোৰৰ সৃষ্টি কেনেকৈ হৈছিল
নদীবোৰৰ সৃষ্টি কেনেকৈ হৈছিল (Dùimâ dùisâ ni khorâng) অনুবাদঃ কংকনা তালুকদাৰ
চীন দেশৰ সাধু – প্ৰেমৰ পখিলাজাক
প্ৰেমৰ পখিলাজাক (এক চীনা লোক কাহিনী) অনুবাদঃ প্ৰতীক্ষা ছায়া কলিতা বহু বছৰৰ আগয়ে শাংগ্যু, জেজ্যাং (Shangyu,Zhejiang)ত এক অভিজাত চীনা পৰিয়ালত জু য়াংটাই নামৰ নামৰ এগৰাকী গাভৰু আছিল। সেইসময়ত চীনত ছোৱালীবোৰক নিজৰ ঘৰৰ বাহিৰলৈ ওলাই যোৱাত নিষেধ আছিল আৰু তেওঁলোক বিদ্যালয়লৈ যোৱাৰো অনুমতি নাছিল। কিন্তু জু শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল। বহু সময় ধৰি দেউতাকক এই বিষয়ে […]
ত্ৰিপুৰাৰ সাধু – এটা বুধিয়ক কেটেলা পহুৰ কথা
এটা বুধিয়ক কেটেলা পহুৰ কথা অনুবাদঃ গীতাশ্ৰী তামুলী হাতী ফুৰে দল বান্ধি। পিছে আমাৰ সাধুৰ দঁতাল হাতীটো ফুৰে অকলে। তাৰতো কালৈকো ভয় নাই! এদিন সি নদীত পানী খাবলৈ আহিল। পানীৰ ফালে চাই দেখিলে, পানীবাৰে চোন একদম ঘোলা। মখনাই ভাবিলে, নদীৰ উজনিত নিশ্চয় কোনোবাই গা ধুই আছে। সেই কাৰণেই নামনিৰ ফালে ঘোলা পানী আহিছে। সেই […]