গল্পঃ এজন ভোকাতুৰ কলাকাৰ/ ফ্ৰান্স কাফকা
এজন ভোকাতুৰ কলাকাৰ (A Hunger Artist) মূল: ফ্ৰান্স কাফকা অনুবাদক : বাৎস্যায়ন Jon Levin in A Hunger Artist, (Photo by Kelly Stuart) “ভোকাতুৰ হৈ জীয়াই থকাটো অসম্ভৱ যেতিয়ালৈকে আমাক চাই থকা নাযায়”- ম’ড ইলমেন শতিকাৰ শেষৰ দশকৰ ফালে ভোকাতুৰ কলাকাৰৰ প্ৰতি মানুহৰ আগ্ৰহ কমিল৷ পূৰ্বে উপাৰ্জিত হোৱাৰ সমান উপাৰ্জন প্ৰায় অসম্ভৱ হৈ পৰিল৷ সেইবোৰ সঁচাই […]
গল্পঃ অন্ধকাৰ দিন / ৱাল্টাৰ কফমেন
অন্ধকাৰ দিন মূল ৰচনা : ৱাল্টাৰ কফমেন ভাৱানুবাদ : ড. মৃদুস্মিতা ফুকন জৰ্জ মোৰ বন্ধু। কিন্তু এতিয়া আৰু তাক দেখা নাপাওঁ। বহুদিন আগতেই মই তাক হেৰুৱাই পেলাইছোঁ। হয়তো এতিয়া আৰু সি ইহ সংসাৰত নাই। তথাপিও সি মোৰ বন্ধু। যিমান দিন মই জীয়াই থাকিম, সিমান দিন এই বন্ধুত্বও অক্ষুণ্ণ ৰাখি যাম। আমাৰ ঘৰটো বৰ সুন্দৰ আছিল। […]
গল্পঃ জামু গছজোপা / কৃষণ চন্দৰ
জামু গছজোপা মূল গল্পঃ জামুন কা পেড় গল্পকাৰঃ কৃষণ চন্দৰ অনুবাদঃ সঞ্জীৱ মজুমদাৰ যোৱানিশা প্ৰবল ধুমুহা আহিছিল। ৰাজ্যিক সচিবালয়ৰ আগফালে থকা বাগানখনৰ পুৰণি প্ৰকাণ্ড জামু গছজোপা উভালি পৰিল। ৰাতিপুৱা বাগানৰ মালীজনে লক্ষ্য কৰিলে যে গছজোপাৰ তলত চেঁপা খাই মানুহ এজন পৰি আছে। কথা বিষম দেখি মালীজন দৌৰি দৌৰি চাপ্ৰাছীৰ ওচৰলৈ, চাপ্ৰাছীজন দৌৰি দৌৰি ক্লাৰ্কৰ ওচৰলৈ, ক্লাৰ্কজন দৌৰি দৌৰি […]
কবিতাঃ পশ্চাৎ চিত্ৰ/ মূল: অদ্ৰে লৰ্ড
পশ্চাৎ চিত্ৰ (Afterimage) মূল: অদ্ৰে লৰ্ড অনুবাদ: অভিষেক কুমাৰ শৰ্মা audre lorde (১) অথচ ছবিবোৰ প্ৰৱেশ কৰি ৰৈ যায় মোৰ দুচকুত যেন শিলাময় গুহা য’ৰ পৰা উদ্ভৱ হয় দৈত্যকায় মাছবোৰ জীৱনৰ বাবে উদ্যত, অক্লান্ত আৰু লালায়িত কোনো খাদ্যৰ অবিহনে গাইছে জীয়াই থকাৰ গান মোৰ দুচকু ক্ষুধাতুৰ আৰু স্মৰণশীল অথচ ছবিবোৰ প্ৰৱেশ কৰি ৰৈ যায় […]
ৰোমৰ সাধু – এন্ড্ৰক্লাচ আৰু এটা সিংহ
এন্ড্ৰক্লাচ আৰু এটা সিংহ ৰোম দেশৰ মহান কাহিনী অনুবাদ – কিন্নৰী ডেকা। এসময়ত ৰোম দেশত এন্ড্ৰক্লাচ নামৰ এজন অতি দুখীয়া গোলাম আছিল। এন্ড্ৰক্লাচৰ স্বামীজন অতি ক্ৰুৰ প্ৰকৃতিৰ আছিল আৰু তেওঁৰ প্ৰতি ইমানেই নিৰ্দয়ী আছিল যে এন্ড্ৰক্লাচ তাৰ পৰা পলাই যাবলৈ বাধ্য হৈ পৰিছিল। এইদৰে পলাই আহি তেওঁ কেইবাদিনো হাবিয়ে বননিয়ে লুকাই আছিল। কিন্তু অতি […]
কবিতাঃ যুদ্ধ/ কবিঃ লুই চিম্পছন
যুদ্ধ কবিঃ লুই চিম্পছন অসমীয়া ভাঙনিঃ ডালিম দাস মস্তকাৱৰণ আৰু ৰাইফল , লাম-লাকটু আৰু হলৌ চোলা হাবি ফালি গৈ আছিল । ওপৰত ক‘ৰবাত বন্দুকে গৰজিলে । গলৰ নলীমুখ হেন ৰাতিৰ চৌপাশ জুইহেন লাল হৈ উঠিছিল । সিহঁতে থমকিল আৰু চোপ ল‘লে । ছালৰ এটি টোপোৰাৰ দৰে বহি গ‘ল বিৰিখৰ মাজৰ জেপেতীয়া মাটিত । গাঁতত গোজ হোৱা সৈনিকবোৰে অচিৰেই প্ৰথম […]
জৱাহৰলাল নেহেৰুৱে জীয়ৰীলৈ লিখা দুখন চিঠি
জৱাহৰলাল নেহেৰুৱে জীয়ৰীলৈ লিখা দুখন চিঠি অনুবাদ-হিৰণময়ী দলে প্ৰথমখন চিঠি – প্ৰকৃতিৰ গ্ৰন্থ যেতিয়া আমি একেলগে থাকোঁ, তুমি প্ৰায়ে বিভিন্ন বিষয় লৈ মোক প্ৰশ্ন কৰা আৰু মই সদায় উত্তৰবোৰ দিবলৈ যত্ন কৰোঁ। যিহেতু এতিয়া তুমি মছৌৰিত আছা আৰু মই এলাহাবাদত। আমি এতিয়া আগৰ দৰে কথা পাতিব নোৱাৰিম। সেয়ে এতিয়া মই সময়ে সময়ে এইদৰেই মানৱ ইতিহাসৰ,ভিন্ন দেশসমূহৰ লগতে এই মনোমোহা পৃথিৱীখনৰ বহু সৰু-বৰ কাহিনী চিঠিৰ জৰিয়তে কৈ যাম। তুমি ইংৰাজ আৰু ভাৰত বুৰঞ্জী কিছু […]
কবিতাঃ সৰু ল’ৰাটো আৰু বুঢ়া মানুহজন/ চেল চিলভাৰ্চষ্টেইন
সৰু ল’ৰাটো আৰু বুঢ়া মানুহজন ( The Little Boy and The Old Man) কবি : চেল চিলভাৰ্চষ্টেইন (Shel Silverstein) অসমীয়া ভাঙনি : মেঘনা চৌধুৰী Shel Silverstein সৰু ল’ৰাটোৱে ক’লে, “কেতিয়াবা মোৰ চামুচখন পৰি যায়৷” বুঢ়া মানুহজনে ক’লে, “মোৰো পৰি যায়৷” “মই কাপোৰ তিয়াওঁ নহয়,” সৰু ল’ৰাটোৱে ক’লে কাণে-কাণে৷ “ময়োতো তিয়াওঁ,” হাঁহিলে সৰু বুঢ়া মানুহজনে৷ সৰু […]
কবিতাঃ আটাইবোৰ চৰাই / ডেন জেক
আটাইবোৰ চৰাই (All the Birds ) মূল কবি : ডেন জেকৰ কবিতা অসমীয়া ভাঙনি : খগেশ সেন ডেকা আমি আটাইবোৰ চৰাইকে হত্যা কৰিম৷ আটাইবোৰ৷ আটাইবোৰ, ঢোঁৰা কাউৰীজাকে কোৰকোৰাইছিল মৰ গধূলি বেলা৷ আৰু ৰাতিৰ নিস্তব্ধতাত মই শুনিছিলোঁ বাগিচাত কোনোবাই মোৰ চৰাইবোৰ হত্যা কৰাৰ শব্দ৷ মই জানিছিলোঁ এতিয়াৰে পৰা দোকমোকালিত মোৰ বাবে কোনো গীত নাথাকিব, আৰু মই অনুভৱ […]