কবিতাঃ কেইটামান যুদ্ধ বিষয়ক কবিতা

কেইটামান যুদ্ধ বিষয়ক কবিতা অসমীয়া ভাঙনি ঃ সমুদ্ৰ কাজল শইকীয়া গাজাত যুদ্ধ হৈ থকাৰ সময়ৰ ফটো অনুবাদকৰ টোকাঃ ইয়াৰে প্ৰথম পাঁচটা পেলেষ্টাইনৰ সম্পৰ্কীয়। ৫ চেপ্তেম্বৰ, ২০১৪ তাৰিখে ‘সাদিন‘ কাকতত ‘এন্ধাৰে গৰকা দিনৰ কবিতা‘ শিৰোনামেৰে এইলানি কবিতা প্ৰকাশ হৈছিল। পেলেষ্টাইনৰ গাজাত ঘটি থকা ইজৰাইলৰ বোমাবৰ্ষণৰ অমানৱীয়তাৰ প্ৰতিক্ৰিয়া হিচাপে এইখিনি কবিতাৰ ভাঙনি কৰা হৈছিল। কিণ্ডল (Kindle) নামৰ আলোচনীখনত […]

গল্পঃ এন এনকাউণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ / মাৰ্ক টুৱেইন

এন এনকাউণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ মূল : মাৰ্ক টুৱেইন অনুবাদ : গীতিকা শইকীয়া mark twain সুন্দৰ তথা পৰিপাটি পোছাক পৰিহিত যুৱকজনক যথেষ্ট উদ্বিগ্ন দেখা গৈছিল। মই আগবঢ়াই দিয়া চকীখনত তেওঁ লাহেকৈ বহি লৈ ক’লে যে তেওঁ “ডেইলী থাণ্ডাৰস্টৰ্ম” কাকতখনৰ লগত জড়িত হৈ আছে। লগতে তেওঁ ক’বলৈ ধৰিলে,- “মই আপোনাৰ সাক্ষাৎকাৰ ল’বলৈ আহিছো। আশাকৰোঁ এই কথাটোৱে […]

কবিতাঃ ভৰ্ৎসনা / ছিলভিয়া প্লেথ

ভৰ্ৎসনা (ADMONITION) কবি : ছিলভিয়া প্লেথ (SYLVIA PLATH) অসমীয়া ভাঙনি : কিশোৰ দাস sylvia plath যদি তুমি ব্যৱচ্ছেদন কৰা এটি চৰাইৰ আঁকিবলৈ জিভাখন কটা যাব তাঁৰডাল সংগীত সাধন কৰা যদি তুমি ছাল বখলিয়াই দিয়া এটা জন্তুৰ জানিবলৈ কেশৰৰ আশ্চৰ্য মুচৰিব লাগিব তাত য‘ৰ পৰা আৰম্ভ হৈছে নোমাল ছালছটা যদি তুমি আজুৰি উলিয়াই আনা হৃদপিণ্ডটো জানিবলৈ […]

কবিতাঃ পূৰ্ণেন্দু পত্ৰীৰ কেইটামান কবিতা

মূলঃ পূৰ্ণেন্দু পত্ৰী  অসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই পূৰ্ণেন্দু পত্ৰী  কথোপকথন- ১০ – কালি ঘৰলৈ ঘূৰি আহি কি কৰিলা ? – কান্দিলোঁ । তুমি ? — লিখিলোঁ । – কবিতা ? ক‘তা, চাওঁ । – লিখি শেষ কৰিয়েই , টুকুৰাটুকুৰ । – কিয় ? – মোৰ আনন্দৰ ভিতৰত অনৰ্গল কথা কৈছিল এটা আৰ্তনাদে । আৰ্তনাদৰ ভিতৰত […]

গল্পঃ জীৱিত ও মৃত / ৰবীন্দ্ৰনাথ ঠাকুৰ

মূল গল্প: জীৱিত ও মৃত ৰচনা: ৰবীন্দ্ৰনাথ ঠাকুৰ অনুবাদ: সঞ্জীৱ মজুমদাৰ Rabindranath Tagore ৰাণীহাটৰ জমিদাৰ, শাৰদাশংকৰ ডাঙৰীয়াৰ বিধৱা ভাই-বোৱাৰী গৰাকীৰ পিতৃকূলত জীৱিত বুলিবলৈ কোনো নাছিল। পতিকূলতো আপোন কোনো  নাছিল, না পতি, না পূত্ৰ। বৰজনাকৰ সৰু লৰা, মাইনা আছিল তাইৰ নয়নৰ মণি। ল‘ৰাটোৰ জন্মৰ পিছতেই মাকৰ দীৰ্ঘদিনীয়া অসুখৰ বাবে বিধৱা সৰু মাক কাদম্বিনীয়ে তাক তুলি-তালি ডাঙৰ […]

অসমীয়া অনূদিত কবিতাঃ পিঠা সনা মাছ

অসমীয়া অনূদিত কবিতাঃ পিঠা সনা মাছ অনুবাদঃ বিজিত লাহন মূল: Breaded Fish, A. K. Ramanujan এ. কে. ৰামানুজন কেৱল মোৰ বাবে তেওঁ যতনাইছিল কেইটামান পিঠা সনা মাছ*; আনকি জোৰকৈ মোৰ মুখত গুজি দিছিল এটা ভোটা মূৰৰ ছালমন! আৰু মোৰ অৱস্থা দেখি তেওঁ দুখ পাইছিল–মই বহি থাকিবও পৰা নাছিলোঁ, মাছটো গিলা দূৰৈৰ কথা–কেনেকৈনো গিলোঁ? গৰম হিটাৰৰ ৰঙা কইলৰ […]

কবিতাঃ উলঙ্গ ৰজা / নীৰেন্দ্রনাথ চক্রবর্তী

উলঙ্গ ৰজা মূল: (বাংলা) নীৰেন্দ্রনাথ চক্রবর্তী ভাষান্তৰ : নীলাভ সৌৰভ নীরেন্দ্রনাথ চক্রবর্তী সকলোৱে দেখিছে যে ৰজা উলঙ্গ, তথাপি সকলোৱে হাততালি দিছে। সকলোৱে টেটু ফালিছে; চাব্বাচ, চাব্বাচ! কাৰোবাৰ মনত সংস্কাৰ, কাৰোবাৰ ভয়; কোনোবাই নিজৰ বুদ্ধি বিবেচনাক আনৰ হাতত বন্ধকত থৈছে; কোনোবা পৰজীৱী অথবা কৃপাপ্রার্থী কোনোবা পদপ্ৰাৰ্থী অথবা প্রবঞ্চক কোনোবাই ভাবিছে সঁচাকৈয়ে ৰাজবস্ত্র ইমান সূক্ষ্ম দৃষ্টিত ধৰা […]

অসমীয়া অনূদিত কবিতাঃ নিকানোৰ পাৰৰাৰ তিনিটা কবিতা

অসমীয়া অনূদিত কবিতা নিকানোৰ পাৰৰাৰ তিনিটা কবিতাঃ অনুবাদকঃ বংশী বৰা মূল কবিতাঃ Before I go I’m supposed to get a last wish মোৰ চিতা সজোৱা আছে। মোৰ উশাহৰ বাটছোৱাত মোৰ হৃদয়ৱান পাঠকসকলক কৈ যাওঁ— পুৰি পেলোৱা। জ্বলি জ্বলি শেষ হওঁক মোৰ এই পুথিখন। মোৰ এইয়া শেষ ইচ্ছা প্ৰিয় পাঠক, এনেকৈ ক’ম বুলি মুঠেই সাজু নাছিলোঁ। […]

হিউৱেন চাঙৰ টোকা

প্ৰেমময় দাসগুপ্তৰ (১৯৮৮) বিদেশীদেৰ চোখে ভাৰতবৰ্ষ গ্ৰন্থলানিৰ “হিউয়েন সাঙেৰ দেখা ভাৰত” খণ্ডটোৰ অন্তৰ্গত “কিআ-মো-লু-পো” বা কামৰূপৰ বিৱৰণ ঃ  অনুবাদ: খগেশ সেন ডেকা (বৌদ্ধভিক্ষু হিউৱেন চাঙৰ জন্ম হৈছিল চীন দেশৰ হো-নান প্ৰদেশৰ চিন-লিউত, ৬০৩ খ্ৰীষ্টাব্দত৷ চাৰিগৰাকী ভায়েকৰ ভিতৰত তেওঁ আছিল সবাতো কনিষ্ঠ৷ নিচেই কম বয়সতে তেওঁ মাজুজনা ককায়েকৰ লগত পূব চীনৰ ৰাজধানী লো-আঙলৈ আহে৷ ককায়েক আছিল ইৎচিং-তু বৌদ্ধস্তূপৰ […]

কবিতা : যুদ্ধ / লুই চিম্পছন

যুদ্ধ (The Battle) মূল : লুই চিম্পছন (Louis Simpson) অসমীয়া ভাঙনি : ডালিম দাস Louis Simpson মস্তকাৱৰণ আৰু ৰাইফল , লাম-লাকটু আৰু হলৌ চোলা হাবি ফালি গৈ আছিল । ওপৰত ক‘ৰবাত বন্দুকে গৰজিলে । গলৰ নলীমুখ হেন ৰাতিৰ চৌপাশ জুইহেন লাল হৈ উঠিছিল । সিহঁ‌তে থমকিল আৰু চোপ ল‘লে । ছালৰ এটি টোপোৰাৰ দৰে বহি গ‘ল […]