গ্ৰীক সাধু – এপল’ দেৱতাৰ দূতগৰাকীৰ কাহিনী
গ্ৰীক সাধু এপল’ দেৱতাৰ দূতগৰাকীৰ কাহিনী অনুবাদ : নিকু দুৱৰা, নৰ্থ লখিমপুৰ কলেজ কেম্পাছ বহুবছৰৰ আগৰ কথা। গ্ৰীচৰ মানুহে এপল’ দেৱতাৰ এটা মন্দিৰ স্থাপন কৰিলে আৰু সেই মন্দিৰটোত দৈনিক পূজা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰিলে। ভক্তৰ এই কামত এপল’ দেৱতাই যথেষ্ট আনন্দ পালে। দেৱতাসকলৰ ভিতৰত এপল’ দেৱতাৰ শক্তি আন দেৱতাসকলতকৈ বহুত বেছি আছিল। তেওঁ সংগীতৰ দেৱতা হোৱাৰ […]
কবিতাঃ মাতাল হোৱা / চাৰ্লছ বোডলেয়াৰ
মাতাল হোৱা (Be Drunk) কবি : চাৰ্লছ বোডলেয়াৰ অসমীয়া ভাঙনি : পম্পী দেৱনাথ Baudelaire তুমি মাতাল হ’বই লাগিব সদায়৷ আটাইবোৰ আছেই নহয়নে? এইটোৱে একমাত্ৰ পথ৷ সময়ৰ বীভৎস বোজা যাতে অনুভৱ নহয়, যিয়ে তোমাৰ পিঠিৰ হাড় ভাঙিছে তোমাক মাটিলৈ আনিছে তুমি মাতাল হ’বই লাগিব ৰৈ দিলে নহ’ব কিন্তু কিহত মাতাল হ’বা ? সুৰা, কবিতা অথবা উৎকৰ্ষ, […]
কবিতাঃ ঘাঁহৰ এখিলা পাত / এপ্ৰিলিয়া জাংক (জাৰ্মানী)
ঘাঁহৰ এখিলা পাত মূল ইংৰাজী : এপ্ৰিলিয়া জাংক (জাৰ্মানী) অসমীয়া ভাঙনি : শঙ্কৰ শইকীয়া এপ্ৰিলিয়া জাংক সিহঁতে তোমাক বিধ্বস্ত কৰি পেলাব পাৰে ঘাঁহৰ এখিলা পাতেৰে এটা তুচ্ছ শব্দেৰে এটা সামান্য ফুচ্ ফুচনিৰে কিন্তু তাৰেই মাজতে তোমাৰ সামৰিবলৈ আছে ঢেৰ কাম গছপুলি ৰুবলৈ আছে কেঁচুৱাক আপদাল কৰিবলৈ আছে বছৰবোৰক সংখ্যাবোৰ দিবলৈ আছে আৰু এতিয়াও তোমাৰ শান্তিৰ […]
আব্বাছ কিয়াৰ’স্তামিৰ সাক্ষাৎকাৰ
চলচিত্ৰ পৰিচালক আব্বাছ কিয়াৰ’স্তামিৰ সাক্ষাৎকাৰ সাক্ষাৎগ্ৰহণ: বেনেই’ট পাভান অনুবাদ: ইন্দ্ৰনীল গায়ন প্ৰশ্ন: এগৰাকী যুৱ পৰিচালক হিচাপে আপুনি নিজক কেনে পৰ্যায়ৰ পৰিচালক বুলি ভাবিছিল ? উত্তৰ: মই এই প্ৰশ্নৰ উত্তৰটো অতি সহজভাৱে বা সাধাৰণভাৱে দিবলৈহে ভালপাম৷ আচলতে মই মোৰ জীৱনটোৰ পাৰ কৰি অহা সময়খিনিৰ পৰা যদি বৰ্তমানটো চাওঁ তেন্তে ক’ম একেবাৰে সাধাৰণ আৰু মই নিজক এতিয়াও এজন […]
গল্পঃ পৰুৱা (পিঁপড়া) / হুমায়ূন আহমেদ
পৰুৱা (পিঁপড়া) গল্পকাৰ : হুমায়ূন আহমেদ অনুবাদ : মুনমুন সৰকাৰ শইকীয়া আপোনাৰ বেমাৰটোনো কি কওকচোন? বেমাৰীয়ে একো নকলে , কাষতে বহি থকা লগৰজনৰ পিনে চালে। ডক্টৰ নুৰুল আফছাৰ , এম. আৰ. ছি. পি. ডি পি এস. খুব বিৰক্ত হ‘ল। তেওঁৰ বিৰক্তিৰ মূলত: তিনিটা কাৰণ: প্ৰথম হ‘ল আঠ বাজি গৈছে, তেওঁ সদ্যহতে বেমাৰীক চোৱা বন্ধ কৰি […]
কবিতাঃ ডেফ’ডিল ফুল / উইলিয়াম ৱৰ্ডচৱৰ্থ
ডেফ‘ডিল ফুল (The Daffodils) মূল : উইলিয়াম ৱৰ্ডচৱৰ্থ অনু : লীলা বৰগোহাঁই Wordsworth পৰ্বতৰ ভৈয়ামৰ ওপৰে ওপৰে ভাহি ফুৰা এটুকুৰা ডাৱৰৰ দৰে লক্ষ্যহীন ভাবে মই ফুৰিছিলো অনাই বনাই নিৰ্জন বননিত অকলে অকলে……। হঠাতে দেখিলো মই চকুৰ আগত হালি জালি নাচি নাচি জুৰ বতাহত ফুলি আছে উলাহত হেজাৰ বিজাৰ সোণোৱালী ডেফডিল বিলৰ পাৰত । হাতীপটি শোভি […]
ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি
ৰবীন্দ্ৰনাথ ঠাকুৰে জালিৱানাবাগৰ নৰহত্যাৰ প্ৰতিবাদত তেওঁক ব্ৰিটিছে প্ৰদান কৰা নাইট উপাধি ঘূৰাই দি লিখা বিখ্যাত চিঠিখন – অনুবাদঃ নিকু দুৱৰা, নৰ্থ লখিমপুৰ কলেজ কেম্পাছ কলকতা, ৩১ মে, ১৯১৯ প্ৰেৰক- ছাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, দ্বাৰকা নাথ ঠাকুৰ পথ প্ৰতি, মহামান্য ভাইচৰয় পঞ্জাৱ চৰকাৰ কৰ্তৃপক্ষই স্থানীয় প্ৰতিবাদ এটাক দমন কৰিবলৈ যিধৰণৰ নিষ্ঠুৰ আৰু অত্যাচাৰী কাৰ্যপন্থা হাতত ললে সেয়া অত্যন্ত দুখজনক কথা। এই ঘটনাটোৱেই […]
কবিতাঃ অন্তৰ্বাস / লৰেন্স ফাৰ্লিঙ্গেটি
অন্তৰ্বাস (Underwear) মূল কবি : Lawrence Ferlinghetti অসমীয়া ভাঙনি : বাপুকণ চৌধুৰী Lawrence Ferlinghetti যোৱানিশা টোপনি নাহিছিল মোৰ অন্তৰ্বাসৰ কথায়ে ভাবিছিলো ওৰেটো নিশা ৷ কেতিয়াবা আপুনিও বিচাৰ বিবেচনা বাদ দিছে নে? এটা জড় নিস্ক্ৰিয় বিবেকহীন অন্তৰ্বাসৰ দৰে? বাস্তৱত অন্তৰ্বাসক খান্দিবলৈ গলে কিছুমান আচৰিত সমস্যাৰ উদ্ভৱ হয় যিবোৰ সকলোৱে ভুঞ্জিব লাগে কাৰণ সকলোৱেই যে পিন্ধে অন্তৰ্বাস ! […]
গল্পঃ এটা মধ্যবিত্ত কুকুৰ / হৰিশংকৰ পৰসাই
কবিতাঃ ভিয়েটনামৰ কবি টো হূৰ দুটা কবিতা
ভিয়েটনামৰ কবি টো হূৰ কবিতা অসমীয়া ভাঙনি : খগেশ সেন ডেকা আক্ৰান্ত দক্ষিণ (Invaded South) ইংৰাজী অনুবাদ : এলেন পামাৰ আৰু ল‘ৰেইন চালমন যদি তুমি আত্মবিশ্বাসৰ গভীৰ প্ৰত্যয়েৰে, মোক সোধা বন্ধু, মানুহৰ মুখেৰে নিৰ্গত হাজাৰ-বিজাৰ শব্দৰ মাজৰ কোনটো শব্দই তোমাক সবাতো অধিক দুখ দিয়ে ? মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা এটাই মাথোঁ উত্তৰ ওলাই আহিব […]