গল্পঃ অপ্ৰেম পত্ৰ / সুনীল গঙ্গোপাধ্যায়
অপ্ৰেম পত্ৰ মূল : সুনীল গঙ্গোপাধ্যায় অনুবাদ : মুনমুন সৰকাৰ শইকীয়া Sunil Gangopadhyay পাৰ্টি জমি উঠিছে দুপৰীয়াই। সৰু এপাৰ্টমেণ্ট এটাত প্ৰায় ১২-১৪জন মানুহ, পাকঘৰৰ দায়িত্ব লৈছে পুৰুষসকলেই। বিদেশলৈ আহিলেই সকলো পুৰুষেই ৰন্ধা বঢ়া শিকি লয়। মণ্টুৱে ভাল বিৰিয়ানী ৰান্ধে। বন্ধুসকলৰ যিকোনো এঘৰত খোৱা বোৱাৰ আয়োজন হ’লেই মণ্টুক মতা হয়। মণ্টুৰ ইমানেই ৰন্ধা বঢ়াত […]
গল্পঃ দেউতা / ইছমাইল গৌহৰ
দেউতা মূল : ইছমাইল গৌহৰ অনুবাদ : ময়ূৰী শৰ্মা বৰুৱা দেউতাৰ ভৰি দুখন জপটিয়াই ধৰি নাযাবচোন বুলি মই কাবৌ কৰিছিলোঁ৷ পিছে তেওঁ মোক গোৰ মাৰি ওফৰাই দিলে৷ সৰু ভাইটোৱেও ভৰিত পৰি বিনালে, “বাবা, নালাগে যাব৷” তাকো মেকুৰী পোৱালি দলিওৱাদি আঁতৰাই পঠিয়ালে৷ উধাতু খাই আহি মায়ে তেওঁৰ শ্বলখন দেউতাৰ সমুখত […]
কবিতাঃ সুনীল গঙ্গোপাধ্যায়ৰ দুটা কবিতা
সুনীল গঙ্গোপাধ্যায়ৰ দুটা কবিতা অসমীয়া ভাঙনি : ড০ ৰীতা শৰ্মা Sunil Gangopadhyay ভালপাওঁ ভালপাওঁ ধৰা কাইলৈ তোমাৰ পৰীক্ষা, ৰাতি উজাগৰে পঢ়াৰ টেবুলত বহি আছা, টোপনি অহা নাই তোমাৰ হঠাৎ ভয়াৰ্ত কণ্ঠেৰে মই সুধিলোঁ – ভালপোৱা? তুমি কি খং কৰিবা? নে উঠি আহি সাৱটি ধৰি ক’বা, ভালপাওঁ, ভালপাওঁ ধৰা ক্লান্ত তুমি, অফিচৰ পৰা আহি পাইছা, ক্ষুধাৰ্ত, তৃষ্ণাৰ্ত, পীড়িত… খোৱা টেবুলত একোৱেই ৰান্ধি থোৱা […]
গল্পঃ অব্যক্ত যন্ত্ৰণা / গী দ্য মোপাছাঁ
অব্যক্ত যন্ত্ৰণা মূল: গী দ্য মোপাছাঁ অনুবাদ: ড০ মৃদুস্মিতা ফুকন Guy de Maupassant ফুলৰ বতৰ৷ ফুলনিখনত বসন্তৰ পৰশ সুস্পষ্ট৷ মধ্যবয়সীয়া ভদ্ৰলোক দুজনে ফুলনিৰ মাজে মাজে খোজকাঢ়ি আছে৷ দুয়োজন ল’ৰালিৰে বন্ধু৷ এজন কেবিনেটৰ সদস্য আৰু আনজন চ’নেটৰ সভ্য৷ এওঁলোক দুয়োজনেই সম্ভ্ৰান্ত, প্ৰভাৱশালী, গম্ভীৰ আৰু চিন্তাশীল৷দুয়োৰে মাজত সমকালীন ৰাজনীতি লৈ আলোচনা চলিছিল৷ সেই আলোচনাত কল্পনা লেখমাত্ৰও নাই — যথেষ্ট […]
কবিতাঃ ক’ৰোনা বিষয়ক চীনা কবিতা – লি উৱেনলিয়াঙৰ স্মৃতিত শোকগাথা / ইউ ছিউহুৱা (চীনা)
ক’ৰোনা বিষয়ক এটা চীনা কবিতা লি উৱেনলিয়াঙৰ স্মৃতিত শোকগাথা মূল কবি : ইউ ছিউহুৱা (চীনা)অসমীয়া ভাঙনি : জগত বৰা জিৰণি লোৱা এইবাৰ অৱৰুদ্ধ বাক-স্বাধীনতাতকৈও বিপজ্জনক নাই কোনো ভাইৰাছ, যি পৃথিৱীত সত্যৰ লগত মিলি আছে মিথ্যা তাতকৈ নাই কদৰ্য কোনো বিশ্ব নাই কোনো সন্ত্ৰাস জিৰণি লোৱা এইবাৰ ইয়াংমী নদীৰ বোৱঁতী পানীত ভাহে নাও ভাহে ডুবন্ত জাহাজ, পীত […]
গল্পঃ টোবা টেক সিং / চাদাত হাসান মান্টো
তিব্বতৰ সাধু – তিনি চিকাৰীৰ সাধু
তিনি চিকাৰীৰ সাধু অনুবাদ : শমিষ্ঠা গোস্বামী “কামটো ভালেই হওক বা বেয়াই হওক, ইয়াৰ বিষয়ে কি ক’ব পৰা যায় সেইটোও আমি ক’ব নোৱাৰোঁ, অথবা ইয়াৰ ফলাফল নো কিমান দূৰলৈ বিয়পিব পাৰে সেয়াও আমাৰ জ্ঞাত নহয়।” – তিব্বতীয় প্ৰবাদ এসময়ত যেতিয়া পৃথিৱী ভৰযৌৱনা আছিল আৰু মানুহে ঠিক আজিৰ দৰেই ভাল আৰু বেয়া পাইছিল, […]
কবিতা: ইউ স্টাৰ্ট ডাইং স্লোলী / পাবলো নেৰুদা
ইউ স্টাৰ্ট ডাইং স্লোলী মূল কবি: পাবলো নেৰুদা অনুবাদ: সঞ্জীৱ মজুমদাৰ Neruda “ইউ স্টাৰ্ট ডাইং স্লোলী” তুমি ক্ৰমাৎ মৃত্যুৰ বুকুলৈ ঢপলিয়াইছাঁ … যদিহে তুমি কোনো যাত্ৰা নাই কৰা যদিহে তুমি একোৱেই নপঢ়া যদিহে তুমি জীৱনৰ ধ্বনিবোৰ নাই শুনা যদিহে তুমি নিজক প্ৰশংসা কৰি নাই পোৱা! তুমি ক্ৰমাৎ […]
গল্পঃ কমেও এটা পুথিভঁৰালৰ বাবে কিতাপ / সুধা মূৰ্তি
মূল কাহিনী : বুকছ ফৰ ‘এট লীষ্ট ৱান লাইব্রেৰী’ মূল লিখক : সুধা মূৰ্তি কমেও এটা পুথিভঁৰালৰ বাবে কিতাপ অনুবাদ : অনুৰাধা বৰুৱা সুধা মূৰ্তি মধ্যবিত্ত শিক্ষক পৰিয়াল এটাৰ সদস্য হিচাবে মই অনুভৱ কৰিছিলোঁ যে আন বহুতো শিক্ষক পৰিয়ালৰ দৰেই আমাৰ পৰিয়ালতো ধন সম্পত্তিতকৈ গ্রন্থ আৰু জ্ঞানৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা হৈছিল ৷ আমাৰ গাঁৱত […]
গল্পঃ বৰদিনৰ উপহাৰ / অ’ হেনৰী
বৰদিনৰ উপহাৰ (The gift of the Magi) মূল : অ’ হেনৰী৷ অনুবাদ : অৱনী বুঢ়াগোহাঁই হিচাপ কৰি চালে ডেলাই৷ পূৰা এশ বিশ টকা৷ তাৰে ভিতৰত কেইখনমান পাঁচটকীয়া৷ এবাৰত এখন, অতিবেছি দুখন নোট সাঁচিবলৈ যাওঁতে কিয়েইবা নকৰিছিল তাই! গেলামালৰ দোকানীক, মাংসবেচা কচাইটোক, শাক পাচলিৰ বেপাৰীটোক কিমান যে ডিঙি চেঁপিবলগীয়া হৈছিল তাইৰ! আৰু তাইৰ দৰদামৰ উৎপাত […]