প্রাক্তন / জয় গোস্বামীৰ কবিতাৰ অসমীয়া অনুবাদ
মূল কবিতা : প্রাক্তনকবি : জয় গোস্বামী (বাংলা)অসমীয়া অনুবাদ : অনুৰাধা বৰুৱা প্রাক্তন সময়মতে যায়নে অফিচলৈ? পুৱাৰ জলপান খায়নে ভালকৈ? টিফিন নিয়েনে? নে কেণ্টিনতে খায়? কাপোৰ কানি কোনে ধুৱে? চাহ কোনে কৰে আগৰ দৰে? দুৰ্গাৰ মাক কেই বজাত আহে? মইতো খুব পুৱাই উঠিব লাগিছিল৷ সেই চাৰ্টটো পিন্ধেনে এতিয়াও? টেকটেকীয়া নীল ৰঙৰ? তেঁওৰতো সেইটোয়েই পছন্দৰ, […]
গল্পঃ এটা অভিশপ্ত ঘড়ী / শুভম মণ্ডল
এটা অভিশপ্ত ঘড়ীমূলঃ শুভম মণ্ডলঅনুবাদঃ পংকজ কুমাৰ নেওগ টুং টাং শব্দ কৰি ঘড়ীটোৰ পৰা ৰাতি নবজাৰ সঙ্কেত ভাহি আহিল। জলতৰঙ্গৰ দৰে এটা মিঠা সুৰীয়া মাত। মানবেন্দ্ৰই মুগ্ধ হৈ গোলাকৃতিৰ দেৱাল ঘড়ীটো চাই আছিল। সি ক’লে – “তোমাৰ ঘড়ীটো বৰ সুন্দৰ। ইমান সুমধুৰ ধ্বনি মই ক’তো শুনা নাই আৰু পেণ্ডুলামটোও বিশেষ ধৰণৰ”। মই মৃদুভাৱে হাঁহিলো। […]
উৰিয়া গল্পৰ অসমীয়া অনুবাদ
বংশিকা মূল (উৰিয়া) : দেৱপ্ৰিয় প্ৰিয়দৰ্শী চক্ৰ অনুবাদ: নৱকুমাৰ মিশ্ৰ কান্ধত ভেনিটি বেগটো ওলোমাই, বাওঁ হাতেৰে সৰু আইনাখন ধৰি সোঁ হাতখনেৰে মুখত চপৰিয়াই তাই ঊৰ্ধশ্বাসেৰে ঢপলিয়াবলৈ আৰম্ভ কৰিলে। ন বাজিবলৈ আৰু মাত্ৰ কুৰি মিনিট বাকী। কুৰি মিনিটতে তাই জানো খণ্ডগিৰি চ‘ক পাৰ হৈ সেই এন্ধাৰ এঢলীয়া ৰাস্তাটো পাবগৈ? তাই জাগমৰা বাৰভূজা মণ্ডপ পাৰ […]
অলিভিআ গেটউডৰ কবিতা
মূল: Jordan convinced me that pads are disgusting কবি: Olivia Gatwood ভাষান্তৰ: মুনমুন সৰকাৰ জৰ্ডানে মোক পতিয়ন নিয়াইছিল যে প্যাড বিৰক্তিৰ প্যাডে তোমাৰ অন্তৰ্বাসক দুৰ্গন্ধময় কৰি তোলে ঠিক লেতেৰা বাইকৰ চেইনৰ দৰে। আমি দুয়ো তাইৰ মাকৰ প্লাষ্টিকেৰে আবৃত ফুলাম আৰামীচকীত বহি আছিলোঁ, এজনী সাতোঁৰবিদৰ পোছাকত আনজনী কেবাতৰপেৰে আবৃত কাপোৰসাজত পানী তাইৰ বাবে মূল্যৱান […]
অসমীয়া অনুবাদত বিনায়ক নাডকাৰ্ণিৰ গল্প – ফ্লাৰ্টিং
ফ্লাৰ্টিংমূল ইংৰাজী-( ফ্লাৰ্টিং )বিনায়ক নাডকাৰ্ণি৷অনুবাদঃ মাধুৰী গগৈ৷ ” ই ১০৪ নং বাছখন গ’ল নেকি বাৰু ? ” উশাহ নসলোৱাকৈয়ে বাছ ষ্টপটো পায়েই মই তাত থিয় হৈ থকা ব্যক্তিজনক সুধিলোঁ ৷ তেওঁ মোৰ প্ৰশ্নটোত ইমানেই আচৰিত হোৱাৰ ৰিয়েকচন দিলে যে মোৰ এনে লাগিল তেওঁক যেনিবা মই তেওঁৰ ৱালেটটোহে খুজিলোঁ ৷ কিছুসময় ৰৈ তেওঁ উত্তৰ দিলে , “ […]
সুনীল গঙ্গোপাধ্যায়ৰ কবিতাৰ অসমীয়া অনুবাদ
নীৰাৰ অসুখমূল কবিতা: নীরার অসুখকবি: সুনীল গঙ্গোপাধ্যায়ভাষান্তৰ: মুনমুন সৰকাৰ নীৰা অসুস্থ হ‘লে গোটেই কলকাতাবাসী দুখত থাকে বেলি ডুবাৰ পৰত নিয়ন লাইটবোৰ হঠাৎ জ্বলি উঠাৰ আগমূহুৰ্তত খা-খবৰ লৈ লয় নীৰাৰ আজি ভাল নে? গীৰ্জাৰ বয়স্ক ঘড়ী, দোকানৰ ৰঙা নীলা পোহৰ, সিঁহতবোৰে জানে নীৰাৰ আজি দেহা ভাল! অফিচ, চিনেমা, পাৰ্কত লাখ লাখ মানুহৰ মুখে মুখে ঘুৰি ফুৰে নীৰাৰ […]
এলবার্টো ৰিয়সৰ কবিতাৰ অসমীয়া অনুবাদ
ইতিহাস আৰু মিষ্টাৰ লুনা মূল: এলবার্টো ৰিয়স (Alberto Ríos) অনুবাদ: ধ্ৰুৱ শইকীয়া জগতত অনেক কথা, কাহিনী অনেক সৰহভাগ গাড়ী-মটৰত উঠি যোৱা মানুহ যদিও দুই এজন চালকৰ আসনত থাকে৷ ল’ৰা ৰজা টুটনখামেনক প্ৰথমে নিজৰ বিচনাখন নিজে পাৰি লবলৈ কোৱা হৈছিল৷ কোৱা হয় টমাচ ব্লেংকেটৰ হেনো এক সংশোধন হৈছিল ১৩৪০ চনত৷ তাৰ পিচত আকৌ, স্কুলীয়া ল’ৰা-ছোৱালীৰ কিতাপত […]
অসমীয়া অনুবাদত আধুনিক হিন্দী কবিতা
মৃত্যুৱে ক‘লে মূল:কুঁৱৰ নাৰায়ণ অনুবাদ:ৰুবুল দাস টেলিফোনৰ বে‘ল বাজিল মই ক‘লোঁ —মই নাই আৰু শুই থাকিলোঁ বাগৰ সলাই | . দুৱাৰৰ বে‘ল বাজিল মই ক‘লোঁ —মই নাই আৰু শুই থাকিলোঁ বাগৰ সলাই | . ‘এলাৰ্ম ঘড়ী‘ৰ বে‘ল বাজিল মই ক‘লোঁ —মই নাই আৰু শুই থাকিলোঁ বাগৰ সলাই | . এদিনাখন মৃত্যুৰ বে‘ল বাজিল […]
অসমীয়া অনুবাদত জাফৰ ইকবালৰ গল্প
লুডুৰ ছয় মূল – জাফৰ ইকবাল অনুবাদ ✍ ৰঞ্জনা দত্ত লেখক পৰিচয় – মহম্মদ জাফৰ ইকবাল বাংলাদেশৰ এজন প্ৰখ্যাত কল্পবিজ্ঞান সাহিত্যৰ লেখক, পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ আৰু সমাজকৰ্মী । তেখেত চাহজাহাল বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চাইন্স আৰু ইঞ্জিনিয়াৰিং বিভাগৰ বিভাগীয় মুৰব্বী । তেওঁ ৱাশ্বিংটন ইউনিভাৰচিটিৰ পৰা পি এইচ ডি লাভ কৰাৰ পিছত প্ৰায় ১৮ […]
অসমীয়া অনুবাদত লেংষ্টন হিউজৰ গল্প / এদিন শাৰদীয় সন্ধিয়া
এদিন শাৰদীয় সন্ধিয়া মূলঃ লেংষ্টন হিউজ অনুবাদঃ বিশ্বজিৎ সূত্ৰধাৰ বিল যেতিয়া কিশোৰ তেতিয়াৰ পৰাই সিহঁত দুটাৰ মাজত কিবা এক মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। একো একোটা সুন্দৰ সন্ধিয়াৰ বহুখিনি সময় সিহঁত দুটাই একেলগে ফুৰি ফুৰি নানান ধৰনৰ কথা পাতি পাতি বৰ মধুৰ ভাবে কটাইছিল। এনে দৰেই দিনবোৰ পাৰ হৈ গৈছিল। কিন্তু সময়ৰ সোঁতত এদিন […]