সাক্ষাৎকাৰঃ নিকু দুৱৰাৰ সৈতে বিন্টু বিক্ৰম
সাক্ষাৎকাৰঃ নিকু দুৱৰাৰ সৈতে বিন্টু বিক্ৰম প্ৰতিধ্বনি ইউটিউব চেনেলটোৰ হৈ শ্ৰীযুত বিন্টু বিক্ৰমে অনুবাদক, Translators-ৰ প্ৰশাসক নিকু দুৱৰাৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। সাক্ষাৎকাৰটোত ‘অনুবাদক’ৰ আঁৰৰ বহুখিনি কথাই গম পাব। ভিডিওটো চাবলৈ ক্লিক কৰক- (আপুনি এ.পি.এচ.ছি-ৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? যদি হয়, ক্লিক কৰক)
কবিতাঃ মাষ্টাৰদাৰ হাতঘড়ী / শামসুৰ ৰাহমান
মাষ্টাৰদাৰ হাতঘড়ী মূলঃ শামসুৰ ৰাহমান (বাংলাদেশ) অসমীয়া ভাঙনিঃ খগেশ সেন ডেকা মাষ্টাৰদা, আপুনি হাতঘড়ী পিন্ধিছিল নে কেতিয়াবা? এই প্ৰশ্নই মোক খুন্দিয়াইছে বহুবাৰ৷ মাষ্টাৰদা, আপোনাৰ বিষয়ে বহু কথাই জনা আছে মোৰ৷ আপোনাৰ দেহৰ গঠন, বহুমূলীয়া ৰত্নৰ দৰে চকুৰ দীপ্তি, জীৱন-চৰ্যাৰ ধৰণ — আদি বহু প্ৰকাৰৰ খুঁটি-নাটিৰ সন্ধান মই পাইছোঁ কিতাপৰ ক‘লা আখৰৰ মাজত ভ্রমণ কৰি কৰি৷ কিন্তু […]
গল্পঃ শেষ পাতটো (The Last Leaf) / অ’ হেনৰী
শেষ পাতটো (The Last Leaf) মূলঃ অ’ হেনৰী অনুবাদঃ যতীন্দ্ৰ চৌধুৰী আগকথাঃ অ‘ হেনৰীৰ প্ৰখ্যাত গল্প “The Last Leaf” ৰ পটভূমি নিউয়ৰ্ক মহানগৰ আৰু তাত হোৱা নিউমোনিয়া মহামাৰী। কোভিদ-১৯ ও নিউমোনিয়াৰ বিশ্ব মহামাৰী ৰূপ আৰু ইয়াৰ চিকিৎসা নাই। কিন্তু চিকিৎসা বিজ্ঞানী আৰু মনস্তত্ববিদ সকলে কয় যে যোগাত্মক দৃষ্টিভংগীয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুগুণে বঢ়াব পাৰে। এই […]
কবিতাঃ ধীৰ গতিৰ নাচোন / ডেভিড এল. ৱেডাৰফৰ্ড
ধীৰ গতিৰ নাচোন মূল ঃ ডেভিড এল. ৱেডাৰফৰ্ড (David L. Weatherford) অসমীয়া ভাঙনি ঃ অৱনী বুঢ়াগোহাঁই মেৰী-গ‘- ৰাউণ্ডত ঘূৰি থকা শিশুহঁতক কৰিছানে কেতিয়াবা মন? শুনিছানে কেতিয়াবা টুপ-টাপ মাটিত পৰাৰ শব্দ, মেঘৰ জলীয় বৰ্ষণ? খেদিছানে কেতিয়াবা ৰঙ বিৰঙৰ পখিলাৰ একা বেঁকা গতি? দিছানে আন্ধাৰ-নিহালি-লোৱা-নিশাৰ মাজেৰে সুৰুযলৈ শেষ মুগ্ধ দৃষ্টি? তুমি বৰং কিছুপৰ ৰোৱা… কিমান নাচিবা আৰু দ্ৰুত লয়ত? সময়বোৰ […]
কবিতাঃ উলংগ ৰজা / নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী
উলংগ ৰজা মূল(বাংলা) : নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী অসমীয়া ভাষান্তৰ : নিবেদিতা ফুকন৷ সকলোৱে দেখিছে ৰজা উলংগ, তথাপিও সকলোৱে হাততালিৰে আটাহ পাৰিছে; চাব্বাছ, চাব্বাছ! কাৰোবাৰ মনত সংস্কাৰ, কোনোৰ আক’ ভয়; কোনোৱে আক’ নিজৰ বুদ্ধিকে অন্যৰ কাষত বন্ধকত ৰাখিছে; কোনোবা হয়তো পৰান্নভোজী, কোনো কৃপাপ্ৰাৰ্থী, কোনোবা কৰ্মপ্ৰাৰ্থী, প্ৰৱঞ্চক কোনোজনে ভাবিছে, ৰাজবস্ত্ৰ সচাঁকৈয়ে অতি সুক্ষ্ম, চকুৰে দেখা পোৱা নাই, তথাপিও আছে […]
কবিতাঃ এবুলনি বুলবুলিলৈ বুলি / জন কীটছ
এবুলনি বুলবুলিলৈ বুলি (Ode to Nightingale) মূলঃ জন কীটছ অসমীয়া ভাঙনিঃ ডা° বিপুল কুমাৰ বৰুৱা কিনো বৰবিহ খালোঁ জানো পায় কলিজাখন বিষায় হাত-ভৰি জিনজিনায় নে সেই আফিঙীয়া ৰসে খালেৰে উটুৱাই আনি পেলালেহি ৰূপকথাৰ পাহৰণি নৈত ? বুকুত ঈৰ্ষাৰ জুই জ্বলা বাৰু নাই কিন্তু কি সুখত আপোনপাহৰা হৈ পাতল ডেউকা পিন্ধি বনদেৱীয়ে মূৰ্চনা সানি বিৰিখৰ অগণন […]
গল্পঃ দ্য ভ্যেল্ড লেডী / আগাথা ক্ৰিষ্টি
দ্য ভ্যেল্ড লেডী (The Veiled Lady) মূল (ইংৰাজী) : আগাথা ক্ৰিষ্টি৷ প্ৰকাশ ১৯২৩ চন। অনুবাদ : সুকন্যা শৰ্মা মুখ্য চৰিত্ৰসমূহ – ১৷ হাৰকিউল প’ৰ–মুখ্য অনুসন্ধানকাৰী, হলেণ্ডীয় মূলৰ ব্যক্তি৷ ২৷ কেপ্তেইন হেস্টিং–এই কাহিনীৰ কথক। প’ৰৰ সহায়কাৰী, বন্ধু তথা সহ–অনুসন্ধানকাৰী৷ ৩৷ লেডী মিলিচেষ্ট৷ ৪৷ ইন্সপেক্টৰ জেপ্প৷ আজি কিছুদিনৰ পৰা মই লক্ষ্য কৰি […]
কবিতাঃ কিমান নাৱত কিমানবাৰ / সচিদানন্দ বাৎসায়ন
কিমান নাৱত কিমানবাৰ মূল : সচ্চিদানন্দ ব্যাত্স্যায়ন অনু : ৰাজেন্দ্ৰনাথ বৰদলৈ কিমান দূৰ-দূৰণিৰ পৰা কিমানবাৰ কিমান টুলুঙা নাৱত বহি মই তোমাৰ উদ্দেশ্যে আহি আছোঁ হে মোৰ ক্ষণ-প্ৰভ জ্যোতি ! কুঁৱলিৰ আৱৰণে মাজে মাজে মোৰ দৃষ্টি তোমাৰ পৰা আচ্ছন্ন কৰি ৰাখিছিল তথাপি কুঁৱলিৰ দৰে কোমল তোমাৰ ৰূপাল দ্যুতিয়ে তোমাৰ সৈতে ঘটাইছিল মোৰ নিবিড় পৰিচয় | […]
কবিতাঃ এই চহৰৰ বৰষুণ / মৃণ্ময় চক্ৰৱৰ্তী
এই চহৰৰ বৰষুণ মূল বাংলা : “এই শহরের বৃষ্টি” কবি : মৃন্ময় চক্ৰবৰ্তী অসমীয়া ভাঙনি ঃ বাপুকণ চৌধুৰী এই চহৰত আগে ইমান বাতানুকুল এ.চি. বোৰ নাছিল, আজি কালি চহৰৰ বৰ চাহাববোৰে গৰমত বৰ ধৰফৰায় হৰেণ দাসে কাচাৰীৰ অফিচ সময়ত কচুৰী চিংৰা বোৰ ভাজে, বৰ চাহাববোৰে যে মিঠা খাবলৈ ভয় কৰে বৰ !! কাষৰ প্ৰকাণ্ড […]
সাক্ষাৎকাৰঃ জীৱনৰ সপ্তম দশকত ষ্টিফেন হকিঙৰ এটা আকৰ্ষণীয় সাক্ষাৎকাৰ
ষ্টিফেন হকিঙৰ সাক্ষাৎকাৰ অনুবাদ ঃ আৰহান ইনামুল (আপুনি APSC পৰীক্ষাৰ বাবে আগ্ৰহী নেকি? যদি হয় ক্লিক কৰক) ]মাত্ৰ ২১ বছৰ বয়সতে মটৰ নিউৰণ নামৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ষ্টিফেন হকিং এই ৰোগ ধৰা পৰাৰ পিছত মাত্ৰ কেইবছৰমানহে জীয়াই থাকিব বুলি আশা কৰা হৈছিল । বিজ্ঞানৰ এটা জনপ্ৰিয় ব্লগ “নিউ চায়েন্টিষ্ট”ত সেই যুগপুৰুষ জনাৰ এটা সাক্ষাৎকাৰ প্ৰকাশ […]