কবিতাঃ অৰাজনৈতিক বুদ্ধিজীৱি সকল / ওট্টো ৰেনে কাষ্টিল্লো
অৰাজনৈতিক বুদ্ধিজীৱি সকল মূল (স্পেনিছ) : ওট্টো ৰেনে কাষ্টিল্লো (Otto Rene Castillo) অসমীয়া ভাঙনিঃ বাপুকণ চৌধুৰী Otto Rene Castillo “My task which I am trying to achieve is, by the power of the written word, to make you hear, to make you feel–it is, above all, to make you see.” — Joseph Conrad (1897)” এদিন […]
লিঅ’ টল’ষ্টয়ে বিবাহ সম্পৰ্কে পুত্ৰলৈ লিখা এখন চিঠি ।
তোমাৰ বিবাহৰ পূৰ্বে(পুত্ৰলৈ বুলি লিঅ‘ টল‘ষ্টয়ে লিখা এখন চিঠি)অনুবাদ- কিন্নৰী ডেকা। মোৰ প্ৰিয় বন্ধু ইলিয়া। টানিয়ালৈ বুলি লিখা তোমাৰ চিঠিখন ইতিমধ্যে আহি পাইছে। মই দেখিছোঁ যে তুমি ক্ৰমাৎ নিজৰ লক্ষ্যৰ দিশত উপনীত হ‘বলৈ গৈ আছা। মই তোমালৈ বুলি কিছু কথা লিখিব বিচাৰিছোঁ……… যিহেতু, তুমি তাইক মোৰ ধাৰণা সম্বন্ধে জনাবা বুলি মোৰ অকণো সন্দেহ নাই। মই ভাবো […]
গল্পঃ দুৰ্লভ / বনফুল
দুৰ্লভ মূল বাংলা: বনফুল অনুবাদ: দেৱাশ্ৰী বৰগোহাঁই ৰাজকন্যাই ষোলবছৰত ভৰি দিব । তেওঁৰ জন্মদিন উপলক্ষে ৰাজ্যত আৰম্ভ হৈছে বিশাল আয়োজন । ৰজা-ৰাণী, সেনাপতি, পাত্ৰ-মন্ত্ৰী, প্ৰজাবৃন্দ সকলো ব্যস্ত এই দিনটো স্মৰণীয় কৰি তোলাৰ বাবে । গাঁৱে গাঁৱে, নগৰে নগৰে সভা বহিছে । বিশেষ দিনটো বিশেষ ভাৱে স্মৰণীয় কৰি তুলিবই লাগিব । জয়ধ্বনিৰে মুখৰিত হ’বলগীয়া শোভাযাত্ৰাৰ […]
গল্পঃ শেষ গান / ড০ তেমচুলা আও
শেষ গান (The Last Song) মূলঃ Temsula Ao ( HOD, English, NEHU) উৎস গ্ৰন্থঃ THESE HILLS CALLED HOME: Stories from a war zone. অনুবাদঃ অৱনী বুঢ়াগোহাঁই এনে লাগিছিল যেন এই সৰু ছোৱালীজনীৰ কেৱল গান গাবলৈকে জন্ম হৈছিল । তাইৰ মাকজনীয়ে প্ৰায়েই মনত পেলাইছিল, তাই যেতিয়া কেচুৱা, তাইক পিঠিত বোকোচা বান্ধি উৎসৱৰ দিনকেইটাত সমজুৱা গান চলি থকা ঠাইবোৰলৈ তাইক […]
গল্পঃ ভেৰোণাৰ দুজন ভদ্ৰলোক/ এ জে ক্ৰণিন
ভেৰোণাৰ দুজন ভদ্ৰলোক (Two Gentlemen of Verona ) মূল (ইংৰাজী) : এ জে ক্ৰণিনঅনুবাদ : ডা° বিপুল কুমাৰ বৰুৱা আল্পস পৰ্বতৰ পাদদেশেৰে গাড়ীৰে আহি থাকোঁতে ভেৰোণা চহৰৰ সীমামূৰিয়লিত দুটি কণ কণ ল’ৰাই আমাক ৰখালে ৷ সিহঁতে বন বগৰী বেচি আছিল ৷ আমাৰ সিয়ান ড্ৰাইভাৰ লুইগিয়ে সাৱধান কৰি দিলেই নহয় -“ নিকিনিব, নিকিনিব ৷ ভেৰোণাত গৈ […]
গল্পঃ শগুণ (The Vulture) / ফ্ৰানজ কাফকা
শগুণ (The Vulture) মূলঃ ফ্ৰানজ কাফকা অনুবাদঃ অংশুমান শইকীয়া শৰীৰটোৱে কিছু সময়ৰ বাবে বেলিটো ঢাকি ধৰিলে। তাৰ পাখিৰ কোবত চৌপাশৰ ধূলিকণাবোৰ বতাহত ব্যস্ততাৰে নাচিবলৈ লাগিল। সৌৱা মোৰ সমুখত এক নিষ্ঠুৰ পক্ষী। ধুৱলী কুঁৱলী হৈ পৰা মোৰ চকুত ভাঁহি উঠিল এটা প্ৰকাণ্ড শগুণ। ধপ ধপ….. ডেউকা কেইখন সজোৰে কোবাই ছিন্ন বিছিন্ন হৈ পৰা মোৰ জোতাযোৰৰ কাষতে […]
গল্পঃ মায়া, মমতা অথবা / আশাপূৰ্ণা দেৱী
মায়া, মমতা অথবা মূল : আশাপূৰ্ণা দেৱী অনুবাদ : ড. মৃদুস্মিতা ফুকন তৃতীয় যিজনী ছোৱালীক ওপৰ মহলালৈ পঠোৱা হৈছিল তায়ো ফোপাই- ফোপাই আহি ক’লেহি – : নাই, ছাদতো নাই। ক’তো নাই। : কাৰোবাক সুধিছিলি নে? নে এনেয়ে …..” ছোৱালীজনীয়ে তাইৰ কোঁচ-কোঁচ থকা ফ্ৰকটোৰ কোঁচবোৰ এবাৰ নচুৱাই দি ক’লে –“ আহা! নেপুখুৰাইতো ক’লেই – অলপ দেৰিৰ […]
গল্পঃ চেক্সবয় / তছলিমা নাচৰিণ
চেক্সবয় মূল ৰচনাঃ তছলিমা নাছৰিণ অনুবাদঃ অৱনী বুঢ়াগোহাঁই মনময়ুৰীয়ে অপেক্ষা কৰি আছে চেক্সবয়ৰ বাবে । সন্ধিয়া নামিছে আৰু চেক্সবয়ো হয়তো নামিছে এয়াৰপৰ্টত । অন্ধকাৰৰ মাজেদিয়ে আহি আহি দক্ষিণ গুৱাহাটীৰ এই গলিত সোমাবহি বিমানবন্দৰৰ পৰা অহা চেক্সবয়ৰ টেক্সী । সি মুম্বাইৰ পৰা আহিছে । মনময়ুৰীৰ ঘৰলৈয়ে আহিছে সি । যোৱা ছমাহ জুৰি সিহঁতৰ সকলো হৈছে মাত্ৰ […]
কবিতাঃ আটলান্টিচ — এটি হেৰোৱা কবিতা
আটলান্টিচ – এটি হেৰোৱা কবিতা মূল : ইভান বোলেন্দ অসমীয়া ভাঙনি : যশোৱন্ত নিপুণ Eavan কেনেকৈ বাৰু এইটো সংঘটিত হৈছিল, মই প্ৰায়েই চিন্তা কৰিছিলোঁ যে সম্পূৰ্ণ মহানগৰ এখন – অট্টালিকা, সুদৃশ্য তোৰণ, কাৰুকাৰ্য্য খচিত স্তম্ভৰ শাৰী আৰু জন্তু আৰু বাহনবোৰ কথা নক’লোৱেইবা – এই সকলোবোৰেই কোনোবা এটা সুন্দৰ দিনত সাগৰৰ গভীৰত জাহ গৈছিল ? মই […]
কবিতাঃ পছোৱালৈ ওলগনি/ পাৰ্চী শ্ব্যেলী
পছোৱালৈ ওলগনি (Ode To West Wind) মূলঃ পাৰ্চী শ্ব্যেলী অসমীয়া ভাঙনিঃ বিপুল কুমাৰ বৰুৱা ১) অ’ বনৰীয়া পছোৱা বা শৰতৰ তই আছিলি উশাহ অদেখা আৰু এতিয়া উৰুৱাই আঁতৰাই নিয় মৰি সৰা পাত নিমিষত যেন শুনা পাই বেজৰ মন্ত্ৰ পলাই পত্ৰং ভূত পিশাচ যত হালধীয়া, ক’লা কজলা শেঁতা মদৰুৱা ৰঙা পোকে খাই কৰা চিতপখৰা সৰাপাত তই তোৰ […]